ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

প্ৰশস্তি - দশম শ্ৰেণী - ( Class X - SEBA ) - কবিতা

Admin
0





প্ৰশ্নাৱলী  :


ভাব -বিষয়ক  :

১/  অতি  চমু  উত্তৰ  দিয়া  :

(ক)  ৰঘুনাথ  চৌধাৰীক  কি  কবি  বুলি  জনা  যায়  ?

উত্তৰ : বিহগী কবি ৷

(খ) ৰঘুনাথ  চৌধাৰীৰ  কবিতা  পুথি  -দুখনৰ  নাম  লিখা  ৷

উত্তৰ : সাদৰী  আৰু  কেতেকী ৷

(গ) প্ৰকৃতিত  কোনে  সাদৰি   আনিলে  বুলি  কবিয়ে  কৈছে  ?

উত্তৰ : নতুন কুঁহিপাতে ৷


(ঘ) মন্দিৰৰ  উপেক্ষিত  কি  ফুলে  প্ৰেম  পৰিমল  যচা  বুলি  কবিয়ে  কৈছে  ?

উত্তৰ : ৰবাব  ফুলে ৷

(ঙ) জল , স্থল  আৰু  ক'ত  দেৱতাৰ  মহা  অভিযান  চলিছে  ?

উত্তৰ : অন্তৰীক্ষত ৷

(চ)  মহামহিমৰ  গান  কিহে  গায়  বুলি  কবিয়ে  কৈছে  ?

উত্তৰ : কীচক বেণুয়ে ৷

২/ কবিতাটোত   কবিয়ে  প্ৰকৃতিৰ  কি  কি বস্তু  টানি  আনিছে  লিখা  ৷

উত্তৰ : নতুন  কুঁহিপাত , ফুলি থকা  বিভিন্ন  ফুল , ৰবাব  ফুল  , বনৰীয়া পক্ষী  আদি ৷

৩/ কবিতাটিত  কবিয়ে  কিয়  আৰু  কাৰ  প্ৰশস্তি  কৰিছে  ?

উত্তৰ : কবিতাটিত  কবিয়ে  প্ৰকৃতিৰ  সৌন্দৰ্যৰ প্ৰতি  মুগ্ধ হৈছে  আৰু  সেইবাবেই  কবিয়ে  প্ৰকৃতিৰ  সৌন্দৰ্যৰ  প্ৰশস্তি  কৰিছে ৷

৪/ কবিতাটোত  প্ৰকৃতিৰ  সুধাৰ  মাজত  কিদৰে  সুন্দৰৰ  সাধনা  লুকাই  আছে  বিৱৰি  লিখা  ৷

উত্তৰ : কবিয়ে  কৈছে  বেলিয়ে  পৃথিৱীক পোহৰ  দিছে আৰু  এই  পোহৰৰ  পৃথিৱীত নানা  গছ -গছনিয়ে  প্ৰকৃতিক নতুন  সাজেৰে  সজাই  তুলিছে ৷ চাৰিওফালে  গছ-গছনিয়ে দিয়া ফুলবোৰৰ  প্ৰাণ আনন্দৰে  ভৰি  পৰিছে ৷ মন্দিৰৰ  উপেক্ষিত  ৰোৱা  ৰবাব  ফুলেও  প্ৰেমৰ সুগন্ধ যাচিছে ৷ বনৰ চৰাই -চিৰিকটিয়ে  আনন্দত  ছন্দ ভৰি  থকা  সুমধুৰ  গান গাইছে আৰু  এই গানে  যেন পানী , মাটি আৰু আকাশত  দেৱতাৰহে  সন্ধান  কৰিছে ৷ প্ৰকৃতিৰ  সুধাৰ  মাজত  এইদৰে  সুন্দৰৰ  সাধনা  লুকাই  আছে ৷

৫/ ' প্ৰশস্তি ' কবিতাটোৰ  মূলভাৱ  লিখা  ৷

উত্তৰ : প্ৰশস্তি  কবিতাটিত  কবি  ৰঘুনাথ  চৌধাৰীদেৱে  প্ৰকৃতিৰ  সৌন্দৰ্যৰ  বৰ্ণনাৰ  লগতে  ইয়াৰ  সুন্দৰৰ  আৰাধানা  কৰিছে ৷ তেওঁ কৈছে  বেলিয়ে  পৃথিৱীক পোহৰ  দিছে আৰু  এই  পোহৰৰ  পৃথিৱীত নানা  গছ -গছনিয়ে  প্ৰকৃতিক নতুন  সাজেৰে  সজাই  তুলিছে ৷ চাৰিওফালে  গছ-গছনিয়ে দিয়া ফুলবোৰৰ  প্ৰাণ আনন্দৰে  ভৰি  পৰিছে ৷ মন্দিৰৰ  উপেক্ষিত  ৰোৱা  ৰবাব  ফুলেও  প্ৰেমৰ সুগন্ধ যাচিছে ৷ বনৰ চৰাই -চিৰিকটিয়ে  আনন্দত  ছন্দ ভৰি  থকা  সুমধুৰ  গান গাইছে আৰু  এই গানে  যেন পানী , মাটি আৰু আকাশত  দেৱতাৰহে  সন্ধান  কৰিছে ৷ কালৰাত্ৰিৰ  অন্ধকাৰ  নাশ কৰি  পুৱাৰ  সূৰ্য্যই  কঢ়িয়াই  অনা  সুন্দৰতা  অভিযানত অমৃতৰ  সন্তান  মানুহক জড়িত হ'বলৈ কবিয়ে অনুৰোধ  কৰিছে ৷ কীচক বেণুৱে  বতাহত  স্ৰষ্টাৰ গান  গাইছে  আৰু  কবিয়ে  ভক্তবৃন্দক তন্দ্ৰা (টোপনি)  ত্যাগ কৰি সুন্দৰৰ  ৰূপ  ধ্যান  কৰিবলৈ  কৈছে ৷

৬/ ' উঠা  হে  ঋত্বিক  ধ্যানী  অমৃতৰ  পুত্ৰ  ,

               উঠা  যত  মুক্তি  পদযাত্ৰী  ৷ '
- কবিয়ে  কিয়  এনেদৰে  আহ্বান  জনাইছে  বুজাই  লিখা  ৷

উত্তৰ :  কবিয়ে  ৰাতিপুৱাৰ  এক  মনোৰম  বৰ্ণনা  দিছে ৷ বেলিৰ  হেঙুলী  কিৰণ  পৰাৰ  লগে  লগে  গোটেই  প্ৰকৃতি  জগতখনতে  এক  অপৰূপ  সৌন্দৰ্যৰ  সৃষ্টি  কৰিছে ৷ কবিয়ে  কৈছে  যে  গোটেই  জগতখনেই  আনন্দ  সন্ধানী , আলোক  সন্ধানী  তেনেক্ষেত্ৰত  অমৃতৰ  সন্তান মানুহে  কিয়  পোহৰৰ  সন্ধান  কৰা  নাই  ৷ প্ৰকৃতিৰ  সন্মোহিনী সুধাৰ  মাজত  কবিয়ে  নেদেখাজনৰ অস্তিত্ব দেখিবলৈ  পাইছে ৷ সেয়ে  কবিয়ে  মানুহক  ঋত্বিক  ধ্যানী  অমৃতৰ  পুত্ৰ বুলি  উল্লেখ  কৰি  এলাহ  ত্যাগ  কৰিবলৈ  আহ্বান  জনাইছে ৷ 


৭/ সুন্দৰৰ  ৰূপ  ধ্যান  কৰিবলৈ  কবিয়ে  ভক্তবৃন্দক  কিয় আহ্বান  জনাইছে  বুজাই  লিখা  ৷

উত্তৰ :    কবিয়ে  পুৱাৰ  হেঙুলী  বেলিৰ  কিৰণে  প্ৰকৃতিৰ  ৰূপ  বৈচিত্ৰ্যক  জগাই  তুলি  কেনেদৰে  গোটেই  ধৰাকে  আনন্দিত  কৰিছে তাকে  বুজাবলৈ  প্ৰয়াস  কৰি  মানুহক  সুন্দৰৰ  সন্ধান  কৰিবলৈ  অনুৰোধ  কৰিছে ৷ 
           পুৱাৰ  হেঙুলী  বেলিয়ে  ভুমুকি  মৰাৰ  লগে লগে  গোটেই  প্ৰকৃতি  জগততে  অপৰূপ  সৌন্দৰ্য্যৰ  সৃষ্টি  হৈছে ৷ গছ -লতা  , চৰাই  চিৰিকটিৰ  লগতে  জল-স্থল , আকাশত  সুন্দৰতাৰ  আলোড়ন  উটিছে ৷ কীচক বেণুৱেও  বতাহত  আনন্দতে  নিজে  নিজে  সুৰ  তুলি  সৃষ্টি  কৰ্তাৰ  গান  গাইছে ৷ প্ৰকৃতিৰ সন্মোহিনী সুধাৰ  মাজত  কবিয়ে  বাৰে  বাৰে  নেদেখা  জনৰ অস্তিত্ব  দেখিবলৈ  পাইছে ৷ সেয়ে  কবিয়ে  ভক্তবৃন্দক  তন্দ্ৰা   ত্যাগ  কৰি  সুন্দৰৰ  ৰূপ  ধ্যান  কৰিবলৈ  আহ্বান  জনাইছে ৷


৮/ ব্যাখ্যা  কৰা  :


(ক)  উঠে  তৰু  শিৰে  শিৰে  বন  বিহংগৰ  
            ছন্দভৰা  সুমধুৰ  তান ,
       জল  স্থল  অন্তৰীক্ষ  সকলোতে  যেন
           দেৱতাৰ  মহা  অভিযান ৷

উত্তৰ ঃ  উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত ৰঘুনাথ  চৌধাৰীদেৱে বিৰচিত "প্ৰশস্তি" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
             এই  কবিতাফাঁকিৰ  জৰিয়তে  কবিয়ে  পুৱাৰ  হেঙুলীয়া  বেলিৰ  কিৰণে  জল-স্থল , আকাশ তথা  প্ৰকৃতি  জগতত  কিদৰে  আনন্দ  আৰু  উৎসৱমুখৰ  পৰিৱেশ  সৃষ্টি কৰিছে  তাকে  কব বিচাৰিছে ৷
        পোৱাৰ  হেঙুলীয়া  বেলিয়ে  কালৰাত্ৰিৰ  আন্ধাৰ  নাশ  কৰি  প্ৰকৃতিক  উজলাই  তোলে  ৷ বনৰ  চৰাই  চিৰিকটিৰ  গানে গোটেই  প্ৰকৃতি  জগতখনকে  মোহিত  কৰিছে ৷  চৌদিশে ফুলি  থকা  ফুলবোৰৰ প্ৰাণ আনন্দৰে  ভৰি  পৰিছে ৷ গোটেই  পৃথিৱীৰ  লগতে জল-স্থল , আকাশ আদিত  সুন্দৰৰ জয়গান  বাজি  উঠিছে ৷ কবিয়ে কল্পনা  কৰিছে গোটেই  পৃথিৱীখনেই  যেন নতুন  সাজ  পিন্ধি  আনন্দত  মতলীয়া  হৈ পৰিছে  ৷ প্ৰকৃতিৰ  এই  বিনন্দীয়ে  ৰূপে  সকলোতে  যেন দেৱতাৰ  কাণে কাণে মুক্তি পথ তথা সুন্দৰতাৰ  মহা  অভিযানৰ  বাতৰিহে  যোগালে ৷ 

(খ)  কৰি  দীৰ্ণ জৰাজীৰ্ণ  পুঞ্জীভূত  ক্লেদ
             শেষ  হ'ল  মহা  কালৰাত্ৰি  ,
        উঠা  হে  ঋত্বিক ধ্যানী  অমৃতৰ  পুত্ৰ
            উঠা  যত  মুক্তি  পদযাত্ৰী  ৷

উত্তৰ ঃ  উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত ৰঘুনাথ  চৌধাৰীদেৱে বিৰচিত "প্ৰশস্তি" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
             কবিয়ে  উক্ত  কথাফাঁকিৰ  জৰিয়তে  কালৰাত্ৰিৰ  অন্ধকাৰ  নাশ  কৰি  পুৱাৰ  সূৰ্য্যয়ে  কটিয়াই  অনা সুন্দৰতা  অভিযানত  অমৃতৰ  সন্তান  মানুহক  জড়িত  কৰিবলৈ  চেষ্টা  কৰিছে ৷ 
             কবিয়ে  ৰাতিপুৱাৰ  এক  মনোৰম  বৰ্ণনা  দিছে ৷ বেলিৰ  হেঙুলী  কিৰণ  পৰাৰ  লগে  লগে  গোটেই  প্ৰকৃতি  জগতখনতে  এক  অপৰূপ  সৌন্দৰ্যৰ  সৃষ্টি  কৰিছে ৷ কবিয়ে  কৈছে  যে  গোটেই  জগতখনেই  আনন্দ  সন্ধানী , আলোক  সন্ধানী  তেনেক্ষেত্ৰত  অমৃতৰ  সন্তান মানুহে  কিয়  পোহৰৰ  সন্ধান  কৰা  নাই  ৷ প্ৰকৃতিৰ  সন্মোহিনী সুধাৰ  মাজত  কবিয়ে  নেদেখাজনৰ অস্তিত্ব দেখিবলৈ  পাইছে ৷ সেয়ে  কবিয়ে  মানুহক  ঋত্বিক  ধ্যানী  অমৃতৰ  পুত্ৰ বুলি  উল্লেখ  কৰি  এলাহ  ত্যাগ  কৰিবলৈ  আহ্বান  জনাইছে ৷ 

(গ)  মোহন  কীচক  বেণু  অনাহত  ছন্দে
              গায়  মহামহিমৰ  গান ,
        মোহ  তন্দ্ৰালস  তেজি  উঠা  ভক্তবৃন্দ !
               সুন্দৰৰ  কাৰ  ৰূপধ্যান ৷

উত্তৰ ঃ  উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত ৰঘুনাথ  চৌধাৰীদেৱে বিৰচিত "প্ৰশস্তি" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 
           উক্ত  কবিতাফাঁকিৰ  জৰিয়তে  কবিয়ে  পুৱাৰ  হেঙুলী  বেলিৰ  কিৰণে  প্ৰকৃতিৰ  ৰূপ  বৈচিত্ৰ্যক  জগাই  তুলি  কেনেদৰে  গোটেই  ধৰাকে  আনন্দিত  কৰিছে তাকে  বুজাবলৈ  প্ৰয়াস  কৰি  মানুহক  সুন্দৰৰ  সন্ধান  কৰিবলৈ  অনুৰোধ  কৰিছে ৷ 
           পুৱাৰ  হেঙুলী  বেলিয়ে  ভুমুকি  মৰাৰ  লগে লগে  গোটেই  প্ৰকৃতি  জগততে  অপৰূপ  সৌন্দৰ্য্যৰ  সৃষ্টি  হৈছে ৷ গছ -লতা  , চৰাই  চিৰিকটিৰ  লগতে  জল-স্থল , আকাশত  সুন্দৰতাৰ  আলোড়ন  উটিছে ৷ কীচক বেণুৱেও  বতাহত  আনন্দতে  নিজে  নিজে  সুৰ  তুলি  সৃষ্টি  কৰ্তাৰ  গান  গাইছে ৷ প্ৰকৃতিৰ সন্মোহিনী সুধাৰ  মাজত  কবিয়ে  বাৰে  বাৰে  নেদেখা  জনৰ অস্তিত্ব  দেখিবলৈ  পাইছে ৷ সেয়ে  কবিয়ে  ভক্তবৃন্দক  তন্দ্ৰা   ত্যাগ  কৰি  সুন্দৰৰ  ৰূপ  ধ্যান  কৰিবলৈ  আহ্বান  জনাইছে ৷

ভাষা  বিষয়ক  ঃ
১/  অৰ্থ  লিখা ঃ

কিশলয়  , চিত্তহাৰী  , অন্তৰীক্ষ  , তন্দ্ৰালস  ৷

উত্তৰ  ঃ 

কিশলয়  ঃ কুঁহিপাত

চিত্তহাৰী  ঃ মন-প্ৰাণ হৰি  নিয়া ৷

অন্তৰীক্ষ  ঃ আকাশ

 তন্দ্ৰালস ঃ টোপনি  যোৱা  অৱস্থা

২/  বাক্য  ৰচনা  কৰা  ঃ

দশোদিশ  , উপেক্ষিত  ,  জৰাজীৰ্ণ  , অমৃত  , মোহ

উত্তৰ  ঃ 

দশোদিশ  ঃ বেলিয়ে  দশোদিশতে  পোহৰ  দিয়ে ৷

 উপেক্ষিত ঃ মন্দিৰৰ  উপেক্ষিত  ৰোৱা  ৰবাব  ফুলেও  প্ৰেমৰ সুগন্ধ যাচিছে ৷

 জৰাজীৰ্ণ  ঃ চহৰখন বৰ  জৰাজীৰ্ণ  অৱস্থাত  আছে ৷

  অমৃত  ঃ কবিয়ে  অমৃতৰ  সন্তান  মানুহক  কৈছে ৷

  মোহ  ঃ  টকা -পইচা  সংসাৰৰ  মোহ -মায়া মাত্ৰ ৷

৩/  সমাৰ্থক  শব্দ  লিখা ঃ

তৰু  , মুক্তি  , সুমধুৰ  , অভিযান  , ধ্যানী ৷

উত্তৰ   ঃ 

তৰু  ঃ  তৃণ

মুক্তি  ঃ মুকলি

সুমধুৰ  ঃ  শুৱলা

অভিযান  ঃ সন্ধান

ধ্যানী  ঃ মনযোগ



Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)