HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2016
1. ' ভাৰতত পুৰাতত্ব জৰীপ ' বিভাগৰ প্ৰথমজন সঞ্চালক - প্ৰধান কোন আছিল ?
উত্তৰ : জন মাৰ্চাল ৷
2. মগধৰ আদি ৰাজধানী ক'ত আছিল ?
উত্তৰ : ৰাজাগৃহ নামৰ ঠাইত ৷
3. গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল ?
উত্তৰ : নেপালৰ কপিলাবস্ত্তৰ নামে ঠাইত ৷
4. মাটিৰ ঢিপ কি ?
উত্তৰ : মাটিৰ ওপৰত ওখকৈ তৈয়াৰ কৰা ঢিপক মাটিৰ ঢিপ বোলে ৷
5. কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ট ৰজা কোন আছিল ?
উত্তৰ : মহাৰাজ নৰনাৰায়ণ ৷
6. আৰবী ভাষাত লিখা আলবেৰুণীৰ কিতাপখনৰ নাম কি ?
উত্তৰ : কিতাব -উল - হিন্দ ৷
7. জিনচ্ - ই - কামিল মানে কি ?
উত্তৰ : ভাৰতৰ মধ্যযুগত কপাহ , কুঁহিয়াৰ আদি শস্যবোৰক জিনচ্ - ই - কামিল বোলা হয় ৷
8. ' আকবৰনামা ' লিখক কোন ?
উত্তৰ : আবুল ফজল ৷
9. 1857 চনৰ বিদ্ৰোহ প্ৰথমে ক'ত আৰম্ভ হৈছিল ?
উত্তৰ : মীৰাট চহৰত ৷
10. ফ 'ৰ্ট উইলিয়াম ভাৰতৰ কোনখন চহৰত অৱস্থিত ?
উত্তৰ : কলিকতাত ৷
11. ' চাৰে -জাঁহা - সে - আচ্ছা হিন্দুস্তাঁ হামাৰ ' - গীতটো কোনে ৰচনা কৰিছিল ?
উত্তৰ : মহম্মদ ইকবাল ৷
12. শাহুকাৰসকল কোন আছিল ?
উত্তৰ : টকা ধাৰে দিয়া আৰু লগতে বেপাৰত লগা সকলক চাহুকাৰ বোলা হৈছিল ৷
Please don't use spam link in the comment box.