HISTORY MODEL QUESTIONS ৷৷ FOR CLASS 12 ৷৷ 2019
1. আলেকজেণ্ডাৰ কাণিংহাম কোন আছিল ?উত্তৰ : আলেকজেণ্ডাৰ কাণিংহাম ভাৰতৰ পত্নতাত্বিক বিভাগৰ পিতৃস্বৰূপ আছিল ৷
2. খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু চতুৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সকলোতকৈ শক্তিশালী মহাজনপদখনৰ নাম কি ?
উত্তৰ : মগধ ৷
3.সাতবাহন ৰাজবংশৰ শ্ৰেষ্ট বুলি জনাজাত শাসনকৰ্তাজন কোন আছিল ?
উত্তৰ : গৌতমপুত্ৰ সাতকৰ্ণী ৷
4. তিপিটকৰ যিকোনো এখনৰ নাম লিখা ৷
উত্তৰ : বিনয়পিটক ৷
5. অসমৰ প্ৰথমজন বৃটিছ আয়ুক্ত ( কমিচনাৰ ) কোন আছিল ?
উত্তৰ : ফ্ৰান্সিস জেনকিন্স ৷
6. ইবন বটুটাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ চুলতান কোন আছিল লিখা ৷
উত্তৰ : মহম্মদ বিন তুগলক ৷
7. 'মুকাদ্দমা' বুলি কাক কোৱা হৈছিল ?
উত্তৰ : মধ্যযুগৰ ভাৰতৰ গাওঁৰ মুখিয়ালজনক ৷
8. ' বাদশ্বাহ নামা ' ৰ লিখকজনৰ নাম কি ?
উত্তৰ : আব্দুল হামিদ লাহৰি ৷
9. ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বোম্বাই দাক্ষিণাত্যত কোনটো ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ : ৰায়ত ৷
10. 1857 চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিদ্ৰোহীসকলক ক'ত নেতৃত্ব প্ৰদান কৰিছিল ?
উত্তৰ : বিহাৰত ৷
11. মাহাত্মা গান্ধীয়ে বৃটিছ শাসনৰ বিৰূদ্ধে চলোৱা তৃতীয়টো বৃহৎ আন্দোলন কি আছিল ?
উত্তৰ : খিলাফৎ আন্দোলন ৷
12. খান আব্দুল গফৰ খান কি নামেৰে জনাজাত হৈছিল ?
উত্তৰ : সীমান্ত গান্ধী ৷
Please don't use spam link in the comment box.