HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2018
1. সিন্ধু উপত্যকাৰ সভ্যতা প্ৰথমে ক'ত আবিস্কাৰ হৈছিল ?
উত্তৰ : হৰপ্পাত ৷
2. ' তামিলাকম্ ' কি ?
উত্তৰ : ভৌগলিকভাৱে পুৰণি তামিল লোকসকলে বসবাস কৰা ঠাইখিনিক ' তামিলাকম্' বুলি কোৱা হৈছিল ৷
3. ' ত্ৰিপিটক ' শব্দৰ অৰ্থ কি ?
উত্তৰ : বুদ্ধদেৱৰ শিকনি বা বাণীবোৰক একলগে থূপাই শিষ্যসকলে সংকলন কৰিছিল তেওঁৰ মৃত্যুৰ পিছত তাকেই ত্ৰিপিটক বোলা হৈছিল ৷
4. ' ফাতিয়াহ- ই-ইব্ৰিয়াহ ' গ্ৰন্থৰ ৰচক কোন ?
উত্তৰ : চিহাবুদ্দিন তালিচ ৷
5.' জ্যা -বেপটিষ্ট ' গ্ৰন্থৰ ৰচক কোন ?
উত্তৰ : জ্যা -বেপটিষ্ট এগৰাকী ফৰাচী অনুসন্ধানকাৰী তথা ব্যৱসায়ী আছিল ৷ তেওঁ হৈছে ভাৰতত হীৰা খনিৰ অনুসন্ধান দিওঁতা প্ৰথম গৰাকী ইউৰোপীয় ব্যক্তি ৷
6. ' ছিলচিলা ' বুলিলে কি বুজা ?
উত্তৰ : বাৰটা ভাগত বিভক্ত চুফী সন্তসকলক ' ছিলচিলা ' বুলি জনা গৈছিল ৷
7. 'গপুৰম ' কি ?
উত্তৰ :মন্দিৰৰ প্ৰৱেশ দ্বাৰত ওখকৈ থকা মুধচটোক গপুৰম কোৱা হৈছিল ৷
8. ' আইন -ই- আকবৰী ' কোনে ৰচনা কৰিছিল ?
উত্তৰ : আবুল ফজল ৷
9. বংগদেশত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ : লৰ্ড কৰ্ণৱালিচে ৷
10. কোন চনত ভাৰতত ৰেলসেৱা আৰম্ভ কৰা হৈছিল ?
উত্তৰ : 16 এপ্ৰিল 1853 চনত ৷
11. মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল ?
উত্তৰ : নাথুৰাম গড্ছে ৷
12. ' পাকিস্তান ' শব্দৰ ৰূপ কোনে দিছিল ?
উত্তৰ : চৌধৰী ৰেহমৎ আলি নামৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পঢ়ি থকা ভাৰতীয় মুছলমান যুৱকে ৷
Please don't use spam link in the comment box.