MODEL QUESTION FOR HS 2020
1. উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা :
(ক) আয় ব্যয় হিচাপে ______ ধৰণৰ লেনদেনসমূহ ৰাখে ৷
উত্তৰ : ৰাজস্ব
(খ) নিযুক্তিৰ ক্ষেত্ৰত হিচাপত নধৰা সম্পত্তিৰ হিচাপ ______ হিচাপত ক্ৰেডিট কৰা হয় ৷
উত্তৰ : পুনৰমূল্যায়ন
(গ) এটা কোম্পানীয়ে ইয়াৰ অংশপত্ৰ বাট্ৰাত বিলিকৰণ কৰিবলৈ কোম্পানীয়ে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ অন্তত ঃ _______ বছৰগত হব লাগিব ৷
উত্তৰ : এক
(ঘ) একজন অংশীদাৰে কোনো সম্পত্তি অধিগ্ৰহণ কৰিলে অংশিদাৰজনে মূলধন হিচাপ _____ কৰা হয় ৷
উত্তৰ : ডেবিট
(ঙ) জমা খৰচৰ হিচাপ _____ হিচাপৰক্ষণৰ ভিত্তিত প্ৰস্ত্তত কৰা হয় ৷
উত্তৰ : নগদ
(চ) ______ এটা ব্যৱসায়ৰ অতিৰিক্তি লাভ আহৰণৰ ক্ষমতা বুজায় ৷
উত্তৰ : অতিলাভ
(ছ) অলিখিত সম্পত্তি যেতিয়া অদায় হয় , তেতিয়া ______ হিচাপত ক্ৰেডিট কৰা হয় ৷
উত্তৰ : মূল্যদায়কৰণ
(জ) আজীৱন সভ্য মাচুল এটা ______ প্ৰাপ্তি ৷
উত্তৰ : মূলধনী
(ঝ) অংশীদাৰৰ ঋণৰ ওপৰত সুত তেওঁৰ ______ হিচাপত ক্ৰেডিট কৰা হয় ৷
উত্তৰ : মূলধন বা চলিত
(ঞ) যদি সম্পত্তি আৰু দেনাৰ পুনৰ মূল্যায়নত লাভ হয় , তেনে লাভ ____ অংশীদাৰৰ মাজত ______ অনুপাতত ভাগ কৰি দিয়া হয় ৷
উত্তৰ : পুৰণি , পুৰণি লাভ বণ্টন
(ট) অৱসৰ লোৱা এজন অংশীদাৰে পাবলগীয়া টকা যদি তৎক্ষাণিক ভাৱে প্ৰদান কৰা নহয় , তেন্তে উক্ত টকাখিনি তেওঁৰ ____ হিচাপলৈ স্থানান্তৰ কৰা হয় ৷
উত্তৰ : ঋণ
(ঠ) এজন অংশীদাৰে যদি অংশীদাৰী প্ৰতিষ্ঠানৰ এটি ঋণ অধিগ্ৰহণ কৰে , তেনেহ'লে অংশীদাৰীজনৰ মূলধন হিচাপ _____ কৰা হয় ৷
উত্তৰ : ক্ৰেডিট
(ড) এজন অংশীদাৰে অংশীদাৰী প্ৰতিষ্ঠানটোৰ এজন ______ হিচাপে কাম কৰে ৷
উত্তৰ : এজেণ্ট
(ঢ) অংশীদাৰীসকলৰ মূলধন হিচাপবোৰ যেতিয়া স্থিৰ হয় , তেতিয়াত তেওঁলোকৰ _____ হিচাপ প্ৰস্ত্তত কৰা হয় ৷
উত্তৰ : চলিত
(ণ) ______ হ'ল অংশীদাৰী প্ৰতিষ্ঠানৰ অতিৰিক্ত লাভ আহৰণৰ ক্ষমতা ৷
উত্তৰ : অতিলাভ
(ত) অংশীদাৰী চুক্তিৰ অবিহনে , এজন অংশীদাৰে তেওঁৰ মূলধনৰ উপৰি যিখিনি অতিৰিক্ত অৰ্থ অংশীদাৰী প্ৰতিষ্ঠানলৈ আগবঢ়ায় তাৰ ওপৰত অংশীদাৰী আইন , 1932 ৰ মতে বছৰি _____ % হাৰে সুত পাব ৷
উত্তৰ : 6%
(থ) এজন অংশীদাৰী ব্যৱসায়ৰ সদস্যসকল যৌথভাবে ______ নামে পৰিচিত ৷
উত্তৰ : ফাৰ্ম
(দ) অবসৰগ্ৰহণকাৰী অংশীদাৰক দিবলগীয়া ধন যদি তৎক্ষণাত তেওঁক আদায় দিয়া নহয় তেনেহ'লে উক্ত ধনখিনি তেওঁৰ _______ হিচাপলৈ স্থানান্তৰিত কৰা হয় ৷
উত্তৰ : ঋণ
(ধ) স্থায়ী মূলধনৰ ক্ষেত্ৰত , এজন অংশীদাৰৰ মূলধন হিচাপ সদায় _____ উদ্বৃত্ত দেখুৱায় ৷
উত্তৰ : সমান
(ন)অলিখিত সম্পত্তি যেতিয়া আদায় হয় , তেতিয়া _____ হিচাপত ক্ৰেডিট কৰা হয় ৷
উত্তৰ : মূল্যাদায়কৰণ
(প) যেতিয়া অংশীদাৰৰ মূলধনৰ হিচাপ স্থিৰ থাকে , তেতিয়া তেওঁলোকৰ ______ হিচাপ প্ৰস্ত্তত কৰা হয় ৷
উত্তৰ : চলিত
(ফ) ________ আদায় দিয়াৰ পূৰ্বে অংশীদাৰৰ ঋণ হিচাপ আদায় দিয়া হয় ৷
উত্তৰ : মূলধন
(ব) যদি এজন অংশীদাৰে অংশীদাৰী প্ৰতিষ্ঠানৰ এটা ঋণ অধিগ্ৰহণ কৰে তেনেহ'লে অংশীদাৰজনৰ মূলধন হিচাপ ______ কৰা হয় ৷
উত্তৰ : ক্ৰেডিট
(ভ) এটা কোম্পানীৰ প্ৰত্যেক অংশপত্ৰ ধাৰকৰ দেনাৰ পৰিমাণ _______ ৷
উত্তৰ :
(ম) পাবলগীয়া বৰঙণি উদ্ধৃত্ত _______ পক্ষত দেখুওৱা হয় ৷
উত্তৰ :
(য) চলিত অনুপাতে _______ সম্পত্তি আৰু চলিত দেনাৰ সম্পৰ্কক সূচায়
উত্তৰ :
Please don't use spam link in the comment box.