হজৰত মােহম্মদ (দঃ)-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

      হজৰত মহম্মদ (দঃ)-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

আৰম্ভণিঃ পৃথিবীৰ প্রধান ধর্ম কেইটাৰ ভিতৰত ইছলাম ধর্মও অন্যতম। ইছলাম ধৰ্মী লােক সকলক মুছলমান বুলি কোৱা হয়। ইছলাম’ শব্দৰ অৰ্থ হ'ল শান্তি। জগতৰ সকলাে প্রাণীয়েই যাতে সুখে-শান্তিৰে ভাই-ককাইৰ দৰে মিলা-প্রীতিৰে থাকে, সেয়ে ইছলাম ধৰ্মৰ নীতি। এই ধৰ্মৰ প্রৱর্তক জনাই হ’ল-হজৰত মােহম্মদ (দঃ)। তেওঁক ৰছুল বা মহাপুৰুষ বুলি জ্ঞান কাৰ হয়।
       জন্মঃ  হজৰত মােহম্মদৰ জন্ম আৰৱ দেশৰ মক্কা নামৰ নগৰত। সেয়েহে মক্কা পৃথিৱীৰ এখন তীর্থভূমি। এই মক্কাতে কোৰেইছ নামৰ বংশত, আৰৱী মাহমতে, ৰবিউল আওৱাল মাহৰত ১২ তাৰিখে (ইং ৫৭০ খ্রী, ১৯ আগষ্ট) মােহম্মদৰ জন্ম হয়। তেওঁৰ জন্মৰ আগতেই পিতৃৰ মৃত্যু ঘটে। বাল্যকালতে মাকৰাে মৃত্যু হয়। পিতৃমাতৃ হাৰা মােহম্মদ দদায়েক আবু তালিবে তুলি তালি ডাঙৰ-দীঘল কৰে। বাল্যকাল আৰু কৰ্মঃ দদায়েকৰ ঘৰুৱা অৱস্থা ভাল নথকাত মােহম্মদে শিক্ষা লাভ কৰিব নােৱাৰিলে। বিশেষ অৱস্থাতে দদায়েকৰ লগত ব্যৱসায় কৰিব লগীয়া হয়। ব্যৱসায়ৰ লগত জড়িত খাদিজা নামৰ এগৰাকী বয়সীয়া বিধৱাৰ লগত তেওঁৰ বিয়া হয়। ধর্মীয় জীৱন : মােহম্মদৰ সময়ত সমগ্ৰ আৰৱ দেশত নানা ধৰণৰ অশান্তি হৈছিল। দেশত দাস প্রথা আছিল, পূজা-পাতলৰ যােগে বলি দিয়া হৈছিল, জাতি ভেদৰ দ্বাৰা মানুহৰ মাজত ভেদ-ভাৱ হৈছিল আৰু শাসক শ্রেণীয়ে সাধাৰণ প্ৰজাক অত্যাচাৰ কৰিছিল। হজৰত মােহম্মদে এই অশান্তিবােৰ নিৰাময় কৰি এখন শান্তিময় মানৱ সমাজ গঠন আৰু সকলােয়ে গ্রহণ কৰিব পৰা এটি ধর্ম প্রৱৰ্তন কৰিবলৈ চিন্তা কৰি, ‘হেৰা নামৰ পৰ্বতৰ গুহাত তপস্যা কৰিছিল। তপস্যাত সিদ্ধি হৈ তেওঁ এক ঈশ্বৰক প্রার্থনা কৰিব পৰাকৈ ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰে। তেওঁৰ মতে আল্লাই একমাত্র সত্য। তেওঁৰ বাদে অন্য দেৱ-দেৱী নাই। আল্লাৰ (ভগৱান) বাণী প্রচাৰ কৰি তেওঁৰ ধর্ম সংগঠন কৰে। মােহম্মদক মানুহে ৰছুল বা পয়গমৰ অথাৎ ঈশ্বৰৰ দূত বা মহাপুৰুষ বুলি জ্ঞান কৰিছিল। আল্লাৰ বাণী সমূহ ‘কোৰাণ’ নামৰ ধৰ্ম গ্ৰন্থত লিপিবদ্ধ কৰা হয়। কোৰাণ’ প্রকৃততে মানৱ সমাজে পালন কৰিব লগীয়া নীতি বচন। মােহম্মদৰ জীৱনৰ ঘটনা, তেওঁৰ বানী আৰু নীতি নির্দেশ সমূহ হদীচ’ নামৰ গ্ৰন্থত পােৱা যায়। মােহম্মদ (দঃ) এনে কার্যত ৰজা ঘৰৰ দোষত পৰে। ফলত তেও খ্রীঃ ৬২২ ত মক্কাৰ পৰা মদিনা নামৰ ঠাইলৈ পলাই যাবলগীয়া হয়। মুছলমান সকলে সেই দিনাৰ পৰা এটি নতুন বছৰ গণনা কৰিলে। সেই বছৰটোকে ‘হিজৰী বুলি কোৱা হয়।
       মৃত্যুঃ  এইজনা মহাপুৰুষৰ ৬৩ বছৰ বয়সত, ৬৩৪ খ্রীঃত পৰলােক ঘটে।
       সামৰণিঃ  প্ৰাণীৰ প্রতি দয়া, ভগৱানৰ প্ৰতি অর্চনা, ভক্তি, সকলাে ধৰ্মৰ প্ৰতি সমান ভাৱ মােহম্মদৰ ধৰ্মৰ মূল বিষয়। পৃথিৱীত ইছলাম ধৰ্মী সংখ্যাও অধিক।


Post a Comment

Please don't use spam link in the comment box.

Previous Post Next Post