ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

পণ্ডিত আনন্দৰাম বৰুৱা-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে

Admin
0

পণ্ডিত আনন্দৰাম বৰুৱা--ৰচনা -অসমীয়া  মাধ্যমৰ  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 

    আৰম্ভণিঃ  যি কেইগৰাকী অসমীয়া সন্তানে নিজৰ বিদ্যাবুদ্ধি আৰু জ্ঞানেৰে মাতৃভূমিৰ মান-যশ বৃদ্ধি কৰিলে সেই সকলৰ ভিতৰত পণ্ডিত আনন্দৰাম বৰুৱাও অন্যতম।
      জন্ম, বংশ পৰিচয়ঃ উত্তৰ গুৱাহা' ৰ ৰজাদুৱাৰত, ১৮৫০ খ্রীঃৰ মে মাহত আনন্দৰাম বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল গৰ্গৰাম বৰুৱা, মাকৰ নাম আছিল দুর্লভেশ্বৰী বৰুৱানী। আনন্দৰাম তেওঁলােকৰ তৃতীয় সন্তান আছিল। জানকীৰাম, পৰশুৰাম ককায়েক, মণিৰাম ভায়েক আছিল। 
    বাল্যকালঃ উত্তৰ গুৱাহাটীৰ অন্যান্য গাঁৱৰ লৰাৰ দৰেই তেৱাে বাল্যকাল অতিবাহিত কৰিছিল। সৰুতে গাঁৱৰ নামঘৰত ভাওনাত ভাও লৈছিল, তদুপৰি মাটিৰ প্রতিমা সাঁজি পূজাৰ ধেমালি কৰিছিল।
      শিক্ষাঃ আনন্দৰাম বৰুৱাৰ বিদ্যাৰম্ভ, তেওঁলােকৰ ঘৰৰ চৌহদতে থকা সংস্কৃত টোলতে হৈছিল। সৰুতেই সংস্কৃত ব্যাকৰণ শিকিছিল। কম বয়সতে মাতৃৰ পৰলােক ঘটাত ককায়েক পৰশুৰাম বৰুৱাই আনন্দৰামক গুৱাহাটীলৈ আনি প্রাথমিক বিদ্যালয়ত নাম ভর্তি কৰায়। ইয়াৰ আগতেও দেউতাকৰ লগত গােৱালপাৰালৈ গৈ তাতে স্কুলীয়া শিক্ষা লৈছিল। পুনৰ ককায়েকৰ তত্ত্বাৱধানত থাকি গুৱাহাটীতে ১৮৬৪ খ্রীঃত এন্টেন্স (আজিকালি হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্রিক পৰীক্ষা) পৰীক্ষাত দ্বিতীয় বিভাগত উতীর্ণ হয়। সেই পৰীক্ষাত বৃত্তি লাভ কৰি কলিকতাৰ প্ৰেছিডেন্সী কলেজত ভর্তি হয়। উক্ত কলেজৰ পৰা ১৮৬৬ খ্রীঃ ত ষষ্ঠস্থান পাই এফ, এ (আজিকালি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা) আৰু ১৮৬৯ খ্রীঃত প্রথম শ্রেণীৰ তৃতীয় স্থান লাভ কৰি বি,এ পৰীক্ষাত উতীর্ণ হয়। উচ্চ শিক্ষা লাভৰ বাবে ৰাষ্ট্ৰীয় আৰু গিলক্ৰীষ্ট বৃত্তি লৈ তেওঁ সেই বছৰতে বিলাতত পঢ়িবলৈ যায়। বৰুৱাই ১৮৭০ খ্রীঃত আই, ছি, এচ (আজিকালি আই,এ, এছ ভাৰতীয় প্রশাসনীয় সেৱা) পৰীক্ষা আৰু ১৮৭১ খ্রীঃত লণ্ডণ বিশ্ববিদ্যালয়ৰ পৰা বি, এছ, চি আৰু মিডল টেম্পলৰ পৰা আইন পৰীক্ষাত উতীৰ্ণ হৈ ১৮৭২ খ্রীঃত অসমলৈ ঘূৰি আহে। তেওঁ কলিকতাতাে সংস্কৃত পৰীক্ষা দি চৰকাৰৰ পৰা বিশেষ পুৰস্কাৰ লাভ কৰিছিল।
       কর্ম জীৱনঃ আনন্দৰাম বৰুৱা অসমৰ প্ৰথম আৰু ভাৰতৰ পঞ্চমজন চিভিলিয়ান (আই, ছি, এচ) বিষয়া আছিল। প্রথমে তেওঁ শিৱসাগৰ জিলাৰ উপায়ুক্তৰ সহকাৰী বিষয়া হিচাপে কামত যােগ দিয়ে। শিৱসাগৰতে তেওঁ এছিষ্টেন্ট মেজিষ্ট্রেট। পদবী পায়। তাৰ পাছত কলিকতালৈ বদলি হয়। বিচাৰকৰ দায়িত্ব লৈ বংগদেশৰ। বিভিন্ন ঠাইত তেওঁ চাকৰি কৰিছিল।
           সাহিত্য কর্মঃ আনন্দ ৰাম বৰুৱা সংস্কৃতত অগাধ পণ্ডিত আছিল। তেওঁৰ ইংৰাজী সংস্কৃত অভিধানখন জগৎ বিখ্যাত, তাৰ উপৰিও ‘মহাবীৰ চৰিত্ৰ ভাষা’ অমৰ কোষৰ টীকা’ ‘ভৱভূতিৰ সংস্কৃত সাহিত্যত স্থান’ (ইংৰাজী) আৰু সৰস্বতী’ কণ্ঠভৰণ নামৰ সংস্কৃত পুথি ৰচনা কৰিছিল।
         মৃত্যুঃ  অসম গৌৰৱ আনন্দৰাম বৰুৱাৰ মাত্র ৩৯ বছৰ বয়সত, ১৮৮৯খ্রীঃ জানুৱাৰী মাহৰ ১৯ তাৰিখে কলিকতাত পৰলােক হয়।
        সামৰণিঃ  আনন্দৰাম বৰুৱা যেনেকৈ এজন তীক্ষ্ণ বুদ্ধিৰ বিদ্যান আছিল, ঠিক সেইদৰে তেওঁ সৰল জীৱন যাপন কৰিছিল। উচ্চ পদপীত থাকিলেও তেওঁ সকলােকে সমান চকুৰে চাইছিল। তেওঁ অবিবাহিত আছিল। তেওঁৰ সুবিশাল পুথিভঁৰালটোয়েই পৰিয়াল স্বৰূপ আছিল। “মহামহা পুৰুষৰ চানেকিৰে জীৱনৰ দৰে আমিও আনন্দৰাম বৰুৱাৰ জীৱনী অধ্যয়নৰ দ্বাৰা বহুতাে কথা শিকিব পাৰোঁ।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)