ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?(জীৱ বিজ্ঞান) - দশম শ্ৰেণী - NCERT SOLUTION

Admin
1
জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?(জীৱ বিজ্ঞান)




প্ৰশ্না্ৱলী(পৃষ্ঠা নং 128)
     1.       প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি ?
উত্তৰঃ প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতাসমূহ হ’লঃ
(i)                  পিতৃ-মাতৃৰ পৰা সন্তান-সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহনৰ বাবে আৱশ্যক হোৱা তথ্য বহন কৰে ৷
(ii)                যদি তথ্যৰ পৰিৱৰ্তন ঘটে, তেন্তে ইয়াৰ ফলত পৰিৱৰ্তিত বৈশিষ্ট্য সূচনা কৰিব, আনকি দৈহিক গঠনৰ বিসংগতিও হ’ব পাৰে য়াক জিনীয় বিসংগতি বুলিও জনা যায় ৷
(iii)               পিতৃ-মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰে ৷
     2.       প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্ত্ত একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?
উত্তৰঃ ভিন্নতাৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ এটা প্ৰজাতিবোৰৰ সদস্যোৰৰ চাৰিত্ৰিক বৈশিষ্ট্য সূচোৱা হয় ৷ বিভিন্ন প্ৰজাতি ভিন্ন প্ৰকাৰৰ ভৌতিক পৰিৱেশৰ সৈতে অভিযোজিত হয় ৷
কেতিয়াব পৰিৱেশৰ প্ৰচণ্ড পৰিৱৰ্ত, যেনে উষ্ণতাৰ বা জলপৃষ্ঠৰ হ্ৰাস বা বৃদ্ধিয়ে সমগ্ৰ প্ৰজাতিৰ অস্তিত্বক প্ৰভাৱিত কৰিব পাৰে, কিয়নো পৰিৱৰ্তিত পৰিৱেশৰ সৈতে অভিযোজিত হ’বলৈ তেওঁলোক সক্ষম নহব পাৰে ৷ এনে পৰিস্হতিত কেইটামান জীৱৰ ভিন্নতাই সিঁহতৰ অস্তিত্বৰ সুযৌগ বৃদ্ধি কৰিব৷
উদাহৰণস্বৰুপেঃ  যদি কেৱল নাতিশীতোষ্ণ জলভাগত বেক্টেৰিয়াৰ আবাদী বাস কৰে আৰু গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ পৰিপ্ৰক্ষিতত পানীৰ উষ্ণতা বৃদ্ধি পায়, তেন্তে সমগ্ৰ বেক্টেৰিয়াৰ আবাদীৰ ধ্বংস হ’ব পাৰে, অৱশ্যে কিছুমান অপৰোধী বেক্টেৰিয়া বৰ্তি থাকিবা পাৰে ৷ প্ৰকৃততে এই প্ৰজাতিয়ে বৰ্ধিত উষ্ণতাত বৰ্তি থকাৰ লগতে বিকশিত হ’ব আৰু প্ৰজাতৰ অস্তিত্ব অক্ষুন্ন ৰকাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব ৷
অৱশ্যে একক জীৱৰ কাৰণে ভিন্নতা গুৰুত্বপূৰ্ণ নহয়, কিয়নো ইয়াৰ জৰিয়তে দৈহিক বিকৃতি বা জিনীয় বিসংগতিৰ সূচনা হ’ব পাৰে ৷ সেয়েহে কোৱা হয় যে প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন, কিন্ত্ত একক জীৱৰ কাৰণে গুৰুত্পূৰ্ণ নহয় ৷
প্ৰশ্না্ৱলী(পৃষ্ঠা নং 133)
1.       দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহুবিভাজনৰ মাজৰ প্ৰভেদ কি কি ?
উত্তৰঃ দ্বি-খণ্ডণ বা দ্বিবিভাজন আৰু বহুবিভাজন উভয়ে নিম্নশ্ৰেণীৰ জীৱৰ অযৌন প্ৰজননৰ পদ্ধতি ৷ দ্বিবিভাজনৰ ক্ষেত্ৰত এককোষী জীৱৰ কোষকেন্দ্ৰ আৰু কোষপ্ৰৰস বিভক্ত হৈ মাত্ৰ দুটা অপত্য কোষকেন্দ্ৰৰ সৃষ্টি হয় ৷ এয়া এমিবা আৰু লেইচমেনিয়াৰ ক্ষেত্ৰত দেখা যায় ৷ বহুবিভাজনৰ ক্ষেত্ৰত মাতৃকোষৰ কোষকেন্দ্ৰ আৰু কোষপ্ৰৰসৰ বিভাজন ঘটি বহুতো অপত্য কোষৰ সৃষ্টি হয় ৷প্লাজম’ডিয়ামৰ ক্ষেত্ৰত বহুবিভাজন দেখা যায় ৷
2.       যদি কোনো জীৱই ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব ?
উত্তৰঃ জীৱই ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰিলে তলত দিয়া ধৰণে লাভান্বিত হ’বঃ
(i)                  এটা ৰেণুধানীত বহুতো ৰেণু উৎপত্তি হয় ৷
(ii)                ৰেণুবোৰ অতি ক্ষুদ্ৰ হোৱা হেতুকে বতাহৰ দ্বাৰা বহু দূৰলৈ স্হানান্তৰিত হয় অৰ্থাৎ সাৰ্থকবাৱে বিক্ষেপিত হয় ৷
(iii)               ৰেণুবোৰ ডাটবেৰৰ দ্বাৰা আবৃত হৈ থাকে আৰু সেয়ে প্ৰতিকূল বতৰতো বৰ্তি থাকে ৷
(iv)              প্ৰতিকূল পাৰিৱেশিক অৱস্হাতো সিঁহতে প্ৰজাতিৰ অস্তিত্ব ৰকাৰ ক্ষেত্ৰত নিশ্চয়াত প্ৰদান কৰে ৷
3.       উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দৰ্শাব পাৰিবানে ?
উত্তৰঃ ভিন্ন অংগবিশিষ্ট জীৱই দেহৰ বিভিন্ন অংশৰ পৰা নতুন জীৱ উৎপত্তি কৰা প্ৰক্ৰিয়াই হৈছে পুনৰজীৱন ৷ প্ৰত্যেক বিচ্ছিন্ন খণ্ডই বিশেষ কোষৰ সহায়ত নতুন জীৱৰ উৎপত্তি কৰিব পাৰে ৷ এই পদ্ধতিৰে সৰল জীৱই নতুন জীৱৰ সৃ ষ্টি কৰিব পাৰে, কিয়নো সিঁহতৰ সমগ্ৰ দেহ একেধৰণৰ কোষেৰে গঠিত আৰু একে ভগ্ন অংশই অন্যা্ন্য দৈহিক অংশৰ বৃদ্ধি আৰু বিকাশ কৰিব পাৰে ৷
উদাহৰণস্বৰুপেঃ প্লেনেৰিয়া আৰু হাইড্ৰাই পুনৰজীৱন প্ৰক্ৰিয়াৰে বৃশ বৃদ্ধি কৰে ৷
উচ্চ খাপৰ জীৱই পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰিব ৷ অৱশ্যে কিছুমান উচ্চখাপৰ জীৱই দেহৰ অংশ পুনৰ সৃষ্টি কৰিব পাৰে ৷
উদাহৰণস্বৰুপেঃ জেঠীয়ে সিঁহতৰ নেজডাল পুনৰ সৃষ্টি কৰিব পাৰে, কিন্ত্ত বিচ্ছিন্ন নেজডাল গোটেই জীৱটোৰ সৃষ্টি কৰিব নোৱাৰে ৷
4.       বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয় ?
উত্তৰঃউদ্ভিদৰ কিছুমান অংগ যেনে মূল, কাণ্ড আৰু পাত উপযু্ত অৱস্হাৰ অধীনত নতুন উদ্ধিদলৈ বিকশিত হোৱা প্ৰক্ৰিয়াই হৈছে আংগিক বিস্তাৰণ ৷ আংগিক বিস্তাৰণৰ সুবিধাসমূহ হৈছেঃ
(i)                  এই প্ৰক্ৰিয়াৰে সৃষ্টি হোৱা উদ্ভিদ বীজৰ পৰা উদ্ভিদৰ তুলনাত কম সময়তে ফুল আৰু ফলৰ উৎপত্তি হয় ৷
(ii)                বীজ উৎপাদনৰ ক্ষমতা হেৰুওৱা উদ্ভিদ, যেনে- কল, কমলাটেঙা, গোলাপ আদিয়ে এই পদ্ধতিৰে বংশ বিস্তাৰ কৰিব পাৰে ৷
(iii)               আংগিক বিস্তাৰণে মাতৃ উদ্ভিদজোপাৰ নিচিনা একে বৈশিষ্ট্যৰ জিনীয়ভাৱে সদৃশ উদ্ভিদৰ উতপত্তিত সহায় কৰে ৷
(iv)              কৃষিক্ষেত্ৰত কিছুমান উদ্ভিদত, যেনে – কুহিঁয়াৰ, গোলাপ, আঙুৰ আদিত জোৰা কলম আৰু তৰপীয়া পদ্ধতি ব্যৱহাৰ কৰা হয় ৷
(v)                সৌন্দৰ্যবৰ্ধক উদ্ভিদৰ উৎপত্তিৰ বাবে ই এক সুবিধাজনক আৰু মিতব্যয়ী পদ্ধতি ৷
5.       প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডি এন এ (DNA) ৰ প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন  হয় ?
উত্তৰঃ প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতাসমূহ হ’লঃ
(i)                  পিতৃ-মাতৃৰ পৰা সন্তান-সন্ততিলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহনৰ বাবে আৱশ্যক হোৱা তথ্য বহন কৰে ৷
(ii)                যদি তথ্যৰ পৰিৱৰ্তন ঘটে, তেন্তে ইয়াৰ ফলত পৰিৱৰ্তিত বৈশিষ্ট্য সূচনা কৰিব, আনকি দৈহিক গঠনৰ বিসংগতিও হ’ব পাৰে য়াক জিনীয় বিসংগতি বুলিও জনা যায় ৷
(iii)               পিতৃ-মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰে ৷`
প্ৰশ্নাৱলী(পৃষ্ঠা নং 140)
6.       নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্য কেনেদৰণৰ ?
উত্তৰঃ নিষেচন আৰু পৰাগযোগৰ পাৰ্থক্যসমূহ হ’লঃ
(i)                  পৰাগযোগ ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্হানান্তৰণ প্ৰক্ৰিয়া ৷ আনহাতে, নিষেচন হ’ল ডিম্বকত পংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনৰ ফলস্বৰুপে যোজনকোষত উৎপন্ন হোৱা প্ৰক্ৰিয়া ৷
(ii)                পৰাগযোগ গৰ্ভমুণ্ডৰ পৃষ্ঠভাগত উৎপন্ন হয় ৷ আনহাতে, নিষেচন ডিম্বাশয়ত সংঘটিত হয় য’ত পৰাগৰেণুৰ ডিম্বৰ সৈতে মিলিত হয় ৷
(iii)               পৰাগযোগ দুই প্ৰকাৰৰ- ইতৰ পৰাগযোগ আৰু স্বপৰাগযোগ ৷ আনহাতে, নিষেচনৰ এনেকুৱা কোনো প্ৰকাৰে নাথাকে ৷
(iv)              পৰাগযোগ নিষেচন প্ৰক্ৰিয়াৰ পাছত ঘটে ৷ আনহাতে, নিষেচন যোজন কোষ টগঠনৰ পাছত সংঘটিত হয় ৷
(v)                পৰাগযোগত কোষৰ মিলন নঘটে ৷ আনহাতে, নিষেচনত কোষৰ মিলন ঘটে ৷
(vi)              পৰাগযোগত বতাহ, পানী, প্ৰাণী আদি বাহ্যিক কাৰকৰ দ্বাৰা সংঘটিত হয় ৷ আনহাতে, নিষেচনত এনেধৰণৰ কাৰক জড়িত নাথাকে ৷ কেম’ট্ৰপিনিমৰ দ্বাৰা সংঘটিত হয় ৷
7.       শুক্ৰাশয় আৰু প্ৰষ্টেট গ্ৰন্হিৰ ভূমিকা কি ?
উত্তৰঃ  শুক্ৰাধাৰ আৰু প্ৰষ্টেট গ্ৰন্হিৰ পৰা নিঃসৰিত তৰলৰ ভূমিকাসমূহ হ’লঃ
(i)                  শুক্ৰাণুৰ গতিপথত সহায় কৰে ৷
(ii)                ফ্ৰুষ্টজ, কেলছিয়াম আৰু কিছুমান উৎসেচকৰ ৰুপত শুক্ৰাণুক পুষ্টিৰ যোগান ধৰে ৷
8.       কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিৱৰ্তন দেখা যায় ?
উত্তৰঃ কৌশোৰ কালত ছোৱালীৰ দেহত তলত উল্লেখ কৰা পৰিৱৰ্তনসমযহ দেখা যায়ঃ
(i)                  স্তনযুগলৰ আকাৰ বৃদ্ধি পায় ৷
(ii)                স্তনাগ্ৰৰ ছালখন ক’লা হয় ৷
(iii)               ঋতুচক্ৰ আৰম্ভ হয় ৷
(iv)              দেহৰ কিছুমান অংশত, যেনে – কাষলতি আৰু যৌনাংগৰ কাষত চুলি গজে ৷
(v)                যৌনাংগৰ কাষৰ ছাল গাঢ় বৰণৰ হয় ৷
(vi)              মুখৰ ছাল তেলেতিয়া হয় আৰু শালমইনা উঠে ৷
9.       মাতৃদেহত ভ্ৰুণকোষে কেনেকৈ পুষ্টি লাভ কৰে ?
উত্তৰঃ মাতৃদেহৰ জৰায়ুত পোত খাই থকা কাহীঁ সদৃশ প্লেচেণ্টাৰ জৰিয়তে ভ্ৰুণকোষে পুষ্টি লাভ কৰে ৷ ভ্ৰণকোষটোৰ কাষৰ প্লেচেণ্টাটোত ভিলাই নামৰ আঙুলিসদৃশ প্ৰবৰ্ধক থাকে ৷ গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ পিনে ৰক্ত জালিকা থকাৰ বাবে মাতৃৰ দেহৰ পৰা ভ্ৰুণটোলৈ গ্লুক’জ আৰু অক্সিজেন সৰবৰাহ হৈ থাকে ৷
10.   যদি মহিলা এগাৰাকীয়ে কপাৰ-টি(Copper-T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধ হ’বনে ?
উত্তৰঃ যদি মহিলা এগৰাকীয়ে কপাৰ-টি(Copper-T)ব্যৱহাৰ কৰে, তেতিয়া ই যৌনৰোগ সঞ্চাৰণ প্ৰতিৰোধী নহ’ব ৷ ই এবিধ গৰ্ভনিৰোধক পদ্ধতি যিয়ে গৰ্ভধাৰণ প্ৰতিৰোধতহে সহায় কৰে ৷ এনে ৰোগৰ পৰা সুৰক্ষা পাবলৈ যৌন ক্ৰিয়াৰ সময়য়ত কনডম নামৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় যিয়ে গৰ্ভনিৰোধক সামগ্ৰী হিচাপেও কাম কৰে ৷
অনুশীলণী(পৃষ্ঠা নং 141)
     1.       অযৌণ প্ৰজননৰ মুকুলোদগম সংঘটিত হয় ____________ ত ৷
(a) এমিবা                     (b) ইষ্ট
(c) প্লাজম’ডিয়াম                  (d) লেইচমেনিয়া
উত্তৰ : ইষ্ট
     2.       তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয় ?
(a) ডিম্বাসয়                        (b) জৰায়ু
(c) শুক্ৰবাহী নলী                     (d) ফেলোপিয়ান নলী
উত্তৰ : শুক্ৰবাহী নলী
     3.       পৰাগধনীত ________ থাকে ৷
(a) বেটুপাত                        (b) ডিম্বক
(c) স্ত্ৰীকেশৰ                         (d) পৰাগৰেণু
উত্তৰ : পৰাগৰেণু
       4.       অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি ?
উত্তৰঃ যৌন আৰু অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধা সমূহ হ’লঃ
সুবিধাৰ ভিত্তি
অযৌন প্ৰজনন
যৌন প্ৰজনন
ভিন্নতা
অযৌন প্ৰজননত সন্তান সন্ততিৰ ভিন্নতাৰ অভাৱ পৰিলক্ষিত হয়৷
যৌন প্ৰজননৰ জৰিয়তে সন্তান-সন্ততিৰ ভিন্নতা প্ৰকাৰণ নিশ্চিত হয় ৷
অভিযোজন
প্ৰক্ৰিয়াটোৱে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে অভিযোজন নিশ্চিত কৰে ৷
প্ৰক্ৰিয়াটোৱে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে অভিযোজন নিশ্চিত কৰে ৷
বৰ্তি থকাৰ সুবিধা
সন্তান-সন্ততি বৰ্তি থকাৰ সুযোগ কম ৷
সন্তান-সন্ততি বৰ্তি থকাৰ সুযোগ অধিক ৷
প্ৰজাতিৰ বিৱৰ্তন
প্ৰজাতিৰ পৰিৱৰ্তনৰ পৰিসৰ কম ৷
প্ৰজাতিৰ বিৱৰ্তনৰ পৰিসৰ অধিক ৷

      5.       মানুহৰ শুক্ৰাশয়কেইটাই কি কি কাম কৰে ?
উত্তৰ: মানুহৰ শুক্ৰাশয়কেইটাই সম্প্ন কৰা কামসমূহ হ’ল :
(i)                  শুক্ৰাশয়ে শুক্ৰাণু গঠন কৰে যিয়ে ডিম্বকোষ নিষেচিত কৰে ৷
(ii)                টেষ্ট’ষ্টচন নামৰ হৰম’ন উৎপন্ন কৰে যিয়ে শুক্ৰাণুৰ উৎপাদন নিয়ন্ত্ৰণ কৰে ৷ যৌৱন কালত ল,ৰাৰ দেহত হোৱা বহুতো পৰিৱৰ্তনৰ বাবে এই হৰম’ন দায়ী ৷
     6.       ঋতুস্ৰাৱ কিয় হয় ?
উত্তৰ: ডিম্বাশয়ে প্ৰত্যেক মাহত এটাকৈ ডিম্বকোষ উৎপন্ন কৰে আৰু গৰ্ভাশয়টোৱেও প্ৰতি মাহত একোটা নিষেচিত ডিম্ব প্ৰতিপালন কৰিবলৈ নিজকে সাজু কৰে ৷ বাঢ়নীয়া ভ্ৰুণৰ প্ৰতিপালনৰ বাবে ইয়াৰ অন্তঃআচ্ছাদকন কোমল আৰু ডাঠ হয় ৷ ডিম্ব নিষেচিত নহ’লে আচ্ছাদকৰ আৱশ্যক নথকাৰ বাবে এই আচ্ছাদকখন ভাঙি যায় ৷ এয়া তেজ আৰু শ্লেষ্মা হিচাপে যোনিপথেদি নিৰ্গত হয় ৷ ইয়াক ঋতুচক্ৰ বুলি ঝনা যায় ৷ প্ৰত্যেক মাহে চক্ৰকাৰে চলা এই প্ৰক্ৰিয়া ২-৮ দিন পৰ্যন্ত চলে ৷
      7.       দীৰ্ঘচ্ছেদত এপাহ ফুলৰ ছবি আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা ৷
উত্তৰঃ
     8.       বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি ?
উত্তৰঃ অবাঞ্ছিত গৰ্বধাৰণ প্ৰতিৰোধ কৰিবলৈ গৰ্ভনিৰোদধ পদ্ধতি ব্যৱহাৰ কৰা হয় ৷ বিভিন্ন ধৰণৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ’লঃ
(i)                  কাৰিকৰী প্ৰতিবন্ধকঃ কনডম হৈছে এবিধ কাৰিকৰী প্ৰতিবন্ধক যাৰ সহায়ত শুক্ৰাণুবিলাক ডিম্বাণুকোষৰ সৈতে মিলন নোহোৱাকৈ আৱদ্ধ কৰি ৰাখিব পৰা যায় ৷ একে ধৰণৰ আৱৰণি যোনি পথত সংস্হাপন কৰিলেও কাৰিকৰী প্ৰতিবন্ধক হিচাপে কাৰ্য সম্পন্ন কৰে ৷
(ii)                অৰেল কন্ট্ৰাচেপটিভ পিলঃ অৰেল কন্ট্ৰাচেপটিভ পিলে দেহৰ হৰমনীয় ভাৰসাম্য পৰিৱৰ্তন কৰে আৰু ডিম্বমুক্ত হোৱাটো প্ৰতিৰোধ কৰে আৰু এনেদৰে নিষেচনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে ৷
(iii)               লুপ বা কপাৰ-টি(Copper-T): গৰ্ভধাৰণ প্ৰতিৰোধ কৰিবলৈ জৰায়ুত লুপ বা কপাৰ-টি সংস্হাপন কৰা হয় ৷
(iv)              বান্ধ্যাকৰণঃ ভেচেকটমি বুলি কোৱা অস্ত্ৰোপচাৰৰ জৰিয়তে পুৰুষৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ বন্ধ কৰা হয় ৷ আনহাতে স্ত্ৰীৰ ক্ষেত্ৰত টিউবেকটমি বুলি কোৱা অস্ত্ৰোপচাৰৰ জৰিয়তে ডিম্ববাহী নলী বন্ধ কৰা হয় ৷
(v)                অস্ত্ৰোপচাৰঃ অস্ত্ৰোপচাৰৰ দ্বাৰা অবাঞ্ছিত গৰ্ভধাৰণ নষ্ট কৰিব পৰা যায় ৷ ইয়াক গৰ্ভপাত বোলা হয় ৷
    9.       এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ পাৰ্থক্যসমূহ কেনেধৰণৰ ?
উত্তৰ: এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্ৰকাৰৰ অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰ পাৰ্থক্যসমূহ হ’লঃ
পাৰ্থক্যৰ ভিত্তি
এককোষী জীৱৰ প্ৰজনন
বহুকোষী জীৱৰ প্ৰজনন
অযৌন/যৌন প্ৰজনন
অযৌন প্ৰজনন পদ্ধতিত দেখা যায়
অযৌন আৰু যৌন দুয়োবিধ পদ্ধতিত দেখা যায়
কৌশল
এককোষী জীৱৰ প্ৰজননৰ কৌশলকেইটা হৈছে দ্বিখণ্ডন আৰু মুকুলোদগম
বহুকোষী জীৱৰ প্ৰজননৰ কৌশলকেইটা হৈছে মুকুলোদগম, আংগিক বিস্তাৰ, ৰেণুৰ উৎপত্তি ইত্যাদি ৷ অধিক জটিল বহুকোষী জীৱ যেনেঃ সপুষ্পক উদ্ভিদ আৰু মানুহৰ ক্ষেত্ৰত যৌন প্ৰজনন পদ্ধতিৰ প্ৰয়োগ কৰা হয় ৷
বিশেষ কলা
প্ৰজনন সম্পন্ন কৰিব পৰাকৈ এই জীৱবোৰৰ বিশেষ কলা বা অংগ নাথাকে ৷
প্ৰজনন সম্পন্ন কৰিব পৰাকৈ এই জীৱবোৰৰ বিশেষ কলা বা অংগ থাকে ৷

     10.   প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ  স্থিতি      ৰক্ষাকৰাত কেনেকৈ সহায় কৰে ?
উত্তৰ: প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ   স্থিতি     ৰক্ষাত তলত দিয়া ধৰণে সহায় কৰে :
(i)                  জন্ম হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসম্যৰক্ষা কৰি ৷
(ii)                এটা প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰতিৰোদ কৰি ৷
(iii)               নিমৰ নিচিনা জীৱৰ সৃষ্টিৰে আবাদী বৃদ্ধি কৰি ৷
(iv)              প্ৰজাতিৰ আবাদীত ভিন্নতাৰ উত্তৰণ কৰি ৷
    11.   গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি ?
উত্তৰ: গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণসমূহ হ’ল:
(i)                  এগৰাকী মহিলা গৰ্ভধাৰণৰ বাবে মানসিক বা দৈহিক ভাৱে প্ৰস্তত হোৱা ৷
(ii)                জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ ৷
(iii)               অবাঞ্চিত গৰ্ভধাৰণ প্ৰতিৰোধ ৷
(iv)              পৰিয়াল পৰিকল্পনা ৷


Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment