ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

Admin
1

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

         আৰম্ভণিঃ আধুনিক অসমীয়া সাহিত্যৰ গঢ় দিও , ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য আকাশৰ ভোটা তৰা স্বৰূপ। তেওঁৰ সাহিত্যই সকলোকে আনন্দ দিব পাৰিছিল। ৰসৰাজ’ উপাধি অসম সাহিত্য সভাই প্রদান কৰিছিল। আমি অসমীয়া নহওঁ দুখীয়া’অসম সংগীত আৰু অ' মোৰ আপোনাৰ দেশ’ জাতীয় সংগীত তেওঁৰেই ৰচনা।
       জন্ম, বংশ পৰিচযঃ  শিৱসাগৰৰ এটি সম্ভ্রান্ত আৰু ৰজাদিনীয়া বৈদ্য (কবিৰাজ, ডাক্টৰ) পৰিয়ালৰ সন্তান লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৮ খ্রীঃ ৰ (১৭৮৫ শকৰ কাতিমাহ, নৱেম্বৰৰ মাহৰ লক্ষ্মীপূর্ণিমাত, তেওঁৰ জন্ম ব্ৰহ্মপুত্ৰৰ বুকুত নাৱত হৈছিল। তেওঁৰ পিতৃ, ডাঙৰীয়া দীননাথ বেজবৰুৱা এজন চৰকাৰী বিষয়া (মুনচিপ) আছিল। মাতৃদেৱীৰ নাম আছিল সোমেশ্বৰী দেৱী। তেওঁলোকৰ তেজন পুত্ৰ আৰু পাঁচ গৰাকী কন্যা সন্তান আছিল। লক্ষ্মীনাথ পঞ্চম গৰাকী সন্তান।
       শিশুকালঃ  পিতৃ দীননাথ বেজবৰুৱা চৰকাৰী চাকৰিত বিভিন্ন ঠাইলৈ বদলি হোৱাৰ বাবে লক্ষীনাথৰো বাল্য আৰু শৈশৱ কাল অসমৰ বিভিন্ন ঠাইত কটাব লগা  হৈছিল। শিৱসাগৰত থকা কালত দিখোনৈত সাতোৰা, ভুৰখেলা আদি কামবোৰ কৰি । নিজৰ শাৰীৰিক শক্তিৰ পৰিচয় দিছিল। তেওঁ ব্ৰহ্মপুত্ৰক খুউব ভাল পাইছিল।
      শিক্ষাঃ শিৱসাগৰতে বেজবৰুৱাৰ শিক্ষাৰম্ভ হয়। ১৮৮৬ খ্রীঃ ত শিৱসাগৰৰ পৰা দ্বিতীয় বিভাগত এট্রেন্স পৰীক্ষাত উতীৰ্ণ হৈ কলেজীয়া শিক্ষাৰ বাবে কলিকতালৈ যায়। ১৮৯১ খ্রীঃ ত তেওঁ কলিকতা কলেজৰ পৰা বি, এ পৰীক্ষাত তীৰ্ণ হৈ এম, এ আৰু আইন পঢ়িবলৈ লয় যদিও সম্পূর্ণ কৰিব নোৱাৰিলে।
       কর্মঃ  বি, এ উতীর্ণ হোৱাৰ পাছতে তেওঁক চৰকাৰে মুনচিপ্ৰ চাকৰি দিছিল যদিও বেজবৰুৱাই চৰকাৰী চাকৰি নকৰি স্বাধীন ব্যৱসায় কৰাতহে গুৰুত্ব দিলে। তেওঁ উৰিষ্যাৰ সম্বলপুৰত কাঠৰ ব্যৱসায় কৰিছিল। তেওঁ বি,এ পৰীক্ষাত উতীর্ণ হোৱাৰ পাছতেই বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰী দেৱীক বিয়া কৰায়। তেওঁলোকৰ তিনি গৰাকী কন্যা সন্তান আছিল।
       সাহিত্যিক বেজবৰুৱাঃ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰকৃত পৰিচয় তেওঁৰ সাহিত্য কৰ্মত। অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে তেওঁ দেহে-কেহে লাগিছিল। কলিকতাত পঢ়ি থাকোতেই সমনীয়া সকলৰ লগত লগ লাগি ‘অসমীয়া ভাষা উন্নতি সধিনী সভা গঠন কৰে। চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্র গোস্বামী আদিৰ সহযোগত ১৮৮৯ খ্রীঃ ত ‘জোনাকী' নামৰ এখন মাহেকীয়া আলোচনী উলিয়ায়। তেওঁ ‘বাহী নামৰ এখন আলোচনীও নিজা ববীয়াকৈ প্ৰকাশ কৰিছিল। তেওঁ গল্প, কবিতা, নাটক, জীৱনী, খুটীয়া সাহিত্য আদি ৰচনা কৰিছিল। অসমীয়া চুটি গল্পৰ প্ৰথম লিখক তেওঁৱেই। বেজবৰুৱাৰ ৰচনা সমূহ হ’ল—
সাধুঃ বুঢ়ী আইৰ সাধু, জুনুকা আৰু ককাদেউতা আৰু নাতি ল'ৰা।
গল্পঃসুৰভি, জোনবিৰি, সাধুকথাৰ কুকি আৰু কেহোঁকলি
কবিতা ও কদমকলি
নাটকঃ লিটিকাই পাঁচনি, নোমল, চিকৰপতি নিকৰ পতি, জয়মতী কুঁৱৰী, বেলি মাৰ আৰু চক্ৰধ্বজ সিংহ।
         জীৱনীঃ শ্ৰীশঙ্কৰদেউ, শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ, দীননাথ বেজবৰুৱাৰ জীৱন চৰিত আৰু মোৰ জীৱন সোঁৱৰণ (আত্ম জীৱনী)।
         অন্যান্যঃ তত্ত্বকথা, শ্রীমদ্ভাগৱং কথা কামত কৃতিত্ব লভিবৰ উপায় ইত্যাদি। বেজবৰুৱাই ৰসৰাজ’ উপাধি পোৱাৰ মূল কথা তেওঁৰ খুহুতীয়া ৰচনাত। কৃপাবৰ বৰবৰুৱাৰ নামেৰে তেওঁ এনে সাহিত্য ৰচনা কৰিছিল। সেই ৰচনা সমূহ হ’ল কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, ভাবৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি, কৃপাবৰ
বৰুৱাৰ ওভতনি ইত্যাদি।* ১৯২৪ খ্রীঃত গুৱাহাটীত হোৱা অসম সাহিত্য সভাৰ সপ্তম অধিবেশনৰ তেওঁ সভাপতি আছিল।
        মৃত্যুঃ ১৯৩৯ খ্রীঃ ৰ ২৬ মার্চত, মাজু জোৱয়েকৰ ডিব্ৰুগড়ৰ ঘৰত বেজবৰুৱাৰ ৭৫ বছৰ বয়সত পৰলোক ঘটে।
       সামৰণিঃ লক্ষ্মীনাথ বেজবৰুৱা আছিল এজন মনে-প্রানে অসমক ভালপোৱা সাহিত্যিক। আধুনিক সাহিত্যৰ ভেটি নির্মাণ কৰোঁতা বেজবৰুৱা, তেওঁৰ সাহিত্যৰ যোগেদিয়েই আমাৰ মাজত চিৰদিনৰ বাবে জীয়াই থাকিব।
* ছাত্র-ছাত্রীয়ে সম্পূর্ণ তালিকাখন লিখিব পাৰিলে ভাল, নোৱাৰিলে দুই, তিনিখন গ্ৰন্থৰ নাম উল্লেখ কৰিলেও হ'ব।

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment