HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2019
1. সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰসমূহত দুৰ্গ নগৰ নামনিৰ নগৰতকৈ কেনেদৰে পৃথক আছিল ?
উত্তৰ : সিন্ধূ উপত্যকাৰ সভ্যতাৰ নগৰসমূহত দূৰ্গ নগৰ নামনিৰ সম্পৰ্ণৰূপে পৃথক কাৰণ এভাগ আছিল ক্ষুদ্ৰাদিক্ষুদ্ৰ কিন্তু উচ্চতৰ স্থানত অৱস্থিত আৰু আনভাগ যথেষ্ট বৃহদাকাৰ হ'লেও ই উচ্চতাত নিম্ন
2. ' অগ্ৰহাৰ ' কি আছিল ?
উত্তৰ : অগ্ৰহাৰ হ'ল এটা বৃহৎ ভূমি আৰু তাৰ পৰা ৰাজসিক আয় সংগ্ৰহ কৰা পৰম্পৰাগতভাৱে চলি অহা এজন ৰজা আৰু এখন সম্ভ্ৰান্ত পৰিয়াল ৷ ধৰ্মীয় কাৰণত নিৰ্দিষ্টভাৱে ব্ৰাহ্মণসকলে সেই ভূমিৰ মন্দিৰবিলাক পৰিচালনা কৰিছিল আৰু সিহঁতৰ পৰিয়াল সুচাৰুৰূপে বজাই ৰাখিছিল ৷
3. মৌৰ্যসকলৰ পিছতে ক্ষমতাধিষ্টিত হোৱা ৰাজবংশ দুটাৰ নাম কি ?
উত্তৰ : (ক) কুশান ৰাজবংশ (খ) পণ্ডিত ৰাজবংশ ৷
4. ঊনবিংশ শতিকাত অসমত সংঘটিত দুটা কৃষক বিদ্ৰোহৰ নাম উল্লেখ কৰা ৷
উত্তৰ : ফুলগুৰি কৃষক বিদ্ৰোহ আৰু পথৰুঘাট বিদ্ৰোহ ৷
5. মধ্যযুগত ভাৰতৰ যিকোনো দুজন চুফী সন্তপুৃৃৰুষৰ নাম লিখা ৷
উত্তৰ : ৰামানুজ আৰু বল্লভাচাৰ্য ৷
6. ' জমা ' আৰু ' হাছিল ' মানে কি বুজা ?
উত্তৰ : ' জমা ' আৰু ' হাছিল ' মানে প্ৰথমে মূল্যায়ন আৰু তাৰ পিছত প্ৰকৃত সংগ্ৰহ কৰাকে বুজো ৷ জমা ৰাশিৰ মাত্ৰা নিৰূপণ কৰা হৈছিল যেতিয়া হাসিলৰ পৰিমাণ সংগৃহীত বা গৃহীত কৰা হৈছিল ৷
7. ষষ্ঠ - সপ্তদশ শতিকাত ভাৰতত মহিলাৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল দুটা হস্তশিল্পৰ নাম উল্লেখ কৰা ৷
উত্তৰ : সূতাকটা আৰু মাটিৰ পাত্ৰ ৷
8. মোগল সম্ৰাটসকলে গঢ়ি তোলা দুখন ৰাজধানী নগৰৰ নাম লিখা ৷
উত্তৰ : ফাতেহপুৰ আৰু চিক্ৰী ৷
9. ' পঞ্চম প্ৰতিবেদন ' কি আছিল ?
উত্তৰ : ' পঞ্চম প্ৰতিবেদন ' খন বৃটিছ পাৰ্লিয়ামেণ্টত 1813 খ্ৰীষ্টাব্দত দাখিল কৰা হৈছিল ৷ এই প্ৰতিবেদনখনক পঞ্চম প্ৰতিবেদন হিচাপে স্বীকৃতি দিয়া হয় কাৰণ এই প্ৰতিবেদনখনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰ্যকৰণৰ বিষয়ে পঞ্চকৃতভাৱে বিচাৰ কৰিছিল ৷
10. অসহযোগ আন্দোলনৰ যিকোনো দুটা কাৰ্যসূচী লিখা ৷
উত্তৰ : (ক) চৰকাৰী অনুমোদিত স্কুল আৰু কলেজৰ বহিস্কাৰ
(খ) আইন আদালত আৰু বিদেশী কাপোৰ বহিস্কাৰ ৷
11. কোনে ' প্ৰত্যক্ষ সংগ্ৰাম ' আহ্বান জনাইছিল আৰু ইয়াৰ বাবে কোনটো দিন বাছি লোৱা হৈছিল?
উত্তৰ : মহম্মদ আলী জিন্নাহে আৰু ইয়াৰ বাবে 16 আগষ্ট , 1946 তাৰিখৰ দিনটো বাছি লোৱা হৈছিল ৷
12. ভাৰতৰ সংবিধান সভাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিকোনো দুজন সদস্যৰ নাম লিখা ৷
উত্তৰ : ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু ড° হৰেন্দ্ৰ কুমাৰ মুখাৰ্জী
Please don't use spam link in the comment box.