প্ৰশ্নাৱলী(পৃষ্ঠা নং 200)
1. এটা বৈদ্যুতিক বৰ্তনী
বুলিলে কি বুজা ?
উত্তৰঃ বিদ্যুৎ প্ৰবাহৰ সোঁত বব পৰা নিৰৱচ্ছিন্ন আৰু বন্ধ পথক
বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় ৷ বৈদ্যুতিক বৰ্তনী এটা কোষ/বেটেৰী, প্লাগ চাবি,
বৈদ্যুতিক উপাংশ আৰু সংযোগী তাঁৰেৰে গঠিত ৷
2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া ৷
উত্তৰঃ বিদ্যুৎ প্ৰবাহৰ এছ আই একক হৈছে এম্পিয়াৰ (A) ৷ এডাল পৰিবাহীৰ কোনো অংশৰে
এক ছেকেণ্ডত কুলম্ব আধান প্ৰবাহিত হ’লে পৰিবাহীডালৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ
প্ৰবাহক এক এম্পিয়াৰ বুলি কোৱা হয় ৷
ইয়াক এনেদৰে প্ৰকাশ কৰা হয়ঃ
1 এম্পিয়াৰ = 1 কুলম্ব/1
ছেকেণ্ড
বা 1A = 1C/1s
3. এক কুলম্ব আধান হ’বলৈ
প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 202)
1. পৰিবাহিত বিভৱভেদ বৰ্তাই
ৰখা এটা সঁজুলিৰ নাম লিখা ৷
উত্তৰঃ পৰিবাহিত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি হৈছে এটা বা ততোধিক
কোষযুক্ত বেটেৰী ৷
2. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 V বুলি কলে কি বুজায় ?
উত্তৰঃ প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুই বিন্দুৰ মাজৰ বিভৱভেদ এক
ভল্ট(V)বুলি কোৱাৰ অৰ্থ এয়ে যে 1কুলম্ব(C) ধনাত্মক বৈদ্যুতিক আধান
পৰিবাহী এডালৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ চালিত কৰিবলৈ ৷ জুল (J) কাৰ্য সম্পাদন কৰিব লগা হয়
৷
ইয়াক এনেদৰে উপস্থাপন কৰিব
পাৰিঃ
3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান
শক্তি দিয়া হয় ?
উত্তৰঃ প্ৰতি কুলম্ব আধানক দিয়া শক্তিৰ পৰিমাণ ইয়াক চালিত কৰোঁতে
সম্পাদন কৰা কাৰ্যৰ সমান ৷
গতিকে,
দুটা বিন্দুৰ মাজৰ বিভৱভেদ
V = 6V
আধান Q = 1C
সম্পাদন কৰা কাৰ্য,w = ?
গতিকে,
গতিকে,6V বেটেৰী এটাৰ মাজেৰে প্ৰবাহ
চালিত হওঁতে প্ৰতি কুলম্ব আধানক 6J শক্তি দিয়া হয় ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 209)
1 1. পৰিবাহিৰ ৰোধ কি কি কাৰকৰ ওপৰত
নিৰ্ভৰ কৰে ?
উত্তৰঃ পৰিবাহীৰ ৰোধ তলত দিয়া কাৰককেইটাৰ ওপতৰত নিৰ্ভৰ কৰেঃ
(i)
পৰিবাহীৰ দৈৰ্ঘ্য(Length of the conductor): পৰিবাহীৰ ৰোধ (R) পৰিবাহীৰ দৈৰ্ঘ্যৰ (I) সমানুপাতিক ৷
R ∞ I …………………..(i)
(ii)
পৰিবাহীৰ প্ৰস্হচ্ছেদৰ
কালি(Area of cross-section of the
conductor): পৰিবাহীৰ কালি ইয়াৰ
প্ৰস্হচ্ছেদৰ কালি(A)ৰ ব্যস্তানুপাতিক ৷
R ∞ I / A …………………..(ii)
(iii)
পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতি(Nature of the material of conductor): ভিন ভিন পদাৰ্থৰে নিৰ্মিত পৰিবাহীয়ে ইয়াৰ মাজেদি চালিত
প্ৰবাহত ভিন্ন পৰিমাণৰ ৰোধ আগঢ়ায় ৷
(iv)
পৰিবাহীৰ উষ্ণতা(Temperature of the conductor): পৰিবাহীৰ ৰোধ উষ্ণতা বঢ়াৰ লগে লগে বাঢ়ে আৰু উষ্ণতা কমাৰ লগে
লগে কমে ৷
2 2.একেটা উৎসৰ লগত সংযোজিত,একে
পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত সহজে বেছি প্ৰবাহ চালিত হয় ? আৰু
কিয় ?
উত্তৰঃ একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্ততৰ এডাল শকত আৰু এডাল
ক্ষীণ তাঁৰৰ ভিতৰত শকত তাঁৰডালত বেছি সহজে প্ৰবাহ চালিত হয় ৷
ইয়াৰ কাৰণ এয়ে যে এডাল
তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক ৷ গতিকে, এডাল তাঁৰ যিমানে শকত
হ’ব ইয়াৰ ৰোধ সিমানেই কম হ’ব আৰু সেই মৰ্মে ইয়াৰ মাজেদি অধিক পৰিমাণৰ প্ৰবাহ চালিত
হ’ব ৷
3 3.ধৰা হওঁক বৈদ্যুতিক উপাদান
এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধা লৈ কমাওতে ৰোধৰ মান একে থাকে ৷ ইয়াৰ
মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ’ব ?
উত্তৰঃ বৈদ্যুতিক উপাদান এটাৰ মাজেৰে চালিত প্ৰবাহৰ পৰিৱৰ্তন
সৰ্ম্পকে ওমৰ সূত্ৰই এনেদৰে ব্যক্ত কৰিছে
V = IR
=> I = V / R
য’ত V = বিভৱভেদ
I = প্ৰবাহ
R= বৈদ্যুতিক উপাদানৰ ৰোধ
গতিক, ইয়াক প্ৰয়োগ কৰিলে, প্ৰবাহৰ মানৰ সমানুপাতিক, সেয়ে
বিভৱভেদ আগৰ মানৰ
আধালৈ কামলে, প্ৰবাহৰ মানো আগৰ মানৰ আধালৈ কমিব ৷
4 4.পাউৰুটি সেকা বৈদ্যুতিক
সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে
গঢ়া হয় কিয় ?
উত্তৰঃ পাউৰুটি সেকা
বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বপৰীতে সংকৰ
ধাতুৰে গঢ়া হয় কাৰণঃ
(i) বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ
ৰোধকতা বেছি ৷
(ii)অধিক উষ্ণতাত সংকৰ ধাতুোৰ
সহজে জ্বলি নাযায় বা জাৰিত নহয় ৷
5.তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া –
(a) লো আৰু পাৰাৰ ভিতৰত কোনটো
অধিক ভাল পৰিবাহী ?
উত্তৰঃ তালিকাত দেখা গ’ল যে 20°C উষ্ণতাত লো আৰু পাৰাৰ বৈদ্যুতিক ৰোধকতা ক্ৰমে 10.0 10-8 m আৰু 94.0 10-8 m ৷ গতিকে এইটো স্পষ্ট যে লোৰ ৰোধতকৈ পাৰাৰ ৰোধকতা বেছি ৷
গতিকে, পাৰাতকৈ লো অধিক ভাল পৰিবাহী বুলি অভিহিত কৰিব পাৰি ৷
(b) কোনটো পদাৰ্থ আটাইতকৈ ভাল
পৰিবাহী ?
উত্তৰঃ প্ৰদত্ত তালিকাত দেখা গ’ল যে ৰুপৰ ৰোধকতা (1.60 10-8)অন্যান্য পদাৰ্থৰ ৰোধকতাতকৈ কম ৷ গতিকে, ৰূপ আটাইতকৈ ভাল পৰিবাহী বুলি ক’ব
পাৰি ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 213)
1. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰী,
এটা 5Ω ৰোধক, এটা 8Ω ৰ ৰোধক, এটা 12Ω ৰ ৰোধক আৰু প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি
এটা বৰ্তনীৰ নক্সা অংকন কৰা ৷
উত্তৰঃ প্ৰদত্ত বৰ্তনীৰ প্ৰণালীবদ্ধ নক্সাঃ
2. ৰোধক কেইটাৰ মাজেৰে
যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12Ω ৰোধকটোৰ দুই মূৰৰ
মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো
পুনৰ অংকন কৰা ৷ এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব ?
উত্তৰঃ নতুন বৰ্তনীটোৰ নক্সাঃ
ওমৰ সূত্ৰমতে,
V = IR
ð I = R/V
ইয়াত,
বিভৱভেদ,V = 6V
বৰ্তনীটোৰ ৰোধ,
R = R1 + R2 + R3
= 5Ω + 8 Ω + 12Ω
=
25Ω
ৰোধক/বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহৰ মান, I= ?
(i)ৰ পৰা আমি পাওঁ
I =
ð I = V/R
ð I = 6/25
=
0.24A
গতিকে, এমিটাৰৰ পাঠ 0.24 ৷
ওমৰ সূত্ৰমতে,
V = IR ………
(ii)
ইয়াত প্ৰবাহৰ মান,I = 0.24A
ৰোধ R = 12Ω
বিভৱভেদ V= ?
(ii) ৰ পৰা আমি পাওঁ
V = IR
V = 0.24A ×12Ω
অৰ্থাৎ V = 2.88V
গতিকে,12Ω ৰোধককটোৰ দুই মুৰৰ মাজত সংযোগ কৰা ভল্টমিটাৰৰ পাঠ 2.88V ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 216)
2. নিম্নোক্তবোৰৰ সমান্তৰাল
সংযোজন ৰোধ নিৰ্ণয় কৰা ৷ – (a)1Ω আৰু 106Ω,
(b)1Ω, 103 Ω আৰু 106Ω ৷
উত্তৰঃ ৰোধককেইটাকে সমান্তৰালভাৱে সংযোগ কৰিলে মুঠ ৰোধৰ প্ৰকাশ
ৰাশিঃ
(a)
1Ω আৰু 106Ω
(b)1Ω, 103 Ω আৰু 106Ω
2. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি
আৰু 500Ω ৰোধৰ এটা পানী ফিল্টাৰ 220V উৎসৰ লগত সমান্তৰালভাৱে
সংযোগ কৰা হৈছে ৷ যদিএটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই
আন তিনিওটাই লোৱাৰ সমান প্ৰবাহ লয় তেন্তে ইস্ত্ৰিটোৰ কিমান হ’ব আৰু ইয়াৰ মাজেৰে
চালিত প্ৰবাহ কিমান হ’ব ?
উত্তৰঃ ইয়াত,
বৈদ্যুতিকবাল্বটোৰ ৰোধ,R1 = 100Ω
পাউৰুটি সেঁকা সঁজুলিটোৰ ৰোধ,R2
= 50Ω
পানীৰ ফিল্টাৰটোৰ ৰোধ,R3 = 500Ω
গতিকে তিনিওটা সঁজুলিয়ে লোৱা মান 7.04A ৷
ওমৰ সূত্ৰ অনুসৰি,
V = IR
ð R = V/I
গতিকে,
বিভৱভেদ V = 220V………. (i)
ইয়াৰ মাজেৰে চালিত প্ৰবাহ I = 7.04 ৷
একেটা উৎসৰ লগত সংযোগ কৰা বৈদ্যুতিক ইস্ত্ৰিৰ ৰোধ,R = ?
(i)ৰ
পৰা আমি পাওঁ,
3. বেটেৰীৰ লগত বৈদ্যুতিক
সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি
সুবিধা হয় ?
উত্তৰঃ এটা বেটেৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত
সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে হোৱা সুবিধাসমূহ হ’লঃ
(i)
সমান্তৰাল সজ্জাত সংযোগ
কৰিলে বিভিন্ন সঁজুলিত ভল্টেজৰ বিভাজন নোহোৱা হেতুকে প্ৰত্যেক সঁজুলিতে ভল্টেজ একে
থাকে ৷
(ii)
মুঠ কাৰ্যকৰী ৰোধৰ মান
হ্ৰাস পায় ৷
(iii)
বৰ্তনীটোৰ উপাদান এটা বিকল
হ’লে বৰ্তনীটো মোক্ত হৈ নাযায় ৷
(iv)
ভিন্ন প্ৰবাহৰ মানৰ প্ৰয়োজন
হোৱা সঁজুলিবোৰ সমান্তৰালভাৱে সংযোগ কৰাটো সুবিধাজনক ৷ এনে প্ৰত্যেক সঁজুলিতে
একোটা অন-অফ চাবিৰ বাৱস্হা সম্ভৱ ৷
4. 2Ω,3Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকে সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 4Ω আৰু (b) 1Ω পোৱা যাব ?
উত্তৰঃ (a) মুঠ ৰোধৰ প্ৰাপ্তিঃ
মুঠ ৰোধ 4Ω পাবলৈ 3Ω আৰু 6Ω ৰ ৰোধকক দুটা সমান্তৰালভাৱে আৰু 2 ৰ ৰোধকক শ্ৰেণীবদ্ধভাৱে
সংযোগ কৰিব লাগিব ৷
ইয়াত, মুঠ ৰোধ R = R1 + RP
R1 = 2Ω
R2 = 3Ω
R3 = 6Ω
ওমৰ সূত্ৰ প্ৰয়োগেৰে,
(a)
মুঠ ৰোধ 1ৰ প্ৰাপ্তিঃ
মুঠ ৰোধ 1Ω পাবলৈ 2Ω,3Ω আৰু 6Ω ৰোধকক পৰস্পৰৰ সমান্তৰালভাৱে সংযোজিত কৰিব লাগিব ৷
ওমৰ সূত্ৰ প্ৰয়োগেৰে,
মুঠ ৰোধ, Rৰ প্ৰকাশ ৰাশি,
5. 5Ω, 8Ω,12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সৰ্ব্বোচ্চ আৰু (b) সৰ্বনিম্ন মুঠ ৰোধৰ মান
কিমান হ’ব ?
উত্তৰঃ (a) 4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী
শ্ৰেণীবদ্ধভাৱে সংযোজিত কৰি সৰ্বোচ্চ মুঠ ৰোধ পাব পাৰি ৷
মুঠ ৰোধ R = R1+R2+R3+R4
=4+8+12+24
=48Ω
গতিকে, সৰ্বোচ্চ মুঠ ৰোধৰ
মান 48Ω
(b) 4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী
পৰস্পৰৰ সমান্তৰালভাৱে সংযোজিত কৰি সৰ্বনিম্ন মুঠ ৰোধ পাব পাৰি ৷
মুঠ ৰোধ Rৰ প্ৰকাশ ৰাশি
প্ৰশ্নাৱলী(পৃষ্ঠা নং 218)
1.
বৈদ্যুতিক হিটাৰৰ তাপ
উপাদানডাল(heating element)দীপ্ত হয়; কিন্ত্ত সংযোগী তাঁৰবোৰ এনে নহয়, কিয় ?
উত্তৰঃ বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল (heating element)উচ্চ ৰোধকতাবিশিষ্ট পদাৰ্থৰে নিৰ্মিত, আনহাতে সংযোগী
তাঁৰবোৰ নিম্ন ৰোধকতাবিশিষ্ট পদাৰ্থৰে নিৰ্মিত ৷ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ অনুসৰি
ৰোধকত উৎপন্ন হোৱা তাপ ৰোধৰ সমানুপাতিক ৷ গতিকে, তাপ উপাদানডলৰ মাজেৰে প্ৰবাহ
চালিত হ’লে ই উত্তপ্ত হৈ ৰঙা পৰি দীপ্ত হয়, কিন্ত্ত সংযোগী তাঁৰবোৰ পৰ্যাপ্ত
পৰিমাণে উত্তপ্ত নোহোৱাৰ বাবে এইবিলাক দীপ্ত নহয় ৷
2.
9600 কুলম্ব আধান 1 ঘন্টাত
50V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা
৷
উত্তৰঃ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ অনুসৰি উৎপন্ন হোৱা তাপৰ পৰিমাণঃ
H = VIt ……..
(i)
ইয়াত,
বিভৱভেদ V =50V
সময়, t = 1 ঘন্টা = 60মিনিট = 60 × 60 ছেকেণ্ড
আধান,Q = 96000 C
প্ৰবাহ, I = ?
3.20Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5A প্ৰবাহ লয় ৷ 30 ছেকেণ্ডত
উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 220)
1. এটা বৈদ্যুতিক প্ৰবাহে
যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ?
উত্তৰঃ এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ তলত দিয়া
কাৰককেইটাই নিৰুপন কৰেঃ
(i)
বৰ্তনীৰ বৈদ্যুতিক ক্ষমতা
বা ৰোধ আৰু
(ii)
সময় ৷
2. এটা বৈদ্যুতিক মটৰে 220V প্ৰবাহ লয় ৷ মটৰটোৰ ক্ষমতা
2 ঘন্টাত ই ব্যয় কৰা শক্তি উলিওৱা ৷
অনুশীলণী(পৃষ্ঠা নং 227)
1 1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল ৷ এই
অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল ৷ যদি সজ্জাটোৰ সমতুল্য ৰোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব –
(a)1/25 (b)1/5 (c)5 (d)25
উত্তৰঃ (d) 25
2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক
ক্ষমতা নিৰ্দেশ নকৰে ?
(a)I2R (b)IR2 (c)VI (d)V2/R
উত্তৰঃ (b)IR2
3.এটা বৈদ্যুতিক বাল্বৰ 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই
লোৱা ক্ষমতা হ’ব –
(a)100W (b)75W (c)50W (d)25W
উত্তৰঃ (d) 25W
4. একেটা পদাৰ্থৰ দুডাল একে
দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু তাৰ পিছত
সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল ৷ শ্ৰেণীবদ্ধ আৰু
সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত –
(a)1:2 (b)2:1 (c)1:4 (d)4:1
উত্তৰঃ (c) 1:4
5.দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ
কেনেকৈ সংযোগ কৰিবা ?
উত্তৰঃ দুটা বিন্দুৰ মাজৰ
বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ বিন্দু দুটাৰ সমান্তৰালভাৱে সংযোগ কৰা হয় ৷
6.এডাল তামৰ তাঁৰৰ ব্যাস 0.5mm আৰু ৰোধকতা 1.610-8Ω
m. 10Ωৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ’ব লাগিব ? যদি
তাঁৰডালৰ ব্যাস দুগুণ কৰা হ’ল, ৰোধৰ পৰিৱৰ্তন কিমান হ’ব ?
গতিকে, 10Ω ৰোধ পাবৰ বাবে তাঁৰ ডালৰ
দৈৰ্ঘ্য হ’ লাগিব 122.6মিঃ ৷
যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হয় অৰ্থাৎ
7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে
প্ৰবাহিত প্ৰবাহ I ৰ মান আৰু
পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল –
I(এম্পিয়াৰ) 0.5 1.0
2.0 3.0 4.0
V (ভল্ট) 1.6 3.4
6.7 10.2 13.2
V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা ৷
উত্তৰঃ
8.যেতিয়া এটা অজ্ঞাত ৰোধ 12V এটা বেটেৰীৰ লগত সংযোগ কৰা
হয় তাত 2.5 mA প্ৰবাহ চালিত হয় ৷ ৰোধকটোৰ ৰোধ উলিওৱা ৷
উত্তৰঃ ওমৰ সূত্ৰ অনুসৰি
9. এটা 9V বেটেৰীৰ লগত 0.2Ω, 0.3Ω, 0.4Ω,0.5Ω আৰু 0.12Ω ৰোদক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে ৷ 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে ?
উত্তৰঃ ওমৰ সূত্ৰ অনুসৰি
যিহেতু এইটো
শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা বৰ্তনী সেয়ে প্ৰত্যেক ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান
একে ৷
গতিকে,12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে 0.671A প্ৰবাহ চালিত হ’ব ৷
10. 176Ω ৰ কিমানটা ৰোধক হ’লে 220V
ৰ লাইন এটাত 5A
প্ৰবাহ পোৱা যাব ?
উত্তৰঃ প্ৰতিটো 6Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ
(i) 9Ω, আৰু (ii) 4Ω হ’ব ?
উত্তৰঃ ৰোধকৰ সংখ্যা
ইয়াত,
বিভৱভেদ, V = 220V
প্ৰবাহৰ পৰিমাণ, I = 5A
মুঠ ৰোধ, R = ?
মুঠ ৰোধ, Rৰ প্ৰকাশ ৰাশি
11. বহুকেইটা বৈদ্যুতিক বাল্ব 220W লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ
কৰা হৈছে আৰু 10W ৰে চিহ্নিত কৰা হৈছে ৷ যদি চালিত হোৱা সৰ্ব্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব
সমান্তৰালভাৱে 220V লাইনৰ লগত সংযোগ কৰিব লাগিব ?
উত্তৰঃ ইয়াত, R1 = 6Ω
R2 = 6Ω
R3 = 6Ω
(i)9Ω ৰোধ পাবৰ বাবে 6Ω ৰোধৰ তিনিটা ৰোধক তলত দিয়া ধৰণে সংযোগ কৰিব লাগেঃ সমান্তৰাল
বৰ্তনীত ৰোধ,Rp :
=3Ω+6Ω
= 9Ω
(ii)4Ω ৰোধ পাবৰ বাবে 6Ω ৰোধৰ তিনিটা ৰোধক তলত দিয়া ধৰণে সংযোগ কৰিব লাগেঃ
12. বহুকেদইটা বৈদ্যুতিক বাল্ব 220Vলাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ
কৰা হৈছে আৰু 10W ৰে চিহ্নিত কৰা হৈছে ৷ যদি চালিত হোবা সৰ্ব্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব
সমান্তৰালভাৱে 220V লাইনৰ লগত সংযোগ কৰিব লাগিব ?
উত্তৰঃ ইয়াত,
ক্ষমতা, P = 10W
বিভৱভেদ,V= 220V
প্ৰবাহ,I =5A
প্ৰত্যেক বাল্বৰ বাবে ৰোধ,R1
= ?
সূত্ৰ অনুসৰি আমি পাওঁ
গতিকে, চালিত হোৱা সৰ্ব্বোচ্চ প্ৰবাহ 5A হোৱাৰ ক্ষেত্ৰত 110 টা
বাল্ব সমান্তৰালাৱে 220V লাইনৰ লগত সংযোগ কৰিব পৰা যাব ৷
13. 220V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা
ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24Ω, যিকেইটা পৃথকে পৃথকে
শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি ৷ এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি
হ’ব ?
উত্তৰঃ (i) ইয়াত,
বিভৱভেদ, V = 220V
প্ৰত্যেক কুণ্ডলীৰ ৰোধ-(A আৰু B)R =
24Ω
প্ৰবাহ, I = ?
ওমৰ সূত্ৰ অনুসৰি
গতিকে, কুণ্ডলী দুটা
শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ মাজেৰে 4.58A প্ৰবাহ চালিত হয় ৷
(iii) কুণ্ডলী দুটা পৰস্পৰৰ
সমান্তৰালভাৱে সংযোগ কৰিলে প্ৰবাহৰ মান
ইয়াত,
বিভৱভেদ, V = 220V
ৰোধ(সমান্তৰাল সজ্জাত)RP ৰ প্ৰকাশ ৰাশিঃ
114. 2Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i)
1Ω আৰু 2Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰীৰ এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু (ii)
12Ω আৰু 2Ω ৰ ৰোধক এটা এটা 4V বেটেৰীৰ লগত সমান্তৰালভাৱে
সংযোগ কৰিলে ৷
উত্তৰঃ (i)ইয়াত,
বিভৱভেদ, V = 6V
ৰোধ(শ্ৰেণীবদ্ধ সজ্জাত)Rs = R1 + R2
=
(1+2)Ω
= 3Ω
15. এটা 220V ত 110W চিহ্নিত কৰা আৰু অন্যটো 220V ত 60W চিহ্নিত দুটা
বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে ৷ যদি যোগান
বিভৱ 220V হয়, কিমান প্ৰবাহ ই ল’ব ৷
উত্তৰঃ (i) ইয়াত,
বিভৱভেদ, V = 220V
এটা বৈদ্যুতিক চাকিৰ ক্ষমতা,P1 = 100W
আনটো বৈদ্যুতিক চাকিৰ ক্ষমতা,P2 = 60W
মুঠ প্ৰবাহ, I = ?
গতিকে, লাইনৰ পৰা পোৱা প্ৰবাহৰ মান 0.727A
16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ
কৰিব, এটা 250W ৰ TV চেট 1 ঘন্টা চলিলে বা এটা 1200W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে ?
গতিকে, এটা 250W ৰ TV চেট 1ঘণ্টা চলিলে ব্যৱহৃত হোৱা
শক্তিৰ পৰিমাণ এটা 1200W ৰ ৰুটি সেঁকা সজুলি 10
মিনিট চলিলে ব্যৱহৃত হোৱা শক্তিৰ পৰিমাণতকৈ অধিক ৷
17. 8Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘন্টা চলোতে মেইনৰ পৰা 15 A প্ৰবাহ লয় ৷ চুলাটোত তাপ
উৎপন্ন হোৱা হাৰ উলিওৱা ৷
উত্তৰঃ ইয়াত,
ৰোধ, R = 8Ω
প্ৰবাহ, I = 15A
সময়, = 2ঘণ্টা
= (2× 60×60)
ছেকেণ্ড
= 7200 ছেকেণ্ড
সূত্ৰ অনুসৰি আমি পাওঁ,
18. ব্যাখ্যা কৰা :
(a)
বৈদ্যুতিক চাকিত বেছিভাগ
টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ বৈদ্যুতিক চাকিত
বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ কৰাৰ কাৰণঃ
(i)
ইয়াৰ ৰোধকতা উচ্চ ৷ গতিকে,
ই পৰ্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন কৰে যাৰ ফলত পোহৰ নিৰ্গত হয় ৷
(ii)
ইয়াৰ গলনাংক উচ্চ হোৱা বাবে
অত্যধিক উষ্ণতাত ফিলামেন্টডাল গলি নাযায় ৷
(b)
বিদ্যুত তাপীয় সঁজুলি যেনে
ৰুটিসেকা সঁজুলি আৰতু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰধাতু কিয় ব্যৱহাৰ কৰা
হয় ?
উত্তৰঃ বিদ্যুৎ তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিত
বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতুৰ বাৱহাৰ কৰাৰ কাৰণঃ
(i)
বিশুদ্ধ ধাতুবোৰতকৈ সংকৰ
ধাতুবোৰৰ ৰোধকতা অধিক হোৱা বাবে অধিক মাত্ৰাত তাপ উৎপন্ন কৰিব পাৰে ৷
(ii)
সংকৰ ধাতুবোৰ অত্যধিক
উষ্ণতাতো জাৰিত নহয় বা সহজে দহন নঘটে ৷
(c)
ঘৰুৱা বৰ্তনীবিলাকত
শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ নকৰাৰ কাৰণঃ
(i)
শ্ৰেণীবদ্ধ সজ্জাত ভল্টেজ
বিভক্ত হয় আৰু প্ৰত্যেক সঁজুলিয়ে বৃহৎ যোগানৰ পৰা ক্ষুদ্ৰ মাত্ৰাত বিভৱ পায় ৷ ফলত
সঁজুলিটোৱে প্ৰবাহ কম পায় ৷ ইয়াৰ ফলত উত্তপ্ত হৈ পৰে ৷
(ii)
শ্ৰেণীবদ্ধ সজ্জাৰ বৰ্তনীত
আটাইবোৰ সঁজুলি এটা চাকিৰ সৈতে সংযোজিত হয় ৷ গতিকে, এটা সঁজুলি ব্যৱহাৰ কৰিবলৈ
আটাইকেইটা সঁজুলিৰ চাবি মুক্ত অৱস্হাত থাকিব লাগিব ৷এয়া প্ৰয়োগিক দিশৰ পৰা সঠিক
নহয় ৷
(iii)
ভিন ভিন সঁজুলি সঠিকভাৱে
কাৰ্যক্ষম হ’বলৈ ভিন্ন পৰিমাণৰ প্ৰবাহৰ আৱশ্যক ৷ কিন্ত্ত শ্ৰেণীবদ্ধ সজ্জাত
সংযোজিত বৰ্তনীত সমগ্ৰ বৰ্তনীৰ মাজেৰে প্ৰবাহ চালিত হয় ৷
(iv)
শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীৰ
মুঠ শেষ অত্যধিক হোৱাৰ বাবে যথেষ্ট পৰিমানৰ তাপ উৎপন্ন হয় যাৰ ফলত অগ্নিকাণ্ড বা
অন্য বিপদ হ’ব পাৰে ৷
(v)
বৰ্তনীৰ এটা অংশ বিকল হ’লে
বৰ্তনীত সংযোজিত অন্যান্য সঁজুলি কাৰ্য সম্পাদনত অক্ষম হৈ পৰে ৷
(d)
এডাল পৰিবাহীৰৰোধ ইয়াৰ
প্ৰস্হচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তন হয় ?
উত্তৰঃ এডাল পৰিবাহীৰ ৰোধ(R)পৰিবাহীডালৰ প্ৰস্হচ্ছেদৰ
কালি(A)ৰ ব্যস্তানুপাতিক ৷
R
গতিকে, প্ৰস্থচ্ছেদৰ কালি
অধিক থকা এডাল পৰিবাহীৰ ৰোধৰ মান প্ৰস্থচ্ছেদৰ কালি কম থকা এডাল পৰিবাহীৰ ৰোধৰ
মানতকৈ কম ৷
অন্যাৰ্থত, একেবিধ পদাৰ্থৰে
তৈয়াৰী সমান দৈৰ্ঘ্যৰ এডাল শকত তাঁৰৰ ৰোধতকৈ এডাল ক্ষীণ তাঁৰৰ ৰোধ অধিক হ’ব ৷
(e)
বৈদ্যুতিক সৰবৰাহৰ বাবে
সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ নিম্নোক্ত কাৰণত বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু
এলুমিনিয়াম তাঁৰ ব্যৱহাৰ কৰা হয়ঃ
(i)
ৰোধকতা কম আৰু বিদ্যুৎৰ
সুপৰিবাহী ৷
(ii)
ইহঁতক কম দামতে সহজে পোৱা
যায় ৷ ইয়াৰ বিপৰীতে আটাইতকৈ ভাল পৰিবাহী হিচাপে বিবেচনা কৰা সোণ আৰু ৰুপ অত্যন্ত
ব্যয়বহুল আৰু ইহঁত সীমিত পৰিমাণে উপলব্ধ ৷
(iii)
ঘাত সহনীয় আৰু নমনীয় ৷
(iv)
অন্যান্য ধাতুৰ দৰে
বৈদ্যুতিক প্ৰেৰণত সহজে প্ৰতিকূল অৱস্থাৰ সৃষ্টি নহয় ৷
1.
Please don't use spam link in the comment box.