HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2012
1. ভাৰতবৰ্ষৰ পুৰাতত্বৰ পিতা হিচাপে কাক আখ্যা দিয়া হয় ?
উত্তৰ : জন মাৰ্চাল ৷
2. ' অৰ্থশাস্ত্ৰ ' পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰ : কোটিল্য ৷
3. ' ত্ৰিপিটক ' শব্দটোৰ আক্ষৰিক অৰ্থ কি ?
উত্তৰ : বুদ্ধদেৱৰ শিকনি বা বাণীবোৰক একলগে থূপাই শিষ্যসকলে সংকলন কৰিছিল ৷ তেওঁলোকে মৃত্যুৰ পাছত তাকেই ত্ৰিপিটক বোলা হৈছিল ৷
4. ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ?
উত্তৰ : 1826 চনত ৷
5. কবীৰৰ অনুগামীসকলক কি বুলি জনা গৈছিল ?
উত্তৰ : কবীৰপন্থী ৷
6. বুচানন কোন আছিল ?
উত্তৰ : বুচানন এজন বৃটিছ ডাক্তৰ আছিল আৰু বংগদেশৰ চিকিৎসা সেৱাত নিযুক্ত হৈ 1794 ৰ পৰা 1815 চনলৈ সেৱা আগবঢ়াইছিল ৷
7. 1857 চনৰ বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিল ?
উত্তৰ : মীৰাট চহৰত ৷
8. ভাৰতত ক'ত ' ফ'ৰ্ট উইলিয়াম ' দুৰ্গ অৱস্থিত ?
উত্তৰ : কলিকতা ৷
9. কোনে ' পাকিস্থান ' ্শব্দটোৰ ৰূপ দিছিল ?
উত্তৰ : চৌধৰী ৰেহমৎ আলি ৷
10. স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল ?
উত্তৰ : ড ° ৰাজেন্দ্ৰ প্ৰসাদ ৷
Please don't use spam link in the comment box.