ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বংগ বিভাজন (১৯০৫ -১৯১১) আৰু স্বদেশী আন্দোলন - দশম শ্ৰেণী - সমাজ বিজ্ঞান - ইতিহাস - SEBA

Admin
1

   বংগ  বিভাজন (১৯০৫ -১৯১১) আৰু স্বদেশী  আন্দোলন - দশম শ্ৰেণী - সমাজ বিজ্ঞান - ইতিহাস - SEBA

CLASS X SEBA -SOCIAL  SCIENCE

         বংগ  বিভাজন (১৯০৫ -১৯১১) আৰু স্বদেশী  আন্দোলন 


 অনুশীলনীঃ

অতি  চমু  উত্তৰৰ  প্ৰশ্ন ঃ

১/ বংগবিভাজন  কোনগৰাকী  ভাইচৰয়ৰ  শাসনকালত  সংঘটিত  হৈছিল ?

উত্তৰঃ ভায়চৰয়  লৰ্ড  নেথানিয়েল  কাৰ্জনৰ  শাসনকালত ৷

২/ ১৯০৫ খ্ৰীষ্টাব্দৰ  কোন  তাৰিখে বংগ  বিভাজন কাৰ্যকৰী  হৈছিল ?

উত্তৰঃ ১৬  অক্টোবৰ  তাৰিখে ৷

৩/ বিদেশী পণ্য বৰ্জনৰ  প্ৰস্তাৱ  কোনখন সভাত  গ্ৰহণ কৰা  হৈছিল ?

উত্তৰঃ দিনাজপুৰৰ  মহাৰাজৰ  পৌৰোহিত্যত  অনুষ্ঠিত দ্বিতীয়খন সভাত ৷

৪/ স্বদেশী  আন্দোলনৰ  সময়ছোৱাত  'যুগান্তৰ' নামৰ  সংবাদখন  সম্পাদনা  কোনে  কৰিছিল ?

উত্তৰঃ ভূপেন্দ্ৰনাথ  দত্ত ৷

৫/ বংগদেশত  'জাতীয় শিক্ষা পৰিষদ ' নামৰ  অনুষ্ঠানটো  কেতিয়া  গঠন  হৈছিল ?

উত্তৰঃ ১৯০৬ চনৰ  ১১  মাৰ্চত ৷

৬/ 'বেংগল  কেমিকেলছ ' নামৰ  উদ্যোগ  প্ৰতিষ্ঠানটোৰ  প্ৰধান উদ্যোক্তা কোন  আছিল ?

উত্তৰঃ  আচাৰ্য  প্ৰফুল্ল  ৰায় ৷

৭/ কাৰ পৌৰোহিত্যত অনুষ্ঠিত  জাতীয়  কংগ্ৰেছৰ  অধিৱেশনে  ভাৰতীয়ৰ  বাবে  'স্বৰাজ ' বিচাৰি  প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰঃ আৰ  চি  দত্তৰ  ৷

৮/ বংগদেশৰ  একত্ৰিকৰণ  কেতিয়া  হৈছিল ?

উত্তৰঃ ১৯১১  চনত ৷

চমু  উত্তৰৰ  প্ৰশ্নঃ

১/ বংগবিভাজনে  সৃষ্টি  কৰা  ' পূৰ্ববংগ আৰু অসম '  নামৰ  প্ৰদেশখনৰ  সৈতে সংলগ্ন  হোৱা  বংগদেশৰ প্ৰধান তিনিটা ভৌগলিক  সংমণ্ডল  উল্লেখ কৰা ৷

উত্তৰঃ (ক)  ঢাকা  (খ) চট্ৰ'গ্ৰাম  (গ) ৰাজশাহী 

২/ বংগ  বিভাজনৰ  অন্তৰ্নিহিত  উদ্দেশ্য কি  আছিল  চমুকৈ লিখা ৷

উত্তৰঃ ১৯০৩ খ্রীষ্টাব্দত এন্দ্র ফ্ৰেজাৰ বংগ প্ৰদেশৰ লেফটেনেন্ট গৱৰ্ণৰৰ পদত অধিষ্ঠিত হােৱাৰ পিছত ভাইচৰয় লর্ড কার্জনে তেওঁক প্রাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নির্দেশ দিছিল। এ ফ্রেজাৰে তেতিয়া পূর্বতে উইলিয়াম ই ৱাৰ্ডে (William E. Ward) আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদবদল কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগ প্রদেশৰ পৰা ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী সংমণ্ডলক কাটি আনি (সৰ্বমুঠ ১৫খন জিলাৰ ভূ-খণ্ড) চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰিছিল।— এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ১,০৬,৫৪০ বর্গমাইল ভূখণ্ড বংগদেশৰ পৰা কাটি আনি চুবুৰীয়া অসমৰ লগত
সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম’ নাম দি এখন বেলেগ প্রদেশ গঠন কৰে। এই নতুন প্রদেশখনৰ ৰাজধানী পতা হয় ঢাকাত। আনহাতে বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছােটনাগপুৰক লগ লগাই কলিকতাক ৰাজধানী কৰি আন এখন প্রদেশ গঠন কৰা হয়।
        লর্ড কার্জনে শাসনৰ সুবিধার্থে বংগ প্রদেশৰ আয়তন সৰু আৰু প্রয়ােজনৰ খাতিৰত অসমৰ ভৌগােলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি দাঙি ধৰিছিল যদিও এই আঁচনিৰ অন্তৰালত দুৰভিসন্ধিহে অতি ফটফটীয়াকৈ প্ৰকাশ পাইছিল। কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দুমুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল। ভাৰত সচিব হাবার্ট ৰিজলীয়ে কার্জনলৈ লিখা চিঠিত প্রকাশ পাইছিল— “ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি ছিঙি চূৰ্মাৰ কৰিব।” গতিকে বংগভংগৰ অন্তর্নিহিত উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত একতা ভাঙি দিয়া। উদ্দেশ্য সিদ্ধিৰ বাবে প্রয়ােজন হৈছিল সাম্প্রদায়িক মনােভাব
বিস্তাৰ ঘটোৱা।বংগ ভংগ আঁচনিৰ যােগেদি ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্র বংগ প্রদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়ােখন প্রদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কার্জনৰ উদ্দেশ্য আছিল ব্রিটিছ সাম্রাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তােলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যােগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। এই আঁচনিৰ যােগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্রসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্রতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্রদায়িকতাৰ বিহগুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে তেওঁ ইংৰাজবিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগ ভংগক এপাত অস্ত্র হিচাপে বাছি লৈছিল।
      ১৯০৫ খ্রীষ্টাব্দৰ ২ ফেব্ৰুৱাৰিত লর্ড কার্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমােদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। ৯ জুন তাৰিখে ভাৰত সচিব জন ব্রডৰিকে (John Brodric) তাৰ বাৰ্তাৰ যােগেদি বংগ ভংগৰ প্ৰস্তাৱত অনুমােদন জনােৱাৰ পিছত ১৯ জুলাইত (১৯০৫) ভাৰত-ব্রিটিছ চৰকাৰে বংগ ভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল। ১ ছেপ্টেম্বৰত (১৯০৫) পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি ১৬ অক্টোবৰ তাৰিখে এখন অধ্যাদেশৰ জৰিয়তে লৰ্ড কাৰ্জনে বংগ দেশক দ্বিখণ্ডিত কৰিছিল ।

৩/বংগবিভাজনবিৰোধী  আন্দোলনে ' স্বদেশী  আন্দোলন  ' নাম  কিয়  পাইছিল ?

উত্তৰঃ ইয়াক স্বদেশী আন্দোলন আখ্যা দিয়াৰ মূল কাৰণ আছিলআন্দোলনকাৰীসকলে বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু গ্রহণৰ ওপৰত জোৰ দিছিল। এই আন্দোলনৰ মূল কাৰ্য্যসূচী আছিল তিনিটা স্বদেশী, বয়কট আৰু জাতীয় শিক্ষা। স্বদেশীৰ মাধ্যমত আন্দোলনকাৰীসকলে দেশীয় সামগ্রী ব্যৱহাৰৰ ওপৰত জোৰ দিয়াৰ লগতে আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিছিল। বিদেশী পণ্যৰ দোকানত পিকেটিং আৰু বয়কট আৰু জাতীয় শিক্ষা ব্যৱস্থায়েই আছিল, স্বদেশী আন্দোলনৰ অন্যতম কাৰ্যসূচী।
         ব্রিটিছ সাম্রাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তােলাৰ বাবে ৰাজনৈতিক স্বার্থ পূৰণৰ হেতুকে লর্ড কার্জনে ১৯০৫ চনৰ ১৬ অক্টোবৰ তাৰিখে এখন অধ্যাদেশৰ জৰিয়তে বংগদেশক দ্বিখণ্ডিত কৰিছিল। এইটো কার্যকৰী হােৱাত সমগ্র বংগদেশতে এক প্রৱল আন্দোলৰ সূত্রপাত হয়। বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্র পাল, সুৰেন্দ্ৰনাথ বেনাৰ্জী, ঋষি অৰবিন্দ ঘােষ আদি নেতাসকলৰ নেতৃত্বত বংগ-ভংগ আন্দোল এক সর্বভাৰতীয় আন্দোলনলৈ ৰূপান্তৰিত হয়। জাতি-বর্ণ নির্বিশেষে কলাে মানুহেই এই আন্দোলনত জঁপিয়াই পৰিছিল। বংগত আৰম্ভ হােৱা স্বদেশী আন্দোলনক কংগ্ৰেছে সমর্থন দিয়াত কংগ্ৰেছৰ নেতৃত্বত ই সৰ্বভাৰতীয় মৰ্যদা লাভ কৰিছিল ।

৪/ স্বদেশী  আন্দোলনে  জাতীয়  শিক্ষালৈ  আগবঢ়োৱা  বৰঙণিৰ  বিষয়ে  আলোচনা  কৰা ৷

উত্তৰঃ স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বর্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল। বংগদেশৰ প্রচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতাে ইয়াৰ প্ৰভাৱ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্রৱণতাৰ প্রতি লক্ষ্য ৰাখি বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰডব্লিউ কালাইলে (R W Carlyle) এখন জাননী জাৰি কৰি (১০ অক্টোবৰ, ১৯০৫) ছাত্ৰসকলক আন্দোলনত ভাগ নল’বলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে সমগ্র বংগদেশত প্রতিবাদৰ জোৱাৰ উঠিছিল। ছাত্ৰসকলে কার্লাইলৰ জাননীৰ বিৰুদ্ধে প্রতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল। ৰবীন্দ্রনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্রসভাত (৪ নৱেম্বৰ, ১৯০৫) এন্টি-চার্কুলাৰ ছ'চাইটী’(Anti-Circular Society) গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। এয়া আছিল চৰকাৰৰ নির্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা। বিপিনচন্দ্র পাল, ৰবীন্দ্রনাথ ঠাকুৰ, আব্দুল ৰছুল প্রমুখ্যে নেতাসকলে ছাত্র সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। একে সময়তে সতীশচন্দ্র মুখােপাধ্যায় (১৮৬৫-১৯৪৮) সম্পাদিত ‘দি ডন’ (The Dawn) পত্রিকাই কলিকতা
বিশ্ববিদ্যালয়ক গােলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক সেই গােলামখানা ত্যাগ কৰি জাতীয় শিক্ষা গ্রহণ কৰিবলৈ আহ্বান জনাইছিল। সতীশচন্দ্র মুখােপাধ্যায়ে ৰবীন্দ্রনাথ ঠাকুৰ আৰু চাদাস বন্দ্যোপাধ্যায়ৰ (১৮৪৪-১৯১৮) সহযােগত ‘ডন ছ'চাইটি’ (Dawn Society) নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্র মহলৰ মাজত দেশাত্মবােধ জাগ্রত কৰাত ব্ৰতী হৈছিল। এই ছ'চাইটিয়ে কার্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪), কার্লাইল জাননীৰ (১৯০৫) সম্পূর্ণ বিৰুদ্ধাচৰণ কৰি জাতীয় শিক্ষা সক্রিয় ৰূপত গঢ়ি তােলাৰ আন্দোলন আৰম্ভ কৰিছিল। ৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্রয়ােজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দিছিল। পিছদিনা (৬ আগষ্ট) বিশাল জনতাৰ উপস্থিতিত তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয়
শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত (১৯০৫) ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্রমাৎ বৃদ্ধি পােৱাত বংগদেশৰ কেইবাখনাে ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ (১৮৪৫-১৯২১) অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মার্চ (১৯০৬) তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীৰ্য অনুষ্ঠানটো গঠন হয়। ১৫ আগষ্ট তাৰিখে (১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘােষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ অলংকৃত কৰিছিল। একেটা বছৰতে (১২ ডিচেম্বৰত) বংগ জাতীয় মহাবিদ্যালয়ক
জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে, খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ (অসমৰ প্ৰথমগৰাকী আই চি এছ আনন্দৰাম বৰুৱাৰ অন্তৰংগ বন্ধু ) অর্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট (Bengal Technical Institute) নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত
অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্রকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয়, আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।
৫/ স্বদেশী  আন্দোলনৰ  সময়ছোৱাত  বংগদেশৰ  জাতীয়  শিল্পৰ  বিকাশ  কেনেদৰে  হৈছিল ?

উত্তৰঃ স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তােলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হােৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্র আৰু মজলীয়া তাত-শাল উদ্যোগ, সৰিয়হৰ তেল, চাবােন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। ৰবীন্দ্রনাথ ঠাকুৰে প্রতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ (১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকতজিলিকা বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত যােগেশচন্দ্র চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্রচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰ্ছ' (১৯০৫) নামৰ প্রতিষ্ঠানটো গঢ়ি উঠিছিল। সকলাে প্ৰকাৰৰ স্বদেশী সামগ্রী এই প্রতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্রীটত (বর্তমান বিধান সৰণী) লক্ষী ভাণ্ডাৰ’ (১৯০৩) প্রতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰ্ছ' (১৯০৬)। বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনির্ভশীলতাৰ বাতাৱৰণ গঢ়ি তােলাৰ অর্থে জগদীশচন্দ্র বসু, প্রফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি অসাধাৰণ ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তােলাৰ চিন্তা কৰিছিল। নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষী কটন মিল’ (১ আগষ্ট, ১৯০৬) আৰু আচার্য প্রফুল্ল ৰায়ে ‘বেংগল কেমিকেলছ নামৰ উদ্যোগ প্রতিষ্ঠানটো মুকলি (২৫ জুলাই, ১৯০৬) কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল। বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভাৱে হ্রাস পাইছিল। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশত আধুনিক শিল্প উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল। ১৯০৫ খ্রীষ্টাব্দৰ ১৭ ডিচেম্বৰ তাৰিখে আৰ চি দত্তৰ পৌৰােহিত্যত বাৰাণসীত অনুষ্ঠিত প্রথম ভাৰতীয় উদ্যোগ সন্মিলন’ত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পর্কে দেশবাসীক সজাগ কৰি তুলিছিল। এই সন্মিলনৰ
যােগেদি বহুতাে দেশীয় শিল্পৰ পুনৰুজ্জীৱন সম্ভৱ হৈ উঠিছিল। এক কথাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু শিল্পৰ ক্ষেত্ৰত স্বদেশী আন্দোলনে এটা নতুন যুগৰ সূচনা কৰিছিল।


৬/ স্বদেশী  আন্দোলন  দমন  কৰাৰ  উদ্দেশ্যে  ব্ৰিটিছ  চৰকাৰে  কি  কি  আন্দোলনবিৰোধী  কাৰ্যসূচী  গ্ৰহণ কৰিছিল ?

উত্তৰঃ স্বদেশী আন্দোলনৰ বিৰুদ্ধে ব্রিটিছ চৰকাৰে সাম্রাজ্যবাদ অক্ষু ৰখাৰ স্বাৰ্থত ইংৰাজ শাসকে ধর্ম, জাতি, ভাষা, অঞ্চল আদিৰ ভিত্তিতভাৰতবাসীৰ মাজত বিভেদ অনাৰ চেষ্টা চলাইছিল। ব্রিটিছ চৰকাৰে।মুছলমান সকলৰ মনত এই ভাৱ জগাই তুলিছিল যে বংগ ভংগৰ জৰিয়তে তেওঁলােক অতি লাভান্বিত হব। ঢাকাৰ নবাব ছলিমউল্লা খানৰ যােগেনি। পূর্ব বংগৰ মুছলমানীসকলৰ ওচৰ চপাই অনাৰ প্রচেষ্টা হাতত লৈছিল।

৭/ স্বদেশী  আন্দোলনৰ তিনিটা  ফলাফল  উল্লেখ  কৰা ৷

উত্তৰঃ (ক) জাতীয় সাহিত্যঃ
স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যােগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্রকাশিত হৈছিল বিভিন্ন সংবাদপত্র, আলােচনী, গ্রন্থ আৰু গীত, নাটক, প্রবন্ধ ইত্যাদি।
(খ)‌ জাতীয় শিক্ষাঃ
  ছাত্ৰ সকলক বংগ প্ৰদেশৰ চৰকাৰৰ মুখ্য সচিবে আন্দোলনত ভাগ ল'বলৈ বাধা  প্ৰদান কৰিছিল। যাৰ ফলত ছাত্ৰ সকল প্ৰতিবাদী হৈ উঠিছিল ।

(গ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাঃ
সকলাে ধৰণৰ সামাজিক বাধা অতিক্রম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। 


৮/স্বদেশী  আন্দোলনৰ  তিনিটা  অৱদান লিখা  ৷

উত্তৰঃ ১। স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হলে যে গণ-আন্দোলনত জয়যুক্ত হােৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যােগেদি আয়ত্ত কৰিব পাৰিছিল।

২৷ ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্রিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কর্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। ‘একমাত্র গণ-সংগ্ৰামৰ যােগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’— এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল ৷

৩৷স্বদেশী আন্দোলনৰ  মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ  সূচনা  হৈছিল ৷ আগ্নেয়স্ত্ৰৰে বিপ্লৱৰ  পথ  অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ  প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল ৷ 


চমু  টোকা  লিখাঃ

১/ কবিগুৰু  ৰবীন্দ্ৰনাথ  ঠাকুৰ

২/ মাৰ্গাৰেট  এলিজাবেথ নবোল ( ভগিনী  নিবেদিতা )

৩/ নবাব  ছলিমউল্লা

উত্তৰঃ

১/ কবিগুৰু  ৰবীন্দ্ৰনাথ  ঠাকুৰঃ


কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ ও স্বদেশী আন্দোলনৰ পৰিকল্পনা হাতত লােৱা অন্যতম নেতা হৈছে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ। বংগসকলৰ বিৰুদ্ধে ব্রিটিছ চৰকাৰে যি বংগ বিভাজনৰ ব্যৱস্থা কৰিছিল সেই ব্যৱস্থাৰ কূটিল চক্ৰান্তৰ কথা কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ তথা তেওঁলােকৰ আন সহযােগীসকলে
বুজি পাইছিল আৰু সেই কাৰণে এই বিভাজনৰ বিৰুদ্ধে জনতাক জাগ্রতকৰাইছিল। কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ এক ৰচিত সংগীতে জনসাধাৰণৰ মাজত একতাৰ বান্ধোন গঢ়ি তুলিছিল। সেই গীত আছিল এনে ধৰণৰ ‘বাঙালিৰ প্রাণ, বাঙালিৰ মন, এক হওক হে ভগৱান. যি গীতটিৰ জৰিয়তে
হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববােধ, যুগমীয়া সম্প্রীতিৰ একতাৰ বান্ধোন সুদৃঢ় কৰাৰ বাবে পথচাৰীক ৰাখী পিন্ধাইছিল।

২/ মাৰ্গাৰেট  এলিজাবেথ নবোল ( ভগিনী  নিবেদিতা): 


মার্গাৰেট এলিজাবেথ নবােল (ভগিনী নিবেদিতা):  মার্গাৰেট এলিজাবেথ নবােলৰ জন্ম হৈছি আয়াৰলেণ্ডত। ১৮৬৪ চনত তেওঁৰ জন্ম হৈছিল আৰু মৃত্যু হৈছিল ১৯১১ চনত। তেওঁ মহিলাসকলক জাগৰণ সৃষ্টিৰ বাবে যথেষ্ট বৰঙণি যােগাইছিল। সমাজৰ সকলাে শ্ৰেণীৰ যুৱক-যুৱতীৰ মাজত জনজাগৰণৰ ভাৱ জগাই তুলিবৰ বাবে যথেষ্ট সহায় কৰিছিল। এইগৰাকী মহীয়সী মার্গাৰেট এলিজাবেথ নবােলৰ অন্য এক নাম আছিল ভগিনী নিবেদিতা। তেওঁ ‘অমৃত বাজাৰ পত্রিকা’ আৰু “দি ষ্টেটমেন’ কাকতত প্ৰৱন্ধৰ যােগেদি ভাৰতবাসীৰ মনত লর্ড কার্জনৰ ভাৰত বিৰােধী মনােভাৱ
জগাই তুলিছিল। তেওঁ কলিকতাত থকা সেই সময়ৰ ইয়ংমেছ হিন্দু উইনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটিৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ দেশীয় শিল্পৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ সকলােকে আহ্বান জনাইছিল।

৩/ নবাব  ছলিমউল্লাঃ


অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বংগ ভংগ বিৰুদ্ধে অসমবাসীৰ মাজত প্ৰচাৰ চলাইছিল। অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম হৈছিল ১৮৮৫ চনত আৰু মৃত্যু হৈছিল ১৯৬৭ চনত। বন্দিনী ভাৰত’ নামৰ
এখন বিদ্রোহাত্মক নাটক তেওঁ ৰচনা কৰিছিল। ইয়াৰ উপৰিও অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ক্ষুদিৰাম বসু, বাৰীন্দ্র ঘােষ, উল্লাস কৰ দত্ত আদি কেইজনমান হেতাৰ সৈতে তেওঁ এক বিপ্লৱী সংগঠন ‘সেৱা সংঘ’ গঢ়ি উঠিছিল। তেওঁ ১০৬ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্যামফিল্ড ফুলাৰক হত্যা কৰিবৰ বাবে তেওঁ গুৱাহাটী-শ্বিলং পথত বােমা পুতিছিল আৰু তাৰ বাবে তেওঁ ১৯১৪ চনলৈকে বৰপেটাত অন্তৰীণ বন্দী হিচাপে থাকিব লগা হয়। 

                                                          QUESTION BANK 

অতি চমু প্রশ্নাৱলীঃ

শুদ্ধ উত্তৰটো বাছি উলিওৱা 
(i) ৰামকৃষ্ণ মিছনৰ প্রতিষ্ঠাতা আছিল
(a) স্বামী দয়ানন্দ সৰস্বতী
(b) স্বামী বিৱেকানন্দ
(c) ৰাজা ৰামমােহন ৰায়
(d) ঈশ্বৰ চন্দ্র বিদ্যাসাগৰ

উত্তৰঃ 

(ii) কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন’ কার্যকৰী
কৰা হৈছিল ?
[HSLC 14].
(a) লর্ড কার্জন
(b) লর্ড উইলিয়াম বেন্টিংক
(c) লর্ড ডেলহাউচী 
(d) লর্ড মাউন্টবেটেন

উত্তৰঃ 

(iii) ১৯০৬ চনত মুছলিম লীগ গঠনত সহায় কৰা ব্রিটিছ
প্রশাসক জন কোন আছিল ? [HSLC 15,17]।
(a) লর্ড কার্জন
(b) লর্ড মিন্টো।
(c) লর্ড ৰিপণ। 
(d) লর্ড কর্ণওৱালিছ

উত্তৰঃ 

(iv) বৃটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ-ভংগ আঁচনি।
বাতিল কৰিছিল-[HSLC'16]
(a) ১৯০৫ চনৰ ২০ জুলাই তাৰিখে
(b) ১৯১১ চনৰ ২ ডিচেম্বৰ তাৰিখে
(c) ১৯০৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে
(d) ১৯০৬ চনৰ ১৫ আগষ্ট তাৰিখে

উত্তৰঃ 

(v) কাৰ কাৰ্যকালত বংগ বিভাজন আচনিখন’ কার্যকৰী
কৰা হৈছিল ?
(a) লর্ড মাউন্টবেটেন।
(b) লর্ড উইলিয়াম বেন্টিংক
(c) লর্ড ডেলহাউচী
(d) লর্ড কার্জন ৷

উত্তৰঃ 

2. কোনখন আইনৰ দ্বাৰা বঙ্গদেশৰ গভৰ্ণৰজনক গভর্ণ।
জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল ?[HSLC 10]

উত্তৰঃ 

3. বন্দে মাতৰম’ গীতটো কোনে ৰচনা কৰিছিল?
[HSLC 11,14]

উত্তৰঃ 

4. ‘লাল-বাল-পাল’ কোন কোন আছিল? [HSLC '12]

উত্তৰঃ 

15. লর্ড মিন্টো কোন আছিল? [HSLC 13]

উত্তৰঃ 

B. চমু প্রশ্নাৱলীঃ 

1.আগা খাৰ নেতৃত্বত মুছলমান জাতি দলটোৱে ছিমলাত ব্রিটিছ ভাইচৰয়ৰ ওপৰত কি অনুৰােধ জনাইছিল ? 

উত্তৰঃ 

2. বংগ ভংগ আন্দোলনৰ প্রাথমিক কাৰ্যসূচী সমূহ কি আছিল ?

উত্তৰঃ 

3.স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে৷ কি কি আন্দোলন বিৰােধী কার্যসূচী গ্রহণ কৰিছিল ?

উত্তৰঃ 

4. বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্রধান তিনিটা ভৌগলিক সংমণ্ডল উল্লেখ কৰা। [HSLC '17]

উত্তৰঃ 

5.স্বদেশী আন্দোলনৰ সময়ছােৱাত বঙ্গদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল, চমুকৈ লিখা।[HSLC 18] |

উত্তৰঃ 

6.স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ বর্ণনা কৰা।[HSLC 18]

উত্তৰঃ 

7.লর্ড কার্জনে ঘােষণা কৰা বংগভংগৰ চাৰিদফীয়া আঁচনিখনৰপ্রথম দফাৰ আঁচনিসমূহ কি কি আছিল। [HSLC18]

উত্তৰঃ 

C.ৰচনাধর্মী প্রশ্নাৱলীঃ

1.বিট্ৰিছৰ শাসন কালত হােৱা বঙ্গ বিভাজনৰ কাৰণ আৰু ইয়াৰ ফলাফলবােৰ চমুকৈ উল্লেখ কৰা।[HSLC11

উত্তৰঃ 

2.ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালছােৱাত মুছলীম লীগ উত্থান সম্পর্কে চমুকৈ লিখা। [HSLC12]

উত্তৰঃ 

3.“বঙ্গ বিভাজন” বুলিলে কি বুজায়? অসমত ইয়াৰ প্ৰভাৱ কেনে আছিল ?[HSLC 13]]

উত্তৰঃ 

অতিৰিক্ত প্রয়ােজনীয় প্রশ্নাৱলীঃ

A. অতি চমু প্রশ্নাৱলীঃ 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(a) ব্রিটিছ ভাইচৰয় লর্ড কার্জনে
বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল
(i) 1921 চনৰ 15 আগষ্ট
(ii) 1905 চনৰ 16 অক্টোবৰ
(iii) 1905 চনৰ 20 জুলাই
(iv) 1909 চনৰ 26 জানুৱাৰী

উত্তৰঃ 

(b) নব গঠিত প্রদেশ পূর্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা
আছিল
(i) 71 নিযুত
(ii) 50 নিযুত
(iii) 31 নিযুত
(iv) 26 নিযুত।

উত্তৰঃ 

(c) কলিকতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত |
কৰি বংগ ভংগ বিৰােধী আন্দোলনৰ সুচনা |
কৰা দিনটো আছিল
(i) 1897 চনৰ 3। জুলাই 
(ii) 1905 চনৰ 7 আগষ্ট । 
(iii) 1917 চনৰ ১ অক্টোবৰ 
(iv) ওপৰৰ এটাও হয়।

উত্তৰঃ  

(d) বংগলক্ষ্মী কটন মিল’ গঢ়ি উঠিছিল
(i) গুৱাহাটীত
(ii) শিলিগুড়িত
(iii) পাটনাত
 (iv) কলিকতাত

উত্তৰঃ 

(e) বেংগল কেমিকেল' স্থাপন কৰা ব্যক্তিজন আছিল
(i) আচার্য প্রফুল্ল চন্দ্ৰ ৰায়
(ii) বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰ
(iii) সুৰেন্দ্ৰনাথ বেনার্জী
(iv) অৰবিন্দ ঘােষ।

উত্তৰঃ  

(f) 1906 চনৰ 15 আগষ্টত 'জাতীয় শিক্ষা পৰিষদ’ | 
গঠন হৈছিল ।
(i) দিল্লীত
(iii) বােম্বাইত
(ii) মাদ্রায় 
(iv) কলিকতাত।

উত্তৰঃ 

(g) 1905 চনত বেনাৰসত অনুষ্ঠিত হােৱা কংগ্ৰেহৰ |
বাহিক অধিৱেশনত সভাপতিত্ব কৰিছিল
(i) মহাত্মা গান্ধীয়ে
 (ii) এৱাহৰলাল নেহৰুরে।
(iii) বাল গঙ্গাধৰ তিলকে
(iv) গোপাল কৃষ্ণ গোলেই।

উত্তৰঃ  

(h) 1908 চনৰ ডিচেম্বৰ মাহত দেশান্তৰিত কৰা এজন
আগশাৰীৰ নেতা আছিল -
(i) মতিলাল নেহৰু
(ii) ৰবীন্দ্রনাথ ঠাকুৰ
(iii) লালা লাজপত ৰায়
 (iv) কৃষ্ণ কুমাৰ মিত্র।

উত্তৰঃ 

(i) বাল গঙ্গাধৰ তিলক আছিল
(i) মহাৰাষ্ট্রৰ 
(ii) পঞ্জাৱৰ
(iii) বিহাৰৰ 
(iv) অসমৰ

উত্তৰঃ 

(j) ক্ষুদিৰাম  বসুক ফাঁচী দিছিল 
(i) 1902 চনত 
(ii) 1905 চনত
(iii) 1908 চনত 
(iv) 1912 চনত

উত্তৰঃ 

(k) বংগ ভংগ আঁচনি বাতিল কৰাৰ আগতে ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা স্থানান্তৰিত কৰা হৈছিল
(i) বোম্বাইলৈ 
(ii) দিল্লীলৈ
(iii) মাদ্ৰাজলৈ 
(iv) লক্ষ্নৌলৈ 

উত্তৰঃ 

(l) ভাইচৰয় লর্ড কার্জনৰ কাৰ্যকালত ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী আছিল | 
(i) লর্ড হেমিল্টন 
(ii) লর্ড ৰিপন
(iii) লর্ড ডেলহাউচি
 (iv) জন মৰ্লি।

উত্তৰঃ 

(m) নিখিল ভাৰত মুছলিম লীগৰ জন্ম হৈছিল।
(i) 1897 চনত 
(ii) 1906 চিনত
(iii) 1921 চনত 
(iv) 1942 চনত

উত্তৰঃ 

(n) জন মৰ্লি আছিল –
(i) ব্রিটিছৰ প্ৰধানমন্ত্রী 
(ii) মহাৰাণীৰ ব্যক্তিগত সচিব          
(iii) ব্রিটিছ ভাইচৰায় 
(iv) ভাৰত পৰিক্ৰমাৰ মন্ত্রী।

উত্তৰঃ 

2 অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰঃ 

3. অবিভক্ত বংগদেশত কিমানৰ বঙালী মানুহ আছিল ?

উত্তৰঃ 

4. পূর্ববংগ আৰু অসমৰ মুঠ মাটিকালি কিমান বৰ্মিাইল আছিল ?

উত্তৰঃ 

5. কোন তাৰিখে বংগ-ভংগ আঁচনি কার্যৰী কৰিছিল ?

উত্তৰঃ 

6. বং ভংগ বিৰােধী আন্দোলনৰ সমসাময়িকভাৱে হােৱা ৰুছ আৰু জাপানৰ যুদ্ধত কোনে জয়লাভ কৰিছিল ?

উত্তৰঃ 

7. আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে স্থাপন করা কেমিকেল প্রতিষ্ঠানটোৰ নাম কি আছিল?

উত্তৰঃ 

8. জাতীয় শিক্ষা পৰিষদৰ উদ্যোগত কলিকতাত স্থাপন হােৱা জাতীয় কলেজখনৰ অধ্যক্ষ কোন অছিল?

উত্তৰঃ 

9.কোন তাৰিখে ব্রিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগ ভংগ আঁচনি বাতিল কৰিছিল ?

উত্তৰঃ 

10. কোনে অৰুণডেল সমিতি গঠন কৰি দিছিল ?

উত্তৰঃ 

11. বংগ বিভাজন কোন ভাইৰয় শাসনকালত হৈছিল ?

উত্তৰঃ 

12. বংগ বিভাজন কেতিয়া হৈছিল?

উত্তৰঃ 

13 “ৰেগুলেটিং এক্ট কেতিয়া প্রৱর্তন কৰা হৈছিল ?

উত্তৰঃ 

14. এলাহাবাদ সন্ধি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰঃ 

15. অসম প্রদেশখন কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ 

16. নৱগঠিত অসম প্ৰদেশৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল ? 

উত্তৰঃ 

17. লর্ড কার্জনে কোন ভাৰত সচিবৰ লগত বংগ বিভাজনৰ প্রক্রিয়াটো আলোচনা কৰিছিল ?

উত্তৰঃ 

18. পূর্ব বংগ আৰু অসমৰ নতুন ৰাজধানী কি আছিল ?

উত্তৰঃ 

19. বংশ বিভাজনৰ বিৰােধীতা কৰি অনুষ্ঠিত কৰা প্ৰথমখনপ্রতিবাদী সভা ক'ত হৈছিল?

উত্তৰঃ 

20. ৰিপন কলেজৰ বৰ্তমানৰ নামটো কি?

উত্তৰঃ 

21. ৰিপন কলেজৰ ছাত্ৰসকলে কেতিয়া বিশাল ছাত্র সমাৰােহ  আয়ােজন কৰি প্রতিবাদ কৰিছিল ?

উত্তৰঃ 

22. কাৰ নেতৃত্বত ছাত্র সংসদ গঠিত হৈছিল ?

উত্তৰঃ 

23. কাৰ আহবানক্রমে কলিকতাৰ জনতাই বংগভংগৰ প্ৰতিবাদত ৰাখীবন্ধন পালন কৰিছিল?

উত্তৰঃ 

24. “বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ মমার্থ হ'ল। ইংৰাজৰ লগত সর্বতােপ্ৰকাৰে অসহযােগিতা কৰা '' - কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ 

25. স্বদেশী আন্দোলনক কেন্দ্র কৰি কৰিও ৰবীন্দ্রনাথ ঠাকুৰে কিমানটা গীত ৰচনা কৰিছিল ?

উত্তৰঃ 

26. 'আমাৰ সােণাৰ বাংলা...। গীতটি কোনদেশৰ ৰাষ্ট্ৰীয়  সংগীত? ইয়াৰ ৰচক কোন ?

উত্তৰঃ 

27. 'যদি তােৰ 'ডাক শুনে কেও না আসে তবে একলা চলাে ৰে..., ' গীতটিৰ ৰচক কোন ?

উত্তৰঃ 



(28)স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত ৰবীন্দ্রনাথ ঠাকুৰৰ বিখ্যাত প্রবন্ধটোৰ নাম কি?

উত্তৰঃ 

(29)বংগীয় কলা সংসদ কাৰ প্ৰচেষ্টতে গঢ় লৈছিল ?

উত্তৰঃ 

(30) 'বংগ মাতা” নামৰ বিখ্যাত ছবিখন কোনে অংকন কৰিছিল।

উত্তৰঃ 

(31) বংগ মাতাক ভাৰত মাতা’ৰ ৰূপ কোনে প্রদান কৰিছিল?

উত্তৰঃ 

(32) ডি ডন The (Dawa) ৰ সম্পাদক কোন আছিল?

উত্তৰঃ 

(33) বংগ জাতীয় মহাবিদ্যালয়ৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ 

(34) স্বদেশী আন্দোলনৰ সময়ছােৱাত মুঠতে কিমানখন মাধ্যমিক আৰু প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল?

উত্তৰঃ 

(35) কাৰ অর্থসাহাযত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানখন গঢ়ি উঠিছিল?

উত্তৰঃ 

(36) বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠান পিছলৈ কি নামেৰে পৰিচিত হৈছিল ?

উত্তৰঃ 

37. বংগ নাৰীৰ সাহসিকতাৰ সম্পর্কে জণ্ডনৰ কোনখন বিখ্যাত কাকতত প্ৰকাশ পাইছিল ?

উত্তৰঃ 

38. বেংগল কেমিকেল’ৰ স্থাপক কোন ?

উত্তৰঃ 

39. বংশ লজী কটন মিল’ কোনে স্থাপন কৰিছিল ?


40.  ভাৰতীয় উদ্যোগ সম্মিলন'ত কোনে পৌৰহিত্য কৰিছিল?

উত্তৰঃ 

41. মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তি সকল কোন কোন আছিল ? 

উত্তৰঃ 

42.  মলে মিন্টো সংস্কাৰ আইন কেতিয়া প্রণয়ণ হৈছিল ?

উত্তৰঃ 

43. ১৯১০ চনত মুছলিম লীগ কার্যালয় কলে স্থানান্তৰিত

উত্তৰঃ 

44.  স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য, – স্বাণ কোনে কৈছিল?

উত্তৰঃ 

45. ‘কেশৰী’– প্রত্রিকাখন কাৰ আছিল?

উত্তৰঃ 

46. অভিনৱ ভাৰত আৰু “মিত্র মেলা” নামৰ বিদ্রোহী সংগঠন। দুটা কোনে গঢ়ি তুলিছিল?

উত্তৰঃ 

47. স্বদেশী আন্দোলনত সশস্ত্র বিপ্লৱৰ বাণী প্রচাৰ কৰা প্ৰথমগৰাকী বংগদেশৰ ব্যক্তি কোন আছিল ?

উত্তৰঃ 

48. বাৰীন্দ্র কুমাৰ ঘােয কাৰ ভাতৃ ?

উত্তৰঃ 

49. ভবানী মন্দিন' নামৰ পুস্তিকাখনৰ লেখকাৰাকীৰ নাম লিখা ?

উত্তৰঃ 

50. ‘মুক্তি কোন পথে’ নামৰ পত্রিকাখনৰ প্ৰকাশক গৰাকীৰ  নাম লিখা ?

উত্তৰঃ 

51. ভাৰতৰ স্বাধীনতা সংগ্রামৰ প্ৰথম গৰাকী শ্বহীদৰ নাম লিখা ?

উত্তৰঃ 

52. এণ্ডু ফ্রেজাৰক হত্যা কৰাৰ উদ্দেশ্যে ক'ত ৰেল লাইনচ্যুত কৰা হৈছিল ?

উত্তৰঃ 

53. ভাৰত সচিব মলেৰ ৰাজনৈতিক উপদেষ্টা কোন আছিল? 

উত্তৰঃ 

54.  বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

উত্তৰঃ 

55. কার্জন আইলীক কোনে হত্যা কৰিছিল ?

উত্তৰঃ 

56. কংগ্ৰেছৰ ১৯ তম অধিৱেশন ক'ত হৈছিল ? 'ইয়াৰ কোন সভাপতি আছিল ? 

উত্তৰঃ 

57. কংগ্ৰেছৰ ২১ তম অধিৱেশন ক’ত হৈছিল ? ইয়াৰ সভাপতি কোন আছিল ?

উত্তৰঃ 

58. কোনখন অধিবেশনাৰ সময়ত জাতীয় কংগ্ৰেছ বিভাজিত হৈছিল ?

উত্তৰঃ 

59. কংগ্ৰেছৰ বিভাজিত গোট  দুটা  কি নামেৰে জনা গৈছিল ৷ 

উত্তৰঃ 

60.চৰমপন্থি সকলে  কাক  সভাপতি  পাতিছিল ? 

উত্তৰঃ 

61. কোনে পােন প্রথমে বৃটিছ চাৰক 'নাইটহুড' উপাধি ঘূৰাই দিছিল ?

উত্তৰঃ 

62 .বন্দিনী ভাৰত কোনে ৰচনা কৰিছিল ?

উত্তৰঃ 

63.সেৱা সংঘ কোনে গঢ়ি তুলিছিল?

উত্তৰঃ  

64.  ১৯১১ চনৰ ১২ ডিচেম্বৰত কিয় বিশাল দৰবাৰৰ আয়োজন কৰা  হৈছিল ? 

উত্তৰঃ  

65. বংগ বিভাজন কেতিয়া বাতিৰণ কৰা হৈছিল ?

উত্তৰঃ 

66. বংগ বিভাজন বাতিল ঘােষণা কেনে কৰিছিল ?

উত্তৰঃ 

67. ' ,ঘৰে বাইৰে ' নামৰ উপন্যাসখন কোনে ৰচনা  কৰিছিল ? 

উত্তৰঃ 

68.‘শাসন আৰু শােষণ একেলগে চলাই যােৱা হ'ব- কোনে কৈছিল ? 

উত্তৰঃ 

69. বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্রেছৰ মাজত বিভাজন ঘটিছিল?

উত্তৰঃ  

70. ১৯০৫ খ্রীষ্টাব্দৰ কোন তৰিখে বংশ বিভাজন কার্যকৰী  হৈছিল ?

উত্তৰঃ  

71. বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন  সভাত গ্ৰহণ কৰা হৈছিল ? 

উত্তৰঃ 

72. স্বদেশী আন্দোলনৰ সময়ছােৱাত যুগান্ত’ নামৰ সংবাদপত্রখন সম্পাদনা কোনে কৰিছিল ?

উত্তৰঃ 

73. বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?

উত্তৰঃ  

74. কাৰ  পৌৰাহিত্যত  অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয় বাবে “স্বৰাজ' বিচাৰি প্রস্তাব গ্রহণ কৰিছিল ?

উত্তৰঃ  

75, ভাইচৰয় লর্ড কার্জনে বংগদেশক দুভাগ কৰি এভাগ অসমৰ সৈতে সংযুক্ত কৰি গন নতুন প্রদেশখনৰ  নাম কি আছিল ? 

উত্তৰঃ  


B. চমু প্রশ্নাবলীঃ 

মূল্যাংক- 2/3ঃ

1. অসম প্রদেশ কেইখন জিলাৰে গঠিত হৈছিল ?  কি কি? 

উত্তৰঃ 

2. বংগ বিভাজনৰ সময়ত কোন দুজন ইংৰাজ বিষয়াই লর্ড কাৰ্জনক বিশেষ ভাৱে সহায় কৰিছিল ?

উত্তৰঃ 

3. প্রহ্মপুত্র উপত্যকাবাসীক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্রিটিছ চৰণাৰে কি কি জনহিতকৰ কাম কৰিছিল ?

উত্তৰঃ 

4. বংশপ বিভাজনৰ অজুহাতটো কি আছিল ?

উত্তৰঃ 

5. বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল ?

উত্তৰঃ  

6. কোন কোন প্রখ্যাত লােকেবংশ বিভাজনৰ বিৰােধিতা কৰিছিল ? স্বদেশী আন্দোলনৰ পটভূমিত প্রকাশিত বংগৰ কেইখনমান আলােচনা আৰু কাকতৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

8. স্বদেশী আন্দোনৰ পটভূমিত ৰচিত বংশৰ কেইখনমান নাটকৰ নাম লিখা।

উত্তৰঃ 

9. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত কেইখনমান বিখ্যাত গ্রন্থৰ নাম লিখা।

উত্তৰঃ 

10 ‘ডন ছ'চাইটা (Dawn society) নামৰ জাতীয় অনুষ্ঠান কাৰ কৰি সহযোগত গঢ় লৈছিল ?

উত্তৰঃ  


11. বংগ ভংগ কালছােৱাত গঢ় লৈ উঠা কেইখনমান জাতীয় শিক্ষানুষ্ঠানৰ নাম লিখা।


12. জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত গঢ়ি উঠা বংগদেশৰ বাহিৰেও  অন্য ঠাইৰ কেইখনমান শিক্ষানুষ্ঠানৰ নাম লিখা ?

উত্তৰঃ  

13. বংগ বিভাজনৰ সময়ত নেতৃত্ব দিয়া বংগদেশৰ  কেইগৰাকীমান মহিলা নেত্ৰীৰ নাম লিখা।

উত্তৰঃ   

14. ভগিনী নিবেদিতাই লর্ড কার্জনৰ বিৰােধীতা কৰি কোন  দুখন কাকতত দুটা প্ৰৱন্ধ লিখিছিল ?

উত্তৰঃ   

15. স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেইখনমান বিখ্যাত বাণিজ্যিক প্রতিষ্ঠানৰ নাম লিখা।

উত্তৰঃ   

16. স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা বংগদেশৰ কেইটামান প্রখ্যাত উদোগৰ নাম উল্লেখ কৰা।

উত্তৰঃ  

17. স্বদেশী আন্দোলনত এচামে সশস্ত্র বিপ্লৱৰ পথ বাছি লােৱাৰ ।  কাৰণ দুটা লিখা।

উত্তৰঃ   

18. প্লেগ কমিছনাৰ ৰবাৰ্ট ৰাণ্ডক আৰু লেফটেনেন্ট আয়াৰষ্টকক |  কোনে হত্যা কৰিছিল ?

উত্তৰঃ  

19. 'ইয়ং ইটালীৰ অনুকৰণ গঢ়ি উঠা ভাৰতীয় বিদ্রোহী সংগঠন দুটাৰ নাম লিখা। ইয়াৰ সংগঠক কোন আছিল ?

উত্তৰঃ   

 20. বৈপ্লৱিক আদৰ্শৰে অনুপ্রাণিত হ'বলৈ বংগদেশত প্রকাশিত।  দুখন কাকতৰ নাম লিখা।

উত্তৰঃ  

21. বংগদেশত গঢ়ি উঠা দুটা গুপ্তঘাতী সংগঠনৰ নাম লিখা ?

উত্তৰঃ  

22. কংগ্ৰেছৰ ২১ তম অধিবেশনত বংগদেশৰ প্রতিনিধি কিমান  আছিল ? তেওঁলােকে কি তিনিটা প্রস্তাৱ উত্থাপন কৰিছিল ?

উত্তৰঃ  

23. বংগ ভংগবিৰােধী আন্দোলনৰ বাবে নির্বাসন দণ্ড পােৱা  কেইগৰাকীমান শীর্ষ নেতাৰ নাম লিখা।

উত্তৰঃ  

24. বংগ ভংগ বিৰােধী কেইগৰাকীমান অসমীয়া নেতাৰ নাম  লিখা ৷

উত্তৰঃ   

25. অসম কেশৰী নামেৰে কাক অভিহিত কৰা হয়? তেওঁ  ৰচনা কৰা এখন নাটকৰ নাম লিখা ৷

উত্তৰঃ   

C ৰচনাধর্মী প্রশ্নাবলীঃ

মূল্যাংকঃ 4/5

1.  বংগ ভংগ আঁচনি বিৰােধী আন্দোলনৰ বিষয়ে ব্যাখ্যা ।

উত্তৰঃ  

2. স্বদেশী আন্দোলন সম্পর্কে চমুকৈ আলােচনা কৰা।

উত্তৰঃ  

3. স্বদেশী আন্দোলনৰ প্রধান অংগকেইটা কি আছিল? প্ৰতিটোৰ বিষয়ে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ  

4. স্বদেশী আন্দোলনৰ পটভূমিত বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তুৰ প্রতি আগ্রহ বঢ়োৱাৰ কাৰ্যসূচীৰ বিষয়ে আলােচনা কৰা। ইয়াৰ ফলাফলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  

5. স্বদেশী আন্দোলনৰ প্রতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমর্থন সম্পৰ্কত চমু আলােচনা আগবঢ়োৱা।

উত্তৰঃ   

6. সাম্প্রদায়িক ভেদনীতিৰে মুছলমানসকলক বংগ ভংগ তথা স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে ব্রিটিছে কৰা ষড়যন্ত্ৰৰ বিষয়ে বর্ণনা কৰা।

উত্তৰঃ  

7. স্বদেশী আন্দোলনটো মষিমূৰ কৰিবলৈ ব্রিটিছে লােৱা দমনমূলক নীতিৰ বিষয়ে বহলাই আলােচনা কৰা।

উত্তৰঃ  

8. ৰাজনৈতিক দল হিচাপে মুছলীম লীগৰ উত্থানৰ পটভূমি সম্পর্কে উল্লেখ কৰা।

উত্তৰঃ  

9, চমুটোকা লিখাঃ

(i) লর্ড কার্জন
(ii) এ ফ্রেজাৰ
(iii) জন ব্যামফিল্ড ফুলাৰ 
(iv) অৰবিন্দ ঘােষ
 (v) ৰাসবিহাৰী বসু 
(vi) গােপাল কৃষ্ণ গােখলে
(vii) মলে মিন্টো সংস্কাৰ 
(viii) বিনায়ক দামােদৰ চাৰকাৰ
(ix) মার্গাৰেট এলিজাবেথ নবােল (ভগিনী নিবেদিত)
 (X)নবাব ছলিমউল্লা 
(xi) অম্বিকাগিৰি ৰায়চৌধুৰী।








Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment