ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

HISTORY MODEL QUESTIONS ৷৷ CLASS12 ৷৷ AHSEC - বুৰজ্ঞী / ইতিহাস [FOR 2 MARK ] -2017

Admin
0

HISTORY  MODEL  QUESTIONS ৷৷ FOR CLASS 12 ৷৷  2017

1. হৰপ্পীয়  সভ্যতাৰ  যিকোনো  দুটা  বৈশিষ্ট্য উল্লেখ  কৰা  ৷

উত্তৰ :  (ক) পৰিকল্পিত নগৰ  (খ) নলা নৰ্দমাৰ ব্যৱস্থা ৷ 

2. চণ্ডালসকলৰবাবে  ' মনুস্মৃতি 'য়ে  নিৰ্ধাৰণ  কৰা  যিকোনো  দুটা  কৰ্তব্য  লিখা ৷

উত্তৰ : (ক) চণ্ডালসকলে গাঁৱৰ বাহিৰতো বসবাস কৰিবলগীয়া হৈছিল ৷ তেওঁলোকে পেলনীয়া বাচন-বৰ্তন ব্যৱহাৰ কৰাৰ  লগতে মৃতকৰ কাপোৰ কানি তথা লোৰ আ অলংকাৰ পৰিধান কৰিছিল ৷ 
(খ) আত্মীয় স্বজন নথকা লোকৰ মৃতদেহ সৎকাৰ কৰাটোও চণ্ডালসকলৰ দায়িত্ব আছিল ৷ 

3. আজান  পীৰৰ  আচল নাম  কি  আছিল  ?  তেওঁক  আজান পীৰ  নামেৰে  কিয় জনা  যায়  ?

উত্তৰ :  আজান পীৰৰ আচল নাম আছিল শ্বাহ মিলন ৷ 
 পাপ্য তথ্য অনুসৰি আজানপীৰে তেতিয়াৰ আহোম ৰজাৰ  ৰাজধানী গড়গাঁৱৰ ওচৰত থকা চোনপুৰা ঠাইডোখৰত এটা মছ্জিদ সজাইছিল ৷ তেওঁ মুছলমানসকলক আজান দি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছিল বাবে তেওঁ আজান পীৰ নামেৰে জনাজাত ৷ 

4. 1873  চনৰ  অন্তৱৰ্ত্তী  সিমা নিয়ন্ত্ৰণ আইন বুলিলে কি বুজা ?

উত্তৰ :  বৃটিছ ইষ্টইণ্ডিয়া কোম্পানীয়ে যেতিয়া ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে অসমখনক তেওলোকৰ সম্ৰাজ্যৰ  অন্তৰ্গত কৰিলে - তেতিয়া অসমত বাস  কৰা ৰাজমুকুটৰ  আমোললৈ ভাৰতৰ শাসনভাৰ নিয়াৰ পিছত ভেয়ামৰ মানুহৰ পৰা পাহাৰীয়া লোকসকলৰ মাজত 1873 চনত আইন এখন বিধিবদ্ধ কৰে , যিখনক অন্তৱৰ্থী সিমা নিয়ন্ত্ৰণ আইন বোলা হয় ৷ 

5. মধ্যযুগীয়  ভাৰতত  কৃষি উৎপাদন বৃদ্ধিৰ বাবে কি  কি  প্ৰযুক্তি  ব্যৱহাৰ কৰিছিল ?

উত্তৰ : ভূমিৰ প্ৰাচুৰ্যতা , সহজ লভ্য শ্ৰমিক আৰু কৃষকৰ ঘৰ বাসস্থান এৰিব পৰা গুণ আদি কাৰকে নিৰৱচ্ছিন্ন ভাৱে কৃষি উৎপাদন বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷ 

6. ভক্তিমাৰ্গৰ  ' স -গুণ ' আৰু ' নিৰ্গুণ ' ধাৰা  বুলিলে  কি বুজা ?

উত্তৰ : ভক্তিমাৰ্গৰ ' স-গুণ ' ধাৰাত শিৱ , বিষ্ণু আৰু তেওঁৰ অৱতাৰ সমূহ আৰু দেৱী মূৰ্ত্তিৰ উপাসনাক সামৰি লোৱা হৈছে ৷ সেই সকলো বিলাক দেৱ - দেৱীক পাৰ্থিব নৰ-নাৰীৰ আৰ্হীত কল্পনা কৰি  লৈছিল ৷ 
   আনহাতে ' নিৰ্গুণ ' ধাৰাত ভক্তি উপাসনা পদ্ধতিত ভগৱানক নিৰাকাৰ ৰূপে মানি লোৱা হৈছে ৷ 

7. হাম্পী প্ৰথমে কোনে আৰু কেতিয়া  আৱিস্কাৰ  কৰে ?

উত্তৰ :  1800 চনত আৰু কৰ্ণেল কলিন মেকাঞ্জি নামৰ অভিযন্তাই ৷ 

8. আবুল  ফজলে চিত্ৰক কিয় ' ভেল্কিবাজি কলা  ' বুলি  কৈছিল ?

উত্তৰ : আবুল  ফজলে চিত্ৰবিলাকক " ভেল্কিবাজি কলা " ৰূপে বৰ্ণনা কৰিছিল ৷ কাৰণ তেওঁৰ মতে চিত্ৰই নিৰ্জীব পদাৰ্থকে জীৱন্ত ৰূপত প্ৰতিভাত হৈ পৰাত সহায় কৰিছিল ৷ 

9. খিলফৎ আন্দোলনৰ নেতাদ্বয়ৰ নাম কি ?

উত্তৰ : মহম্মদ  আলী আৰু মৌলানা চৌকত আলী ৷ 

10. মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাৰতৰ জাতীয় ভাষা  হ'ব লাগে বুলি কিয় বিবেচনা কৰিছিল ?

উত্তৰ :  মহাত্মা গান্ধীয়ে  হিন্দী  ভাষাক ৰাষ্ট্ৰীয় ভাষা হোৱাটো বিচাৰিছিল ৷ কিয়নো তেওঁ উপলব্ধি কৰিছিল প্ৰত্যেকে এটা ভাষা ক'ব লাগে , যিটো সাধাৰণ মানুহে সহজতে বুজি পায় ৷ হিন্দুস্থানী -হিন্দী আৰু উৰ্দু সংমিশ্ৰণ ভাৰতৰ  বৃহৎ সংখ্যক মানুহৰ এটা জনপ্ৰিয় ভাষা ৷ মৃত্যুৰ কেইমাহমানৰ  আগতে মহাত্মা গান্ধীয়ে ভাষাৰ প্ৰশ্নটোৰ ওপৰত পুনৰুিক্ত দিছিল এই হিন্দুস্থানী , সংস্কৃত মিহলি হিন্দী বা পাৰ্চী মিহলি উৰ্দু হোৱা উচিত  নহয়  , কিন্তু দুয়োটাৰে এক মুখৰ মিশ্ৰণ হোৱা উচিত ৷ বেলেগ বেলেগ আঞ্চলিক , ভাষাৰ শব্দ প্ৰয়োজন অনুসৰি ইয়াত অন্তৰ্ভূক্ত কৰাৰো অনুমতি থকা উচিত ৷ তেও আৰু কৈছিল , এজনক হিন্দী বা উৰ্দুত  আবদ্ধ কৰি  ৰখাটো জ্ঞানৰ আৰু দেশপ্ৰেমৰ উদ্যমেৰে বিৰুদ্ধে কৰা এটা অপৰাধ ৷ মুঠতে মহাত্মা গান্ধীয়ে ৰাষ্ট্ৰীয় ভাষা হিচাপে হিন্দীৰ হিন্দুস্থানী মিশ্ৰিত গুণৰ ওপৰত বিশ্বাস অটুট ৰাখিছিল ৷ 

11. ' কাচবাহ ' আৰু ' গাঞ্জা ' কি আছিল ?

উত্তৰ : কাচবাহৰ  অৰ্থ হৈছে দেশৰ  এখন সৰু চহৰ ৷ গঞ্জৰ অৰ্থ হৈছে সৰু নিৰ্দিষ্ট মূল্যৰ বিক্ৰীৰ সৰু বজাৰ ৷ দুয়োটা শব্দ মিলি কাপোৰ , ফলমূল , শাক-পাচলি আৰু গাখীৰৰ  দ্বাৰা তৈয়াৰী সামগ্ৰী, সামৰিক আৰু ধনী শ্ৰেণীৰ লোকৰ বাবে এই দ্ৰব্যবোৰ পোৱাৰ ঠাই ৷ 

12. ভাৰতীয় জাতীয়  আন্দোলনত  গান্ধীজীৰ লোণ যাত্ৰা কিয় গুৰুত্বপূৰ্ণ আছিল ?

উত্তৰ : ভাৰতীয়  জাতীয়  আন্দোলনত  গান্ধীজীৰ  লোণ যাত্ৰা গুৰুত্বপূৰ্ণ হোৱাৰ  দুটা কাৰণ হ'ল  : 
   (ক)   মহাত্মা গান্ধী  আৰু তেওঁৰ  অনুগামীসকলে লোণ তৈয়াৰ  কৰিবৰ  বাবে  আৰৱ সাগৰৰ দাণ্ডীলৈ  যাত্ৰা কৰিছিল যাতে  লোণ তৈয়াৰ কৰাৰ চৰকাৰী  আইনখন ভংগ হয় কাৰণ সেই সময়ত ব্যক্তিগতভাৱে লোণ তৈয়াৰ কৰাটো নিষিদ্ধ আছিল ৷ এই  যাত্ৰাৰ জৰিয়তে সাধাৰণ প্ৰজাই ব্ৰিটিছৰ বিৰূদ্ধে থিয়  হৈছিল ৷ 
 (খ) লোণ আন্দোলনৰ সময়চোৱাত বহুতো চৰকাৰী চাকৰিয়ালক চাকৰি ত্যাগ কৰিবলৈ গান্ধীয়ে অনুৰোধ কৰিছিল আৃৰু স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ কৈছিল আৰু সেইমতে তেওঁলোকেও গান্ধীৰ কথা মানিছিল ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)