মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ-ৰচনা -অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে
আৰম্ভণিঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ পৃথিৱীৰ মহাপুৰুষ সকলৰ ভিতৰতে এজন। অসমীয়া জাতি গঠন আৰু ভাষা, সাহিত্য আৰু সংস্কৃতিৰ পথ প্রদর্শক হিচাপেও এইজনা মহাপুৰুষ চিৰস্মৰণীয় হৈ থাকিব। তেওঁক অসমীয়া জাতিৰ পিতা বুলিও ক'ব পাৰি।
জন্ম, বংশ পৰিচয়ঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্রীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী গাঁৱত। তেওঁৰ পিতাক কুসুম্বৰ ভূঞা আৰু মাক সত্যসন্ধ্যা আছিল। কুসুম্বৰ ভূঞাৰ পিতৃ সূৰ্যবৰ আৰু মাতৃ আছিল খেৰসূতী। সৰুতেই পিতৃ-মাতৃক হেৰুৱাত বুঢ়ীমাক খেৰসূতীয়েই শ্ৰীশঙ্কৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। শ্ৰীশঙ্কৰদেৱৰ দহোটা নাম আছিল কিন্তু তেওঁ শঙ্কৰদেৱ নামেৰেহে প্রখ্যাত হ'ল।
বাল্যকালঃ শ্ৰীমন্ত শঙ্কৰদেৱে বাৰ বছৰ বয়সলৈকে লিখা-পঢ়াৰ প্ৰতি ধাউতি নাছিল। তেওঁৰ লগৰ শিশুসকলৰ সৈতে ধেমালি কৰিয়ে সময় কটাইছিল। তেওঁ। এজন সাহসী শিশু আছিল। শিশু আৰু কিশোৰ অৱস্থাতে তেওঁ কেইবাটাও কার্য কৰি সাহিসকতাৰ পৰিচয় দিছিল।
শিক্ষাঃ লগৰীয়া সকলৰ লগত ধেমালি কৰি ফুৰা শঙ্কৰদেৱক আইতাক খেসুতীয়ে, ১৩ বছৰ বয়সত মহেন্দ্ৰ কন্দলীৰ ছাত্ৰশালালৈ (টোল) নি নাম লগাই দিলে। কন্দলীৰ টোলত তেওঁ কম বয়সৰ ভিতৰতে পাঠবোৰ বুজি সকলো শাস্ত্রতে পাৰ্গত হৈ পৰিল। ছাত্র-জীৱনৰ প্ৰথম অৱস্থাতে তেওঁ যুক্তাক্ষৰ, আ-কাৰ(-া) ই-কাৰ (--ি) নোহোৱাকৈ ঈশ্বৰৰ গুণ-প্রকাশ কৰি এটি গীত ৰচনা কৰিছিল,
“কতল কমল কমলদল নয়ন।
ভৱদৱ দহন গহন বন শয়ন।।” ইত্যাদি।
তেওঁ অধ্যয়ন কৰাৰ লগতে ব্যায়াম আদিও কৰিছিল।
ঘৰুৱা জীৱনঃ প্রায় দহ বছৰ কাল বিদ্যা শিক্ষা গ্রহণ কৰি শঙ্কৰদেৱ ঘৰলৈ আহি শিৰোমণি ভূঞাৰ (ভূঞা শব্দৰ অৰ্থ মাটিৰ গৰাকী, শিৰোমণি ভূঞা মানে ভূঞা সকলৰ ভিতৰতে শ্রেষ্ঠ জন) দায়িত্ব গ্রহণ কৰে। তেওঁলৈ হৰিবৰ গিৰীৰ কন্যা সূর্যৱতীক বিয়া কৰাই আনে। তেওঁলোকৰ মনু নামৰ এটি কন্যা জন্ম হয়। মনুৰ ন মাহতে সূৰ্য্যাৱতীৰ মৃত্যুহোৱাত শ্ৰীশঙ্কৰদেৱে মর্মান্তিক শোক পালে। মনৰ দুখ পাতলাবৰ বাবে তেওঁ দেশ ভ্রমণ (তীর্থ ভ্রমণ) কৰিবলৈ যায়। ১২ বছৰৰ পাছত পুনৰ ঘৰলৈ আহে। ভাৰত ভ্রমণ কৰি বৈষ্ণৱ ধর্ম সম্পর্কে অধ্যয়ন কৰি তেওঁ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱর্তন কৰে। এই ধর্মকে মহাপুৰুষীয়া ধর্ম বুলিও কোৱা হয়। এই ধৰ্মৰ মূল কথা হ’ল শ্রীকৃষ্ণ ভক্তি আৰু অহিংসা। তেওঁৰ মতে সকলো জীৱ একে। জাতি-ভেদ বৈষ্ণৱ ধৰ্মত নাই। এই ধর্মৰে তেওঁ অসমীয়া মানুহক ঐক্যৱদ্ধ কৰিলে।
শ্ৰীশঙ্কৰদেৱে ধর্ম প্রচাৰত লাগি থকা অৱস্থাতে কালিন্দী আইক দ্বিতীয় বিবাহ কৰালে। তেওঁলোকৰ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল। শঙ্কৰদেৱে ধর্ম প্রচাৰত যিসকলে সহযোগ কৰিছিল সেই সকলৰ ভিতৰত মহাপুৰুষ মাধৱদেৱ অন্যতম, শঙ্কৰ-মাধৱৰ মিলনক মণিকাঞ্চন যোগ’ বুলি কোৱা হয়।
সাহিত্য কর্মঃ নৱবৈষ্ণৱ ধর্ম প্রচাৰৰ বাবে তেওঁ কেইবা প্রকাৰৰ সাহিত্য ৰচনা কৰিছিল। সেইবোৰ হ’ল গীত (বৰগীত, ভটিমা আদি), কীৰ্ত্তন (কীর্তন ঘোষা, গুণমালা) উপাখ্যান (হৰিশ্চন্দ্ৰ উপাখ্যান, বলি চলন, ৰুক্মিনীহৰণ , গজেন্দ্রপাখ্যান, অজামিলোপাখ্যান আৰু কুৰুক্ষেত্র), নাটক (পত্নী-প্রসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, আৰু ৰাম বিজযৰ নিমিন সিদ্ধ সংবাদ ভক্তি ৰত্নাকৰ আদিয়েই প্রধান।
শ্ৰীশঙ্কৰদেৱে “ চিহ্ন যাত্রা নামৰ এখন ভাওনাও পাতিছিল। এই খনেই অসমৰ । প্রথম ভাওনা। এই ভাওনাখনৰ বাবে বহুতো চিত্ৰও তেওঁ আঁকিব লগা হৈছিল। হৰিশ্চন্দ্ৰ উপাখ্যান তেওঁ ছাত্ৰ অৱস্থাতে লিখা কাব্য। পত্নী প্রসাদ প্রথম নাট আৰু ৰাম বিজয়’ নাট তেওঁৰ শেষ ৰচনা। কীর্তন ঘোষা’ সর্বশ্রেষ্ঠ গ্রন্থ।
অন্যান্য কর্মঃ তেওঁ ঈশ্বৰৰ উপাষণাৰ বাবে নামঘৰ স্থাপন কৰিছিল। ইয়াতে তেওঁ গীত, ভাওনাৰ যোগেদি সাধাৰণ লোকক ভক্তি-ধৰ্মৰ প্রতি আকৃষ্ট কৰে। নামঘৰৰ জৰিয়তে সমাজষ সংস্কাৰো কৰিছিল। তেওঁ অসমীয়া সংস্কৃতিৰো সংস্কাৰ কৰিছিল। শ্ৰীমন্ত শঙ্কৰদেৱেই অসমত খোল, তাল, ভাওনা আদিৰ প্ৰচলন কৰিছিল।
তিৰোধানঃ মহাপুৰুষ হিচাপে খ্যাতি লাভ কৰা শ্ৰীমন্ত শঙ্কৰদেৱৰ, কোচ বিহাৰৰ ভেলা কাকত কুটা নামৰ ঠাইত ১৫৬৮ খ্রীঃ ত (১৪৯০ শকৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত) তিৰোভাৱ ঘটে।
সামৰণিঃ কবি যতীন্দ্রনাথ দুৱৰাই লিখিছে,
“তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ,
গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ।”
প্ৰকৃততে শ্ৰীমন্ত শঙ্কৰদেৱৰ কার্য বর্ণনা কৰি শেষ কৰিব নোৱাৰি। তেওঁৰ বহল মনে অসমীয়া সমাজৰ দোষবোৰ আঁতৰাই সমাজখনক নিকা কৰি শক্তিশালী অসমীয়া সমাজ গঠন কৰিছিল। যিমান দিন অসম থাকিব, অসমীয়া জাতি থাকিব, শ্ৰীমন্ত শঙ্কৰদেৱৰ অক্ষয় কীর্তিও চিৰযুগীয়া হৈ ৰ'ব।
Please don't use spam link in the comment box.