ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ- সমাজ বিজ্ঞান-দশম শ্ৰেণী -ইতিহাস -SEBA

Admin
0

অসমত  ব্ৰিটিছ  বিৰোধী  জাগৰণ আৰু  কৃষক বিদ্ৰোহ- সমাজ বিজ্ঞান-দশম শ্ৰেণী -ইতিহাস -SEBA

CLASS X SOCIAL SCIENCE ,HISTORY
SOCIAL SCIENCE -ASSAMESE MEDIUM

অনুশীলনীঃ

অতি  চমু  উত্তৰৰ  প্ৰশ্নঃ

১/ ব্ৰিটিছ  শাসন  প্ৰতিষ্ঠা  হোৱাৰ  পিছত  অসমৰ  ৰাজহ  সংগ্ৰহৰ  পদ্ধতিৰ  কি  পৰিৱৰ্তন  হৈছিল ? 

উত্তৰঃ বিদেশী চৰকাৰখনে  কৰ-কাটল  সংগ্ৰহতহে  বেছি  গুৰুত্ৱ  প্ৰদান কৰিছিল ৷ তেওঁলোক টকাৰ  মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য  কৰ-কাটল  সংগ্ৰহ কৰিছিল ৷ 

২/ কোন  চনত  মফট  মিলচ  অসমলৈ  আহিছিল ? 

উত্তৰঃ ১৮৫৩  চনত ৷ 

৩/ কেঞাসকল  কোন  আছিল ? 

উত্তৰঃ  মাৰোৱাৰীসকল ৷ 

৪/ অসমত  ১৮৫৭  চনৰ  বিদ্ৰোহৰ  নেতৃত্ব কোনে  দিছিল ? 

উত্তৰঃ মণিৰাম  দেৱান ৷ 

৫/ ১৮৫৭ চনৰ  বিদ্ৰোহত  অসমৰ  বিদ্ৰোহীসকলে  কোন  আহোম  ৰাজকোঁৱৰক  পুনৰাই  আহোম  সিংহানত  বহুৱাব  খুজিছিল ? 

উত্তৰঃ কন্দৰ্পেশ্বৰ  সিংহ ৷ 

৬/ মণিৰাম  দেৱানক  কোন  বাঙালী  মক্তিয়াৰে  সহায়  কৰিছিল ? 

উত্তৰঃ মধুমল্লিকা ৷ 

৭/ মণিৰাম  দেৱানৰ  লগত  আৰু  কোন  ফাঁচীকাঠত  ওলমিব  লগা  হৈছিল ? 

উত্তৰঃ মণিৰাম  দেৱান  আৰু  পিয়লি  বৰুৱা ৷ 

৮/ কোনে  মণিৰাম  দেৱানৰ  বিচাৰ  কৰিছিল ?

উত্তৰঃ কেপ্টেইন  হলৰইডে ৷ 

৯/ অসমৰ  ১৮৫৭ চনৰ  বিদ্ৰোহৰ  বিফলতাৰ  দুটা  কাৰণ উল্লেখ কৰা ৷

উত্তৰঃ (ক) অসমৰ  বিদ্ৰোহীসকলৰ  প্ৰয়োজন অনুসৰি  অস্ত্ৰ-শস্ত্ৰৰ  যোগান  নাছিল ৷ 
           
           (খ) ভাৰতবৰ্ষৰ  অন্যান্য  প্ৰান্তৰ  দৰে  অসমতো  ব্ৰিটিছ  সৈন্য বাহিনীত থকা  ভাৰতীয়  সৈন্যই  মূল  চালিকাশক্তি হিচাপে বিদ্ৰোহত  অংশ  লোৱা  নাছিল ৷ 

১০/ কোন  কোন  চনত  টিকট কৰ  আৰু  আয়কৰ  প্ৰৱৰ্তন  কৰা  হৈছিল ? 

উত্তৰঃ ১৮৫৮ চনত  টিকট  কৰ  আৰু  ১৮৬০ চনত  আয়কৰ ৷ 

১১/ ব্ৰিটিছৰ  দিনত  অসমৰ  কৃষকৰ  দুৰৱস্থাৰ  দুটা  কাৰণ  লিখা ৷ 

উত্তৰঃ (ক)  কৃষকৰ ওপৰত বিভিন্ন ধৰণৰ কৰ-কাটল জাপি দিয়া যেনেঃ গ্ৰেজিং কৰ , ভূমি কৰ ইত্যাদি ৷
(খ) কৃষকৰ  উন্নতি  হকে ব্ৰিটিছ চৰকাৰে  কোনো  ধৰণৰ  ফলপ্ৰসূ  ব্যৱস্থা  গ্ৰহণ নকৰা ৷ 

১২/ লেফটেনেণ্ট  ছিংগাৰ  কোন  আছিল ? 

উত্তৰঃ নগাঁৱৰ  উপাযুক্ত লেফটেনেণ্ট হাৰ্বাট স্কন্সৰ  সহকাৰী  উপায়ুক্ত আছিল লেফটেনেণ্ট  ছিংগাৰ  ৷ 

১৩/ ফুলগুৰিৰ  বিদ্ৰোহ  কেতিয়া  সংঘটিত  হৈছিল ? 

উত্তৰঃ ১৮৬১ চনত ৷ 

১৪/ ৰঙিয়াৰ  কৃষক  বিদ্ৰোহ  কেতিয়া  সংঘটিত  হৈছিল ? 

উত্তৰঃ ১৮৯৩  চনত ৷ 

১৫/ লচিমা  ক'ত  অৱস্থিত  ? 

উত্তৰঃ বজালীত ৷ 

১৬/ লচিমাৰ  কৃষক  বিদ্ৰোহ  কেতিয়া  সংঘটিত হৈছিল ? 

উত্তৰঃ ১৮৯৪ চনত ৷ 

১৭/ পথৰুঘাটৰ  কৃষক  বিদ্ৰোহ  কেতিয়া  হৈছিল ?

উত্তৰঃ ১৮৯৪ চনত ৷

১৮/ ১৮৬১ চনত  জয়ন্তীয়া উত্তৰ  কাছাৰৰ  জনজাতীয়  বিদ্ৰোহৰ  নেতৃত্ব  কোনে  দিছিল ? 

উত্তৰঃ উকিয়াং  নবা ৷ 

১৯/ টিকেন্দ্ৰজিতক  কোনে  মৃত্যুদণ্ডৰে  দণ্ডিত  কৰিছিল ? 

উত্তৰঃ ইংৰাজ  বাহিনীয়ে ৷ 

২০/ জে ডব্লিউ  কুইণ্টনক  কোন  হত্যা  কৰিছিল  ? 

উত্তৰঃ মণিপুৰীসকলে ৷ 

দীঘল  উত্তৰৰ  প্ৰশ্নঃ 

১/ ১৮৫৭-৫৮ চনৰ  বিদ্ৰোহৰ  কাৰণ  সম্পৰ্কে  চমুকৈ  আলোচনা  কৰা ৷

উত্তৰঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ তলত আলোচনা কৰা হ'ল
  (১) ভাৰতৰ বিভিন্ন ৰাজ্যক লর্ড ডেলহাউচীয়ে স্বত্ববিলোপ নীতি আৰু তেওঁৰ বশ্যতামূলক মিত্ৰতা নীতিয়ে ব্রিটিছ সাম্রাজ্যত অন্তর্ভুক্ত কৰিব বিচাৰিছিল।
(২) অসমতো ব্রিটিছ শাসনত আঁতৰাই অভিজাত শ্রেণীক পূর্বৰ ৰাজতন্ত্র শাসনৰ প্রতিষ্ঠা কৰিব বিচাৰিছিল।
(৩) আহোম ৰাজ পৰিয়ালৰ কোনো এজন কোঁৱৰক ৰজা পাতিব খুজিছিল। '
(৪) অসমৰ পৰা ইংৰাজসকলক খেদিবৰ বাবেও বিদ্রোহ ঘোষণা কৰিছিল।

২/ অসমত  ১৮৫৭-৫৮ চনৰ  বিদ্ৰোহত  মণিৰাম  দেৱানৰ  ভূমিকা সম্পৰ্কে  আলোচনা কৰা ৷ 

উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছিল।
১৮৫৩ চনত মিছ চাহাব অসমলৈ আহিছিল। সেই সময়ত মণিৰাম দেৱানে ব্রিটিছৰ আমোলত অসমৰ সমাজখনে সন্মুখীন হোৱা বিপর্যয়ৰ কথা‌ মিলছৰ জৰিয়তে চৰকাৰৰ ওচৰত দাঙি ধৰিছিল। অসমৰ মানুহৰ সামাজিক আৰু অর্থনৈতিক দুর্দশাৰ কাৰণ যে দেশৰ ৰাজনৈতিক পৰাধীনতা সেই কথা ব্রিটিছৰ প্রত্যক্ষ সংস্পৰ্শলৈ অহা মণিৰামে সুন্দৰকৈ উপলব্ধি কৰিব পাৰিছিল। সেই দুর্দশাৰ পৰা উদ্ধাৰ পাবৰ বাবে ব্রিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰাৰৰ বাহিৰে আন উপায় নাছিল। সেইবাবে মণিৰাম দেৱান আৰু চাৰিং ৰজা কন্দপেশ্বৰ সিংহই এই বিদ্রোহত আগভাগ লৈছিল। মণিৰাম দেৱানে যি কোনো পৰিস্থিতিতে চাৰিং ৰজা কন্দপেশ্বৰ সিংহক উজনি অসমৰ সিংহাসন দিয়াৰ‌ বাবে উঠি-পৰি লাগিল। সেই উদ্দেশ্যে ১৮৫৭ চনৰ আদি ভাগত তেওঁ কলিকতাত উপস্থিত হয়, কিন্তু তেওঁৰ সেই উদ্দেশ্য ব্যর্থ হয়।
     সেই সময়ত চিপাহী বিদ্ৰোহৰ ঢৌৱে গোটেই ভাৰতক স্পর্শ কৰিছিল। মিট দিল্লী, লক্ষৌ, কানপুৰ আদি ঠাইত হোৱা বিদ্ৰোহৰ সৈতে সাধাৰণ লোকৰ অংশগ্ৰহণৰ খবৰে মণিৰামক যথেষ্ট উৎসাহিত কৰিছিল। তেওঁ কন্দৰ্পেশ্বৰ সিংহ, আহোম ডা-ডাঙৰীয়া আৰু কমলাবাৰীৰ সত্ৰাধিকাৰ আদি লোকলৈ কলিকতাৰ পৰাই পত্রযোগে বিদ্ৰোহৰ বাবে সাজু হ'বলৈ পৰামর্শ দিছিল।
আনহাতে, অসমত থকা হিন্দুস্তানী চিপাহীসকলেও বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁলোকৰ নিজ নিজ অঞ্চলত সংঘটিত হোৱা বিদ্ৰোহৰ খা-খবৰ সময়মতে পাই আছিল। ইতিমধ্যে চাৰিং ৰজা কন্দর্পেশ্বৰ সিংহৰ পৰামর্শ মতে পিয়লি বৰুৱা আৰু নির্মল হাজাৰীয়ে গোলাঘাটত থকা চিপাহীসকলৰ লগত আলোচনা কৰি বিদ্ৰোহৰ বাবে আঁচনি আৰু কাৰ্যসূচী তৈয়াৰ কৰিছিল। তেওঁলোকে ডিব্ৰুগড়, শিৱসাগৰ আৰু"চৈখোৱাত থকা চিপাহীসকলৰ সৈতেও যোগাযোগ ৰাখিছিল। এই চিপাহীসকলে যোৰহাটলৈ গৈ তাত চাৰিং ৰজা কন্দর্পেশ্বৰৰ সৈতে গোপনে মিলিত হৈ বিদ্ৰোহৰ পৰিকল্পনা সম্পর্কে আলোচনা কৰিছিল আৰু আগন্তুক অক্টোবৰৰ মাজত মণিৰাম দেৱান কলিকতাৰ পৰা আহি পোৱাৰ লগে লগেই বিদ্রোহ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।
       বিদ্রোহী নেতাসকলৰ এই প্রস্তুতিয়ে চৰকাৰী পক্ষৰ লোকক ভীতিসন্ত্রস্ত কৰি তুলিছিল। এই বিদ্ৰোহৰ বিষয়ে জানিব পাৰি শিৱসাগৰ প্রিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰয়দে কেপ্টেইন লাউথাৰৰ সৈতে যুটীয়াভাৱে ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহত চাৰিং ৰজা কন্দপৈশ্বৰ সিংহ আৰু বিদ্রোহী নেতা মধু মল্লিকক গ্রেপ্তাৰ কৰিছিল। সেই সময়তে কেপ্টেইন হলৰয়দে মণিৰাম দেৱানে কলিকতাৰ পৰা পঠিওৱা ভালেমান চিঠি-পত্র হস্তগত কৰি কলিকতাত মণিৰাম দেৱানক গ্রেপ্তাৰ কৰিছিল। গ্রেপ্তাৰ কৰি কিছুদিন মণিৰামক আলীপুৰ জেইলত আৱদ্ধ কৰি ৰখাৰ পিছত ‘কোলাডাইন’ জাহাজেৰে অসমলৈ আনি যোৰহাটত ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি বিচাৰ কৰাৰ ব্যৱস্থা  কৰিছিল। বিচাৰৰ ৰায় অনুসৰি ১৮৫৮ চনৰ ফেব্ৰুৱাৰী মাহত ২৬ তাৰিখে মণিৰাম দেৱান আৰু মহেশচন্দ্ৰ বৰুৱা ওৰফে পিয়লি বৰুৱাক‌ ফাঁচী দি হত্যা কৰিছিল ।


৩/ কি কি  কাৰণত  অসমত ১৮৫৭-৫৮ চনৰ  বিদ্ৰোহ  ব্যৰ্থ  হৈছিল  আলোচনা কৰা ৷ 

উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ ব্যর্থতাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল

(১) অসমত চিপাহী বিদ্ৰোহৰ ব্যর্থতাৰ প্ৰধান কাৰণ আছিল বিদ্রোহীসকল অতিশয় কম আছিল। চিপাহী বিদ্ৰোহৰ সময়ত মণিৰাম দেৱানৰ লগত অসমৰ মাত্ৰ কেইখনমান ৰাজ্যইহে সহযোগ কৰিছিল।

(২) ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ ব্যর্থতাৰ এক অন্য কাৰণ আছিল যে অসমৰ বিদ্রোহীসকলৰ ওচৰত পর্যাপ্ত পৰিমাণৰ অস্ত্র-শস্ত্র নাছিল।

(৩) মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে এই বিদ্রোহত সকলো। জনসাধাৰণে জড়িত হ'বলৈ কোনো প্রচেষ্টা হাতত লোৱা নাছিল।

(৪) মণিৰাম দেৱানে তেওঁ নিজৰ প্রতিপক্ষক দুর্বল বুলি অৱজ্ঞা কৰিছিল আৰু বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্রয়োজনীয় দক্ষতাৰ অভাৱ আছিল।
 
(৫) মণিৰাম দেৱানৰ অসমৰ চিপাহী বিদ্ৰোহৰ সকলো গোপনীয় ষড়যন্ত্র বিষয়ে ব্রিটিছ চৰকাৰে আগতেই গম পাইছিল।


৪/ অসমত  ১৮৫৭  চনৰ  বিদ্ৰোহৰ  গুৰুত্ব  সম্পৰ্কে  আলোচনা  কৰা ৷ 

উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহ যদিও ব্রিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষমহৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগতঅসম জড়িত হৈছিল।
     দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰদ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল।
     তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ‌ বিদ্রোহত অংশগ্রহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
     ১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্রামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।


৫/ ফুলগুৰি বিদ্ৰোহ  ওপৰত  এটি  টোকা লিখা ৷

উত্তৰঃ ফুলগুৰিৰ ধাৱাৰ বিদ্ৰোহৰ প্ৰধান কাৰণ হ'ল চৰকাৰে আফু খেতি বন্ধ কৰাৰ সিদ্ধান্ত। ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত বিভিন্ন অঞ্চলৰ পৰা বহুতো কৃষক আহি ফুলগুৰিত ৰাইজ মেল’ অনুষ্ঠিত কৰে আৰু এই ৰাইজ মেলতেই বিদ্রোহ ঘোষণা কৰে। নগাঁৱৰ কিছু দূৰত ফুলগুৰি নামৰ অঞ্চলটোত প্ৰচুৰ পৰিমাণে আফু খেতি কৰিছিল আৰু সেই অঞ্চলৰ লোকসকলে এই খেতিৰ দ্বাৰাই জীৱিকা নির্বাহ কৰিছিল। কিন্তু ব্রিটিছ চৰকাৰে এই আফু খেতি বন্ধ কৰি দিছিল আৰু ইয়াৰ কাৰণে আফু খেতিৰ দ্বাৰা পেট প্ৰৱৰ্তোৱা কৃষকসকল বিদ্রোহী হৈ উঠিছিল। চৰকাৰ আফু খেতি বন্ধ কৰাৰ লগতে তামোল-পানৰ ওপৰতো কৰ লগোৱাৰ নির্দেশ দিছিল। ফুলগুৰি বিদ্ৰোহৰ গঠিত ৰাইজমেলৰ কৃষকসকলে লেফটেনেন্ট হার্বার্ট স্কন্সক এই বিষয়ে এখন আবেদনো প্রদান কৰিছিল। কিন্তু চৰকাৰে ইয়াৰ কোনো গুৰুত্ব নিদিলে। ইয়াৰ অপমানৰ বাবে কৃষকসকলে ১৫ অক্টোবৰৰ পৰা পাঁচদিনলৈকে ফুলগুৰিত ৰাইজমেল পাতিছিল। উপায়ুক্ত হার্বার্ট স্কলে তেওঁৰ সহকাৰী লেফটেনেন্ট ছিংগাৰক সভাস্থলালৈ পঠিয়ায়। কিন্তু ছিংগাৰৰ অভব্য আচৰণৰ বাবে কৃষকসকলে তেওঁক আক্রমণ কৰে। ফলত ছিংগাৰৰ মৃত্যু হয়। এই ঘটনাকে ফুলগুৰিৰ বিদ্ৰোহ নামেৰে অভিহিত কৰা হয়।


৬/ ১৮৯৪ চনত  উত্ত  কামৰূপত  সংঘটিত  হোৱা  কৃষক  বিদ্ৰোহ  সম্পৰ্কে  আলোচনা কৰা ৷ 

উত্তৰঃ  ব্রিটিছ চৰকাৰৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকসকলে সমবেত হৈ চৰকাৰৰ ওচৰত লিখিত আৱেদন দাখিল কৰিছিল। কৃষকৰ তীব্র প্রতিবাদ সত্ত্বেও খাজনা বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰি বর্ধিত হাৰত খাজনা আদায় কৰিবলৈ লোৱাত কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে বিদ্রোহত মিলিত হৈছিল। উত্তৰ কামৰূপৰ কৃষকসকলৰ মাজতো এই বিদ্রোহে গা কৰি উঠিছিল। এই অঞ্চলৰ শ শ কৃষক ৰাইজমেলত মিলিত হৈ বর্ধিত হাৰত খাজনা নিদিবলৈ সংকল্পবদ্ধ হৈছিল। ১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু তাৰ আশে-পাশে কেইবা শ কৃষকে ৰঙিয়া আৰু তামোলপুৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰো লঘু লাঞ্ছনা কৰিছিল আৰু ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি লণ্ডভণ্ড কৰাৰ উপৰি মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল।
     ১৮৯৪ চনত নলবাৰীৰ ওচৰৰ ৰাইজ কদমতলত হোৱা ৰাইজমেলৰ সিদ্ধান্তমর্মে উত্তৰ কামৰূপৰ হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত ৰঙিয়াত এক বিশাল ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল। ৰাইজ মেলত বাধা প্রদান কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ জিলাধিপতি আৰ বি মেকাৰে আৰু ৰেইলী নামৰ পুলিচ বিষয়া এজনে পূর্বৰে পৰা খাপ পিটি আছিল। ফলত কৃষক আৰু চৰকাৰৰ মাজত সংঘর্য হৈছিল। চৰকাৰে পুলিচৰ সহায়ত ৰঙিয়া অঞ্চলৰ বিদ্রোহ দমন কৰি খাজনা সংগ্রহ কৰিছিল।
     বৰ্মৰ ৰাইজমেল বৰ শক্তিশালী আছিল। তাত এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলা হৈছিল আৰু যোগাযোগৰ সুবিধাৰ কাৰণে ডাকপিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। এই অঞ্চলৰ আটাইতকৈ বৃহৎ ৰাইজমেলখন বহিছিল পানাগাঁৱৰ চাপৰিত। ইয়াত লচিমা, চৌখুটি, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি, ৰঙিয়া, নলবাৰী, ধর্মপুৰ বজালীআদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষক মিলিত হৈছিল।
      এই ৰাইজমেলতেই ৰাইজৰ প্রতি অশালীন ব্যৱহাৰ কৰাৰ শাস্তি স্বৰূপে সেই সময়ৰ ৰপেটাৰ মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈক ৫টকা জৰিমনা কৰি এৰি দিছিল। কাপলা গাঁৱত বলপূর্বক খাজনা আদায় কৰাৰ অপৰাধত ৰাইজে মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু হলিৰাম মিশ্র মণ্ডলক মাৰধৰ কৰিছিল।
        কাপলা গাঁৱৰ ঘটনাৰ সৈতে জড়িত প্রায় ৭৫ জন লোকক পুলিচে গ্রেপ্তাৰ কৰি চৰকাৰী জিৰণি ঘৰত থকা মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈৰ ওচৰলৈ লৈ গৈছিল। কিন্তু ওচৰ-পাজৰৰ বহু কৃষক তালৈ গৈ উপস্থিত হোৱাত বৰদলৈয়ে সকলোকে মুকলি কৰি দি বৰপেটালৈ আঁতৰি যায় ৷ জিলাধিপতি মেকলে চাহাবে ৩০ জনমান পুলিচ লোক লৈ উক্ত অঞ্চলসমূহত উপস্থিত হয় আৰু ৫৯ জনবিদ্রোহী কৃষকক গ্রেপ্তাৰ কৰিছিল আৰু নিজেই এই বিদ্রোহীসকলৰ বিচাৰ কৰি শাস্তি বিহিছিল। পিছত কলিকতা হাইকোর্ট নির্দেশ মর্মে এইসকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছে ৷ এইদৰে কামৰূপৰ বিভিন্ন অঞ্চলত কষক বিদ্রোহ গা কৰি উঠা দেখা গৈছিল।

৭/ ১৮৯৪  চনত  পথৰুঘাটত  সংঘটিত  হোৱা  কৃষক  বিদ্ৰোহৰ  এঠি  খতিয়ান  দাঙি  ধৰা ৷ 

উত্তৰঃ  ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই ৰাইজমেলৰ যোগেদি খাজনা বৃদ্ধি প্রতিবাদ কৰাই নহয়, খাজনা সংগ্রহতে বাধা প্রদান কৰি আহিছিল কৃষক বিদ্ৰোহে , বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গোট খোৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰপৰা পথৰুঘাটৰ এই প্রস্তাৱিত ৰাইজমেলৰ প্রস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এণ্ডাৰছনক সেই সম্পর্কে অৱগত কৰিছিল। গতিকে জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।
         পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কার্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্রায় ২০০জন লোকে সম্পত্তি ক্রোক কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলৰ প্রায় প্রত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি।
         কৃষকসকলে এইদৰে দলেবলে জিৰণি শিবিৰত উপস্থিত হোৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলোকক তৎকালেই ঘৰঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে যদিও তেওঁলোকে তাতেই অৱস্থান কৰি থকাত উপায়ুক্তই পুলিচ অধীক্ষকক শক্তি প্রয়োগ কৰি হ'লেও কৃষকসকলক তাৰপৰা আঁতৰাই পঠিয়াবলৈ নির্দেশ দিয়ে। সেই নির্দেশনা অনুযায়ী পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্রয়োগ কৰি খেদিবলৈ চেষ্টা কৰোতে কৃষকসকল উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি ওচৰ চাপিহে আহিল। দলি-চপৰাৰ খুন্দাত পুলিচমিলিটাৰী, প্রশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল। তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপমতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়।  অসীম সাহস আৰু প্ৰেৰণাৰ বলতেই কৃষকসকলে সশস্ত্র বাহিনীৰ লগত মাটিৰ চপৰাৰে যুঁজ দিছিল ।  বাধ্যত পৰি চৰকাৰে বর্ধিত হাৰৰ খাজনা ৩২.৭ শতাংশ হ্রাস কৰাৰ কথা ঘোষণা কৰিলে।


৮/ ১৮৫০  চনত  ব্ৰিটিছৰ  বিৰুদ্ধে  জয়ন্তীয়াসকলে  কৰা  বিদ্ৰোহৰ  বিষয়ে  এটি  টোকা  লিখা ৷ 

উত্তৰঃ ১৮৫০ চনৰ ব্রিটিছসকলৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ নেতৃত্ব লৈছিল ওকিয়াং নবাহৰে। জোৱাইৰ ওচৰৰে এখন সভাত সকলো মিলিত হৈ ব্রিটিছৰ ৰাজনৈতিক কর্তৃত্ব জয়ন্তীয়া পাহাৰৰ পৰা আঁতৰাই সেই ঠাইত জয়ন্তীসকলৰ স্বাধিকাৰ প্ৰতিষ্ঠা কৰিবৰবাবে প্রতিজ্ঞাবদ্ধ হৈছিল। সেই হেতুকে ১৮৬২ চনত জোৱাইত থকা ব্রিটিছ ছাউনীত জয়ন্তীয়াসকলে আক্রমণ কৰে। ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্যখন ইংৰাজৰ হাতলৈ যায়। জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছসকলে নানান অত্যাচাৰ কৰিবলৈ ধৰে। ইয়াৰ উপৰিও মাছ। ধৰা, খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চল সমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। লগতে জয়ন্তীয়াসকলৰ ধৰ্মৰ ওপৰতত হস্তক্ষেপ কৰিছিল। এই অত্যাচাৰৰ বাবে জয়ন্তীয়াসকল বিদ্রোহী হৈ উঠিছিল। বিদ্রোহীসকলে জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথ অৱৰোধ কৰিছিল। বিদ্রোহীসকলে অসংখ্য লোকক হত্যা কৰিছিল। যি সময়ত দুয়োফালৰ পৰাই তীব্র সংঘর্ষ হৈছিল তেতিয়া ইষ্টার্ণ কামাণ্ডাৰ ব্রিগেডিয়াৰ জেনেৰেল জি ডি শ্বাৱাৰছক ইংৰাজে জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক কর্তৃত্ব প্রদান কৰে আৰু বি ডব্লিউ মর্টনক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটী কমিচনাৰ নিয়োগ কৰিছিল। চৰকাৰী দমন নীতিৰ বাবেই লাহে লাহে বিদ্রোহীসকলৰ শক্তি হ্রাস পাবলৈ ধৰিলে। নং বাহক কোনেও যদি জীৱন্তে ধৰি দিব পাৰে তেওঁক ১০০০.০০ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। অৱশেষত চৰকাৰে নং বাহক ধৰা পেলায় তাৰ জোৱাইত ভালেমান লোকৰ উপস্থিতিত তেওঁক ফঁচি দি হত্যা কৰে। শেষত ১৮৩৩ চনৰ ভিতৰত বাকী বিদ্রোহীসকলেও আত্মসমর্পণ কৰে। এনেকৈয়ে জয়ন্তীয়া বিদ্রোহৰ কৰুণ সমাপ্তি হয়।


৯/ ১৮৯১  চনত  মণিপুৰত  টিকেন্দ্ৰজিতৰ  নেতৃত্বত  ব্ৰিটিছৰ  বিৰুদ্ধে  হোৱা  বিদ্ৰোহৰ  বিষয়ে  লিখা ৷ 

উত্তৰঃ মণিপুৰত সিংহাসন লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা ইতিহাস হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় (২১ ছেপ্টেম্বৰ, ১৮৯০)। সুৰচন্দ্ৰ‌ই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল। যদিও তেওঁলোকে কুলচন্দ্রকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্রিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্রিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে। আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্রতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী, মণিপুৰলৈ পঠিয়ায়, ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। বৃটিছ বিষয়াক হত্যা কৰা, ব্রিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়া হয়। ৰজা কুলচন্দ্রক নির্বাসন দণ্ড দিয়া হয়। এজন মণিপুৰী কোঁৱৰ নাবালক চুড়চন্দ্ৰক ৰজা ঘোষণা কৰা হয় (ছেপ্টেম্বৰ, ১৮৯১)।ব্রিটিছচৰকাৰৰপ্রতিনিধিজনক ৰজা নাবালক হোৱা বাবে মণিপুৰৰ প্রশাসনিক দায়িত্ব অর্পণ কৰা হয়। মণিপুৰে আঢ়ৈ টকা বিদ্ৰোহৰ ক্ষতিপূৰণ ব্রিটিছ চৰকাৰক দিয়াৰ উপৰি বছৰি ৫০,০০০ টকা পৰিশোধ কৰিব লগা হৈছিল। এইদৰেই মণিপুৰ ৰাজ্যত ইংৰাজৰ আধিপত্য স্থাপিত হৈছিল।
চমু টোকা  লিখাঃ 

১/ অসমত  ইংৰাজে  প্ৰৱৰ্তন  কৰা  ৰাজহ  ব্যৱস্থা 

২/ মণিৰাম  দেৱান 

৩/ফুলগুৰি  ধাৱা 

৪/লচিমাৰ  কৃষক  বিদ্ৰোহ 

৫/পথৰুঘাটৰ  ৰণ

৬/ অসমত  কৃষক বিদ্ৰোহৰ  গুৰুত্ব

৭/ টিকেন্দ্ৰজিৎ 

উত্তৰঃ 

১/ অসমত  ইংৰাজে  প্ৰৱৰ্তন  কৰা  ৰাজহ  ব্যৱস্থাঃ


অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা ও ব্রিটিছসকতে ৰাজহ ব্যৱস্থাৰ ক্ষেত্ৰত বেছি পৰিমাণে অসমত কৰ-কাটল সংগ্রহ কৰিছিল। আগতে অসমত কেতিয়াও ৰাজহ সংগ্ৰহ মুদ্ৰাৰে কৰা নাছিল। কিন্তু ব্রিটিছে খাজনা বা অন্যান্য কৰ-কাটল আদি মুদ্ৰাৰ জৰিয়তে সংগ্রহ কৰিছিল। যাৰ কাৰণে অসমবাসীক অতি শোচনীয় কৰি তুলিছিল। অসমত ব্রিটিছসকলে কৰ লোৱা মুদ্রা অর্থনীতিয়ে সুদখোৰ মহাজন জাতীয় লোক সৃষ্টি কৰিছিল । যে সুদখোৰ মহাজনৰ পৰা ধাৰ লৈও খাজনা দিব পৰা ব্যৱস্থা কৰি দিছিল। এই সুদখোৰবোৰ অসমৰ বাহিৰৰ বেপাৰী, বাঙালী, মাৰোৱাৰী (কেঞা) আছিল। ইংৰাজে অসমৰ কৃষি ব্যৱস্থাতো ৰাজহ বিচাৰিছিল। ১৮৬৮-৮৯ চনত মাটিৰ খাজনা শতকৰা ২৫ৰ পৰা ৫০ ভাগ বৃদ্ধি কৰিছিল।

২/ মণিৰাম  দেৱানঃ


মণিৰাম দেৱানে প্রথমতে পুৰন্দৰ সিংহৰ অধীনত দেৱানৰ কাম কৰিছিল। ১৮৫৭-৫৮ চনৰ বিদ্রোহ যি সময়ত উত্তৰ ভাৰতত আৰম্ভ হৈছিল সেই সময়ত অসমত ইংৰাজ সৈন্যৰ দুটাকৈ ৰেজিমেন্ট আছিল। ভাৰতীয় সৈন্যই প্রথমতে যেতিয়া মিৰাটত বিদ্রোহ ঘোষণা কৰিছিল সেই সময়ত মণিৰাম দেৱান কলিকতাত আছিল। অসমৰ পৰা ইংৰাজক খেদিবৰ বাবে কলিকতাতে ষড়যন্ত্র ৰচনা কৰিছিল। এই ক্ষেত্ৰত মণিৰাম দেৱানক সহায় কৰিছিল মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰে। মণিৰাম দেৱানৰ এই বিদ্রোহত অসমৰ বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াম নাজিৰ, মহবিৰ মুক্তিয়াৰ আদি নেতাসকলে সহায় কৰিছিল। তেওঁলোকে ভাবিছিল যে কন্দর্পেশ্বৰ সিংহক ৰজা পাতি অসমত চিপাহী বিদ্রোহ আৰম্ভ কৰিব। কিন্তু ১৮৫৭ চনত মণিৰাম দেৱানৰ ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ বহুকেইখন চিঠি শিৱসাগৰৰ প্রিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰয়ডে ধৰা পেলাইছিল। ইয়াৰ পিছত কন্দপেশ্বৰ সিংহক আটক কৰে। তাৰ পিছত মণিৰাম দেৱান আৰু তেওঁৰ লগৰ মধুমল্লিক, কমলা বৰুৱা, দুতিৰাম বৰুৱা, মায়াম নাজিৰ আদি সকলোকে গ্রেপ্তাৰ কৰে। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়ে।


৩/ফুলগুৰি  ধাৱাঃ

ফুলগুৰিৰ ধাৱাৰ বিদ্ৰোহৰ প্ৰধান কাৰণ হ'ল চৰকাৰে আফু খেতি বন্ধ কৰাৰ সিদ্ধান্ত। ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত বিভিন্ন অঞ্চলৰ পৰা বহুতো কৃষক আহি ফুলগুৰিত ৰাইজ মেল’ অনুষ্ঠিত কৰে আৰু এই ৰাইজ মেলতেই বিদ্রোহ ঘোষণা কৰে। নগাঁৱৰ কিছু দূৰত ফুলগুৰি নামৰ অঞ্চলটোত প্ৰচুৰ পৰিমাণে আফু খেতি কৰিছিল আৰু সেই অঞ্চলৰ লোকসকলে এই খেতিৰ দ্বাৰাই জীৱিকা নির্বাহ কৰিছিল। কিন্তু ব্রিটিছ চৰকাৰে এই আফু খেতি বন্ধ কৰি দিছিল আৰু ইয়াৰ কাৰণে আফু খেতিৰ দ্বাৰা পেট প্ৰৱর্তেৱা কৃষকসকল বিদ্রোহী হৈ উঠিছিল। চৰকাৰ আফু খেতি বন্ধ কৰাৰ লগতে তামোল-পানৰ ওপৰতে কৰ লগোৱাৰ নির্দেশ দিছিল। ফুলগুৰি ধাৱাৰ গঠিত ৰাইজমেলৰ কৃষকসকলে লেফটেনেন্ট হার্বার্ট স্কন্সক এই বিষয়ে এখন আবেদনো প্রদান কৰিছিল। কিন্তু চৰকাৰে ইয়াৰ কোনো গুৰুত্ব নিদিলে। যাৰ বাবে কৃষকসকলে ১৫ অক্টোবৰৰ পৰা পাঁচদিনলৈকে ফুলগুৰিত ৰাইজমেল পাতিছিল।

৪/লচিমাৰ  কৃষক  বিদ্ৰোহঃ


লচিমাৰ কৃষক বিদ্রোহ ও ব্রিটিছ প্রশাসনৰ দমনৰ বাবে বৰমাত যি শক্তিশালী ৰাইজমেল বহিছিল সেই ৰাইজমেলত লচিমাৰ লগতে অন্যান্য বহুতো অঞ্চলৰ কৃষকসকলে অংশ গ্রহণ কৰিছিল। লচিমা অঞ্চলতেই ১৮৯৪ চনৰ ২১ জানুৱাৰীত মণ্ডল হলিৰাম মিশ্রক খাজনা ল’বলৈ যাওঁতে কৃষকসকলে তেওঁক হত্যা কৰে। এই ঘটনাৰ কাৰণে বৰপেটাৰ মহকুমাধিপতিয়ে‌ ২৫ জন লোকক আটক কৰে আৰু লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। কিন্তু কৃষকসকলে ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত আটক কৰা কৃষক বন্দীসকলক ৰিহাই দিয়ে। কিন্তু পিছত ৫৯ জন কৃষকক পুলিচ আৰু গোখা ৰেজিমেণ্টৰ লোকক লগত লৈ উপায়ুক্ত মেক কেবে গ্রেপ্তাৰ কৰে। ৬০০০ লোকে তেতিয়া বন্দীসকলৰ মুক্তি বিচাৰি ।স্বাক্ষৰিত আবেদন দিছিল। কিন্তু মেক কেবে তেওঁলোকক খেদি পঠিয়ায়। পিছলৈ লচিমা কৃষক বিদ্রোহ সংঘটিত কৰাৰ বাবে আৰু হলিৰাম মিশ্রক হত্যা কৰাৰ অপৰাধত ১৬ জনক শাস্তি দিয়ে।

৫/পথৰুঘাটৰ  ৰণঃ

পথৰুঘাটৰ ৰণ ১৮৯৪ চনত সংঘটিত হৈছিল। এই বিদ্ৰোহৰ মূল কাৰণ আছিল খাজনা বৃদ্ধি আৰু খাজনা সংগ্রহত বাধা প্রদান কৰা। এই বিদ্রোহত কলাইগাঁও, মঙলদৈ, পথৰুঘাট, ছিপাঝাৰ আদি অঞ্চলত কৃষকসকলে অংশগ্রহণ কৰিছিল। ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ‌ পথৰুঘাটত কৃষকসকলে বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ একগোট হোৱাৰ কথা ভাবিছিল। কিন্তু ইয়াৰ বিষয়ে মহকুমাধিপতিয়ে গম পোৱাত ৰাইজমেল ভালদৰে অনুষ্ঠিত হ'ব পৰা নাছিল। কৃষকসকলে এই কার্যত বাধা প্রদান কৰা কাৰণে কৃষকসকল উত্তেজিত হৈ হাতে হাতে লাঠি জোং লৈ পুলিচ-মিলিটাৰী, প্রশাসনিক বিষয়া আদিৰ ওপৰত মাটি চপৰা আদি দলিয়ায়। প্ৰথমতে চিপাহীকেইজনে বন্দুকৰ নলীৰে ৰাইজক ঠেলি পঠাবলৈ চেষ্টা কৰি বিফল হোৱাত গুলী চালনা কৰে। এই সংঘাতত ১৫০ জন কৃষক আহত হয় আৰু ১৪০ জন নিহত হয়। ইফালে চৰকাৰী বিষয়া ১৫ জনৰ মৃত্যু হয় আৰু ৩৭ জন আহত হয়।পথৰুঘাটৰকৃষকবিদ্রোহস্বাধীনতা সংগ্রামবাবে অসমবাসীক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল।

৬/ অসমত  কৃষক বিদ্ৰোহৰ  গুৰুত্বঃ

অসমত ব্রিটিছৰ বিৰুদ্ধে কৃষকসকলে বহুতো বিদ্রোহ কৰিবলগাত পৰিছিল। ইয়াৰ ভিতৰত উল্লেখনীয় কৃষক বিদ্রোহসমূহ হ’ল ফুলগুৰি ধাৱাৰ কৃষক বিদ্রোহ, লচিমাৰ কৃষক বিদ্রোহ, পথৰুঘাটৰ কৃষক বিদ্রোহ, জয়ন্তীয়াসকলৰ কৃষক বিদ্রোহ, ৰঙিয়াৰ কৃষক বিদ্রোহ, নামনি অসমৰ কৃষক বিদ্রোহ ইত্যাদি। অসমৰ কৃষকসকলৰ ওপৰত লগোৱা কৰসমূহ হ’ল টিকট কৰ, আয় কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ আদিৰ ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ, চৰ-চাপৰি বা চৰণীয়া পথাৰত গৰু-ম'হ চৰোৱাৰ বাবদ গ্রেজিং কৰ ইত্যাদি। ইংৰাজে অসমৰ কৃষকসকলক কৰৰ নামত বহুতো হাৰাশাস্তি কৰে আৰু সেই কাৰণেই কৃষকসকল অধিক বিদ্রোহী হৈ উঠে। বিদেশী চৰকাৰখনে অসমত যিসময়ত প্রাকৃতিক দুৰ্যোগ, মহামাৰী আনকি দুর্ভিক্ষৰ সময়তো কৃষকসকলক কৰৰ পৰা ৰেহাই দিয়া নাছিল। যাৰ ফলস্বৰূপে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা শেষলৈ অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল। এই বিদ্রোহে স্বাধীনতা সংগ্রামত অসমীয়া জনগণক অনুপ্ৰেৰণা যোগাইছিল।

৭/ টিকেন্দ্ৰজিৎঃ

ভালেমান  ধৰি  মণিপুৰ  অসম  ৰাজ্যৰ  শাসনৰ  বাহিৰত  আছিল ৷ মণিপুৰত  সিংহাসন  লাভৰ  বাবে  ১৮৯০ চনত  ৰাজপৰিয়ালৰ  সদস্যসকলৰ  মাজত  এক গৃহ  কন্দলৰ  সূচনা  হৈছিল ৷ এই  উত্তৰাধিকাৰীৰ  যুদ্ধত  অসমৰ  চীফ  কমিছনাৰে  অনাহকতে  হস্তক্ষেপ  কৰিছিল ৷ ইংৰাজৰ  উপস্থিতিৰ  সুবিধা  গ্ৰহণ কৰি যুৱৰাজ  কুলচন্দ্ৰই মহাৰাজ  সুৰচন্দ্ৰক সিংহানচ্যুত কৰি  নিজেই ৰজা হয় ৷ সুৰচন্দ্ৰই  ইংৰাজৰ  সহায়  ভিক্ষা  কৰিছিল  যদিও তেওঁলোকে কুলচন্দ্ৰকহে  মণিপুৰৰ  ৰজা হিচাপে  স্বীকৃতি  দিয়ে ৷ কিন্তু তলে  তলে  চলি  থকা  ব্ৰিটিছ  বিৰোধী  বিদ্ৰোহৰ  মূল  নেতা  সেনাপতি  টিকেন্দ্ৰজিতেক  দেশান্তৰিত  কৰিবলৈ ব্ৰিটিছে নতুন  ৰজা  কুলচন্দ্ৰক  হেঁচা  প্ৰয়োগ  কৰিলে ৷ কিন্তু  দেশৰ  স্বাধীনতা  ৰক্ষাৰ  হকে  কাম কৰা  জনপ্ৰিয়  নেতাজনক ব্ৰিটিছৰ  কথা  মতে  দেশান্তৰিত  কৰাটো কুলচন্দ্ৰৰ  কাৰণে  সহজ  কথা  নাছিল ৷ সেয়ে  অসমৰ  চীফ  কমিছনাৰ  জে ডব্লিউ  কউইণ্টন  আৰু  চাৰিজন  ইউৰোপীয়া  বিষয়াই  তেওঁক  ধৰিবলৈ  নিজেই  অহাত  স্বাধীনতা  প্ৰয়াসী  মণিপুৰীসকলে  আটাকেইজনক হত্যা  কৰে  ৷ এই  ঘটনাৰ  প্ৰতিশোধ  ল'বলৈ  এটা  শক্তিশালী  সৈন্য  বাহিনী  মণিপুৰলৈ  পঠিয়ায়  ৷ ইংৰাজ  বাহিনী বীৰ  সেনাপতি  টিকেন্দ্ৰজিতেক  ধৰিবলৈ  সক্ষম  হয় ৷ ব্ৰিটিছ  বিষয়াক হত্যা  কৰা , ব্ৰিটিছ  শাসনৰ  বিৰোধিতা  কৰাৰ  অপৰাধত  টিকেন্দ্ৰজিতক  ফাঁচী  দিয়া  হয় ৷ 


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)