ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পণ্ডিত জৱাহৰলাল নেহৰু-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

Admin
0

    পণ্ডিত জৱাহৰলাল নেহৰু-ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

  আৰম্ভণিঃ স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী, শিশুসকলৰ বাৰে নেহৰুখুৰা, বিশ্ববৰেণ্য নেতা পণ্ডিত জৱাহৰলাল নেহৰু আছিল আধুনিক ভাৰত নির্মাতা সকলৰ অন্যতম।(জৱাহৰ শব্দৰ অৰ্থ হীৰা বা মুকুতা, নেহৰু বংশৰ উপাধি। 
    জন্ম, বংশ পৰিচয়ঃ উত্তৰ প্ৰদেশৰ এলাহাবাদ নগৰত ১৮৮৯ খ্রীঃ ৰ ১৪.নবেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম পণ্ডিত মতিলাল নেহৰু আৰু মাকৰ নাম স্বৰূপ ৰাণী আছিল। জৱাহৰলালৰ দুগৰাকী ভনীয়েক আছিল বিজয়লক্ষ্মী পণ্ডিত আৰু কৃষ্ণা হাতীসিং। তেওঁলোকৰ এলাহাবাদৰ ঘৰটোৰ নাম আছিল ‘আনন্দভৱন’। এই ঘৰটো দেশৰ ৰাইজৰ নামত দান দিছিল। ১৯১৬ খ্রীঃত নেহৰুৰ কমলাৰ লগত বিৱাহ হৈছিল। তেওঁলোকৰ একমাত্র সন্তান হল ইন্দিৰা গান্ধীভাৰতবৰ্ষৰ আন এগৰাকী প্রধান মন্ত্রী।
       শিক্ষাঃ জৱাহৰলালৰ শিক্ষাৰম্ভ ঘৰতে হৈছিল। ১৫ ৰছৰ বয়সত অর্থাৎ ১৯০৫ খ্রীঃ ত পিতাকে লণ্ডনলৈ নি হে'ৰ নামৰ স্কুলত ভৰ্তি কৰাইছিল। স্কুলীয়া শিক্ষা সমাপ্ত কৰি ত্রিনিটি কলেজত ভর্তি হয়। সেই কলেজৰ পৰা সুখ্যাতিৰে ৰিজ্ঞানৰ দ্বিতীয় শ্রেণী সন্মান সহ বি, এ পৰীক্ষাত উতীর্ণ হয়। একে সময়তে তেওঁ বেৰিষ্টাৰো হয়। 
কর্ম জীৱনঃ পণ্ডিত নেহৰুয়ে ১৯২২ খ্রীঃ ভাৰতলৈ ঘুৰি আহে। বিলাতৰ পৰা আহি তেওঁ গান্ধীজীৰ লগত মিলন হয় আৰু গান্ধীজীৰ মুক্তি আন্দোলনত সহযোগ কৰে। গান্ধী-নেহৰুৰ মিলন, মণিকাঞ্চনৰ সংযোগৰ দৰে। আন্দোলনত লগাৰবাকে তেওঁ কেইবাবাৰো কাৰাবাসত থাকিব লগীয়া হৈছিল। স্বাধীনচিতা নেহৰুক কাৰাবাসে হতাশ কৰিব পৰা নাছিল। ১৯৪৭ খ্রীঃ ৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হয়। জৱাহৰ লাল নেহৰুক স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী হিচাপে মনোনীত কৰা মন্ত্রী হিচাপে মৃত্যু পর্যন্ত তেওঁ দায়িত্ব গ্রহণ কৰিছিল। নেহৰু স্বাধীন চিন্তা আৰু আধুনিক মনৰ অধিকাৰী আছিল। এখন সুস্থ সৱল ভাৰতৰ গঢ়ি তোলাই তেওঁৰ  উদ্দেশ্য আছিল। দেশৰ উন্নতিৰ বাবে তেওঁ কেইবাটাও উল্লেখযোগ্য কাম কৰিছিল। ওচৰ চুবুৰীয়া দেশৰ সৈতে মিত্রতা স্থাপনৰ বাবে ‘পঞ্চশীল’ নীতি প্রৱৰ্তন কৰিছিল।
     সাহিত্যকর্মঃ পণ্ডিত জৱাহৰলাল নেহৰু ৰাজনীতিজ্ঞই নহয় এজন বিদ্যান আৰু সাহিত্যিকো আছিল। গ্রন্থ অধ্যয়ন তেওঁৰ অন্যতম নিত্য কর্ম আছিল। কাৰাবাসত। থাকোঁতেও তেওঁ গ্রন্থ, প্ৰৱন্ধ লিখিহে সময় কটাইছিল। নেহৰুয়ে লিখা গ্রন্থ সমূহ হ'ল,
“পিতাকে জীয়েকলৈ লিখা চিঠি” (১৯৩০), ‘বিশ্ব ইতিহাসৰ জিলিকণি’ (১৯৩৪), ‘আত্মজীৱনী’(১৯৩৬), ভাৰত সম্ভেদ’ (১৯৪৬)  ইত্যাদি। তেওঁ এজন সুবক্তাও আছিল।
     মৃত্যু ঃ ভাৰতৰ প্ৰধান মন্ত্রী নেহৰুৰ ৭৪ বছৰ বয়সত, ১৯৬৪ খ্রীঃ ৰ ২৭ মে তাৰিখে পৰলোক ঘটে।
      সামৰণিঃ জৱাহৰলাল নেহৰু আছিল এগৰাকী প্রকৃত দেশ সেৱক। ৰাজনৈতিক জীৱনৰ লগতে তেওঁ সামাজিক জীৱনতো সমানে পাৰদৰ্শীতা দেখুৱাব পাৰিছিল। তেওঁ এজনা বিশ্বনেতা আছিল। শিশুসকল আছিল তেওঁৰ অতি মৰমৰ। সেয়েহে তেওঁক ‘নেহৰুখুৰা বুলি কোৱা হৈছিল। তেওঁৰ জন্মদিন ১৪ নৱেম্বৰ ‘শিশু দিৱস” হিচাপে পালন কৰা হয়।
          ভাৰতবৰ্ষৰ সকলোৰে বাবে তেওঁ আদৰ্শৰ প্রতীক হৈ ৰব।



Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)