ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

সন্মান - নৱম শ্ৰেণী -অসমীয়া সাহিত্য চয়নিকা

Admin
3
প্ৰশ্নাৱলীঃ
ভাব-বিষয়কঃ
১/অতি চমু  উত্তৰ  দিয়া ঃ

(ক) অধিকাৰ  আৰু  শাসনকৰ্তা  নথকা দেশ এখনে কেনেকুৱা  আচৰণ কৰে ? 

উত্তৰঃ অধিকাৰ  আৰু  শাসনকৰ্তা  নথকা দেশ এখনত  মানুহে স্বপ্ৰধান  হৈ  নিজৰ   ইচ্ছাৰ  দৰে   আচৰণ কৰে  ৷ 

(খ) ছাত্ৰৰে  শিক্ষকৰ  ধাৰ শুজিব  পাৰেনে ?

উত্তৰঃ ছাত্ৰৰে  শিক্ষকৰ  ধাৰ শুজিব  নোৱাৰি ৷ 

(গ) ' তেওঁ দেৱতাৰো  দেৱতা , বিধাতাৰো  বিধাতা , ৰজাৰো ৰজা  '- তেওঁ ' কোন ?

উত্তৰঃ  ঈশ্বৰ ৷ 
(ঘ) হেমচন্দ্ৰ  বৰুৱা  কোনখন  কাকতৰ  সম্পাদক  আছিল ? 

উত্তৰঃ ' আসাম নিউজ ' কাকতৰ  সম্পাদক  আছিল ৷ 

(ঙ) ' হেমকোষ ' কি ? 

উত্তৰঃ হেমকোষ  হ'ল  হেমচন্দ্ৰ  বৰুৱাই  লেখা এখন অসমীয়া  অভিধান ৷ 

(চ)'কানীয়াৰ কীৰ্তন'ৰ  ৰচক কোন ? 

উত্তৰঃ হেমচন্দ্ৰ  বৰুৱা ৷ 

২/ ' ঈশ্বৰৰ  পাছতে পিতৃ-মাতৃ আমাৰ  মাননীয় ' --- কথাষাৰ  বুজাই  লিখা ৷

উত্তৰঃ  ' ঈশ্বৰৰ  পাছতে পিতৃ-মাতৃ আমাৰ  মাননীয় ' কাৰণ  তেওঁবিলাকেই  আমাক  জন্ম  দিছে আৰু  তেওঁলোকৰ  পৰাই  আমি  এই  বিচিত্ৰ  সংসাৰ দেখিবলৈ  পাইছোঁহক ৷ আমি  কেঁচুৱা  থকা  অৱস্থাত  যেতিয়া  আমি  খোজ কাঢ়িব  নোৱাৰিছিলো  তেতিয়া  তেওঁবিলাকে  আমাক  অত দুখ  সহি  তেওঁলোকৰ  কোলাত  আমাক  তুলিছিল ৷ আমি  নাখালে  তেওঁবিলাকে  তেওঁবিলাকৰ  আহাৰত  ৰুচি  নহৈছিল ৷ আমি গাত  দুখ  পালে  বা  নৰিয়া  পৰিলে  শোকত  তেওঁবিলাকে আমাৰ  বেমাৰ  ভাল  হবৰ  নিমিত্তে যত্ন  কৰিছিল  আনকি  আমাৰ  কুশলৰ  কাৰণে  প্ৰাণকে  উচৰ্গিছিল ৷ আমি  অলপ  ডাঙৰ  হলে  সিবিলাকে  আমাক  প্ৰাথমিক  জ্ঞান-বিদ্যা  দি ভাল মানুহ  হবৰ বাবে  নেৰা নেপেৰা চেষ্টা  অব্যাহত  ৰাখিছিল ৷ এতিয়াও  আমি  ধনী , মানী ,যশস্বী  হ'লে  সিবিলাকৰ  আনন্দৰ  সীমা  নাথাকে আৰু  সেই  পিতৃ-মাতৃৰ মুখ মলিন আৰু চকু  লোতকেৰে  পূৰ হয়  যেতিয়া দুৰ্যশ বা দুৰ্ভাগ্যৰ  কথা শুনে ৷ গতিকে  আমি  সদায় তেওঁলোকৰ  আজ্ঞা মানিব  আৰু  সিবিলাকৰ  সন্মান  কৰিব  লাগে ৷ তেওঁবিলাকৰ  বুঢ়া  কালত  আমাৰ  শক্তি অনুসাৰে  সেৱা কৰা আৰু পোহ্পাল দি তেওঁবিলাকক সুখেৰে ৰখাটোও  আমাৰ  কৰ্তব্য ৷ 

৩/ শিক্ষকৰ  প্ৰতি ছাত্ৰই মান সৎকাৰ কিয়  ৰাখিব লাগে ?

উত্তৰঃ কণা মানুহক যিজনে চকু  দিয়ে  , তেওঁ যে  কণাৰ  পৰম উপকাৰী আৰু  মান্য , তাত  একো  সংশয়  নাই ৷ ঠিক  একেদৰে  শিক্ষকেও  ছাত্ৰক চকু  দিয়ে  ৷ ছাত্ৰৰ  চকু  থাকোঁতেও যি বস্তু  নেদেখি আৰু  যি  কথা  নুবুজি কণৰ  নিৱিনা  হৈ  থাকে  , অধ্যাপকৰ  অনুগ্ৰহত  চকু  মুকলি  হৈ  থাক  দেখিব  আৰু  বুজিব  পৰা  যায় ৷ এনে অধ্যাপকৰ  প্ৰতি  যি  সন্মান  নকৰে , তাৰ  সমান  অশলাগি  মানুহ  নাই ৷ ছাত্ৰই  কোনো  দিন  শিক্ষকৰ  ধাৰ  শুজিব নোৱাৰে ৷ সেইবাবে  আমি  শিক্ষকৰ  প্ৰতি  ছাত্ৰই  মান সৎকাৰ  ৰাখিব লাগে ৷ 

৪/ ' সন্মান ' পাঠটোৰ  পৰা  কি কি  শিকিলা  , চমুকৈ  লিখা ৷

উত্তৰঃ হেমচন্দ্ৰ  বৰুৱাই  লিখা  পাঠটোৰ  পৰা  আমি  বহুতো  নজনা  কথা  জানিব  পাৰিলো ৷ ঈশ্বৰ , পিতৃ-মাতৃ , শিক্ষক , দেশৰ অধিকাৰ আৰু  বঢ়া লোকসকল কিয় আমাৰ  সন্মানৰ  পাত্ৰ  হয়  তাৰ  বিষয়ে  লেখকে  অতি  সুন্দৰভাবে  ব্যাখ্যা  কৰিছে ৷ আমি  ঈশ্বৰক  কিয়  শ্ৰদ্ধা আৰু ভক্তি  কৰিব লাগে , ঈশ্বৰৰ  পাছত  আমাৰ  সন্মানীয় বৃদ্ধা  পিতৃ -মাতৃক কিয়  সেৱা তথা পোহ-পাল কৰিব লাগে সেই  বিষয়ে  আমি  শিকিলো ৷ ইয়াৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰীসকলক আমাক  শিকোৱা  জ্ঞানৰ  বাবে  আমি তেওঁলোকৰ  প্ৰতি মান সৎকাৰ কৰিব  লাগে  ইয়াৰ বিষয়ে  আমি  জানিলো  ৷ ঠিক একেদৰে আমাৰ  দেশৰ  শাসনকৰ্তাসকলে  কেনেকৈ  দুখ-কষ্ট সহ্য কৰি  আমাৰ  দেখখনক চোৰ-ডকাইত তথা অন্যায়ৰ পৰা  ৰক্ষা কৰিছে , সেইবাবে  তেওঁলোককো আমি শলাগ ল'ব লাগে তথা সন্মান কৰিব লাগে , এই বিষয়ে শিকিলো ৷ আমাতকৈ  শ্ৰেষ্ঠ তথা মান্য বৃদ্ধা মানুহবিলাককো আমি সমুচিত সন্মান কৰিব লাগে কাৰণ তেওঁবিলাক আমাতকৈ বয়সীয়া আৰু বহুদৰ্শী ৷ 
এই  সকলোবোৰ  কথা আমি এই  পাঠটোৰ  পৰা  শিকিলো ৷ 

ভাষা -বিষয়কঃ

১/ তলৰ  শব্দবোৰৰ  সমাৰ্থক  শব্দ  লিখাঃ

নৰিয়া, জগত ,লোতক , চকু , হেতু , মান 

উত্তৰঃ

নৰিয়া---->বেমাৰ

জগত----> পৃথিৱী

লোতক----> চকুলো 

 চকু----> নেত্ৰ

 হেতু ---> কাৰণে 

মান ---> সন্মান 


২/ বিপৰীত  শব্দ লিখাঃ

শ্ৰদ্ধা   ,শলাগ , আদি , দুষ্ট , জোষ্ঠ , ন্যায় 

উত্তৰঃ

শ্ৰদ্ধা --->  অসন্মান  

শলাগ---> অশলাগ 

আদি --->অন্ত

দুষ্ট ---> ভাল

জোষ্ঠ - --> কনিষ্ঠ

ন্যায় ---> অন্যায়

Post a Comment

3Comments

Please don't use spam link in the comment box.

Post a Comment