-->

UNIT- 1 - আৰম্ভণি- INTRODUCTION - CLASS-12-AHSEC-[MODEL QUESTION FOR 2020]-ECONOMICS

UNIT – 1 :  আৰম্ভণি


      1.       খালি ঠাই পূৰণ কৰা : সুযোগ ব্যয়ক _____ ব্যয় বুলিও কোৱা হয় ৷

উত্তৰ : প্ৰান্তিক ব্যয় ৷

      2.       বজাৰ অৰ্থনীতি কি ?

উত্তৰ : যি অৰ্থনীতিত চাহিদা আৰু যোগানৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ দ্বাৰা দ্ৰব্যৰ দাম নিৰ্ধাৰণ কৰা হয় আৰু উৎপাদনৰ উপাদানসমূহ পুঁজিপতিৰ হাতত থাকে তেনে অৰ্থনীতিক বজাৰ অৰ্থনীতি বোলে ৷

      3.       মিশ্ৰ অৰ্থনীতি কি ?

উত্তৰঃ যি অৰ্থনৈতিক ব্যৱস্থাত সম্পদৰ বিতৰণ আৰু উদঘাটন কাৰ্য আংশিকভাৱে ব্যক্তিগত আৰু আংশিকভাৱে চৰকাৰী সিদ্ধান্তৰ ভিত্তিত সমাধা হয় অৰ্থনীতিক মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয় ৷

      4.       কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থব্যৱস্থাৰ ধাৰণাটো ব্যাখ্যা কৰা ৷

উত্তৰঃ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থব্যৱস্থাত ৰাষ্ট্ৰৰ দ্বাৰা অৰ্থনৈতিক কাৰ্যাৱলী নিৰ্ধাৰণ হয় ৷ উৎপাদন, বিনিময়, ভোগ, বিতৰণ ইত্যাদি সম্পৰ্কীয় সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে ৷ এনে অৰ্থব্যৱস্থাত মূল উদ্দেশ্য হৈছে সামাজিক উন্নয়ন সাধন ৷ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থব্যৱস্থাত সাধাৰণতে এক নিদিৰ্ষ্ট সময়ৰ বাবে অৰ্থনৈতিক পৰিকল্পনা প্ৰস্তত কৰা হয় আৰু অগ্ৰাধিকাৰৰ ভিত্তিত কিছুমান লক্ষ্য স্থিৰ কৰা হয় ৷ এনে অৰ্থব্যৱস্থাত উৎপাদনৰ সকলোবোৰ উপাদানৰ মালিকীস্বত্ব ৰাষ্ট্ৰৰ হাতত থাকে ৷ পৰিকল্পিত অৰ্থনীতিৰ মূল লক্ষ্য হ’ল আয় আৰু সম্পদৰ ক্ষেত্ৰত সমতা ৰক্ষা কৰা আৰু জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মান উন্নত কৰা ৷

      5.       এখন অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ উল্লেখ কৰা ৷

উত্তৰঃ অৰ্থনৈতিক কামবোৰ সমাধা কৰিবলৈ যাঁওতে সম্পদৰ দুষ্প্ৰাপ্যতাৰ সন্মুখীন হোৱা যায় ৷ এই দুষ্প্ৰাপ্যতা সমস্যাৰ বাবে অৰ্থনীতি পছন্দ সমস্যাৰ উদ্ভৱ হয় ৷ সীমিত সম্পদ আৰু উৎপাদিত সামগ্ৰীৰ বিতৰণ – ইয়াৰ ওপৰত ভিত্তি কৰি অৰ্থনীতিৰ কিছুমান কেন্দ্ৰীয় সমস্যাৰ উদ্ভৱ হয় ৷ সম্স্যাবোৰ তলত আলোচনা কৰা হ’ল –
(a)    কি উৎপাদন কৰিব আৰু কিমান পৰিমাণে উৎপাদন কৰিবঃ যিহেতু সম্পদ সীমিত, সীমিত সম্পদেৰে কি উৎপাদন কৰিব সমাজৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰিব ৷ সমাজে  ভোগ্য দ্ৰব্যৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতলৈ সম্পদ হ্ৰাস পাব আৰু মূলধনজাত দ্ৰব্য উৎপাদনত গুৰুত্ব দিলে ভৱিষ্যতেও সম্পদ বৃদ্ধি পাব ৷ দ্ৰব্য উৎপাদনৰ পৰিমাণ নিৰ্ভৰ কৰে চাহিদাৰ ওপৰত ৷
(b)   কেনেকৈ উৎপাদন কৰিবঃ দ্ৰব্য উৎপাদনৰ বহুতো কৌশল আছে ৷ শ্ৰম প্ৰধান পদ্ধতি ব্যৱহাৰ কৰিব নে মূলধনপ্ৰধান পদ্ধতি ব্যৱহাৰ কৰিব ই অৰ্থনীতিখনৰ আন এক কেন্দ্ৰীয় সমস্যা ৷ অৱশ্যে এই উৎপাদন পদ্ধতি নিৰ্বাচন নিৰ্ভৰ কৰে অৰ্থনীতিত থকা সম্পদৰ পৰিমাণৰ ওপৰত ৷
(c)    কাৰ বাবে উৎপাদন কৰিবঃ উৎপাদিত দ্ৰব্য সমাজৰ বিভিন্ন সদস্যৰ মাজত বিতৰণ আন এক সমস্যা ৷ সাধাৰণতে দ্ৰব্যৰ যোগান চাহিদাতকৈ কম হয় আৰু চৰকাৰী হস্তক্ষেপৰ জৰিয়তে চৰকাৰে আৱন্টন ব্যৱস্থা কৰে৷
(d)   সম্পদবোৰ কিমান দক্ষতাৰে ব্যৱহৃত হৈছেঃ সম্পদ উপযোক্ত প্ৰয়োগ আন এক কেন্দ্ৰীয় সমস্যা ৷ যদিহে কোনো সম্পদ অব্যৱহৃত হৈ ৰয়, ইয়াৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাস্তা নিৰ্মাণ কৰিব লাগে ৷

       6.       সুযোগ ব্যয়ৰ সংজ্ঞা দিয়া ৷

উত্তৰঃ যি কোনো এটা দ্ৰব্য বা সেৱা কাৰ্য এটা ব্যৱহাৰত খটুৱাওতে একে সময়তে ব্যৱহাৰ কৰিব পৰা যিটো সুযোগ ত্যাগ কৰা হয়, তাকেই সুযোগ ব্যয় বুলি জনা যায় ৷ গতিকে এটা ব্যৱহাৰৰ পৰা লাভ কৰা সুবিধা আৰু আনটোৰ পৰা হেৰুওৱা সুবিধা দুয়োটা সমান হয় ৷ 

       7.       দ্ৰব্য আৰু সেৱাৰ এটাকৈ উদাহৰণ দিয়া ৷

উত্তৰঃ দ্ৰব্যঃ- মটৰ চাইকেল
    সেৱাঃ- শিক্ষকৰ সেৱা

       8.       সেৱাৰ সংজ্ঞা দিয়া ৷

উত্তৰ : এজন লোকে আন এজনৰ কাম কৰি দিয়াকেই  সেৱা বোলা হয় ৷

       9.       এখন অৰ্থনীতিৰ মৌলিক সমস্যা উল্লেখ কৰা ৷

উত্তৰ : (1)  কি সামগ্ৰী  উৎপাদন কৰিব ?
        (2) কেনেকৈ উৎপাদন কৰিব ?
      (3)  সামগ্ৰী কাৰ  বাবে উৎপাদন কৰিব ?  

      10.   অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ আলোচনা কৰা ৷

উত্তৰ :  অৰ্থনৈতিক কামবোৰ সমাধা কৰিবলৈ যাঁওতে সম্পদৰ দুষ্প্ৰাপ্যতাৰ সন্মুখীন হোৱা যায় ৷ এই দুষ্প্ৰাপ্যতা সমস্যাৰ বাবে অৰ্থনীতি পছন্দ সমস্যাৰ উদ্ভৱ হয় ৷ সীমিত সম্পদ আৰু উৎপাদিত সামগ্ৰীৰ বিতৰণ – ইয়াৰ ওপৰত ভিত্তি কৰি অৰ্থনীতিৰ কিছুমান কেন্দ্ৰীয় সমস্যাৰ উদ্ভৱ হয় ৷ সম্স্যাবোৰ তলত আলোচনা কৰা হ’ল –
(e)   কি উৎপাদন কৰিব আৰু কিমান পৰিমাণে উৎপাদন কৰিবঃ যিহেতু সম্পদ সীমিত, সীমিত সম্পদেৰে কি উৎপাদন কৰিব সমাজৰ পছন্দৰ ওপৰত নিৰ্ভৰ কৰিব ৷ সমাজে  ভোগ্য দ্ৰব্যৰ ওপৰত গুৰুত্ব দিলে ভৱিষ্যতলৈ সম্পদ হ্ৰাস পাব আৰু মূলধনজাত দ্ৰব্য উৎপাদনত গুৰুত্ব দিলে ভৱিষ্যতেও সম্পদ বৃদ্ধি পাব ৷ দ্ৰব্য উৎপাদনৰ পৰিমাণ নিৰ্ভৰ কৰে চাহিদাৰ ওপৰত ৷
(f)     কেনেকৈ উৎপাদন কৰিবঃ দ্ৰব্য উৎপাদনৰ বহুতো কৌশল আছে ৷ শ্ৰম প্ৰধান পদ্ধতি ব্যৱহাৰ কৰিব নে মূলধনপ্ৰধান পদ্ধতি ব্যৱহাৰ কৰিব ই অৰ্থনীতিখনৰ আন এক কেন্দ্ৰীয় সমস্যা ৷ অৱশ্যে এই উৎপাদন পদ্ধতি নিৰ্বাচন নিৰ্ভৰ কৰে অৰ্থনীতিত থকা সম্পদৰ পৰিমাণৰ ওপৰত ৷
(g)    কাৰ বাবে উৎপাদন কৰিবঃ উৎপাদিত দ্ৰব্য সমাজৰ বিভিন্ন সদস্যৰ মাজত বিতৰণ আন এক সমস্যা ৷ সাধাৰণতে দ্ৰব্যৰ যোগান চাহিদাতকৈ কম হয় আৰু চৰকাৰী হস্তক্ষেপৰ জৰিয়তে চৰকাৰে আৱন্টন ব্যৱস্থা কৰে৷
(h)   সম্পদবোৰ কিমান দক্ষতাৰে ব্যৱহৃত হৈছেঃ সম্পদ উপযোক্ত প্ৰয়োগ আন এক কেন্দ্ৰীয় সমস্যা ৷ যদিহে কোনো সম্পদ অব্যৱহৃত হৈ ৰয়, ইয়াৰ উপযুক্ত ব্যৱহাৰৰ বাবে ৰাস্তা নিৰ্মাণ কৰিব লাগে ৷

       11.   ইতিবাচক(যথাৰ্থ) আৰু ঔচিতাৰ্থক(আদৰ্শগত)অৰ্থনীতিৰ পাৰ্থক্য লিখা ৷

উত্তৰ : 
ইতিবাচক(যথাৰ্থ)অৰ্থনীতি
ঔচিতাৰ্থক(আদৰ্শগত)অৰ্থনীতি
1.       অৰ্থনৈতিক প্ৰক্ৰিয়াসমূহ কি বা কি ধৰণে কাৰ্যকৰী হৈ উঠে তাৰ আলোচনাই হৈছে ইতিবাচক অৰ্থনৈতিক বিশ্লেষণ ৷
2.       এই অৰ্থনীতিয়ে কাৰণ আৰু ফলাফলৰ অধ্যয়ণ কৰে ৷
1.       অৰ্থনৈতিক প্ৰক্ৰিয়াসমূহৰ মূল্যায়ন সমাজৰ স্বাৰ্থত বঞ্চিত হয় নে নহয় তাৰ আলোচনাই হৈছে ঔচিতাৰ্থক অৰ্থনৈতিক বিশ্লেষণ ৷
2.       এই অৰ্থবিজ্ঞানে এনে বিশ্লষণৰ ওপৰত গুৰুত্ব নিদিয়ে ৷


        12.   ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য লিখা ৷

উত্তৰ :
ব্যষ্টিবাদী অৰ্থনীতি
সমষ্টিবাদী অৰ্থনীতি
1.       ব্যষ্টিবাদী অৰ্থবিজ্ঞানত অৰ্থনৈতিক চলকসমূহ গাইগুটীয়াভাৱে আলোচনা কৰা হয় ৷ যেনে :  ব্যক্তিগত পৰিয়াল , উৎপাদন প্ৰতিষ্টান
2.       চাহিদাৰ দিশৰ পৰা বষ্টিগত অৰ্থবিজ্ঞানৰ উদ্দেশ্য হ’ল উপভোক্তাৰ তৃপ্তি বা সন্ত্তষ্টি সৰ্বাধিক কৰা আৰু উদোক্তাসকলৰ লাভৰ পৰিমান বৃদ্ধি কৰা ৷  
1.       সমষ্টিবিজ্ঞানত অৰ্থনীতিটো সামূহিক ৰূপত আলোচনা কৰা হয়৷
2.       সমষ্টিগত অৰ্থবিজ্ঞানৰ উদ্দেশ্য হ’ল অৰ্থনৈতিক পূৰ্ণনিয়োগৰ লক্ষ্যত উপনীত কৰোৱা , সাধাৰণ মূল্যস্তৰ স্থিৰে ৰখা , অৰ্থনৈতিক উন্নয়ন সাধন কৰা আৰু বৈদেশিক লেনদেনৰ ভাৰসমতা বজায় ৰখা ৷


     13.   সম্পদৰ দুষ্প্ৰাপ্যতা বুলিলে কি বুজা ?

উত্তৰ : কোনো এবিধ দ্ৰব্যৰ চাহিদাৰ তুলনাত যোগান কম হোৱাটোকে সম্পদৰ দুষ্প্ৰাপ্যতা বোলা হয় ৷

     14.   অৰ্থনীতিত সাধাৰণতে ধৰা হয় যে উপভোক্তা এজন ______ ব্যক্তি ৷

উত্তৰ : যুক্তিসন্মত

     15.   _____ সম্পদৰ আবন্টন আৰু চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বিতৰণ হ’ল যিকোনো
   
         অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা ৷

উত্তৰ :  সীমিত 
LookTutupComment