ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

HISTORY MODEL QUESTIONS ৷৷ CLASS12 ৷৷ AHSEC - বুৰজ্ঞী / ইতিহাস [FOR 2 MARK ] -2018

Admin
2

HISTORY  MODEL  QUESTIONS ৷৷ FOR CLASS 12 ৷৷  2018

1. হৰপ্পীয়  সংস্কৃতিৰ  ধৰ্মীয়  বিশ্বাস  সম্পৰ্কে  চমুকৈ  লিখা ৷ 

উত্তৰ : ঐতিহাসিক আৰ চি  মজুমদাৰৰ  মতে  সিন্ধু সভ্যতা বা হৰপ্পা  সভ্যতাৰ  সময়ত মাতৃপূজাৰ  প্ৰচলন  আছিল ৷  খনন কাৰ্যৰ ফলত  উদ্ধাৰ হোৱা বহু  দেৱ-দেৱীৰ পৰা  মাতৃপূজাৰ প্ৰচলনৰ  কথা  জনা  যায়  ৷ দেৱী শক্তিৰ  প্ৰতীক  ৷ অ্ৱশ্য  পিছৰ  কালৰ  শক্তি পূজাৰ সৈতে দেৱী  পূজাৰ  সাদৃশ্য নাথাকিবও পাৰে ৷ তেনে হ'লেও মূল বিশ্বাসৰ ক্ষেত্ৰত  ধাৰণাটো একেই আছিল ৷ হৰপ্পা সভ্যতাত  দেৱী  আছিল  শক্তি আৰু  উৰ্বতাৰ  প্ৰতীক ৷ মাটি  খান্দি  পোৱা কোনো  মূৰ্তিত  জুহৰ  ধোৱা লগাৰ  চিন  পোৱা গৈছে ৷  ইয়াৰ  পৰাই  সেই  সময়তো মূৰ্তিৰ আগত  ধূপ-ধূনা জ্বলাই  পূজা  কৰাৰ  প্ৰমাণ  পোৱা  যায় ৷ মহেঞ্জোদাৰোত  উদ্ধাৰ হোৱা চীল  মোহৰত  ধ্যানমগ্ন চক্ষু  মূদ্ৰিত পদ্মাসনত  উপবিষ্ট  এটা মূৰ্তি  দেখিবলৈ   পোৱা  গৈছে ৷  মূৰ্তিটোৰ  তিনিটা  মূৰ , তিনিটা  শি ং  আৰু  তিনিখন মুখ আছিল  ৷ মূৰ্তিটোৰ চাৰিওপিনে জীৱ - জন্তুৱে আৱৰি আছে  ৷  বহুতো পণ্ডিতে এইটো শিৱৰ  পূৰ্ণ সংস্কৰণ  বুলি ক'ব খোজে ৷ কাৰণ শিৱক  ত্ৰিমূৰ্তি , পশুপতি  আৰু  মহাযোগী  বুলি  কোৱা  হয় ৷  মূৰ্তিটোৰ মূৰত থকা  শিঙক  ত্ৰিশূলৰ  পূৰ্ব সংস্কৰণ  বুলি  ধৰি  ল'ব  পাৰি  ৷  এনে  দেৱতাক  বহুতে  উৰ্বৰতাৰ  দেৱতা  বুলি  অনুমান  কৰিছিল ৷  
              

2. 'বহিৰ্বিবাহ  আৰু  অন্তৰ্বিবাহ ' বুলিলে  কি  বুজা  ? 

উত্তৰ : নিজৰ  জাতিগোষ্ঠীৰ  বাহিৰত  অন্য  জাতি  গোষ্ঠীৰ মাজত  সম্পন্ন  হোৱা  বিবাহক  বহিৰ্বিবাহ  বোলা হয়  ৷  আনহাতে  এখন  ঠাইত  একেলগে  বাস কৰা আৰু  একে জাতি গোষ্ঠীৰ  মাজত  সম্পন্ন হোৱা বিবাহক  অন্তৰ্বিবাহ বুলি কোৱা হয় ৷ 

3. ' ব্ৰহ্মোত্তৰ '  আৰু  ' ধৰ্মত্তোৰ ' বুলিলে  কি বুজা ? 

উত্তৰ :  ব্ৰাহ্মণসকলক  দান  কৰা  মাটিক  ' ব্ৰহ্মোত্তৰ ' মাটি  আৰু  মন্দিৰৰ  বাবে  দান কৰা  মাটিক ' ধৰ্মত্তোৰ ' বুলি  জান  গৈছিল ৷ 

4. বুৰজ্ঞী  কি  ?  আহোম যুগত  ৰচিত  এখন  বুৰজ্ঞীৰ  নাম  লিখা ৷ 

উত্তৰ :  আহোম যুগত  আৰু   তাৰ  পিছত  অসমীয়া  ভষাত  ইতিহাসৰ  বিভিন্ন  ঘটনাৰাজি  সংৰক্ষিত  থোৱা  গ্ৰন্থক বুৰজ্ঞী  বোলা  হয়  ৷ 
          আহোম  যুগত  ৰচনা  কৰা  এখন বুৰজ্ঞী হ'ল -  টুংখুঙীয়া  বুৰজ্ঞী ৷ 

5. 1858  চনত  বৃটিছে  ফাঁচী দিয়া  অসমৰ  বিদ্ৰোহী দুগৰাকীৰ  নাম  লিখা ৷ 

উত্তৰ : মণিৰাম  দে্ৱান আৰু পিয়লী  বৰুৱা ৷ 

6. মিলকিয়াত  কি  ? 

উত্তৰ : জমিদাৰসকলৰ  ব্যক্তিগত  মাটিবোৰক  মিলকিয়াত  বোলা  হয়  ৷ 

7. কিতাবখানা  বুলিলে  কি  বুজা  ? 

উত্তৰ : য'ত  বিভিন্ন ধৰণৰ  কিতাপ  সংৰক্ষিত  কৰি  থোৱা হয়  তাকে  কিতাপখানা বুলি  জান  যায় ৷ 

8. 1857  চনৰ  বিদ্ৰোহীৰ  দুগৰাকী  নেত্ৰীৰ  নাম  লিখা ৷ 

উত্তৰ : ঝান্সীৰ  ৰাণী  লক্ষ্মীবাই  আৰু  অযোধ্যাৰ  ৰাণী বেগম হজৰত মহল ৷ 

9. 1929  চনৰ  লাহোৰ  কংগ্ৰেছ অধিৱেশন  ভাৰত  বুৰজ্ঞীত  কিয়  গুৰুত্বপূৰ্ণ ? 

উত্তৰ : 1929  চনৰ  লাহোৰ  কংগ্ৰেছ  অধিৱেশনত  কংগ্ৰেছৰ সদস্যসকলে  ' পূৰ্ণ স্ৱৰাজ 'ৰ  দাবী উত্থাপন  কৰিছিল ৷                                                                                       

10. ভাৰত  বিভাজনৰ  অভিজ্ঞা মহিলাসকলৰ  কেনে  আছিল  বৰ্ণনা কৰা ৷ 

উত্তৰ :  ভাৰত  বিভাজনৰ  সময়ত মহিলাসকলৰ  অতি  ভয়ানক তথা  দুখলগা আছিল ৷ সকলো ফালৰ  পৰাই মহিলাসকল  আক্ৰমণ বলি হ'ব  লগাত  পৰিছিল ৷ আক্ৰমণকাৰীসকলে যুদ্ধত জয় কৰা  ভূ - খণ্ডৰ দৰে মহিলাসকলৰ  শৰীৰক  ব্যৱহাৰ  কৰিছিল ৷ বহু  নাৰী  বলৎকাৰৰ  সন্মুখীন হোাৱৰ  লগতে  বেচা - কিনাৰ  সামগ্ৰীত পৰিণত হৈছিল ৷ মহিলাসকলক আনকি  অচিনাকি তথা নজনা - নিচিনা মানুহৰ  লগত সংসাৰ কৰিবলৈ  বাধ্য  কৰোৱা  হৈছিল ৷ 

11. ভাৰতত  অস্পৃশ্যতাৰ  নিৰ্মূলৰ  বাবে  সংবিধান সভাই অনুমোদন  জনোৱা  দুটা  ব্যৱস্থা উল্লেখ  কৰা ৷ 

উত্তৰ : শিক্ষাৰ  প্ৰসাৰ আৰু  জাতিভেদ  প্ৰথা নিৰ্মূল  ৷ 

12. ' আলাৱাৰ '  আৰু  ' নায়ানাৰ '  সকল  কোন  আছিল  ? 

উত্তৰ :  আলাৱাৰ  :  ষষ্ঠ  শতিকাৰ  পৰাই  এচাম  ভক্তই  বিষ্ণৰ  ওপৰত  অটল  বিশ্বাস  ৰাখি ভক্তিভাৱ  প্ৰদৰ্শন কৰে  আৰু  বিষ্ণুৰ  বিভিন্ন  কৰ্মৰাজিত  নিজকে  নিষ্ঠাসহকাৰে  সেৱা  বা  ভক্তি  আগবঢ়ায়  তেওঁলোকক  আলোৱাৰ  বোলা  হয়  ৷  
  ঠিক একেদৰে  শিৱৰ  ভক্তসকলেও  একেৰকমে  সেৱা  বা  ভক্তি আগবঢ়ায়  আৰু  বিভিন্ন  তীৰ্থস্থানত  তেওঁলোকৰ  উপাস্য  দেৱতাই  বিৰাজ  কৰা  বুলি  গভীৰ  বিশ্বাস  কৰে  ৷  তেওঁলোকক  নয়নাৰ  বোলা  হয় ৷ 

  

Post a Comment

2Comments

Please don't use spam link in the comment box.

Post a Comment