ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ - সমাজ বিজ্ঞান-ইতিহাস-দশম শ্ৰণী - SEBA

Admin
0

ভাৰতৰ  স্বাধীনতা  আন্দোলন  আৰু  অসমত জাতীয়  জাগৰণ 

CLASS X SEBA , SOCIAL SCIENCE ASSAMESE MEDIUM
ভাৰতৰ  স্বাধীনতা  আন্দোলন  আৰু  অসমত জাতীয়  জাগৰণ 

অনুশীলনীঃ 

১/ য়াণ্ডাবু  সন্ধি  কেতিয়া  হৈছিল ?

উত্তৰঃ ১৮২৬  চনৰ  ২৪ ফেব্ৰু্বাৰীত ৷

২/ কোম্পানীৰ  আমোল  বুলিলে  কোনটো  সময়ক  বুজোৱা  হয় ?

উত্তৰঃ ১৮২৬ চনৰ  পৰা  ১৮৫৮  চনলৈকে ৷

৩/ অসমত  বাংলা  ভাষাৰ  প্ৰচলন  কেতিয়া  হৈছিল ?

উত্তৰঃ ১৮৩৬ চনত ৷

৪/ বাংলা  ভাষাৰ  ঠাইত  অসমত অসমীয়া ভাষাৰ  পুনৰ  প্ৰচলন  কেতিয়া  হৈছিল ?

উত্তৰঃ  ১৮৭৩ চনত ৷

৫/ অসম  ছাত্ৰ  সন্মিলনৰ  মুখপত্ৰখন  কি  আছিল ?

উত্তৰঃ অসমীয়া  ভাষাৰ  উন্নতি  সাধন  কৰা ৷

৬/ ৰায়ত  সভাসমূহৰ  মুখ্য  উদ্দেশ্য  কি  আছিল ?

উত্তৰঃ কৃষকৰ  বিভিন্ন  সমস্যা  দূৰ  কৰা  ৷

৭/ সদৌ  অসম  ৰায়ত  সভাৰ  গঠন  কেতিয়া  হৈছিল ?

উত্তৰঃ ১৯৩৩ চনত ৷

৮/ আহোম  সভাৰ  সম্পাদক  কোন  আছিল ?

উত্তৰঃ পদ্মনাথ গোহাঁইবৰুৱা ৷

৯/ যোৰহাট  সাৰ্বজনিক  সভা  কেতিয়া  আৰু  কাৰ  নেতৃত্বত  গঠন  হৈছিল ?

উত্তৰঃ ১৮৮৪ চনত  জগন্নাথ  বৰুৱাৰ  নেতৃত্বত  ৷

১০/ অসম  প্ৰদেশ  কংগ্ৰেছ  কমিটিৰ  প্ৰথম  সভাপতি  আৰু  সম্পাদক  কোন  আছিল ?

উত্তৰঃ সভাপতি- কুলধৰ  চলিহা  আৰু  সম্পাদক - নবীন  চন্দ্ৰ  বৰদলৈ ৷

১১/ অসম  প্ৰদেশ  কংগ্ৰেছ  কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি  কোন  আছিল ?

উত্তৰঃ বিষ্ণৰাম  মেধি ৷

১২/ অসমৰ  প্ৰথম  প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া  নিৰ্বাচিত  হৈছিল ?

উত্তৰঃ গোপীনাথ  বৰদলৈ  ১৯৪৬ চনত ৷

১৩/ কুশল  কোঁৱৰক  কি অপৰাধত  ফাঁচী দিয়া  হৈছিল ?

উত্তৰঃ সৰুপথাৰত  ৰেল  বগৰোৱাৰ  অভিযোগত ৷

১৪/ গুৱাহাটী বিশ্ববিদ্যালয়  কেতিয়া  স্থাপিত  হৈছিল ?

উত্তৰঃ ১৯৪৮  চনৰ  ২৬ জানুৱাৰী তাৰিখে ৷

১৫/ অসম  চিকিৎসা  মহাবিদ্যালয়  আনুষ্ঠানিকভাৱে  কেতিয়া  নামাংকিত  হয় ?

উত্তৰঃ ১৯৪৭ চনৰ  ৩ নৱেম্বৰ  তাৰিখে ৷

১৬/ গুৱাহাটী  চিকিৎসা  মহাবিদ্যালয়ৰ  কেতিয়া  আনুষ্ঠানিকভাৱে  আৰম্ভ  হয় ?

উত্তৰঃ ১৯৬০  চনৰ  ২০  ছেপ্তেম্বৰ  তাৰিখে ৷

চমু  উত্তৰৰ  প্ৰশ্নঃ 

১/ 'অসমীয়া  লিটাৰেৰী  ছচাইটি'ৰ  বিষয়ে  চমুকৈ  লিখা ৷


উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ'চাইটী’ (Assamese Literary Society) নামৰ প্রথমটি সংগঠন কলিকতাত গঠন হৈছিল। এই অনুষ্ঠান প্রধান উদ্দেশ্য আছিল সাহিত্যচর্চা। কিন্তু ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল।১৮৭২ চনত এই সংগঠনৰ প্রসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটীৰ তৰফৰপৰা সেই সময়ৰ ভাইচৰয় লর্ড নর্থব্রুকক এখন স্মাৰক-পত্র দাখিল কৰিছিল সেই স্মাৰক-পত্ৰত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছিল।এই সংগঠনটো ১৮৮৫ চনলৈকে সক্রিয় হৈ আছিল।

২/ জোনাকী  যুগৰ  উল্লেখযোগ্য  জাতীয়তাবাদী   উত্তৰণৰ  এটা  চমু  আভাষ  দিয়া  ৷

উত্তৰঃ  ১৮৮৮ চনৰ পৰা ১৯১৬ চনৰ এই মাজৰ সময়ছোৱাক জোনাকী যুগ বুলি কোৱা হয়।
অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্রকাশ কৰা ‘জোনাকী’ কাকতখনে। অসমত এক বিশেষ আলোড়ন সৃষ্টি কৰিছিল। এই কাকতৰ প্ৰথম সম্পাদক, আছিল চন্দ্ৰকুমাৰ আগৰৱালা। হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্র কুমাৰ আগৰৱালা এই তিনিওজনে মিলি জোনাকীক এক নতুন মাত্রা প্রদান কৰিছিল। এই তিনিওজনকে জোনাকী যুগৰ ত্রিমূর্তি বুলি কোৱা হয়। জোনাকীত প্রকাশিত প্রবন্ধ, নিবন্ধ, কবিতাসমূহৰ মাজেৰে লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্রতিফলন ঘটিছিল ব্রিটিছসকলে অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যৰ প্ৰতি দেখুৱা উদাসীনতাৰ প্রতি জোনাকীৰ জৰিয়তে অসমীয়াসকলক সচেতন কৰি দিছিল। কনকলাল বৰুৱা, কমলাকান্ত ভট্টাচার্যই অসমৰ অর্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধৰ জৰিয়তে অসমীয়াসকলৰ সামাজিক চেতনা জাগ্রত কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ’, ‘অসম সংগীত’, বীন ব’ৰাগী’ আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰৰ ৰচনাৰ মাজেৰে দেশপ্রেমৰ জয়গান উচ্চাৰিত হৈছিল। এনেদৰেই জোনাকী যুগত জাতীয়তাবাদৰ উত্তৰণ ঘটিছিল। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।

৩/ আহোম  সভাৰ  ৰাজনৈতিক  দাবী  সম্পৰ্কে  চমুকৈ  লিখা ৷

উত্তৰঃ  পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্রতিষ্ঠা হৈছিল। এই সভাৰ প্রথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। সংগঠিত হোৱাৰপৰা প্রায় ৪০ বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্রতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কাৰ্য আছিল। আহোম জনগোষ্ঠীৰ মাজৰপৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই‌ অহোপুৰুষাৰ্থ কৰিছিল।
        ১৯১০ চনত এই সভাক সদৌ অসম আহোম এছচিয়েছন নামেৰে নামকৰণ কৰা হৈছিল। এই এছচিয়েছনৰে এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল‌ ‘আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্রদায়ৰ মর্যাদা প্রদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি (seperate electorate) গঠন কৰা। এই উদ্দেশ্যেৰে ১৯৩০ আৰু ৪০ৰ দশক দুটাত আহোম এছচিয়েছনে সক্রিয়ভাৱে দাবী উত্থাপন কৰিছিল। ১৯৪১ চনত আহোম এছচিয়েছনৰ ভিতৰচ'ৰাত‌ বিভাজনে দেখা দিছিল। ইয়াৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্রাণিত হৈ
এছচিয়েছনৰপৰা ওলাই গৈ জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰিছিল। ১৯৫০ চনৰ পিছৰপৰা এই এছ’চিয়েছন ক্ৰমাৎ দুর্বল হৈ পৰে।


৪/ আছাম  এছ'চিয়েছনে  ব্ৰিটিছ  চৰকাৰৰ  ওচৰত  উত্থাপন  কৰা  বিষয়সমূহ  কি  আছিল ?

উত্তৰঃ ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছচিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল।  আছাম এছচিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ আছিল এনে ধৰণৰ বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰপৰা পৃথক কৰিবলৈ ১৯০৭ চনত এছচিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক-পত্র দাখিল কৰিছিল। ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল।

৫/ অসমত  অসহযোগ  আন্দোলনত  নেতৃত্ব  দিয়া  অসমীয়া  নেতাসকলৰ  বিষয়ে  উল্লেখ কৰা ৷

উত্তৰঃ অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্র বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদি অসমীয়া নেতাসকলৰ নেতৃত্বত যুৱকসকলে অসহযোগ আন্দোলনত সহযোগ কৰিবৰ বাবে চৰকাৰী শিক্ষানুষ্ঠান বর্জন কৰিছিল। তেওঁলোকৰ ভিতৰত আছিল ৰোহিনী কান্ত সমন হাতীবৰুৱা, বেণুধৰ শৰ্মা, বিমলাকান্ত বৰুৱা, লক্ষীধৰ শৰ্মা, কনকচন্দ্ৰ বৰুৱা, তিলক শর্মা। ইয়াৰ উপৰিও তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি, নবীন চন্দ্র হ’ব বৰদলৈ, কুলধৰ চলিহা, কামিনী কুমাৰ চন্দ আদি সকলো উকীলে ওকালতি ত্যাগ কৰি আন্দোলনত অংশ গ্রহণ কৰিছিল।

৬/ কানিংহাম  চাৰ্কুলাৰৰ  বিষয়ে  লিখা ৷

উত্তৰঃ গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা আইন-অমান্য আন্দোলন আৰু গান্ধীৰ দাণ্ডি যাত্রা আদিয়ে অসমীয়া ছাত্র সমাজক বাৰুকৈয়ে আকর্ষিত কৰিছিল আৰু তেওঁলোকে বিশেষ ভূমিকা লৈছিল। অসমৰ সেই সময়ত শিক্ষা সঞ্চালক মিঃ কানিংহামে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত পৰিস্থিতি অতি স্পর্শকাতৰ কৰি পেলাইছিল। ছাত্ৰসকলে যাতে আইন-অমান্য আন্দোলনত সক্রিয় ভূমিকা ল'ব নোৱাৰে তাৰ বাবে ছাত্র আৰু অভিভাৱকসকলে লিখিত প্রতিশ্রুতি দিয়াৰ বাবে এখন জাননী বাহিৰ কৰিছিল। জাননীখনত এইটো ভালকৈ সন্নিৱিষ্ট কৰিছিল যে তেওঁলোকে কোনোধৰণৰ শোভাযাত্রা, ধর্মঘট আৰু ৰাজনৈতিক সভাত যোগদান কৰিব নোৱাৰিব আৰু অসমৰ স্কুল কর্তৃপক্ষ আৰু শিক্ষা বিভাগৰ নিয়ম-কানুন সম্পূৰ্ণৰূপে মানিব লাগিব। চৰকাৰে এইটো বুজিছিল যে ছাত্ৰসকলে অসহযোগ আন্দোলনত ভূমিকা লোৱাৰ বাবেই সেই আন্দোলন বৰ সক্রিয় হৈ পৰিছিল। গতিকে ছাত্রক ইয়াৰ পৰাৰ আঁতৰত ৰখাৰ বাবে উপযুক্ত ব্যৱস্থা হৈ পৰিব। কিন্তু এই চাকুলাৰখন মানি ল’বলৈ অসমৰ ছাত্র সমাজে কোনোপধ্যে সন্মত নহ’ল। বৰং এইখনৰ বিৰুদ্ধে অসমৰ বহু ঠাইত বিৰোধিতা কৰি সভা-সমিতি পাতিলে। লিখিত প্রতিশ্রুতি দিয়াৰ পৰিৱর্তে তেওঁলোকে স্কুল-কলেজ ত্যাগ কৰিলে।

৭/ গোপীনাথ  বৰদলৈ মন্ত্ৰীসভাই  স্বাধীনতাৰ  পিছত  মুখামুখি হোৱা  সমস্যা  সম্পৰ্কে  চমুকৈ  লিখা ৷

উত্তৰঃ গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যাসমূহৰ ভিতৰত প্ৰথমতেই সীমান্ত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে আন আন অঞ্চলৰ যোগাযোগত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। স্বাধীনতাৰ পিছত অর্থনৈতিক বিশৃংখলতাৰ মুখামুখি হোৱাৰ উপৰিও অনুপ্রৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰগঠনৰ সমস্যাৰো সন্মুখীন হৈছিল। ১৯৬২ চনৰ চীনৰ আক্রমণে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ দিশটো স্পর্শকাতৰ কৰি তুলিছিল। উত্তৰ-পূব অঞ্চলটো ভৌগোলিকভাৱে বিচ্ছিন্ন হৈ পৰিছিল আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছিল। গতিকে দেখা যায় যে বৰদলৈ মন্ত্রীসভাই অসমত ৰাজনৈতিক, ভৌগোলিক আৰু অর্থনৈতিক সমস্যাৰ মুখামুখি হৈছিল। 

৮/ অসম  কৃষি  বিশ্ববিদ্যালয়  প্ৰতিষ্ঠাৰ  চমু  ইতিহাস  লিখা ৷

উত্তৰঃ ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক'ব পাৰি। যদিও এই কেন্দ্রসমূহে গৱেষণা আৰু প্রশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিতহয় আৰু পশু চিকিৎসা মহাবিধ্যালয়খন নগাঁৱৰপৰা বৰ্তমানৰ অৱস্থান গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু প্রথম বৃত্তিমুখী বিশ্ববিদ্যালয়। 

৯/ অসম  চিকিৎসা  মহাবিদ্যালয়ৰ  প্ৰতিষ্ঠাৰ  চমু  ইতিহাস  লিখা ৷

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০ চনতে ডিব্ৰুগড়ত ড° জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে বেৰী-হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। জনহিতৈষী ড° জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।

দীঘল  উত্তৰৰ  প্ৰশ্নঃ

১/ অসমীয়া  ভাষা  উন্নতি  সাধনী  সভাৰ  ভূমিকা  আৰু  কাৰ্যাৱলীৰ  বিষয়ে  আলোচনা  কৰা ৷

উত্তৰঃ অসমত ১৮৫৭ চনত জ্ঞান প্রদায়িনী নামৰ সভাখন অনুষ্ঠিত কৰা হৈছিল আনন্দৰাম ঢেকীয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ নেতৃত্বত এইখন সভাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ হকে আনন্দৰাম ঢেকীয়াল ফুকনে চেষ্টা কৰিছিল। অসমীয়া ভাষা প্রচলনৰ আগতে চৰকাৰী কার্যালয়, বিদ্যালয়, আদালতত কেৱল বাংলা ভাষাৰহে প্রচলন আছিল। আনন্দৰাম ঢেকীয়াল ফুকনে এই বাংলা ভাষাৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। চৰকাৰী কার্যালয়, বিদ্যালয়, আদালতত অসমীয়া ভাষাৰ প্ৰচলনৰ বাবে এক আন্দোলনৰ সৃষ্টি হৈছিল। এই আন্দোলনৰ চেষ্টাতেই ১৮৭৩ চনত অসমত অসমীয়া ভাষাক চৰকাৰী কার্যালয়, বিদ্যালয়, আদালত সমূহত পুনৰ প্রচলন কৰা হৈছিল। ইয়াৰ লগতে যিসকল ছাত্র উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল সেইসকল ছাত্রয়ো অসমীয়া ভাষা সহিত্যৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ইয়াৰ পিছতেই ‘অসমীয়া লিটাৰেৰী ছ'চাইটি’ নামৰ প্রথম সংগঠন
কলিকতাত গঠন হৈছিল। এই ছ'চাইটিখনৰ নেতৃত্ব লৈছিল ১৮৭২ চনত গুণগোৱিন্দ ফুকন আৰু দেৱীচৰণ বৰুৱাই।
      অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ এক প্রধান উদ্দেশ্য আছিল সাহিত্য চর্চা। তেওঁলোকে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাই ‘অসমীয়া লিটাৰেৰী ছ'চাইটি’ৰ তৰফৰ পৰা ভাইচৰয় লর্ড নর্থব্রুকক স্মাৰক-পত্র দাখিল কৰিছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভা অনুষ্ঠিত হৈছিল ১৮৮৮ চনত। এই সভাৰ নেতৃত্ব লৈছিল হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্র কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতীয়ে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জৰিয়তেই অসমীয়া সকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাবধাৰা গঢ়ি উঠিছিল। হেমচন্দ্ৰ বৰুৱাই এই সভাৰ প্রচেষ্টাতে চৰকাৰৰ জৰিয়তে ‘হেমকোষ’ প্ৰকাশৰ কাম কৰিছিল। এই সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আদি ভাষা সম্বন্ধে বৌদ্ধিক আলোচনা কৰিছিল। নিজৰ মতে আৰু ইয়াক অসমৰ ভিন্ন ঠাইত প্রতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল। মানাকী’ নামৰ আলোচনীখনিয়ে এই সভাৰ জৰিয়তে প্রকাশ পাইছিল আৰুএক নতুন যুগৰ সূচনা কৰিছিল। জোনাকীৰ জৰিয়তেই জাতীয়তাবাদী ভাবধাৰাৰ প্রতিফলন ঘটিছিল। ইয়াৰ সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ গুৰি ধৰিছিল হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা যাক জোনাকী যুগৰ ত্রিমূর্তি বুলি কোৱা হয়।


২/ অসম  ছাত্ৰ  সন্মিলনৰ  অৱদানৰ  বিষয়ে  লিখা ৷

উত্তৰঃ ১৯১৬ চনত অসম ছাত্র সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ ঘটনা। এই সন্মিলনৰ প্রথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্র সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদানপ্রদান কৰি এক সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্রথম অৱস্থাত‌ ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্রিয়ভাৱে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল।
        এই সন্মিলনৰ বার্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদআৰু ৰাজনীতিবিদসকলে অংশগ্রহণ কৰিছিল। তেওঁলােকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচার্য প্রফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযােগ্য। ছাত্র সন্মিলনৰ মুখপত্ৰ আছিল মিলন এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্রদায়িক সম্প্রীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল।

৩/ ৰায়ত  সভাসমূহৰ  উদ্দেশ্য  আৰু  ভূমিকা  সম্পৰ্কে  এটি  খতিয়ান  দাঙি  ধৰা ৷

উত্তৰঃ ৰায়ত সভাসমূহৰ উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূর্ব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। ইয়াৰ লগতে এই সভাই নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল। ৰায়ত সভাই আইন অমান্য আন্দোলনৰ কাৰ্যসূচী মতে ৫০ শতাংশ। ভূমি ৰাজহ হ্রাস কৰিবৰ দাবী জনাইছিল। ৰায়ত সভাৰ আন এটা উদ্দেশ্য আছিল কৃষকসকলৰ সমস্যাসমূহ সমাধান কৰা । ১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অর্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচার্য আৰু অন্যান্য ভালেমান মধ্যবিত্ত শ্ৰেণীৰ লোকে মুখ্য ভূমিকা লৈছিল।  এই সভাৰ জৰিয়তে কৃষকসকলক সহায় কৰিবলৈ বহুতো কংগ্ৰেছ নেতাই ওতঃপ্রোতভাৱে জড়িত হৈছিল। যি সময়ত আইন অমান্য আন্দোলন হৈছিল তেতিয়াই অসমত ৰায়ত সভাক সক্রিয় ৰূপ দিছিল অসম প্রাদেশিক কংগ্ৰেছ সমিতিয়ে। এই ৰায়ত সভাসমূহক অধিক শক্তিশালী কৰিবৰ বাবে ‘সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল ১৯৩৩ চনত। এই সদৌ অসম ৰায়ত সভা’ৰ প্ৰথমখন অধিবেশন যোৰহাটৰ টিলিকি আমত হৈছিল ১৯৩৩ চনত। এই অধিৱেশনৰ প্রথম সভাপতি আছিল নবীন চন্দ্র বৰদলৈ।



৪/ যোৰহাট  সাৰ্বজনিক  সভাৰ  উদ্দেশ্য  আৰু কাৰ্যাৱলী  সম্পৰ্কে  লিখা ৷

উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজানিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু‌ প্রতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। কলিকতাত পঢ়ি থকা সময়তে বংগৰ কেইবাটাও সংস্থা যেনে— আত্মীয় সভা, ভাৰতীয় সংস্থা আদিৰপৰা অনুপ্রাণিত হৈ বৰুৱাই অসমতো অসমীয়া সমাজৰ উন্নতিৰ হকে এক সংগঠন স্থাপন কৰিবলৈ প্রচেষ্টা চলাইছিল। জগন্নাথ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্রথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল ।

(১) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা

(২) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু

(৩) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা ।সভাই গ্রহণ কৰা কেইটামান উল্লেখযোগ্য কার্যাৱলী তলত উল্লেখ কৰা হ’লঃ 

(১)১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ (Assam Land Revenue Regulation, 1886) বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।

(২)১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বর্ধিত কৰৰ বিৰোধ কৰিছিল।

(৩)১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্র দাখিল। কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্রমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল।


৫/ আছাম  এছ'চিয়েনৰ  ব্ৰিটিছ  শাসনাধীন  অসমত  সমাজ  সংস্কাৰৰ  বাবে  আগবঢ়োৱা  অৱদান  সম্পৰ্কে  লিখা ৷

উত্তৰঃ  ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছচিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছচিয়েছনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্রভাতচন্দ্র বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপ-সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নির্বাচন কৰা হৈছিল। আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্র হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্রত্যক্ষ আৰু সক্রিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কার্যপন্থা লোৱা নাছিল। ই শান্তিপূর্ণভাৱে আৰু সাংবিধানিক আৰু প্রশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ
সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। এছ’চিয়েছনৰ কেইবাজনো সদস্য আইন সভাৰো সদস্য হোৱা বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কার্যকৰী কৰোৱাৰ সুবিধা পাইছিল। আছাম এছ’চিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ হ’লঃ
(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব'ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।

(২) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

(৩) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছচিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।
        আছাম এছচিয়েছনৰ জৰিয়তেই অসমত স্থাপন হোৱা কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি হৈছিল আৰু অসমক শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে তেওঁলোকে অসমত কাৰিকৰী শিক্ষানুষ্ঠানৰ হকে চিন্তা কৰিছিল। আছাম এছ'চিয়েছনে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল আৰু পূর্ব বংগৰ পৰা অসমক পৃথক কৰিবলৈ চৰকাৰৰ ওচৰত ১৯০৭ চনত স্মাৰক পত্র দাখিল কৰিছিল। আছাম এছচিয়েছনে অসমক মন্টেগু আঁচনিত অন্তর্ভুক্ত কৰিবৰ বাবে ১৯১৭ চনত নবীন চন্দ্র বৰদলৈ আৰু প্রসন্ন কুমাৰ বৰুৱাক সঁজাতি দল হিচাপে লণ্ডনলৈ পঠিয়াইছিল। অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও তেওঁলোকে দাবী প্রদান কৰিছিল ।



৬/ অসম  প্ৰদেশ  কংগ্ৰেছ  কমিটিৰ  জন্ম  আৰু  ভূমিকা  সম্পৰ্কে  সংক্ষিপ্ত  বিৱৰণ  দিয়া ৷

উত্তৰঃ ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্রামত এক নতুন অধ্যায়ৰ পাতনি মেলে । অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত ১৯২১ চনত
মহাত্মা গান্ধীক অসমত অহসযোগ আন্দোলন প্রচাৰ কৰিবলৈ নিমন্ত্রণ কৰি অনা হৈছিল। সেই বছৰৰ আগষ্ট মাহত গান্ধীৰ অসম ভ্রমণে নৱগঠিত কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত আলোড়ন সৃষ্টি কৰিছিল। ফলস্বৰূপে অসহযোগ আন্দোলন অসমত অতি সক্রিয় হৈ পৰিছিল। অসম প্রাদেশিক কংগ্ৰেছ সমিতিয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১তম বার্ষিক অধিৱেশন আয়োজন কৰিছিল।
              অসমত প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। গোপীনাথ বৰদলৈয়ে ১৯৪৬ চনত নির্বাচত সংখ্যাগৰিষ্ঠতা লাভ কৰি এক বৃহৎ জয়েৰে অসমৰ প্ৰথমজন প্রধানমন্ত্রী হ'বলৈ সক্ষম হৈছিল। অসমক ‘গ’ গোটত ভাগ কৰিব ধৰিছিল কেবিনেট মিছনে। কিন্তু মহাত্মা গান্ধীৰ সমৰ্থনত গোপীনাথ বৰদলৈয়ে ইয়াৰ প্রতিবাদ কৰিছিল। ফলত অসমক উত্তৰ-পূবক পূর্ব বংগৰ লগত একগোট কৰাৰ পৰা ৰক্ষা পৰিল। অসমৰ আন আন নেতাসকলেও কংগ্ৰেছৰ পৰিকল্পনাসমূহ কার্যকৰী হ'বলৈ প্রতিবাদ কৰিছিল। অসমৰ জাতীয়তাবাদী সকলক উৎসাহিত হ'বলৈ আকর্ষিত কৰা প্ৰধান কাৰণটো আছিল জাতীয় কংগ্ৰেছৰ অধিবেশনত ভাষাৰ
ওপৰত ভিত্তি কৰি পুনৰ ৰাজ্য গঠন কৰাৰ প্ৰস্তাৱটোৱে।

৭/ স্বদেশী  আন্দোলনত  অসমৰ  ভূমিকাৰ  বিষয়ে  সংক্ষিপ্ত  বিৱৰণ  দিয়া ৷

উত্তৰঃ স্বদেশী আন্দোলনৰ ভূমিকা অসমৰ বিশেষকৈ ব্ৰহ্মপুত্র উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱর্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্র ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ এদল ছাত্রই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰীয়ে বন্দিনী ভাৰত’ নামৰ এখন বিদ্রোহাত্মক নাটক ৰচনা কৰিছিল। কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় (৩১ জুলাই, ১৯০৬) চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল।

৮/অসহযোগ  আন্দোলনত  অসমৰ  ভূমিকা  সম্পৰ্কে  এটি  খতিয়ান  দাঙি  ধৰা ৷

উত্তৰঃ অসমত প্ৰথমতে অসহযোগ আন্দোলনৰ ওপৰত অধিক গুৰুত্ব দিয়া নাছিল। পাছলৈ অৱশ্যে ১৯২১ চনত মহাত্মা গান্ধীৰ আগমনে জনসাধাৰণক যথেষ্ট উৎসাহিত কৰিছিল। অসহযোগ আন্দোলন বৰ্তি থাকিব। বাবে অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, মুহিবুদ্দিন আহমেদ আদি নেতাসকলে চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিছিল। তাৰোপৰি লক্ষীধৰ শর্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা বেণুধৰ শর্মা, তিলক শৰ্মা আদিয়ে অসহযোগ আন্দোলনত সক্রিয় ভূমিকা পালন কৰিছিল। এওঁলোকৰ উপৰিও তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কামিনী কুমাৰ চন্দ্র, কুলধৰ চলিহা, বিষ্ণুৰাম মেধি আদি নেতাসকলে নিজৰ ওকালতি ত্যাগ কৰিছিল আৰু আন্দোলনত অংশ গ্রহণ কৰিছিল। এই আন্দোলনৰ ফলত অসমৰ বিভিন্ন স্থানত শিক্ষানুষ্ঠান প্রতিষ্ঠিত হৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত তিলক সোঁৱৰণী স্কুল প্রতিষ্ঠা হৈছিল।
     অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্ৰভাৱ আছিল– কানিৰ প্ৰচলন বন্ধ। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল— খাদীৰ প্ৰচলন জনপ্রিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।
      ১৯২১ চনৰ মে মাহত‌ কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগোলা আৰু লংগাই উপত্যকাৰ ১৩খন চাহ বাগিচাৰ প্রায়‌ ৮০০০ বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একলগ হৈ তেওঁলোকৰ ঔপনিবেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। মজুৰি বৃদ্ধিৰ দাবী জনোৱাৰ লগতে গান্ধী মহাৰাজৰ জয়’ ধ্বনি দি তেওঁলোকে এই আন্দোলনত অংশ গ্রহণ কৰিছিল। এই অসহযোগ আন্দোলনৰ প্ৰভাৱ অসমত যথেষ্ট পৰিমাণে আছিল।

৯/ আইন  অমান্য  আন্দোলনত  অসমৰ  ভূমিকা  সম্পৰ্কে  এটি  খতিয়ান  দাঙি  ধৰা ৷

উত্তৰঃ ১৯২৮ চনত পুনৰ সক্রিয় ৰাজনীতিলৈ ঘূৰি অহা মহাত্মা গান্ধীয়ে ১৯৩০ আইন অমান্য আন্দোলনৰ আহ্বান জনায়। প্রশাসন ব্যৱস্থাটোক অচল কৰিবলৈ নিৰ্দিষ্ট আইনসমূহ অমান্য কৰাটোৱে ইয়াৰ উদ্দেশ্য আছিল । অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্রহৰ প্রতি নিজৰ আনুগত্য প্রদর্শন কৰিছিল। সেই সময়ত কলিকতাৰ চি টি কলেজত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। সিদ্ধান্ত মতে আইন অমান্য কার্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিছিল। যাৰ বাবে অসমত এখন নতুন সমিতিৰ গঠন হৈছিল আৰু ইয়াৰ কিছুমান উদ্দেশ্য আছিল এনে ধৰণৰ-বিদেশী বস্তু বর্জন কৰা, পুঁজি বৃদ্ধি কৰা, দমনমূলক আৰু শোষণমূলক আইন
অধ্যাদেশৰ বিৰোধ কৰা আৰু সুৰা আৰু কানি প্রচলন বন্ধ কৰা। প্রথমতে এই আন্দোলনৰ প্রতি অসমৰ ছাত্ৰসকল উৎসাহিত নাছিল যদিও যেতিয়া নেহৰু আৰু গান্ধীজীক গ্রেপ্তাৰ কৰিছিল তেতিয়া ছাত্ৰসকলে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ ত্যাগ কৰিছিল। কিন্তু কানিংহামে ছাত্র আৰু তেওঁলোকৰ অভিভাৱকসকলৰ পৰা লিখিত প্রতিশ্রুতি লৈছিল যে তেওঁলোকে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশ গ্রহণ নকৰে। অৱশ্যে ছাত্ৰসকলে ইয়াৰ তীব্র প্রতিবাদ জনাইছিল আৰু অসমত আইন অমান্য আন্দোলনৰ দ্রুতগতিত বুদ্ধি হৈছিল। সেই সময়ৰ কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ ছাত্ৰ তেজপুৰৰ বিষ্ণুপ্ৰসাদ ৰাভাই নিজ ঘৰলৈ আহি তেজপুৰ আইন অমান্য ছাত্র সকলক নেতৃত্ব দিছিল। গোলাঘাটত শংকৰ বৰুৱা, কনক দাস আদিয়ে ধীৰেন দত্তৰ দিহা-পৰামৰ্শৰ মর্মে সেই নেতৃত্ব দিছিল। আইন-অমান্য আন্দোলনত অংশগ্রহণকাৰী লোকৰ ৯৯ শতাংশই আছিল গাঁৱৰ খেতিয়ক তথা কৃষক পৰিয়ালৰ পৰা অহা ছাত্র-যুৱক।

১০/ অসমত  ভাৰত  ত্যাগ  আন্দোলনৰ  এটি  খতিয়ান  দাঙি   ধৰা ৷

উত্তৰঃ  ১৯৪২ চনৰ ৮ আগষ্টত সর্বভাৰতীয় কংগ্রেছ কমিটিয়ে বোম্বাইত বিখ্যাত ভাৰত ত্যাগ’ আন্দোলনৰ ঘোষণা কৰিছিল। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বোম্বাইৰ গোৱালিয়া টেংকত নিজৰ ভাষণ দিছিল, যিখন ঠাইক
পৰবৰ্তী সময়ত ‘আগষ্ট ক্রান্তি মৈদান’ নামেৰে নামকৰণ কৰা হৈছে।
                       অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্রা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাফ্রাইত ৰেলপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল।  সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগ কুশল কোৱৰক ফাঁচি দিয়া হৈছিল। 
 উল্লেখযোগ্য যে এই‌ আন্দোলনৰ সময়তেই গহপুৰৰ থানা ঘেৰাও কৰি তাত পতাকা উত্তোলন কৰিবলৈ যোৱা ১৪ বছৰীয়া কনকলতা বৰুৱা পুলিচৰ গুলীত শ্বহীদ হৈছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আছিল এক গণ আন্দোলন। এই আন্দোলনৰ বাবে চৰকাৰে ৰাইজৰ বাক স্বাধীনতা, অ-সামৰিক অধিকাৰ সংবাদ মাধ্যমৰ অধিকাৰ খর্ব কৰিছিল। অসমত কেইজনমান নেতাই আত্মগোপন কৰি আছিল। তেওঁলোকে পিছত আত্মগোপনকাৰী সংগঠনৰ
নেতৃত্ব বহন কৰা শংকৰ চন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, মহেন্দ্রনাথ হাজৰিকা, লক্ষ্মীপ্রসাদ গোস্বামী আদি নেতাসকলৰ সৈতে মিলিত হৈ ৩২টা গোপন স্বেচ্ছাসেৱী কেন্দ্র গঠন।  কৰিছিল ।                   
           ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ প্রধান কার্যসূচী আছিল যে ব্রিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা। তাৰ পৰিপ্ৰেক্ষিততে অসমৰ বিভিন্ন ঠাইত আন্দোলনকাৰী নেতাসকলে গাঁও পঞ্চায়ত গঠন কৰিছিল আৰু স্থানীয় শাসন গাঁওবাসীক অর্পণ কৰিছিল।


১১/ বৰদলৈ  মন্ত্ৰীসভাৰ  নেতৃত্বত  অসমত  স্থাপিত  হোৱা  শিক্ষানুষ্ঠানসমূহৰ  বিষয়ে  এটি  সংক্ষিপ্ত  বিৱৰণ দিয়া ৷

উত্তৰঃ গোপীনাথ বৰদলৈৰ মন্ত্রীসভাৰ নেতৃত্বত অসমত বহুতো শিক্ষানুষ্ঠান স্থাপিত হোৱাৰ লগতে কৃষি বিশ্ববিদ্যালয় আদি স্থাপিত হৈছিল ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে অসমত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় স্থাপন হৈছিল যিখন হ’ল গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় । গুৱাহাটী অর্থাৎ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে এই অভিমত পোনতে প্ৰকাশ কৰিছিল ১৯১৭ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছচিয়েছনৰ বার্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্য-পাতি সংগ্রহ আৰু এক উপযুক্ত স্থানৰ বিচাৰ কৰিবৰ বাবে ১৯৪০ চনত সূৰ্য্যকুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভা (কর্ট সভা)ৰ দিনটোকে বিশ্ববিদ্যালয়খনৰ প্রতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ অধীনত ১৭খন মহাবিদ্যালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰপৰা কার্যক্রম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত হয়। বর্তমান বিশ্ববিদ্যালয় চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত।
    ইয়াৰ পিছত ১৯৪৭ চনত অসমত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয়। ইয়াৰ বিপৰীতে ১৯৪৮ চনত নগাঁৱত এখন পশু মহাবিদ্যালয় আৰু এখন কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হয়।




Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)