ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বৰগীত - দশম শ্ৰেণী - ( Class X - SEBA ) - কবিতা

Admin
1

   
                            

                               বৰগীত

                            ৰাগ  :  বসন্ত


শ্ৰীশ্ৰীমাধৱদেৱ  

মূলপাঠ   :  

ধ্ৰং ৷ ৷             হৰি  হেৰৰে  বাপ  পশিলো  শৰণে  ৷

                      নেৰিবা  বান্ধৱ  মোক  জীৱনে  মৰণে  ৷৷

পদ  ৷ ৷            সনক  সনন্দ  যোগী   যাহাকু   ধিয়ায়   ৷

                       সকল  নিগমে  যাক  বিচাৰি  নপায়  ৷৷ 
  
                       সহস্ৰ   বয়নে    যাৰ  নপাৱন্ত   সীমা  ৷

                      অধমে  জানিবো    কেনে  তোমাৰ  মহিমা  ৷

                       আতুৰ  ভৈলোহো  হৰি  বিষয়  বিকলে  ৷

                       কৰিয়ো  উদ্ধাৰ  মোক  চৰণ  কমলে  ৷৷

                       তোমাৰ  চৰণ  দুই  মোৰ  মহা  ধন  ৷

                       ভকত  জনেৰ  নিজ  তুমিসে   জীৱন  ৷ ৷

                       কৃপাৰ  সাগৰ  কৃপা   কৰা  এক  বাৰ  ৷

                      কাতৰ  কৰিয়া  লৈলো  শৰণ  তোমাৰ  ৷৷

                      কৃপা  কৰা  নাৰায়ণ  ছোড়  মোশ  পাশ  ৷

                       কহয়  মাধৱ  হৰি  দাসকু  দাস  ৷৷   

প্ৰশ্নাৱলী  :  
ভাব  বিষয়ক  :  

১/  চমুকৈ  প্ৰশ্নৰ  উত্তৰ   দিয়া  :  

(ক) " ......... নেৰিবা  বান্ধৱ  মোক  জীৱনে  মৰণে  ৷ '' ----- কবিয়ে  জীৱনে  মৰণে  নেৰিবৰ  বাবে  কাক  অনুৰোধ  কৰিছে  ?

উত্তৰ  :  কবিয়ে  জীৱনে  মৰণে  নেৰিবৰ  বাবে  ভগৱানক  অনুৰোধ  কৰিছে  ৷

(খ) সনক  সনন্দ  যোগী  যাহাকু  ধিয়ায়  ৷  ---- সনক  , সনন্দ  আদি  যোগীসকলে  কাক  ধ্যান  কৰে  বুলি  কৈছে  ?

উত্তৰ  :  সনক  , সনন্দ  আদি  যোগীসকলে  ভগৱানক  ধ্যান  কৰে  বুলি  কৈছে  ৷ 

(গ) কবি  কিহত  আতুৰ  হোৱা  বুলি  কৈছে  ?

উত্তৰ  :  কবি  বিষয়  বিকলে  আতুৰ  হোৱা  বুলি  কৈছে  ৷  

(ঘ) বৰগীতটি  কোনে  ৰচনা  কৰা  ?

উত্তৰ  :  বৰগীতটি  শ্ৰীশ্ৰীমাধৱদেৱ  কোনে  ৰচনা  কৰা  ৷

(ঙ) বৰগীতটি  কি  ৰাগত  বন্ধা  আছে  ?

উত্তৰ  :  বৰগীতটি  বসন্ত  ৰাগত  বন্ধা  আছে  ৷

(চ) কবিয়ে  ' বান্ধৱ ' বুলি  কাক  সম্বোধন  কৰিছে  ?

উত্তৰ  :  কবিয়ে  ' বান্ধৱ ' বুলি  ভগৱানক  সম্বোধন  কৰিছে ৷

(ছ) ' মোহ -পাশ '  মানে  কি  ?

উত্তৰ  :  ' মোহ -পাশ '  মানে  হ'ল  মায়াৰ  বন্ধন ৷ 

২/  বৰগীতটিৰ  মূলভাৱ  লিখা  ৷

উত্তৰ  :  মোৰ পিতৃ হিচাপে তোমাৰ চৰণত হৰণ ললো ।
যাতে আপোনাৰ আশীৰ্বাদ লৈ থাকিব পাৰোঁ । আপোনাৰ মহিমা অপৰিসীম , আপোনাৰ দয়া, গুণ আদিৰো কোনো সীমা নাই । যাৰ কোনো উদাহৰণ নাই । সনক সনন্দৰ দৰে বিখ্যাত যোগী সকলেও যোগ যোগ ধৰি ধ্যান কৰিও আপোনাৰ মহিমা নিৰ্ণয় কৰিব পৰা নাই । সীমাহীন জ্ঞান দিব পৰা শাস্ত্ৰয়েও আপোনাৰ মহিমাৰ কোনো সীমা বিচাৰি উলিয়াব পৰা নাই । মই এজন সাধাৰণ মানুহ হৈ কেনেকৈনো আপোনাৰ মহিমা উপলদ্ধি কৰিব পাৰিম । আপুনিয়েই হ'ল ভক্ত সকলৰ প্ৰাণ, আপোনাৰ বাহিৰে তেওঁলোকৰ কোনো নাই । গতিকে, প্ৰভূ মোক দয়া কৰি আপোনাৰ দাসৰো দাস হিচাপে থাকিবলৈ দিয়ক ।

৩/ বৰগীতটিৰ  ৰচকৰ  চমু  পৰিচয়  দিয়া  ৷

উত্তৰ  :  বৰগীতটিৰ ৰচকৰ নাম শ্ৰী শ্ৰী মাধৱ দেৱ । তেখেতৰ জন্ম হৈছিল লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত । তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে গোবিন্দগীৰি ভূঞা আৰু মনোৰমা । তেখেত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল । শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভ হল "নামঘোষা" । 
তেখেতৰ ৰচনা ৰাজি হল -- আখ্যান মূলক ৰচনা - ৰাজসূয়া কাব্য , আদি কাণ্ড ৰামায়ণ ।
তত্বমূলক ৰচনা - জন্ম ৰহস্য , ভক্তি ৰত্নাৱলী , নামমালিকা ।
নাটক - দধিমথন ।
ঝুমুৰা - চোৰধৰা , পিম্পৰা গুচুৱা , ভূমি লেটোৱা , ভোজনবিহাৰ ।

৪/ ব্যাখ্যা  কৰা  :  

(ক)     ''  সহস্ৰ   বয়নে    যাৰ  নপাৱন্ত   সীমা  ৷

          অধমে  জানিবো    কেনে  তোমাৰ  মহিমা  ৷  ''

উত্তৰ  :  উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ  অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে । 
      সীমাহীন জ্ঞান দিব  পৰা শাস্ত্ৰয়েও য'ত আপোনাৰ মহিমাৰ  সীমা উপলদ্ধি  কৰিব পৰা নাই । সনক সনন্দৰ দৰে ডাঙৰ ডাঙৰ যোগী সকলে যোগ যোগ ধৰি ধ্যান কৰি আপোনাৰ মহিমা উপলদ্ধি কৰিব পৰা নাই । মইনো এজন সাধাৰণ মানুহে আপোনাৰ মহিমা কেনেকৈ উপলদ্ধি কৰিম । 

(খ)   ''  আতুৰ  ভৈলোহো  হৰি  বিষয়  বিকলে  ৷

           কৰিয়ো  উদ্ধাৰ  মোক  চৰণ  কমলে  ৷৷ ''

উত্তৰ  :  উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' ৰ অন্তৰ্গত  শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে । 
           আতুৰ হলো মই প্ৰভু এই সংসাৰৰ মায়া  মোহত । আপুনিটো দয়াৰ সাগৰ প্ৰভো আপোনাৰ দয়া,মহিমাৰ কোনো সীমা নাই । অজস্ৰ জ্ঞান দিব পৰা শাস্ত্ৰয়েও আপোনাৰ মহিমাৰ কোনো উপলদ্ধি কৰিব পৰা নাই । সনক সনন্দৰ দৰে যোগী সকলে যোগ যোগ ধৰি ধ্যান কৰিও আপোনাৰ উপলদ্ধি কৰিব পৰা নাই । মই প্ৰভু আপোনাক প্ৰাৰ্থনা কৰিছো আপুনি মোক উদ্ধাৰ কৰি আপোনাৰ পদুম ফুলৰ দৰে কোমল ভৰি যোৰ চুবলৈ দিয়ক ।

(গ)   '' তোমাৰ  চৰণ  দুই  মোৰ  মহা  ধন  ৷

          ভকত  জনেৰ  নিজ  তুমিসে   জীৱন  ৷ ৷ ''

উত্তৰ  :  উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা '' অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে ।
          হে হৰি তোমাৰ পদুম হেন ভৰি যোগলত মোক হৰণ ল'বলৈ দিয়া । তোমাৰ ভৰি যোগলত হৰণ ল'বলৈ দিয়াতোৱে হ'ব মোৰ বাবে মহাধন । তুমি হলা দয়াৰ সাগৰ তোমাৰ দয়াৰ কোনো সীমা নাই । তোমিয়েই হলা ভকত সকলৰ প্ৰাণ তোমাৰ বাহিৰে আৰু ভকত সকলৰ কোনো নাই । 

৫/   '' সনক  সনন্দ  যোগী   যাহাকু   ধিয়ায়   ৷

          সকল  নিগমে  যাক  বিচাৰি  নপায়  ৷৷  ''
-------  তাৎপৰ্য   বিচাৰ  কৰা ঁ ৷

উত্তৰ  :  উক্ত বৰগীত ফাকি আমাৰ পাঠ্যপুথি  '' অসমীয়া  সাহিত্য  চয়নিকা ''  অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত "বৰগীত" টিৰ পৰা তুলি দিয়া হৈছে ।
           এই বৰগীতটিৰ যোগেদি কবিৰ ভগৱানৰ প্ৰতি গভীৰ মনোভাৱ প্ৰকাশ পাইছে । এই বৰগীতটিৰ যোগেদি কবিয়ে নিজকেই এজন সাধাৰণ মানুহৰ লগত তুলনা কৰিছে ।
            তোমাৰ প্ৰভু মসীমাৰ কোনো সীমা নাই । মহিমাৰ দৰেই তোমাৰ দয়াৰো সীমা নাই । তোমাৰ মহিমা আৰু দয়া সনক সনন্দৰ দৰে ডাঙৰ ডাঙৰ যোগী সকলে যোগ যোগ ধৰি ধ্যান কৰিও তোমাৰ মহিমাৰ কোনো সীমা উলিয়াব পৰা নাই । অজস্ৰ জ্ঞান দিব পৰা শাস্ত্ৰয়েও তোমাৰ মহিমাৰ কোনো উপলদ্ধি কৰিব পৰা নাই । মই এজন সাধাৰণ মানুহ হৈ কেনেকৈনো আপোনাৰ মহিমা উপলদ্ধি কৰিম ।

৬/ বৰগীতৰ  চাৰিটা  লক্ষণৰ  বিষয়ে  লিখা  ৷

উত্তৰ  :  বৰগীতৰ  চাৰিটা  লক্ষণ হ'ল -

(ক) বৰগীতসমূহ   শাস্ত্ৰীয়  ৰাগ-তালযুক্ত   গীত  ৷

(খ) বৰগীতৰ  ভাষা  বজ্ৰাৱলী  ৷

(গ) বৰগীতসমূহ  ভক্তিমূলক  তথা  ঈশ্বৰৰ  মাহাত্ম্য  প্ৰকাশক  ৷

(ঘ) নামধৰ্ম  প্ৰচাৰৰ  উদ্দেশ্যে  বৰগীতসমূহ  ৰচিত  ৷ 

ভাষা  বিষয়ক  :  

১/  তলত   দিয়া  শব্দকেইটাৰ  আধুনিক  ৰূপ  লিখা  :  

নপাৱন্ত  ,  কেনে  ,  ভৈলোহো  ,  তুমিসে  ,  জনেৰ  , কহয়  ৷

উত্তৰ  :  
                     নপাৱন্ত  -  নাপায়
                     
                         কেনে  -  কেনেকৈ
                   
                   ভৈলোহো   - হ'ল
                     
                       তুমিসে    - তুমিয়েই
                       
                        জনেৰ  - জনৰ
                       
                          কহয়  - কয় 

২/  বজ্ৰাৱলী   ভাষাৰ  বৈশিষ্ট্যসমূহ  উল্লেখ  কৰা  ৷

উত্তৰ  :   বজ্ৰাৱলী   ভাষাৰ  বৈশিষ্ট্যসমূহ  তলত  উল্লেখ  কৰা  হ'ল  :

(ক) বজ্ৰাৱলী   ভাষাৰ  মূল  ভেটি  হ'ল  মৈথিলী  ৷

(খ) ই  এক  কৃত্ৰিম  সাহিত্যিক  ভাষা  ৷

(গ) বজ্ৰাৱলী  ভাষাটো  এহাতে  শক্তিশালী  আৰু  স্বৰধ্বনিৰ  অধিক  প্ৰয়োগৰ  বাবে  শ্ৰুতিমধুৰ ৷

(ঘ) পশ্চিমা  হিন্দীৰ  অপভ্ৰংশ  বজ্ৰভাষাৰ  লগত  ইয়াৰ  কোনো  সম্পৰ্ক  নাই  ৷  

Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment