ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

বংশগতি আৰু ক্ৰমবিকাশ(জীৱ বিজ্ঞান)- দশম শ্ৰেণী -NCERT SOLUTION - Class X

Admin
2
বংশগতি আৰু ক্ৰমবিকাশ(জীৱ বিজ্ঞান)
প্ৰশ্নাৱলী(পৃষ্ঠা নং 143)
1.       যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ ‘A’ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত ‘B’ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় , তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতিয়াকৈ উৎপত্তি হৈছিল ?
উত্তৰঃ যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা প্ৰজাতি এটাত ‘A’ চাৰিত্ৰিক বৈশষ্ট্য 10% দেখা যায় আৰু ‘B’ চাৰিত্ৰিক বৈশিষ্ট্য 60% হয়, তেন্তে ‘B চাৰিত্ৰিক বৈশিষ্ট্যবিধ আগতে উৎপত্তি হোৱা বুলি কব পাৰি ৷কিয়নোঃ
(i)                  B চাৰিত্ৰিক বৈশিষ্ট্যটো অধিক হাৰত প্ৰজাতিবিধত আছে ৷
(ii)                অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা প্ৰজাতিৰ প্ৰকাৰণৰ সম্ভাৱনা অতি কম ৷ গতিকে 10% থকা চাৰিত্ৰিক বৈশিষ্ট্যটো নিশ্চয়কৈ শেহতীয়াভাৱে বিকশিত ৷
2.       এটা প্ৰজাতিৰ সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনকৈ জীৱক বৰ্তাই ৰাখে ৷
উত্তৰঃ দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ ফলত এটা প্ৰজাতি সামগ্ৰিকভাৱে ক্ষতিগ্ৰস্হ হ’ব পাৰে যদিহে তাৰে মাজৰ কিছুমানে পৰিৱৰ্তিত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই নলয় ৷ উষ্ণতা বা জলস্তৰৰ হ্ৰাস-বৃদ্ধি আদি দ্ৰুত পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ সৈতে প্ৰজাতিটোক খাপ খুৱাই ৰখাৰ বাবে প্ৰকাৰণে সহায় কৰে আৰু এনেদৰে প্ৰজাতিটোক বচাই ৰাখে ৷
উদাহৰণস্বৰুপেঃ এটা বেক্টেৰিয়াই যদি সাধাৰণ উষ্ণতাত জীয়াই থাকিব পাৰে আৰু গোলকীয় উত্তাপৰ বাবে উষ্ণতা বৃদ্ধি পায়, তেন্তে বেক্টেৰিয়াবিধ বিলুপ্ত হৈ যাব ৷ কিন্ত্ত উষ্ণতা সহিব পৰা বৈসাদৃশ্য চৰিত্ৰই বেক্টেৰিয়াবিধৰ প্ৰজাতিটোক তিষ্ঠি থকাত সহায় কৰিব ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 147)
1.       মেণ্ডেল তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী (Dominant) আৰু কোনটো অপ্ৰভাৱী (Recessive) তাক কেনেকৈ নিৰ্ণয় কৰিছিল ?
উত্তৰঃ মেণ্ডেলে মটৰ মাহৰ বিশুদ্ধ ওখ গছ আৰু চাপৰ গছৰ মাজত সংকৰণ ঘটাই এটা পৰীক্ষা চলাইছিল ৷ দেখা গৈছিল যে প্ৰথম অপত্য জনু অৰ্থাৎ F1 ৰ আটাইবোৰ উদ্ভিদেই ওখ আছিল ৷ এই জনুৰ মাজত সংকৰণত দ্বিতীয় অপত্য জনু অৰ্থাৎ F2 ৰ আটাইবোৰ ওখ নহৈ এক-চতুৰ্থাংশৰ চাপৰ উদ্ভিদ সৃষ্টি হৈছিল ৷ ইয়ে প্ৰমাণ কৰে যে ওখ আৰু চাপৰ গুণ F1 জনুই অৰ্জন কৰিছিল যদিও সেই জনুত কেৱল ওখ গুণটোহে প্ৰকাশ পাইছিল ৷ চাপৰ গুণটো তাত আছিল যদিও দ্বিতীয় অপত্য জনু F2 তহে সেয়া প্ৰকাশ পাইছিল ৷ গতিকে জনুত প্ৰকাশ পোৱা ওখ গুণটো প্ৰভাৱী চৰিত্ৰ হোৱাৰ বিপৰীতে চাপৰ গুণটো অপ্ৰভাৱী চৰিত্ৰ ৷
2.       মেণ্ডেল তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত বুলি কেনেকৈ নিৰ্ণয় কৰিছিল ?
উত্তৰঃ মেণ্ডেলৰ দ্বি-সংকৰণ(দুটা বিপৰীত ধৰ্মী লক্ষণ)পৰীক্ষাত দেখা যায় যে F1 জনুৰ সকলো লক্ষণেই প্ৰভাৱী ৷ অৱশ্যে F1 জনুৰ স্ব-নিষেচনৰ ফলত F2 জনুত এনে কিছুমান লক্ষণ দেখা গৈছিল যিবোৰ তাৰ পিতৃ-মাতৃ(F1)ত প্ৰকাশ পোৱা নাছিল ৷ আনকি কেতবোৰ নতুন সংমিশ্ৰণত বৈশিষ্ট্যহে পৰিস্ফুতঃ হৈছিল ৷ ইয়ে প্ৰমাণ কৰে যে বংশানুক্ৰমিকভাৱৱে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় ৷
3.       ‘A’গ্ৰুপৰ তেজৰ মনুহ এজনে ‘O’গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ ‘O’ ৷ এই তথ্যৰ পৰা তোমালোকে  ‘A’ আৰু  ‘O’ তেজৰ গ্ৰুপৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবানে ? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা ?
উত্তৰঃ ‘A’ নে ‘O’ কোনটো ব্লাড গ্ৰুপ প্ৰভাৱী সেই কথা নিৰ্ণয় কৰাৰ বাবে উপৰোক্ত তথ্য যথেষ্ট নহয় ৷ কিয়নো একে পৰিয়ালৰে আন সন্তানৰ ব্লাড গ্ৰুপ জীয়েকৰ সৈতে একে নহ’বও পাৰে ৷ এই তথ্য আধৰুৱা কিয়নো আমি জীয়েকৰ ভাই-ককাই বা ককা-আইতাকৰ ব্লাড গ্ৰুপৰ কথা নাজানো ৷ পিতৃ-মাতৃৰ ব্লাড গ্ৰুপ জীনিয়ভাৱে ‘OO’,’AA’ বা ‘AO’ হ’ব পাৰে ৷
4.       মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?
উত্তৰঃ মানুহৰ ক্ষেত্ৰত জীনিয়ভাৱে লিঙ্গ নিৰ্ধাৰণ কৰা হয় ৷ প্ৰতিটো মানৱ দেহতে 23 যোৰকৈ ক্ৰ’ম’জ’ম থাকে ৷ ইয়াৰ ভিতৰত 22 যোৰা ক্ৰ’ম’জ’ম পুৰুষ-মহিলাৰ ক্ষেত্ৰত একে ৷ আনহাতে, 23 ক্ৰ’ম’জ’ম যোৰ জনন কোষত অৱস্হিত ৷ ইয়াক যৌন ক্ৰ’ম’জ’ম বুলিও জনা যায় ৷  পুৰুষ-মহিলাৰ ভেদে এই ক্ৰ’ম’জ’ম ভিন্ন হয় ৷ এগৰাকী মহিলাৰ ‘XX’ ক্ৰ’ম’জ’ম থকাৰ বিপৰীতে পুৰুষৰ ‘XY’ ক্ৰ’ম’জ’ম থাকে ৷ এটা সন্তানে মাতৃৰপৰা ‘X’ ধ’ম’জ’ম পোৱাৰ বিপৰীতে পিতৃৰপৰা ‘X’ বা  ‘Y’ ক্ৰ’ম’জ’মহে লাভ কৰিব ৷ যদিহে সন্তানটোৱে পিতৃৰ পৰা ‘X’ ক্ৰ’ম’জ’ম লাভ কৰে তেন্তে সন্তানটো ছোৱালী হ’ব আৰু যদিহে ‘y’ ক্ৰ’ম’জ’ম গ্ৰহণ কৰে তেন্তে সন্তানটো ল’ৰা হ’ব ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 150)
1.       কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য এটা তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায় ৷
উত্তৰঃ কোনো এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য এটা তাৰ জনসংখ্যাত বা প্ৰজাতিত বাঢ়ি যোৱাৰ বিভিন্ন উপায়সমূহ হ’লঃ
(I)                 প্ৰাকৃতিক নিৰ্বাচনঃ যেতিয়া এটা প্ৰকাৰণ বা বিশেষ বৈশিষ্ট্যই প্ৰজাতি এটা বাচি থকাত সহায় কৰে ৷
(II)               জীনিয় পথচ্যুতঃ যেতিয়া কোনো এটা জিন এটা বিশেষ প্ৰজাতিত প্ৰকট হয় ৷
(III)             অন্যান্য কাৰকঃ পৰিৱেশ সংক্ৰান্তীয় অন্য কাৰক যিয়ে ব্যক্তিৰ জীৱনকালত অৰ্জন কৰা চৰিত্ৰ নিৰ্ধাৰণ কৰে ৷
2.       জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি-সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে ?
উত্তৰঃ জীৱনকালত অৰ্জন কৰা চৰিত্ৰসমূহ বংশানুক্ৰমে সতি-সন্ততিলৈ প্ৰবাহিত নহয়, কিয়নোঃ
(i)                  এই প্ৰক্ৰিয়াত অপ্ৰজননজনিত কলাৰ পৰিৱৰ্তন হয় ৷
(ii)                জনন কোষৰ ডি এন এলৈ এই চৰিত্ৰ বা লক্ষণ সঞ্চাৰি নহয় ৷
3.       বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাৱা ?
উত্তৰঃ বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো চিন্তাৰ বিষয় বুলি ভবাৰ কাৰণঃ
(i)                  কমসংখ্যক জনসংখ্যা মানে কমসংখ্যক প্ৰকাৰণ ৷
(ii)                কমসংখ্যক প্ৰকাৰণ মানে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰজাতিটোৰ বাচি থকাৰ কম সম্ভাৱনা ৷
(iii)               প্ৰজাতিটো বিলুপ্ত যোৱাৰ সম্ভাৱনা বাঢ়ি যায় ৷
(iv)              প্ৰজাতিটোৰ বিৱৰ্তন নহয় ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 151)
1.       নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?
উত্তৰঃ নতুন প্ৰজাতি এটাৰ সৃষ্টিত অৰিহণা যোগোব পৰা কাৰকসমূহ হ’লঃ
(i)                  প্ৰাকৃতিক নিৰ্বাচন ৷
(ii)                জিনীয় পথচ্যুত ৷
(iii)               উৎপৰিৱৰ্তন বা অপ্ৰত্যাশিত জিনীয় পৰিৱৰ্তন ৷
(iv)              পাৰিপাৰ্শ্বিক পৰিৱৰ্তন ৷
(v)                প্ৰকাৰণ ৷
2.       স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?
উত্তৰঃ স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব নোৱাৰে ৷ কাৰণ, স্ব-পৰাগযোগৰ বাবে একেপাহ ফুল বা একেডাল উদ্ভিদৰ ফুলৰ পুংকেশৰৰ পৰাগধনীৰ পৰা পৰাগৰেণুবোৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডলৈ স্হানান্তৰিত হোৱাৰ প্ৰয়োজন হয় ৷ সেয়ে স্ব-পৰাগযোগ ঘটা প্ৰজাতি এটাৰ বিকাশৰ ক্ষেত্ৰত ভৌগোলিক পৃথকীকৰণে কোনোধৰণৰ ভূমিকা পালন নকৰে ৷
3.       অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্হাটো এটা প্ৰধান কাৰক হ’ব পাৰেনে ? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে ?
উত্তৰঃ নোৱাৰে, অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্হাটো এটা প্ৰধান কাৰক হ’ব নোৱাৰে ৷ কাৰণ, অযৌন প্ৰজননৰ বাবে মাত্ৰ এটা জীৱৰহৰ প্ৰয়োজন হয় ৷ ডি এন এ প্ৰতিলিপিকৰণ সঠিক নোহোৱাৰ ফলতহে প্ৰকাৰণ ঘটে, যিটোক ভৌগোলিক পৃথকীকৰণে বাধা দিব নোৱাৰে ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 156)
1.       দুটা প্ৰজাতিৰ মাজত বিৱৰ্তন সম্পৰ্ক স্হাপন কৰিবলৈ ব্যৱহাৰ হোৱা এটা চাৰিত্ৰিক বৈশিষ্টৰ উদাহৰণ দিয়া ৷
উত্তৰঃ বিভিন্ন জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ অধ্যয়নে বিৱৰ্তনৰ ক্ষেত্ৰত সিঁহতৰ মাজত থকা ওচৰ সম্পৰ্ক নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে ৷ উদাহৰণস্বৰুপে বান্দৰ আৰু মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ অধ্যয়নে ইহঁতৰ মাজত বহুতো সাদৃশ্য প্ৰদৰ্শন কৰিছে ৷ ই দেখুৱায় যে মানুহ আৰু বান্দৰ  পৃথকভাৱে এক পূৰ্বপুৰুষৰ পৰা বৱৰ্তনৰ মাজেদি বৰ্তমান অৱস্হা পাইছে ৷ একেদৰে আমি মানুহ আৰু চৰাইৰ কথা যদি বিবেচনা কৰোঁ, তেন্তে দেখিম যে দুয়োবিধৰে সমসংস্হ অংগ যেনে বাহু আৰু ডেউকা আছে যাৰ বিৱৰ্তনৰ দিশৰ পৰা মিল নাথাকিলেও দূৰ সম্পৰ্ক আছে ৷
2.       পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্হ অংগ বুলি ক;ব পাৰিবানে ? কিয় পাৰি বা কিয় নোৱাৰি ?
উত্তৰঃ সমসংস্হ অংগ সেইবোৰ যিবিলাক অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একেই কিন্ত্ত কাৰ্যৰ ফালৰ পৰা বেলেগ ৷ পখিলা আৰু বাদুলিৰ ডেউকাই একে কামকে কৰে(উৰণ)যদিও সিহঁতৰ মৌলিক গঠন আৰু উৎপত্তি ভিন্ন ৷ সেয়ে এই অংগ দুবিধ সমসংস্হ অংগ হিচাপে বিবেচনা কৰা নকৰি সমবৃত্তি হিচাপেহে বিবেচনা কৰা হয় ৷
3.       জীৱাষ্ম কি ? বিৱৰ্তন সম্পৰ্কে জীৱাষ্মসমূহে আমাক কি কয় ?
উত্তৰঃ ভূ-পৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত কেতিয়াবা জীৱদেহ বা জীৱদেহৰ অংশবিশেষ সম্পূৰ্ণৰুপে অপঘটন নোহোৱাকৈ আৱদ্ধ হৈ যায় ৷ এসময়ত পৃথিৱীত বাস কৰা এনে জীৱৰ ভূ-পৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত ৰৈ যোৱা দেহৰ চাপ বা সাঁচক জীৱাশ্ম বোলা হয় ৷ জীৱাশ্মই বিৱৰ্তৰ সাক্ষ্য বহন কৰে ৷ জীৱাশ্মৰ অধ্যয়ন কৰি আৰু বৰ্তমানৰ প্ৰজাতিৰ সৈতে তেনে জীৱাশ্মৰ তুলনা কৰি জীৱৰ বিৱৰ্তনৰ কথা জানিব পাৰি ৷ তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্ভেদ তথা তাৰ মূল্যায়নো জীৱাশ্মৰ জৰিয়তে কৰিব পাৰি ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 158)
1.       বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভুক্ত কিয় ?
উত্তৰঃ সংজ্ঞাৰ ফালৰ পৰা প্ৰজাতি হৈছে এনে এটা জীৱগোষ্ঠী যিয়ে নিজৰ মাজত প্ৰজনন কৰি বিৱৰ্তন প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰে ৷ এই সংজ্ঞা মানুহৰ ক্ষেত্ৰত ঘটে ৷ সেয়ে আকাৰ, বৰণ আৰু দেখাত ভিন্ন হোৱা সত্ত্বেও মানুহক একে প্ৰজাতিৰ  অন্তৰ্ভূক্ত কৰা হৈছে ৷
2.       বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত অতি উচ্ছস্তৰৰ ? কিয় উচ্ছ স্তৰৰ ?
উত্তৰঃ বিৱৰ্তনৰ ফালৰ পৰা বেক্টেৰিয়া, মকৰা, মাছ আৰু চম্পাঞ্জীৰ মাজত দৈহিক গঠন ভাল-বেয়া তুলনা কৰিব নোৱাৰি ৷ ইয়াত প্ৰতিটোৱে বৰ্তমানৰ জটিল ৰুপ পাবৰ বাবে বিৱৰ্তনৰ মাজেৰে পাৰ হৈ আহিছে ৷ তদুপৰি জটিল দৈহিক গঠনক সৰল দৈহিক গঠনতকৈ দক্ষ বুলিব নোৱাৰি ৷ কিয়নো সৰল দৈহিক গঠনৰ জীৱ যেনে বেক্টিৰিয়াই এনেভাৱে দেহটো বিকশিত কৰিছে যে ই যিকোনোধৰণৰ পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লৈ জীয়াই থাকিব পাৰে ৷
অনুশীলণী (পৃষ্ঠা নং 159)
1.       মেণ্ডেলৰ পৰীক্ষামতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল ৷ উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ’ল যদিও আধাসংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছজোপাৰ কোনটো জিনীয় সংযুক্তি (Genetic make up)বৰ্ণনা কৰিব পৰা হ’ব ?
(a) TTWW                                            (b) TTww
(c) TtWW                                             (d) TtWw
উত্তৰ : (c) TtWW
2.       সমসংস্হ অংগৰ এটা উদাহৰণ হ’ল –
(a) আমাৰ বাহু আৰু বুকুৰ আগ ঠেং  (b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা           (d) ওপৰৰ আটাইকেইটা
উত্তৰ : (d) ওপৰৰ আটাইকেইটা
3.       বি্ৱৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত –
(a) এজন চীনা স্কুলীয়া ছাত্ৰ               (b) এটা চিম্পাঞ্জী
(c) এটা মকৰা                        (d) এটা বেক্টেৰিয়া
উত্তৰ: (a) এজন  চীনা স্কুলীয়া ছাত্ৰ
কাৰণঃ
(a)    এজন চীনা স্কুলীয়া ছাত্ৰ আমাৰ দৰেই মানুহ আৰু প্ৰজাতিও একে ৷ গতিকে বিৱৰ্তনৰ ফালৰপৰা আমাৰ নিকটৱৰ্তী হ’ব ৷
(b)   চিম্পাঞ্জী স্তন্যপায়ী হ’লেও আৰু আমাৰ সৈতে বহুতো সাদৃশ্য থাকিলেও বিৱৰ্তনৰ ফালৰপৰা দূৰৱৰ্তী সম্পৰ্কযুক্ত ৷ ইয়াৰ প্ৰজাতি ভিন্ন ৷
(c)    মকৰা অমেৰুদণ্ডী, অন্যহাতে মানুহ মেৰুদণ্ডী জীৱ ৷ গতিকে বিৱৰ্তনৰ ফালৰপৰা মানুহৰ পৰাই বহুত দূৰত ৷
(d)   বেক্টেৰীয়া এককোষী জীৱ, গতিকে ই প্ৰাথমিক জীৱৰ শাৰীতহে পৰে ৷ তাৰ বিপৰীতে মানুহ বহুকোষী জটিল জীৱ ৷  
4.       এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ লৰৰা ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণো পাতল ৰঙৰ হয় ৷ ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চিত্ৰ সেই বিষয়ে মতামত দিব পাৰিবানে ? যদি পাৰি কিয় পাৰি আৰু যদি নোৱাৰি কিয় নোৱাৰি ?
উত্তৰঃ নোৱাৰি, পাতল ৰঙৰ চকু থকা পিতং-মাতৃৰ শিশুৰ চকুৰ ৰং পাতল হ’লেও ইয়াক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰৰ ভিতৰত ধৰিব নোৱাৰি ৷ পাতল বৰণৰ চকু ল’ৰা ছোৱালীৰ জিনপ্ৰৰুপ LL বা  LI হ’ব যদি পাতল বৰণৰ চকু এটা প্ৰভাৱী চৰিত্ৰ হয় বা II হ’ব যদি পাতল বৰণৰ চকু এটা অপ্ৰভাৱী চৰিত্ৰৰ হয় ৷ পাতল ৰঙৰ চকুৰ অধিকাৰী শিশুৰ জিনপ্ৰৰুপ LL হ’ব বুলি ধৰিলে পিতৃ-মাতৃৰ জিনপ্ৰৰুপো LL হ’ব ৷
অৰ্থাৎঃ
                    LL    *    LL
                             
LL
যদিহে শিশুৰ জিনপ্ৰৰুপ LI তেন্তে পিতৃ অথবা মাতৃৰ জিনপ্ৰৰুপ LI বা IL হ’ব লাগিব ৷ যদিহে শিশুৰ জিনপ্ৰৰুপ II হয়, তেন্তে পিতৃ-মাতৃৰ জিনপ্ৰৰুপো II হ’ব লাগিব ৷
অৰ্থাৎঃ
                         II             *             II
                                       
                                        II
এনেদৰে, চকুৰ পাতল ৰঙক প্ৰভাৱী বা অপ্ৰভাৱী চৰিত্ৰ হিচাপে নিৰ্ণয় কৰিব নোৱাৰি ৷
5.       বিৱৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে ?
উত্তৰঃ বিৱৰ্তন হৈছে জীৱৰ প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পৰিৱৰ্তন, পাৰিপাৰ্শ্বিক পৰিৱৰ্তন আদিৰ ফলত বহুকেইটাপ্ৰজন্মৰ মাজেদি জীৱ এটাৰ চাৰিত্ৰিক পৰিৱৰ্তন ৷ আনহাতে শ্ৰেণীবিভাজন হৈছে জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰায় একেধৰণৰ, তেনেবোৰ জীৱ নিকটভাৱে সম্পৰ্কিত বুলি কোৱা হয় আৰু একে বৈশিষ্ট্যপূৰ্ণ দুবিধ প্ৰজাতিৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰিব পাৰি ৷ এনেদৰে, জীৱৰ শ্ৰেণীবিভাজনে বিভিন্ন প্ৰজাতিৰ মাজত থকা বিৱৰ্তনমূলক যোগসূত্ৰ স্হাপন কৰাত সহায় কৰে ৷
6.       উদাহৰণসহ সমসংস্হ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যখ্যা কৰা ৷
উত্তৰঃ সমসংস্হ অংগঃ তেনেবোৰ অংগ যিবিলাকৰ উৎপত্তি আৰু মৌলিক গঠন প্ৰায় একেই কিন্ত্ত  কাৰ্যৰ ফালৰপৰা বেলেগ বেলেগ; উদাহৰণস্বৰুপে মেৰুদণ্ডী প্ৰাণীৰ আগ ঠেং, চৰাইৰ ডেউকা, তিমিৰ ফিচা আৰু মানুহৰ হাত আদিৰ মৌলিক গঠন প্ৰায় একেই, কিন্ত্ত খোজকঢ়া, উৰণ, সাঁতোৰ আৰু সমাগ্ৰী ধৰা আদি বেলেগ বেলেগ কামৰ বাবে ব্যৱহাৰ কৰটা হয় ৷
সমবৃত্তি অংগঃ তেনেবোৰ অংগ যিবিলাক গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন ভিন কিন্ত্ত কাৰ্যৰ ফালৰপৰা একেই ৷ উদাহৰণস্বৰুপে বাদুলিৰ ডেউকা আৰু চৰাইৰ ডেউকা সমবৃত্তি অংগ ৷ বাদুলিৰ ডেউকাত পাতল ছালৰ তৰপ থকাৰ বিপৰীতেদ চৰাইৰ ডেউকাৰ পাখি থাকে ৷ গতিকে দুয়োবিধ ডেউকাৰ গঠন বেলেগ বেলেগ হ’লেও দুয়োবিধ অংগই উৰাৰ কাম কৰে ৷
7.       কুকুৰৰ ৰঙবিলাকৰ চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা ৷
উত্তৰঃ
·         সমযুগ্মজাত ক’লা (BB)মতা কুকুৰ আৰু সমযুগ্মজাত মাইকী বগা (bb)কুকুৰ লোৱা হওক ৷
·         দুয়োটাৰে মাজত প্ৰজনন কৰা হ’ল ৷
·         সিহঁতৰ পোৱালীবোৰ অধ্যয়ন কৰা হ’ল ৷
·         যদিহে অপত্য (F1)ক’লা বৰণৰ হয়, তেন্তে ৰঙ সাপেক্ষে ক’লা ৰঙ প্ৰভাৱী হ’ব ৷
8.       বিৱৰ্তন প্ৰক্ৰিয়াত জীৱাষ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা ৷
উত্তৰঃ ভূ-পৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত কেতিয়াবা জীৱদেহ বা জীৱদেহৰ অংশবিশেষ সম্পূৰ্ণৰুপে অপঘটন নোহোৱাকৈ আৱদ্ধ হৈ যায় ৷ এসময়ত পৃথিৱীত বাস কৰা এনে জীৱৰ ভূ-পৃষ্ঠৰ গভীৰতাত শিলাস্তৰৰ মাজত ৰৈ যোৱা দেহৰ চাপ বা সাঁচক জীৱাশ্ম বোলা হয় ৷ জীৱাশ্মই বিৱৰ্তৰ সাক্ষ্য বহন কৰে ৷ জীৱাশ্মৰ অধ্যয়ন কৰি আৰু বৰ্তমানৰ প্ৰজাতিৰ সৈতে তেনে জীৱাশ্মৰ তুলনা কৰি জীৱৰ বিৱৰ্তনৰ কথা জানিব পাৰি ৷ তদুপৰি প্ৰজাতি এটাৰ পূৰ্বপুৰুষৰ সম্ভেদ তথা তাৰ মূল্যায়নো জীৱাশ্মৰ জৰিয়তে কৰিব পাৰি ৷
9.       অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ  যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ (Viable)ভিন্নতা সৃষ্টি হৈ কেনেকৈ ব্যাখ্যা কৰা ৷ ই বিৱৰ্তনত কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰঃ অযৌন প্ৰজননতকৈ যৌন প্ৰজননত বেছি বিকাশসহ ভিন্নতা সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক ৷ কিয়নো এনে প্ৰজননত দুটা জীৱ প্ৰয়োজন হয় যিয়ে অপত্যৰ সৃষ্টিত অৰিহণা যোগায় ৷ এই অপত্যই পিতৃ-মাতৃ দুয়োৰে পৰা চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰে ৷ আনহাতে অযৌন প্ৰজননত মাত্ৰ এটাহে জীৱই অংশগ্ৰহণ কৰে, সেয়ে য়ি প্ৰকাৰণ সৃষ্টি হয় সেয়া ডি.এন.এ প্ৰতিলিপিকৰণৰ ক্ৰটিৰ ফলতহে হয় ৷ সেচয়ে এনে প্ৰকাৰণ তিষ্ঠি তাকিব নোৱাৰিবও পাৰে ৷
যৌন প্ৰজনন পদ্ধতিৰে বংশবিস্তাৰ কৰা জীৱৰ ক্ষেত্ৰত প্ৰকাৰণে এনে জীৱৰ বিৱৰ্তনত প্ৰভাচৱ বিস্তাৰ কৰে কিয়নো ইঃ
(i)                  পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাব পৰাকৈ জীৱবিধক অভিযোজন কৰাত সহায় কৰে৷
(ii)                প্ৰতিবিধক বিলুপ্ত হোৱাৰ পৰা বচায় ৰাখে ৷
(iii)               প্ৰজাতিবিধৰ বাচি থকাৰ সম্ভাৱনা বাঢ়ে ৷
10.   কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষে সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তা্ন্তৰ কৰে ?
উত্তৰঃ যৌন প্ৰজননত অপত্য জীৱত পিতৃ-মাতৃয়ে জিনীয় গুণ সঞ্চাৰণ কৰাত সমভাৱে অৰিহণা যোগায় ৷ জিনবিলাক ক্ৰ’ম’জ’ম হিচাপে স্বতন্ত্ৰভাৱে থাকে ৷ প্ৰতিটো মানৱ দেহতে  23 যোৰকৈ ক্ৰ’ম’জ’ম থাকে আৰু অপত্যৰ চাৰিত্ৰিক গুণ নিৰ্ধাৰণ কৰে ৷ আনহাতে 23 নং ক্ৰ’ম’জ’মযোৰে অপত্যৰ লিংগ নিৰ্ধাৰণত সহায় কৰে ৷ প্ৰত্যেক জনন কোষে অৰ্থাৎ পুংজনন কোষ আৰু স্ত্ৰীজননকোষে 23 ডালকৈ ক্ৰ’ম’জ’ম আহৰণ কৰে ৷ শুক্ৰাণু আৰু ডিম্বাণু লগ লাগিলে অপত্যৰ ক্ৰ’ম’জ’মৰ সংখ্যা নিৰ্ধাৰিত হয় আৰু প্ৰজাতিবিধৰ ডি.এন.এৰ সুস্হিৰতা নিশ্চিত হয় ৷ইয়ে অপত্যলৈ পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ সমান অৱদান সঞ্চাৰণ হোৱাটো নিশ্চিত কৰে ৷
11.   ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে’ ৷ এই উক্তিৰ সৈতে একমত নে ? যদি হয় কিয় আৰু যদি নহয় কিয় ?
উত্তৰঃ এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে কিয়নো এয়া প্ৰাকৃতিকভাৱে নিৰ্বাচিত ৷ এনে প্ৰকাৰণে প্ৰজাতিটোক পৰিৱেশৰ সৈতে খাপ খুৱাই ৰখাত সহায় কৰে আৰু এই প্ৰকাৰণ ক্ৰমান্বয়ে অপত্য জনুলৈ সঞ্চাৰিত হয় ৷ উদাহৰণস্বৰুপে ৰঙা গুবৰুৱাৰ পৰা সেউজীয়া গুবৰুৱাৰ উদ্ভৱ হোৱাৰ কথা বিবেচনা কৰিব পাৰি ৷ এই ৰঙটোৱে সিহঁতক চিকাৰী কাউৰীৰ  দৃষ্টিগোচৰ নোহোৱাকৈ ৰখাৰ ফলত বাচি থকা সম্ভাৱনা বঢ়ায় তোলে ৷ অৱশ্যে প্ৰকাৰণে সকলো সময়তে জীয়াই থকাত সহায় নকৰিবও পাৰে৷ এনে প্ৰকাৰণে আকস্মিকভাৱে বা ভৌগোলিক পৃথকীকৰণৰ ফলতো সম্পন্ন হ’ব পাৰে ৷

Post a Comment

2Comments

Please don't use spam link in the comment box.

Post a Comment