ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

মহাত্মা গান্ধীৰ আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম - সমাজ বিজ্ঞান -দশম শ্ৰেণী - ইতিহাস - SEBA

Admin
1
মহাত্মা  গান্ধীৰ  আৰু  ভাৰতৰ  স্বাধীনতা  সংগ্ৰাম - সমাজ বিজ্ঞান -দশম শ্ৰেণী - ইতিহাস - SEBA  
 
CLASS X SEBA SOCIAL SCIENCE
মহাত্মা  গান্ধীৰ  আৰু  ভাৰতৰ  স্বাধীনতা  সংগ্ৰাম


অনুশীলনীঃ

অতি  চমু  উত্তৰৰ  প্ৰশ্নঃ

১/ মহাত্মা  গান্ধীৰ  কেতিয়া  জন্ম  হৈছিল ?

উত্তৰঃ ১৮৬৯ চনৰ  ২ অক্টোবৰত ৷ 

২/ সত্যাগ্ৰহৰ  কৌশল  গান্ধীয়ে  কোন  দেশত  পোনপ্ৰথমে  প্ৰয়োগ  কৰিছিল ?

উত্তৰঃ দক্ষিণ  আফ্ৰিকাত ৷ 

৩/ ৰবীন্দ্ৰনাথ  ঠাকুৰে  কিয় ' নাইট' উপাধি  ত্যাগ কৰিছিল  ?

উত্তৰঃ জালিৱানাৱালাবাগ  হত্যাকাণ্ডৰ  প্ৰতিবাদত  ৰবীন্দ্ৰনাথ ঠাকুৰে  ব্ৰিটিছ চৰকাৰে  তেওঁক প্ৰদান কৰা  'নাইট'  উপাধি  ত্যাগ কৰিছিল ৷ 

৪/ কাৰ কাৰ  নেতৃত্বত  ভাৰতত  খিলাফৎ  আন্দোলনৰ  সূচনা  হৈছিল ?

উত্তৰঃ মৌলানা  চৌকাত  আলি  আৰু  মনম্মদ  আলিৰ  নেতৃত্বত  ৷ 

৫/ চৌৰীচৌৰাৰ  ঘটনা  কেতিয়া  সংঘটিত  হৈছিল ?

উত্তৰঃ ১৯২২ চনৰ  ৫ ফেব্ৰুৱাৰীত ৷ 

৬/ কেনে  পৰিস্থিতিত  লালা লাজপত  ৰায়ৰ  মৃত্যু  হৈছিল ?

উত্তৰঃ লাহোৰত  লালা  লাজপত  ৰায়ৰ  নেতৃত্বত  হোৱা  এটা  ছাইমন  বিৰোধী  সমদলৰ  ওপৰত  পুলিছে  নিৰ্দয়ভাবে  লাঠি  চালনা  কৰে , য'ত  লাজপত  ৰায়  বেযাকৈ  আহত  হয়  আৰু  তাৰ  ফলতেই  তেওঁ  মৃত্যুবৰণ কৰে ৷ 

৭/ কেতিয়া  আৰু  ভাৰতীয়  জাতীয়  কংগ্ৰেছৰ  কোনখন  অধিৱেশনত  ভাৰতীয়সকলৰ  মূল  দাবী  হিচাপে  পূৰ্ণ স্বৰাজৰ  দাবী  উত্থাপন কৰা  হৈছিল ?

উত্তৰঃ ১৯২৯ চনত লাহোৰত  জৱাহৰলাল  নেহৰুৰ  সভাপতিত্বত  বহা  কংগ্ৰেছ  অধিৱেশনত  ৷  

৮/ গান্ধীজীয়ে  সবৰমতী  আশ্ৰমৰ  পৰা  ডাণ্ডিৰ  সাগৰ  পাৰলে  লোন  আইন  ভংগ  কৰিবলৈ  গৈছিল ৷ সবৰমতী  আশ্ৰম  আৰু  ডাণ্ডিৰ  মাজত  দূৰত্ব  কিমান ?

উত্তৰঃ  ৩৮৫  কিলোমিটাৰ ৷ 

৯/ সীমান্ত  গান্ধী  নামেৰে  কাক  জনা যায় ?

উত্তৰঃ খান  আব্দুল  গফুৰ  খান ৷ 

১০/ লণ্ডনত  অনুষ্টিত  হোৱা  দ্বিতীয়  ঘূৰণীয়া  মেজমেলত  কোনে  কংগ্ৰেছক  এককভাবে  প্ৰতিনিধিত্ব কৰিছিল ?

উত্তৰঃ মহাত্মা  গান্ধী  ৷ 

১১/ ১৯৩২ চনত  সাম্প্ৰদায়িক  বাঁটোৱাৰা  ঘোষণা কৰা  ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ  নাম  কি  আছিল ? 

উত্তৰঃ ৰামছে  মেকডোনাল্ড  ৷ 

১২/ কোনটো  আন্দোলনৰ  সময়ছোৱাত  গান্ধীজীয়ে ' কৰিম কিম্বা মৰিম' শ্লোগান  দিছিল ? 

উত্তৰঃ ভাৰত  ত্যাগ  আন্দোলনৰ ৷ 

১৩/ আজাদ  হিন্দ ফৌজৰ  প্ৰতিষ্ঠাতা  কোন ? 

উত্তৰঃ নেতাজী  সুভাষ চন্দ্ৰ  বসুৰ ৷ 

১৪/ ' মোক  তেজ  দিয়া  , মই  তোমালোকক  স্বাধীনতা  দিম' এই বিখ্যাত  বাণীটো কোন  ভাৰতীয়  নেতাৰ  আছিল ? 

উত্তৰঃ নেতাজী  সুভাষ চন্দ্ৰ  বসুৰ ৷ 

দীঘল  উত্তৰৰ  প্ৰশ্নঃ

১/ সত্যাগ্ৰহ  বুলিলে  কি বুজা ? যি  স্থানীয়  বিবাদৰ  ক্ষেত্ৰত  সত্যাগ্ৰহক  প্ৰথমতে  প্ৰয়োগ  কৰিছিল সেই  তিনিটাৰ  বিষয়ে  সংক্ষিপ্ত  ৰূপত  লিখা ৷

উত্তৰঃ ৰাৱলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে যি আন্দোলন আৰম্ভ কৰিছিল সেই আন্দোলনেই আছিল সত্যাগ্রহ আন্দোলন। এই সত্যাগ্রহ আন্দোলন ১৯১৯ চনত আৰম্ভ হৈছিল। এই আন্দোলনৰ মূলমন্ত্র হ’ল এক বিশুদ্ধীকৰণ আৰু প্রায়শ্চিত্ত কৰণৰ প্রক্রিয়া। এই আন্দোলনকাৰীসকলে নিজৰ বেপাৰ-বাণিজ্য ত্যাগ কৰি অনশন আৰু প্রার্থনা কৰিছিল।
      যি তিনিটা স্হানীয় বিবাদৰ বাবে গান্ধীয়ে সত্যাগ্রহ প্রথমতে প্রয়ােগ কৰিছিল। সেইকেইটা হ'ল বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদৰ বিবাদ।
    গান্ধীজীয়ে বিহাৰৰ চম্পাৰণত ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলৰ হৈ নেতৃত্ব দিছিল। দ্বিতীয়তে, গুজৰাটৰ খেড়াত যেতিয়া কৃষকসকলৰ খেতিসমূহ বিনষ্ট হােৱাৰ পাছতাে চৰকাৰে অত্যধিক ৰাজহ আৰােপ কৰিছিল তাৰ বিৰুদ্ধেও গান্ধীজীয়ে মাত মাতিছিল। তৃতীয়তে, আহমেদাবাদৰ মিল শ্ৰমিকসকলক মালিকসকলে যি কামৰ পৰা বঞ্চিত কৰিছিল তাৰ বাবেও
গান্ধীজীয়ে মাত মাতিছিল। ওপৰত উল্লেখিত এই তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্রহ পদ্ধতিৰে সমাধান কৰিছিল। ইয়াৰ পাছতেই গান্ধীজীৰ সত্যাগ্রহ আন্দোলন
অতি ক্ষীপ্র হৈ পৰিছিল। গান্ধীজীয়ে কেৱল অহিংস আৰু সত্য পথেৰে এই আন্দোলন কৰিছিল।


২/ ভাৰতত  খিলাফৎ  আন্দোলন  কিয়  আৰম্ভ  হৈছিল ? 

উত্তৰঃ ভাৰতত খিলাফৎ আন্দোলন আৰম্ভ হোৱাৰ প্রধান কাৰণ আছিল প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কমিগৈছিল। মুছলমানসকলে তুৰস্কৰ সম্রাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্ৰ ঠাইবােৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূর্বৰ মর্যাদালৈ ঘূৰাই অনা।

৩/ ১৯২০-২২ চনত গান্ধীজীয়ে  কিয়  অসহযোগ  আন্দোলন  আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী  কি আছিল ? গান্ধীজিয়ে কিয় এই  আন্দোলন  বন্ধ কৰিছিল ? 

উত্তৰঃ ১৯২০-২২ চনত গান্ধীজীয়ে গান্ধীজীয়ে অসহযােগ আন্দোলন‌ আৰম্ভ কৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—

(১) প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নাে ইয়াৰ ফলত ভাৰতৰ অর্থনীতি
আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।
(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্রিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্রহণ। এই আইনে সন্ত্রাসবাদৰ সন্দেহত যিকোনাে লােককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কর্তৃত্ব ব্রিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ
বিপক্ষে এক সর্বব্যাপী প্রতিবাদী আন্দোলন গঢ়ি উঠিছিল।
(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড।
(৪) ব্রিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শােষণ।
(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্রাজ্যৰ সুৰক্ষাৰ |
        অসহযোগ আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল। হিন্দু-মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্রহণ কৰিছিল। নানান ঠাইত বিদেশী বস্ত্র জ্বলাই দিয়া হৈছিল। বিদেশী ব্যয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবােৰ বৰ্জন কৰা হৈছিল। বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ কৰিছিল। বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্রচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
      অসহযােগ আন্দোলন বন্ধ হোৱাৰ প্ৰধান কাৰণ আছিল আন্দোলনকাৰী সকলে অহিংস নীতি পৰিহাৰ কৰিছিল আৰু ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গােৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্রতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘর্ষত
তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হােৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযােগ কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মর্মাহত হােৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ আন্দোলন বন্ধ কৰি তিনি সপ্তাহ অনশন কৰিছিল। 


৪/ আইন অমান্য আন্দোলনৰ  মূল  লক্ষ্য কি  আছিল ? এই আন্দোলনৰ বৈশিষ্ট্য  কি  আছিল ? 

উত্তৰঃ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ব্রিটিছ চৰকাৰৰ দ্বাৰা ছাইমন কমিছন গঠন। কলিকাতাত বহা কংগ্ৰেছৰ অধিবেশনত চৰকাৰক ভাৰতক যদি ডমিনিয়ন ব্যৱস্থা প্রদান নকৰিলে আইন অমান্য আন্দোলন গাঢ়
উঠিব বুলি সকীয়নি দিছিল। আইন অমান্য আন্দোলনে মাদক দ্রব্য প্রচলন বন্ধৰ বাবে মাত মাতিছিল। লােণ কৰ বন্ধ কৰা, ডাক সংৰক্ষণ বিল গ্রহণ কৰা, কৰ কম কৰা, টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি কৰা, সৈন্যবাহিনীৰ ব্যয় কমােৱা, প্রশাসনীয় ব্যয় সংকোচন কৰা, বিদেশী কাপােত সীমা শুল্কআৰােপ কৰা ইত্যাদি।                                        আইন অমান্য আন্দোলনত গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিলৈ যাত্রা কৰি লােই আইনৰ বিৰােধিতা কৰিছিল আৰু নিজে লােণ প্রস্তুত কৰি চৰকাৰৰ ওচৰত প্ৰত্যাহ্বান দিবলৈ সক্ষম হৈছিল। ১৯২৯ চনৰ লাহােৰ কংগ্রেছ অধিবেশনতে ‘পূর্ণ স্বৰাজ’ বা সম্পূর্ণ স্বাধীনতা’ক কংগ্ৰেছৰ মূল লক্ষ্য ৰূপে বিবেচনা কৰা হয়।


৫/ কি পৰিস্থিতিত  ভাৰত  ত্যাগ  আন্দোলনৰ  সূচনা  হৈছিল ? ভাৰতৰ  স্বাধীনতা সংগ্ৰামত এই  আন্দোলনৰ কাৰ্যসূচীক  তুমি  মাইলৰ  খঁটি  হিচাপে  সাব্যস্ত  কৰিব  খোজানে ? তোমাৰ  মতামতৰ  সমৰ্থনত যুক্তি দিয়া ৷ 

উত্তৰঃ জাপানীসকল ভাৰতত প্ৰৱেশ কৰা দেখি গান্ধীজী আৰু তেওঁৰ অন্যান্য নেতাসকলে ভাবিছিল যে জাপানীসকলে ভাৰতক আক্রমণ কৰিবলৈ সুবিধা পাব। সেয়ে গান্ধীজীয়ে ১৯৪২ চনৰ ৮ আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল । ভাৰত ত্যাগ আন্দোলনৰ শ্লোগান আছিল কৰিম কিম্বা মৰিম। ইয়াৰ দ্বাৰাই চৰকাৰক শাসনভাৰ ত্যাগ কৰি ভাৰতক স্বাধীনতা দিব লাগে বুলি দাবী কৰিছিল।
         এই আন্দোলন দীর্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্রাম আৰু ত্যাগৰ সামূহিক প্রদর্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ
জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফূর্ত অংশগ্রহণে এই আন্দোলনক এক
নতুন মাত্রা প্রদান কৰিছিল। ছাত্র,‌মহিলা, খেতিয়ক আৰু শ্রমিকে এই আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা
গ্রহণ কৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ‌ দাবীক জাতীয়তাবাদী আন্দোলনৰ
তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত ত্যাগ আন্দোলনৰ পিছত স্বাধীনতা দামৰ বিষয় হৈ থকা নাছিল।
ইয়াৰ পিছত ব্রিটিছ চৰকাৰৰ লগত‌ কৰিবলগীয়া এটাই বুজাপৰা বাকী আছিল সেয়া হ’ল কেৱল ক্ষমতাৰ হস্তান্তৰ ।গতিকে দেখা যায় যে ভাৰতৰ স্বাধীনতা সংগ্রামত এই আন্দোলনৰ কাৰ্যসূচীয়ে এক মাইলৰ খুঁটি হিচাপে কাম কৰিছিল।

৬/ ভাৰতীয় জাতীয়  সেনা বাহিনীৰ বিষয়ে  চমু  টোকা  লিখা ৷ 

উত্তৰঃ ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্রথমে পােষণ কৰিছিল মালয়ত ব্রিটিছ সৈন্য বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰিবলগীয়া হােৱা ভাৰতীয় বিষয়া কেপ্টেইন মােহন সিঙে।জাতীয় কংগ্ৰেছৰ দুবাৰােসভাপতি নির্বাচিত হােৱা সুভাষ চন্দ্র বসু ব্রিটিছ বিৰােধীতাৰ বাবে ১৯৪১ চনত কলিকতাৰ নিজৰ ঘৰতে গৃহবন্দী কৰা‌হয়। কিন্তু পুলিচ-চোৰাংচোৱাৰ বেহু ভাঙি তেওঁ আফগানিস্তান, ৰাছিয়া, জার্মানী আৰু অৱশেষত ব্ৰহ্মদেশ আৰু মালয়ত উপস্থিত হয়। ১৯৪৩ চনত তেওঁ বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুৰ সহযােগত ভাৰতীয়‌ জাতীয় সেনা বাহিনী (Indian National Army) নাইবা আজাদ হিন্দ ফৌজ পুনর্গঠন কৰে।
             ১৯৪২ চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নির্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। বেংকক অধিৱেশনে সুভাষ চন্দ্র বসুকো জাপানলৈ নিমন্ত্রণ জনায়। তেওঁৰ জাপানত উপস্থিত হােৱাৰ পিছতে ৰাসবিহাৰী বসুই ভাৰতীয় স্বতন্ত্র লীগ সভাপতিৰ আসনখুন ত্যাগ কৰি সুভাষ বসুক উক্ত পদলৈ আদৰণি জনায়। জাতীয় সেনাবাহিনীৰ অন্য নাম হ'ল আজাদ ফৌজ ভাৰতীয় জাতীয় সেনা বাহিনীয়ে ‘জান্সি ৰাণী ৰেজিমেন্ট' নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়। ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’। 


Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment