মাদাৰ টেৰেছা -ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে
আৰম্ভণি : মাদাৰ টেৰেছা মানৱ সেৱাৰ বাবে জীৱন উছগা কৰা এগৰাকী মহিয়সীৰ নাৰীৰ নাম। তেওঁ প্রেম, দয়া আৰু কৰুনাৰে বিশ্বৰ সকলো অসহায় আৰু নিপীড়িত মানুহৰ অন্তৰ জয় কৰিছিল। তেওঁ ভোকাতুৰ, ৰোগী, অসহায়, আশাহীন— সকলোকে সহায় আৰু শুশ্রুষাৰে জীয়াই থকাৰ প্রেৰণা দিছিল।
জন্ম আৰু শিক্ষাশিক্ষাঃ মাদাৰ টেৰেছাই ১৯১০ খ্রীঃত যুগোশ্লাভিয়া দেশত জন্ম গ্রহণ কৰে। তেওঁ জন্ম গ্রহন কৰা নগৰ খনৰ নাম স্কপেজ। মাদাৰ টেৰেছাৰ তেতিয়াৰ নাম আছিল এগনেছ। এগনেছৰ সাত বছৰ বসতে দেউতাক ঢুকোৱাত মাকে বৰ কষ্টৰে ভাই-ভনী দুটিৰ সৈতে ডাঙৰ-দীঘল কৰিছিল। এনেছ তেওঁৰ জন্ম হোৱা চহৰতে প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল। তেওঁ মাকৰ পৰা সৰুতে নৈতিক শিক্ষা গ্রহণ কৰিছিল। এই শিক্ষাই তেওঁক মানৱ-সেৱাৰ পতি আগ্রহী কৰি তোলে।
কর্মজীৱনঃ সৰুৰে পৰা মানৱসেৱাৰ প্রতি আগ্রহী এনেছ স্কুলীয়া শিক্ষা সমাপ্ত কৰি লৰেটো’ নামৰ এটা সংগঠনত যোগ দিয়ে। এই সংগঠনটোৱে ভাৰতত মানৱ সেবা কার্য কৰি আছিল। ই আছিল এটা খ্রীষ্টান সন্ন্যাসিনীৰ সংগঠন। ১৯২৮ খ্রীঃত তেওঁ দার্জিলিঙত থকা এখন বিদ্যালয়ত শিক্ষা দান কৰিবলৈ লয়। তাতে এগনেছ সন্ন্যাসিনী ভগ্নী হোৱাৰ সংকল্প লৈ ‘ছিষ্টাৰ টেৰেছা’ নাম গ্রহণ কৰে। তাৰ পাছত তেওঁ কলিকতালৈ আহে আৰু তাৰ চেন্ট মেৰীজ কনভেন্ট নামৰ স্কুলত শিক্ষয়িত্ৰীৰূপে
কাম কৰিছিল। কলিকতাত থকা এই সময়ছোৱাতে তেওঁ প্রত্যক্ষভাৱে মানৱ-সেৱাৰ কামত লাগি যায়। স্কুলৰ পৰা দৰিদ্ৰ মানুহক ঔষধ, খোৱা-বস্তু আদি দি সহায় কৰিছিল। এনে ভাৱে তেওঁক দৰিদ্ৰ তথা অসহায় সকলক সহায় কৰিবলৈ অধিক অনুপ্রাণিত কৰে।
মাদাৰ টেৰেছাঃ ১৯৪৬ খ্রীঃৰ পৰা ছিষ্টাৰ টেৰেছাই কনভেন্ট স্কুল শিক্ষকতা এৰি মানৱ-সেৱাৰ কামত আত্মনিয়োগ কৰে। তেওঁ পূর্বৰ পোছাক এৰি ভাৰতীয় নাৰীৰ দৰে শাৰী পিন্ধিবলৈ লয়। সস্তীয়া কপাহী শাৰী পিন্ধি তেওঁ দৰিদ্ৰ আৰু নিপীড়িত সকলৰ বাবে অলিয়ে-গলিয়ে সেৱা-শুশ্রুষাৰ বাবে আগবাঢ়ি গ'ল। ৰোগীৰ শুশ্ৰষাৰ বাবে পাটনাত চামিহীয়া ধাত্রী বিদ্যাত প্রশিক্ষণে তেওঁ গ্ৰহণ কৰিছিল। ১৯৪৮ খ্রীঃত তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰে। ১৯৫০ খ্রীঃত তেওঁ দৰিদ্ৰ জনগণৰ সেৱাৰ বাবে ‘মিছনেৰী অক্ চেৰিটী’ নামৰ এটা সংস্থা গঠন কৰে। তাৰ পাছত অনাথ শিশুৰ বাবে তেওঁ কলিকতাত নির্মলা শিশু ভৱন’ স্থাপন কৰে। ইয়াৰ জৰিয়তে তেওঁ সমগ্ৰ ভাৰতৰ উপৰিও বিশ্বৰ সকলো অনাথ আৰু অসহায় শিশুৰ মংগল সাধন কৰিবলৈ বিচাৰিছিল। এই শিশু ভৱন ভাৰতৰ সকলো চহৰৰ উপৰিওষপৃথিৱীৰ বিভিন্ন দেশত স্থাপন হ'ল। এই সময়ছোৱাতে একালৰ এগুনেছ ‘মাদাৰ
টেৰেছা’ নামে বিখ্যাত হৈ পৰে।
১৯৫২ চনত মাদাৰ টেৰেছাই নিৰাশ্রয়ী, মৃত্যুমুখী মানুহৰ বাবে এটি আশ্রয়-গৃহ স্থাপন কৰে। নির্মল-হৃদয়’ নামৰ এই আশ্রয়-গৃহটোও অনাদৃত সকলক আশ্রয় দিয়া হৈছিল। কেৱল সেয়ে নহয়, মাদাৰে কুষ্ঠৰোগীসকলৰ সেৱা-শুশ্রুষাৰ বাবে বহু ঠাইত কাম কৰিছিল। বিশ্বৰ আন ঠাই বাদ দিও কেৱল ভাৰততে মাদাৰ টেৰেছাই স্থাপন কৰা ৬০ খন স্কুল, ২১৩ খন দাতব্য চিকিৎসালয় আৰু ৫৪টা কুষ্ঠ চিকিৎসা কেন্দ্র আছে।
পৃথিবীজোৰা মানবসেবাঃ মাদাৰ টেৰেছাৰ অনুগামীসকল পৃথিৱীৰ বিভিন্ন প্ৰান্তত আছে। পৃথিৱীৰ য’তে দুর্যোগ, যুদ্ধ-বিগ্রহ বা সংকর্ষ হৈছে তাতেই মাদাৰ টেৰেছাৰ ছিষ্টাৰ সকলে সহায় আগবঢ়াই আহিছে। মানৱ সেৱাৰ স্বীকৃতি ও মাদাৰ টেৰেছাই কেরল মানৱ-সেৱাৰ বাবে জীৱন।উচ্ছা কৰিছিল। ১৯৯৭ খ্রীঃৰ ৫ ছেপ্টেম্বৰত মাদাৰে ইহলীলা ত্যাগ কৰে। ইহসংসাৰৰ পৰা বিদায় লোৱা আগলৈকে তেওঁ দেশ-বিদেশৰ পৰা বহুত মান-সম্মান লাভ কৰিছিল। ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্রী’ৰ উপৰিও ভাৰতৰ সর্বোচ্চ সম্মান ‘ভাৰতৰত্ন’, উপাধি প্রদান কৰে। মাদাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত মেগনেছেছে বঁটা, টেম্পলটন বঁটা’, ‘নেহৰু পুৰস্কাৰ আদিৰ উপৰিও শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।
সামৰণিঃ মাদাৰ টেৰেছাই মানৱ-সেৱাৰ জৰিয়তে ঈশ্বৰ সেৱা কৰিছিল বুলিব পাৰি। সমগ্র জীৱনজুৰি, দৰিদ্র, অসহায় আৰু ৰোগীসকলৰ বাবে জীৱন উছগা কৰি তেওঁ বিশ্ববাসীৰ অন্তৰ জয় কৰিছিল। মানৱ সেৱাৰে এনেদৰে মহৎ হােৱা মহিয়সী মহিলা এই আধুনিক পৃথিৱীত দ্বিতীয় এগৰাকী নাই।
Please don't use spam link in the comment box.