ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ভাৰতীয় সেনাত হাবিলদাৰৰ পদ

Admin
0
              ভাৰতীয় সেনাত হাবিলদাৰৰ  পদ
                               

ভাৰতীয় সেনাত অভিযান্ত্ৰিক শাখাত খালী হোৱা হাবিলদাৰৰ ছাৰ্ভেয়াৰৰ অট’মেটেড কাৰ্টগ্ৰাফাৰ (SAC)ৰ 20 টা পদ পূৰণৰ বাবে যোগ্য ভাৰতীয় পুৰুষ প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে ৷ প্ৰাৰ্থী গণিত বিষয়সহ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ আৰু গণিত বিষয়সহ কলা বা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব ৷ আৱেদনকাৰীৰ বয়স 1 অক্টোবৰ , 2019 লৈ 20 – 25 বচৰ ভিতৰত হ’ব লাগিব ৷ প্ৰাক্তন কৰ্মচাৰীৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা 28 বছৰ ৷ প্ৰাৰ্থী শাৰীৰিক আৰু মানসিকভাবে সুস্থ-সবল হোৱাটো নিতান্তই বাধ্যতামূলক হ’ব ৷ শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত প্ৰাৰ্থীসকল 1.6 কি:মি: দৌৰ , পুল –আপছ , লং জাম্প আদিত অৱতীৰ্ণ হ’ব লাগিব ৷ নথি-পত্ৰ নিৰীক্ষণৰ অন্তত হ’ব লগীয়া লিখিত আৰু স্বাস্থ্য পৰীক্ষাৰ অন্ততহে যোগ্য প্ৰাৰ্থী বাছনি কৰি উলিওৱা হ’ব ৷ নিযুক্ত বিষয়ক তথ্য সংগ্ৰহৰ লগতে অনলাইনযোগে আৱেদন দাখিলৰ বাবে www.joinindianarmy.nic.in লগইন কৰিব পাৰে ৷ যোৱা অক্টোবৰৰ পৰা আৱেদন গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ এই আৱেদন গ্ৰহণৰ প্ৰক্ৰিয়া অহা 30 অক্টোবৰ , 2019 তাৰিখে অন্ত পৰিব ৷ ( উৎস : দৈনিক জনমভূমি )  

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)