HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2015
1. Furthur Excavations at Mohenjo-daro কোনে লিখিছিলে ?
উত্তৰ : Ernest Mackay .
2. ' ভাৰতীয় পুৰাতত্ববিজ্ঞানৰ পিতৃ ' বুলি কাক জনা যায় ?
উত্তৰ : আলেকজেণ্ডাৰ কানিংহাম ৷
3. কৌৰৱসকলৰ মাতৃ কোন আছিল ?
উত্তৰ : গান্ধাৰী ৷
4. আজান পীৰৰ দৰগাহ ক'ত আছিল ?
উত্তৰ : শিৱসাগৰৰ পৰা 22 কিলোমিটাৰ দূৰত শৰাগুৰি চাপৰিত অৱস্থিত ৷
5. অসম এচ'চিয়েনৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰ : তৰুণৰাম ফুকন ৷
6. ' ৰিহলা ' গ্ৰন্থৰ ৰচক কোন আছিল ?
উত্তৰ : ইবন বটুতা ৷
7. ' জিন্মা ' মানে কি ?
উত্তৰ : জিমিসকলৰ বেছিভগেই হিন্দু আছিল আৰু যিসকল মুছলমান শাসকবৰ্গৰ কিছুমানে প্ৰৱৰ্তন কৰা জিজিয়া কৰ পৰিশোধ কৰিছিল ৷ এই শব্দৰ দ্বাৰাই সেইসকল লোকক বুজোৱা হৈছিল ৷
8. নিজৰ মাতৃৰ স্মৃতিত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰখনৰ নাম কি ?
উত্তৰ : নগল পুৰম ৷
9. বংগদেশত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ : গৰ্ৱণৰ জেনেৰেল কৰ্ণৱালিছ ৷
10. ' জোতাদাৰ ' সকল কোন আছিল ?
উত্তৰ : ধনী শ্ৰেণীৰ খেতিয়ক আছিল ৷
11.'কৰ বা মৰা ' শ্লোগানটো কোনে দিছিল ?
উত্তৰ : মহাত্মা গান্ধীয়ে ৷
12. ' চাৰে -জাঁহা - সে - আচ্ছা ' - গানটোৰ ৰচক কোন ?
উত্তৰ : মহম্মদ ইকবাল ৷
Please don't use spam link in the comment box.