ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ছন্দ- দশম শ্ৰেণী -অসমীয়া ব্যাকৰণ ( HSLC -2021)

Admin
0
(১) ছন্দ  কাক বোলে  ?  ছন্দ  প্ৰধানকৈ  কেইপ্ৰকাৰ  আৰু  কি  কি ? উদাহৰণ দিয়া ৷

উত্তৰঃ মানুহৰ হৃদয়ত  অনিৰ্বচনীয় আৱেগ আৰু অনুভূতি জগাই তুলি , আলোড়নৰ সৃষ্টি কৰিব পৰা সুসংগত  আৰু  সুনিয়ন্ত্ৰিত  , মাধুৰ্যপূৰ্ণ  ধবনি-প্ৰৱাহৰ বৈচিত্ৰ্য  পূৰ্ণ বিন্যাকেই  ছন্দ কোৱা হয় ৷   
ছন্দ প্ৰধানকৈ  দুই প্ৰকাৰৰঃ
(ক)মিত্ৰাক্ষৰ ছন্দঃ যি ছন্দৰ প্ৰথম পংক্তিৰ শেষ আখৰ আৰু দ্বিতীয় পংক্তিৰ শেষ আখৰৰ মিল  থাকে তাক মিত্ৰাক্ষৰ ছন্দ বোলা হয় ৷ যেনেঃ
শুনিয়া হাঁসি চাহি চক্ৰপাণি ৷ ৷
নোহন্ত আদিত্য বুলিলা  বাণী ৷
চাৰি পংক্তিযুক্ত স্তৱকত এনেদৰে মিল থাকিব পাৰেঃ কক কক , কখ কখ , কখ খক ,কক খখ ,কখ গক , কখ খখ ইত্যাদি ৷
(খ)অমিত্ৰাক্ষৰ  ছন্দঃ যি ছন্দত পংক্তিবোৰ শেষ আখৰৰ  মিল  নাই , তাক অমিত্ৰাক্ষৰ ছন্দ বোলা হয় ৷ 
যেনেঃ
এতেকে তুমি যাবা ,
যোৱা , নালাগে ওভতি চাব ৷ 

(২) যতি কাক বোলে ? বুজাই লিখা ৷ 

উত্তৰঃ সুনিয়ন্ত্ৰিত ধ্বনি প্ৰৱাহৰ সাময়িক বিচ্ছেদকে যতি বোলা হয় ৷ ছন্দৰ লগত যতিৰ নিবিড় সম্বন্ধ আছে ৷ আমি মনৰ ভাৱ প্ৰকাশ কৰোঁতে , কথাখিনি যাতে বোধগম্য হয় আৰু ভাৱৰো আউল নালাগে তাৰ কাৰণে মাজে মাজে বিৰামৰ প্ৰয়োজন হয় ৷ এই বিৰাম ধ্বনি-প্ৰৱাহৰ সাময়িক বিচ্ছেদ ধবনি -প্ৰৱাহ কিন্তু সুনিয়ন্ত্ৰিত ৷ 
যতি  দুই  প্ৰকাৰৰঃ
(ক) অৰ্দ্ধযতিঃ য'ত অতি কম সময় স্থায়ী হয় , তাকে অৰ্দ্ধযতি বোলা হয় ৷ 
(খ) পূৰ্ণযতিঃ য'ত য'তি বেছি  সময় স্থায়ী হয় , তাক পূৰ্নযতি বোলা হয় ৷ 

(৩) সূত্ৰ লিখি উদাহৰণ দিয়া বা চমুটোকা লিখাঃ
পয়াৰ ছন্দ , দুলড়ী ছন্দ, অন্ত্যমিল বা অন্ত্যনুপ্ৰাস , পদ বা পয়াৰ ছন্দ , ঝুমুৰা ছন্দ , মিত্ৰাক্ষৰ ছন্দ , অমিত্ৰাক্ষৰ ছন্দ , যতি , চৰণ , পৰ্ব , অনুপ্ৰাস , লেচাৰি ছন্দ , ছবি ছন্দ , ঝুনা বা একাৱলী ছন্দ
উত্তৰঃ

পয়াৰ ছন্দ ঃ
পয়াৰ ছন্দত প্ৰতি চৰণত চৈধ্যটাকৈ অক্ষৰ থাকে ৷ চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে ৷ প্ৰথম পৰ্বত আঠোটা আৰু দ্বিতীয় পৰ্বত ছয়টা অক্ষৰ থাকে ৷ প্ৰথম চৰণৰ দ্বিতীয় পৰ্বৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধবনিগত মিল আছে ৷

 দুলড়ী ছন্দঃ
দুলড়ী ছন্দত স্তৱকত দুটাকৈ চৰণ থাকে ৷ প্ৰতি চৰণত তিনিটাকৈ পৰ্ব থাকে ৷ স্তৱকৰ প্ৰথম , দ্বিতীয় , চতুৰ্থ আৰু পঞ্চম পৰ্বত ছয়টাকৈ মাত্ৰা থাকে ৷ তৃতীয় আৰু ষষ্ঠ পৰ্বত আঠোটা মাত্ৰা থাকে ৷ এনে ছন্দৰ চৰণত অন্ত্য আখৰৰ ধ্বনিগত মিল থাকে ৷

 অন্ত্যমিল বা অন্ত্যনুপ্ৰাস ঃ
অন্ত্যানুপ্ৰাস হ'ল  অনুপ্ৰাসৰ  এটা  ভাগ ৷  পদৰ শেষৰ  আখৰবোৰ  একে  হ'লে  তাক অন্ত্যানুপ্ৰাস  বোলে ৷ যেনেঃ
যক্ষ  ৰক্ষ বিপক্ষ  লক্ষ  লক্ষ  ক্ষয়ঙ্কাৰী  ৷
....    .....  ....    .....   .....   ......   .......
দুষ্ট  দৈত্য  দানৱ  দলন  দৰিদ্ৰ  দুখ  ভয়হাৰী ৷ ৷

ইয়াত '' ক্ষয়  ''-- বৰ্ণটো  পদকেইটাৰ  শেষত  উল্লেখ  হৈছে ৷

 পদ বা পয়াৰ ছন্দ ঃ
পয়াৰ ছন্দত প্ৰতি চৰণত চৈধ্যটাকৈ অক্ষৰ থাকে ৷ চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে ৷ প্ৰথম পৰ্বত আঠোটা আৰু দ্বিতীয় পৰ্বত ছয়টা অক্ষৰ থাকে ৷ প্ৰথম চৰণৰ দ্বিতীয় পৰ্বৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধবনিগত মিল আছে ৷

 ঝুমুৰা ছন্দ ঃ
ঝুমুৰ ছন্দৰ এটা স্তৱকত চাৰিটা চৰণ থাকে ৷ প্ৰত্যক চৰণত দুটা পৰ্ব আৰু দুয়োটাতে চাৰিটাকৈ বৰ্ণ থাকে ৷

মিত্ৰাক্ষৰ ছন্দঃ
যি ছন্দৰ প্ৰথম পংক্তিৰ শেষ আখৰ আৰু দ্বিতীয় পংক্তিৰ শেষ আখৰৰ মিল  থাকে তাক মিত্ৰাক্ষৰ ছন্দ বোলা হয় ৷ যেনেঃ
শুনিয়া হাঁসি চাহি চক্ৰপাণি ৷ ৷
নোহন্ত আদিত্য বুলিলা  বাণী ৷
চাৰি পংক্তিযুক্ত স্তৱকত এনেদৰে মিল থাকিব পাৰেঃ কক কক , কখ কখ , কখ খক ,কক খখ ,কখ গক , কখ খখ ইত্যাদি ৷

অমিত্ৰাক্ষৰ ছন্দঃ
যি ছন্দত পংক্তিবোৰ শেষ আখৰৰ  মিল  নাই , তাক অমিত্ৰাক্ষৰ ছন্দ বোলা হয় ৷ 
যেনেঃ
এতেকে তুমি যাবা ,
যোৱা , নালাগে ওভতি চাব ৷

যতিঃ
সুনিয়ন্ত্ৰিত ধ্বনি প্ৰৱাহৰ সাময়িক বিচ্ছেদকে যতি বোলা হয় ৷ ছন্দৰ লগত যতিৰ নিবিড় সম্বন্ধ আছে ৷ আমি মনৰ ভাৱ প্ৰকাশ কৰোঁতে , কথাখিনি যাতে বোধগম্য হয় আৰু ভাৱৰো আউল নালাগে তাৰ কাৰণে মাজে মাজে বিৰামৰ প্ৰয়োজন হয় ৷ এই বিৰাম ধ্বনি-প্ৰৱাহৰ সাময়িক বিচ্ছেদ ধবনি -প্ৰৱাহ কিন্তু সুনিয়ন্ত্ৰিত ৷ 
যতি  দুই  প্ৰকাৰৰঃ
(ক) অৰ্দ্ধযতিঃ য'ত অতি কম সময় স্থায়ী হয় , তাকে অৰ্দ্ধযতি বোলা হয় ৷ 
(খ) পূৰ্ণযতিঃ য'ত য'তি বেছি  সময় স্থায়ী হয় , তাক পূৰ্নযতি বোলা হয় ৷
চৰণঃ

পৰ্ব ঃ
অৰ্দ্ধযতি বা পূৰ্ণযতিৰ দ্বাৰা আৱদ্ধ ধ্বনি -প্ৰৱাহৰ একোটা একোটা অংশক পৰ্ব্ব বোলা হয় ; অৰ্থাৎ এটা  প্ৰয়াসতে  যি পৰিমাণৰ ধ্বনি অবিচ্ছিন্নভাৱে উচ্চাৰিত হয় , সেয়ে পৰ্ব্ব ৷ যেনেঃ
হেৰা  হেৰা বাটৰুৱা ৷ মৰমৰ ভাইহঁত ৷ ৷
নেৰিবা  নেৰিবা  মোক ৷ এই  মায়া  বজাৰত ( জ্ঞানমালিনী - মফিজুদ্দিন আহমদ হাজৰিকা )
ইয়াত পংক্তি দুটাৰ প্ৰতিটোতে দুটাকৈ , মুঠ চাৰিটা পৰ্ব্ব আছে ৷

অনুপ্ৰাসঃ
একোটা বৰ্ণ বা বৰ্ণ সমষ্টিক বাৰে  বাৰে উল্লেখ কৰি বাক্যক বা কাব্যক মনোৰমা  সৌন্দৰ্য দান কৰা  যায় ৷ বৰ্ণ বা বৰ্ণ সমষ্টি প্ৰয়োগৰ এই কৌশলকে  অনুপ্ৰাস  বোলে ৷ ই  এক শব্দালঙ্কাৰ হয় ৷ অনুপ্ৰাস তিনিবিধঃ
(ক) ছেকানুপ্ৰাস  (খ) বৃত্তানুপ্ৰাস (গ) অন্ত্যানুপ্ৰাস

লেচাৰি ছন্দঃ
লেচাৰি ছন্দৰ প্ৰত্যক স্তৱকত দুটাকৈ চৰণ থাকে ৷ প্ৰত্যক চৰণৰ অন্ত্য আখৰৰ মিল থাকে ৷ স্তৱকৰ প্ৰথম ,দ্বিতীয় , চতুৰ্থ আৰু পঞ্চম পৰ্বত মাত্ৰাৰ সংখ্যা দহ ৷ তৃতীয় আৰু ষষ্ঠ পৰ্বত চৈধ্যটা মাত্ৰা থাকে ৷ সৰ্বমুঠ চৌত্ৰিশটা মাত্ৰাৰ ই আটাইতকৈ দীঘলীয়া ত্ৰিপদী ছন্দ ৷

ছবি ছন্দঃ
ছবিৰ আন এটা নাম দীৰ্ঘ ত্ৰিপদী ৷ ইয়াতো দুফাঁকি পদ থাকে ৷ প্ৰতি ফাঁকিতে তিনিটাকৈ মুঠ ৬ টা পৰ্ব্ব থাকে ৷ ১ম , ২য় , ৪ৰ্থ আৰু ৫ম পৰ্ব্বত ৮ টাকৈ অক্ষৰ থাকে ৷ ৩য়, ৬ষ্ঠ পৰ্ব্বৰ প্ৰত্যোকতে ১০ টাকৈ অক্ষৰ থাকে ৷ গতিকে এটা স্তৱকত ৮ + ৮ + ১০ + ৮ + ৮ + ১০ = ৫২ টা অক্ষৰ থাকে ৷ ৩য় আৰু ৬ষ্ঠ পৰ্ব্বৰ শেষ  বৰ্ণৰ মিল থাকে ৷

ঝুনা বা একাৱলী ছন্দঃ
এই  ছন্দত  চাৰিটাকৈ  চৰণ থাকে , প্ৰতি চৰণত দুটাকৈ পৰ্ব্ব  থাকে ৷ প্ৰথম পৰ্ব্ব ছটা অক্ষৰে দ্বিতীয় পৰ্ব্ব ৫ টা অক্ষৰৰে  গঠিত ৷ গতিকে ( ৬ + ৫ + ৬ + ৫ ) x ২ মুঠ  ৪৪ টা অক্ষৰ  থাকে ৷ কেতিয়াবা ( ৬ + ৬ + ৬ + ৬ ) x ২ মুঠ   ৪৮ টা  অক্ষৰো  থাকে ৷






Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)