-->

পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰন (পদাৰ্থ বিজ্ঞান) - দশম শ্ৰেণী- NCERT SOLUTION

পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰন (পদাৰ্থ বিজ্ঞান)
প্ৰশ্নাৱলী(পৃষ্ঠা নং 168)
      1.       অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া ৷
উত্তৰ: অৱতল দাপোণৰ যি বিন্দুত অসীমৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মিয়ে প্ৰতিফলনৰ পাছত অভীসাৰী হয় বা প্ৰকৃততে কটাকটি কৰে, সেই বিন্দুটোক অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলা হয় ৷ ইয়াক ‘f’ আখৰেৰে সূচোৱা হয় ৷
      2.       গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্দ্ধ 20 ছে: মি: ৷ ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?
উত্তৰ: ইয়াত,
        ভাঁজ ব্যাসাৰ্ধ, R = 20 ছে:মি:
        ফ’কাছ দৈৰ্ঘ্য, f = ?
        আমি জানো,
        গোলাকাৰ দপোণৰ ক্ষেত্ৰত,
        


                গতিকে প্ৰদত্ত গোলাকাৰ দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য(f)10ছে:মি:
      3.       এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিৱৰ্ধিত প্ৰতিবিম্ব গঠন কৰে ৷
উত্তৰ: অৱতল দাপোণে লক্ষ্যবস্তু অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবম্ব গঠন কৰে ৷ লক্ষ্যবস্তটো দাপোণৰ মেৰু(P) আৰু মুখ্য ফ’কাছ(F) ৰ মাজত স্হাপন কৰিলে এনে প্ৰতিবিম্ব গঠিত হয় ৷
      4.       গাড়ীৰ পাছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় ?
উত্তৰ: নিম্নোক্ত কাৰণত গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয় :
(i)                  উত্তল দাপোণৰ সন্মুখত অৱস্হিত লক্ষ্যবস্তু থিয়, অসৎ আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয় ৷ গতিকে পিছফালৰ লক্ষ্যবস্তু(যান-বাহন আদি)চালকে সহজে চিনাক্ত কৰিব পাৰে বাবে নিৰাপদে গাড়ী চলোৱাটো সম্ভৱ হয় ৷
(ii)                উত্তল দাপোণৰ বক্ৰপৃষ্ঠৰ দৃষ্টিক্ষেত্ৰ সমতল দাপোণৰ তুলনাত বিস্তৃত ৷
 প্ৰশ্নাৱলী(পৃষ্ঠা নং 171)
      5.       32 ছে: মি: ভাঁজ ব্যাসাৰ্দ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা ৷
উত্তৰ: ইয়াত,
        ভাঁজ ব্যাসাৰ্ধ, R = 32 ছে:মি:
        [উত্তল দাপোণৰ ক্ষেত্ৰত R আৰু f উভয়ে ধনাত্মক]            
        ফ’কাছ দৈৰ্ঘ্য, f = ?
        আমি জানো,
        গোলাকাৰ দপোণৰ ক্ষেত্ৰত,
        ভাঁজ ব্যাসাৰ্ধ = 2  ফ’কাছ দৈৰ্ঘ
ð  R     = 2f
ð  f      = 
ð  f      =
ð  f     = 10
                গতিকে প্ৰদত্ত গোলাকাৰ দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য(f)10ছে:মি:
     6.       অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 ছে: মি: দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিৱৰ্ধিত সৎপ্ৰতিবিম্ব গঠন কৰে ৷ প্ৰতিবিম্বটোৰ অৱস্হান কি ?
উত্তৰ: ইয়াত,
        বিবৰ্ধন, m = 3[যিহেতু প্ৰতিবিম্বটো সৎ]
        লক্ষ্যবস্তৰ দূৰত্ব u = 10ছে:মি:
        প্ৰতিবিম্বৰ দূৰত্ব v = ?
   আমি জানো,
        বিবৰ্ধন =  
ð  m =  
ð   3 =  
ð   3 =
ð   = 30
অৱতল দাপোণখনৰ সন্মুখৰফালে 30ছে:মি: দূৰত্বত এটা ওলোটা প্ৰতিবিম্ব গঠন হয় (ঋণাত্মক চিনে দাপোণখনৰ বাওঁফালে নিৰ্দেশ কৰিছে), অৰ্থাৎ প্ৰতিবিম্বটো লক্ষ্যবস্তটো থকাফালে অৱস্হিত ৷
 প্ৰশ্নাৱলী(পৃষ্ঠা নং 176)
    7.       পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে ৷ পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব ? কিয় ?
উত্তৰ: পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ’ব ৷
এডাল পোহৰৰ ৰশ্মিয়ে আলোকীভাৱে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে পোহৰৰ দ্ৰুতি হ্ৰাস পায় আৰু ই উলম্বৰ পিনে বেঁকা হয় ৷ যিহেতু পানি বায়ুতকৈ আলোকীবাৱে ঘনতৰ মাধ্যম সেয়ে বায়ুৰ মাজেৰে অতিক্ৰম কৰি অহা পোহৰৰ ৰশ্মিয়ে পানীত প্ৰৱেশ কৰিলে উলম্বৰ দিশলৈ বেঁকা হয় ৷
    8.       পোহৰ বায়ুৰ পৰা 1.50 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে ৷ কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব ? শূণ্যত পোহৰৰ দ্ৰুতি 3    মি: প্ৰতি ছেকেণ্ড ৷
উত্তৰ: ইয়াত,
        কাঁচৰ প্ৰতিসৰনাংক, ng =1.50
                        শূণ্যত পোহৰৰ দ্ৰুতি,c = 3    m s-1
                        কাঁচত পোহৰৰ দ্ৰুতি, v = ?
        আমি জানো,
   কাঁচৰ প্ৰতিসৰনাংক =
ð  Ng  =
ð  V =
ð  V =
ð  V =  2
গতিকে কাঁচত পোহৰৰ দ্ৰুতি 2  m s-1
     9.       তালিকা 10.3 ৰ পৰা সৰ্ব্বোচ্ছ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা ৷ আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা ৷
তালিকা 10.3 কিছুমান দ্ৰব্যাত্মক মাদ্যমৰ প্ৰতিসৰণাংক
ক্ৰমিক নং
দ্ৰব্যাত্মক মাধ্যম
প্ৰতিসৰণাংক
ক্ৰমিক নং
দ্ৰবা্যত্মক মাধ্যম
প্ৰকতিসৰণাংক
1.
2.
3.
4.
5.
6.
7.
8.
বায়ু
বৰফ
পানী
এলক’হল
কেৰাচিন
গলিত কোৱাৰ্টজ
বেনজিন
1.0003
1.31
1.33
1.36
1.44
1.46
1.47
1.50
9.
10.
11.
12.
13.
14.
15.
16
ক্ৰাউন কাঁচ
কানাডা বালছাম
শৈল লৱণ
কাৰ্বন ডাই-ছালফাইড
ঘন ফ্ৰিন্ট কাঁচ
ৰুবী
চেফায়াৰ
হীৰা
1.52
1.53
1.54
1.63
1.65
1.71
1.77
2.42


উত্তৰ: এটা মাধ্যমৰ পোহৰ প্ৰতিসৰনাংক কৰিব পৰা সামৰ্থ্য পৰিমাপ কৰিবলৈ আলোকী ঘনত্ব ব্যৱহাৰ কৰা হয় ৷ সংশ্লিষ্ট মাধ্যমৰ প্ৰতিসৰনাংকৰ সৈতে ই প্ৰত্যক্ষভাৱে জড়িত ৷ গতিকে, সৰ্ব্বোচ্চ প্ৰতিসৰনাংক বিশিষ্ট মাধ্যৰ আলোকী ঘনত্ব সৰ্ব্বোচ্চ আৰু সৰ্ব্বোচ্চ আলোকী ঘনত্ব বিশিষ্ট মাধ্যমৰ প্ৰতিসৰনাংক সৰ্ব্বোচ্চ ৷
তালিকা 10.3 ত দেখা গ’ল যে হীৰাৰ প্ৰতিসৰনাংক সৰ্ব্বোচ্চ (2.42)গতিকে, সৰ্ব্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো হৈছে হীৰা ৷
একেদৰে, বায়ুৰ আলোকী ঘনত্ব আটাইতকৈ কম কিয়নো ইয়াৰ প্ৰত্সৰনাংক আটাইতকৈ কম(1.0003)৷
     10.   তোমাক কেৰাচিন, টাইৰপেনটাইন আৰু পানী দিয়া হৈছে ৷ এই মাধ্যমকেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্ব্বোচ্ছ ? তালিকা 10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা ৷
উত্তৰ: এটা মাধ্যমত পোহৰৰ দ্ৰুতি সেই মাধ্যমৰ প্ৰতিসৰনাংকৰ সম্পৰ্ক হিচাপে প্ৰকাশ কৰা হয় ৷
এতিয়া,
এটা মাধ্যমৰ প্ৰতিসৰনাংক  =
ð   =
ð  V  =
                                            v              [বায়ুত পোহৰৰ দ্ৰুতিক ধ্ৰুৱক হিচাপে লোৱা হয়]
ওপৰৰ সম্পৰ্কটোৰ পৰা ব্যক্ত কৰিব পাৰি যে নিম্নতম প্ৰতিসৰনাংকৰ মাধ্যমত পোহৰে সৰ্বাধিক দ্ৰুতিৰে গতি কৰে আৰু সৰ্বাধিক প্ৰতিসৰনাংকৰ মাধ্যমত পোহৰে নিম্নতম দ্ৰুতিৰে গতি কৰে ৷
তালিকা 10.3ৰ পৰা আমি পাওঁ,
     কেৰাচিনৰ প্ৰতিসৰনাংক = 1.44
                টাৰপেনটাইন তেলৰ প্ৰতিসৰনাংক = 1.47
     পানীৰ প্ৰতিসৰনাংক = 1.33
গতিকে, প্ৰদত্ত তিনিটা মাধ্যমৰ ভিতৰত পানীৰ প্ৰতিসৰনাংক আটাইতকৈ কম ৷ গতিকে পানীত পোহৰৰ দ্ৰুতি সৰ্ব্বোচ্চ ৷
     11.   হীৰাৰ প্ৰতিসৰণাংক 2.42 ৷ এই উক্তিটোৰ অৰ্থ কি ?
উত্তৰ: এটা মাধ্যমৰ প্ৰতিসৰনাংক( ), সেই মাধ্যমটোত পোহৰৰ দ্ৰুতি(V) আৰু বায়ুত পোহৰৰ দ্ৰুতি(C) ৰে সম্পৰ্কিত ৷ ইয়াক এনেদৰে প্ৰকাশ কৰা হয় ৷
এটা মাধ্যমৰ প্ৰতিসৰনাংক =
ð   =
ð  V  =
   অৰ্থাৎ হীৰাত বায়ুৰ দ্ৰুতি =
  হীৰাৰ প্ৰতিসৰনাংক 2.42 ৷ ইয়াৰ অৰ্থ এয়ে যে হীৰাত পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতিৰ  গুণ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 184)
      12.   লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া ৷
উত্তৰ: ডায়’প্টাৰ হৈছে এখন লেনছৰ ক্ষমতাৰ এছ আই একক ৷ ইয়াক D আখৰেৰে সূচোৱা হয় ৷
এখন লেনছৰ ক্ষমতা 1 ডায়’প্টাৰ হ’ব যদিহে ইয়াৰ ফ’কাছ লেনছৰ দৈৰ্ঘ্য 1 মিটাৰ হয় ৷
    1D = 1m-1
      13.   উত্তল লেনছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছে: মি: দূৰত্বত গঠন কৰে ৷ যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেনছৰ সন্মুখত ক’ত ৰখা হৈছিল ? নিৰ্ণয় কৰা ৷
সমাধান: ইয়াত,
   প্ৰতিবিম্বৰ দূৰত্ব,V = 50ছে:মি:
   লক্ষ্যবস্তৰ দূৰত্ব,u = ?
        ক্ষমতা,p = ?
যিহেতু প্ৰতিবিম্বটো সৎ আৰু লক্ষ্যবস্ত(বেজী)ৰ আকাৰৰ সমান ৷
    বিবৰ্ধন, m =
ð   1 =    
ð   =  v
ð   =  50
গতিকে, লক্ষ্যবস্তটো উত্তল লেনছৰ সন্মুখত 50 ছে:মি: দূৰত্বত ৰখা হৈছিল ৷
এতিয়া,
আমি জানো,
                = 
                                                য’ত f হৈছে লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য ৷
               =     
ð   =   + 
ð   = 
ð   = 
 f= + 25
গতিকে, উত্তল লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য + 25 ছে:মি: বা, + 0.25 মি:
           এতিয়া,
                ক্ষমতা, p =
                       =
                                                              = + 4.0D
গতিকে, লেনছখনৰ ক্ষমতা + 4.0D.
     14.   2 মি: ফ’কাছ দৈ্ৰ্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা ৷
উত্তৰ: ইয়াত,
        ফ’কাছ দৈৰ্ঘ্য, f= -2m[অৱতল লেনছৰ ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক]
   এতিয়া,
        ক্ষমতা,P =
              =
                                      = 0.5D
গতিকে অৱতল লেনছখনৰ ক্ষমতা 0.5D
অনুশীলণী (পৃষ্ঠা নং 185-186)
     1.       তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?
(a) পানী      (b) কাঁচ      (c) প্লাষ্টিক     (d) মৃত্তিকা (clay)
উত্তৰ : (d) মৃত্তিকা
     2.       অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যস্ততকৈ ডাঙৰ পোৱা গ’ল ৷ লক্ষ্যবস্তৰ অৱস্হান ক’ত হ’ব লাগিব ?
(a) মুখ্য ফ’কাছ আৰু ভাঁজ দৈৰ্ঘ্য ব্যাসাৰ্দ্ধৰ মাজত
(b) ভাঁজ কে্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত
   উত্তৰ:(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত
      3.       লক্ষ্যবস্তু সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেনছৰ সন্মুখত কোন স্হানত ৰাখিব লাগিব ?
(a) লেনছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেনছৰ আলোককেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
        উত্তৰ: (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
      4.       এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেনছ প্ৰত্যেকৰে ফ’কাছ দৈৰ্ঘ্য -15 ছে: মি: ৷ দাপোণ আৰু লেনছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে ?
(a) দুয়োখন অৱতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেনছখন উত্তল
(d) দাপোণখন উত্তল লেনছখন অৱতল
উত্তৰ: (a) দুয়োখন অৱতল
     5.       দাপপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় ৷ দাপোণখন কেনেকুৱা হ’ব পাৰে ?
(a) সমতল                     (b)  অৱতল
(c) উত্তল                       (d) হয় সমতল নতুবা উত্তল
উত্তৰ: (d)হয় সমতল নতুবা উত্তল
     6.       অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?
(a) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ
(b) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ
(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ
(d) 5cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ
উত্তৰ: (c) 5cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ
     7.       50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো ৷ দাপোণৰ পৰা লক্ষ্যবস্তু দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত ? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব ? প্ৰতিবিম্বটো লক্ষ্যবস্তু ডাঙৰ নে সৰু ? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা ৷
   উত্তৰ: অৱতল দাপোণ এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো মেৰু(P)আৰু
    মুখ্য ফ’কাছ(F)ৰ মাজত ৰাখিব লাগিব ৷ গতিকে, দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ 0     
    (শূণ্য) তকৈ ডাঙৰ, কিন্ত্ত 50 ছে:মি:তকৈ কম ৷




    প্ৰতিবিম্বৰ প্ৰকৃতি:
    গঠন হোৱা প্ৰতিবিম্বটো অসৎ আৰু থিয় ৷
    প্ৰতিবিম্বৰ আকাৰ:
    প্ৰতিবিম্বটো লক্ষ্যবস্তুটোতকৈ ডাঙৰ ৷
     8.       তলত দিয়া পৰিস্হিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা –
(a) গাড়ীৰ হেডলাইট
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
(c) সৌৰ ভাঁতী
 উত্তৰ: (a) গাড়ীৰ হেডলাইট: অৱতল দাপোণ
     কাৰণ: উচ্চ প্ৰাবল্যৰ পোহৰৰ সমান্তৰাল ৰশ্মিগুচ্ছ উৎপন্ন কৰিবলৈ গাড়ীৰ হেডলাইটত অৱতল
   দাপোণক প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰা হয় ৷ অৱতল দাপোণৰ ফ’কাছত বাল্ব এটা স্হাপন কৰিলে
   বাল্বৰ পোহৰৰ ৰশ্মিগুচ্ছ অৱতল দাপোণত প্ৰতিফলিত হে সমান্তৰাল ৰশ্মিগুচ্ছ হিচাপে গতি কৰে ৷
   (b) গাড়ীৰ হেডলাইট: উত্তল দাপোণ
   কাৰণ : গাড়ীৰ পিছলৈচোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয় কাৰন উত্তল দাপোণৰ
   লক্ষ্যবস্তৰৰ এটা থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে বাবে য়ান-বাহনৰ পিছফালৰ বিস্তৃত দৃশ্য
   এখন ক্ষুদ্ৰ দাপোণতে চাব পৰা যায় ৷
     (c) সৌৰ ভাঁতী : অৱতল দাপোণ
     কাৰণ: অৱতল দাপোন অভিসাৰী হোৱা হেতুকে সৌৰ ভাঁতী উত্তপ্ত কৰিবলৈ বৃহৎ আকাৰৰ  অৱতল
     দাপোণ ব্যৱহাৰ কৰা হয় ৷ বৃহৎ আকাৰৰ অৱতল প্ৰতিফলকৰ ফ’কাছত সৌৰ ভাঁতী স্হাপন কৰা
     হয় ৷ অসীমৰ পৰা আপতিত হোৱা সূৰ্য্যৰ  পোহৰৰ সমান্তৰাল ৰশ্মিগুচ্ছ অৱতল প্ৰতিফলকত
     প্ৰতিফলিত হৈ মুখ্য ফ’কাছলৈ অৰ্থাৎ সৌৰ ভাঁতীলৈ অভিসাৰিত হয় ৷ ফলস্বৰূপে, সৌৰ ভাঁতী উত্তপ্ত
     হৈ পৰে আৰু প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে ৷
      9.       উত্তল লেনছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল ৷ এই লেনছখনে বস্ত এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে ? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা ৷ তোমাৰ পৰ্যবেক্ষণ ব্যাখ্যা কৰা ৷
উত্তৰ:  হয়, উত্তল লেনছ এখনৰ অৰ্ধাংশ ক’লা কাগজেৰে ঢাকি দিলেও লেনছখনে বস্ত এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব
   গঠন কৰিব ৷
   [I] উত্তল লেনছৰৰ উৰ্ধ্বভাগৰ অৰ্ধাংশ ঢাকি দিয়াৰ ক্ষেত্ৰত : উত্তল লেনছৰ উৰ্ধ্বভাগৰ অৰ্ধাংশ
   ক’লা কাগজেৰে ঢাকি দিলে লেনছখনত আপতিত হোৱা পোহৰৰ ৰশ্মি লেনছখনৰ নিম্নভাগৰ অৰ্ধাংশৰ
   দ্বাৰা প্ৰতিসাৰিত হ’ব ৷ লেনছখনৰ আনটো ফালে প্ৰতিসাৰিত ৰশ্মি মিলিত হৈ এটা সৎ আৰু ওলোটা
   প্ৰতিবিম্ব গঠন কৰে ৷
   [II] উত্তল লেনছৰৰ নিম্নভাগৰ অৰ্ধাংশ ঢাকি দিয়াৰ ক্ষেত্ৰত : উত্তল লেনছৰ  নিম্নভাগৰ অৰ্ধাংশ
   ক’লা কাগজেৰে ঢাকি দিলে লেনছত আপতিত হোৱা পোহৰৰ ৰশ্মি লেনছকনৰ উৰ্ধ্বভাগৰ অৰ্ধাংশই
   প্ৰতিসাৰিত কৰিব ৷ লেনছখনৰ আনটোফালে প্ৰতিসাৰিত ৰশ্মিয়ে মিলিত হৈ এটা সৎ আৰু ওলোটা
   প্ৰতিবিম্ব গঠন কৰে ৷ গতিকে, উত্তল লেনছৰ অৰ্ধাংশ ক’লা কাগজেৰে ঢাকি দিলেও XY লক্ষ্যবস্তৰ
   এটা সম্পূৰ্ণ প্ৰতিবিম্ব X/Y/ গঠন হয় ৷ প্ৰতিবিম্বৰ প্ৰকৃতি, আকাৰ আৰু অৱস্হান অনাবৃত্ত লেনছৰ
   প্ৰতিবিম্বৰ প্ৰকৃতি, আকাৰ আৰু অৱস্হানৰ দৰে একে হ’ব ৷ অৱশ্যে, প্ৰতিবিম্বৰ উজ্বলতা বা
   প্ৰাবল্য হ্ৰাস পায় ৷
      10.   5 cm ফ’কাছ দৈৰ্ঘ্যৰ বস্ত এটা 10cm ফ’কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল ৷ ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্হান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা৷
উত্তৰ: ইয়াত,
        লক্ষ্যবস্তৰ আকাৰ, h = 5ছে:মি:
        লক্ষ্যবস্তৰ দূৰত্ব, u = -25ছে:মি:
        ফ’কাছ দৈৰ্ঘ্য, f = 10ছে:মি:
উত্তল লেনছক অভিসাৰী লেনছ বোলা হয় ৷
        [উত্তল লেনছৰ ক্ষেত্ৰত ফ’কাছ দৈৰ্ঘ্য ধনাত্মক]
        লক্ষ্যবস্তৰ দূৰত্ব, v = ?
                        লক্ষ্যবস্তৰ আকাৰ, h/ = ?
        আমি জানো,
   লেনছৰ সূত্ৰ অনুসৰি,
                       
ð 
ð 
ð 
ð 
ð 
ð  V =
 v = cm = +16.7cm
প্ৰতিবিম্বৰ দূৰত্বৰ ধনাত্মক মানে সূচায় যে লেনছৰ আনটো ফালে 16.7 ছে:মি: দূৰত্বত এটা সৎ
প্ৰতিবিম্বৰ গঠন হৈছে ৷
     আকৌ, আমি জানো ,
     বিবৰ্ধন, m =
ð  h/ =
ð  h/ =
 h/ = 3.3ছে:মি:
      গতিকে, প্ৰতিবিম্বৰ আকাৰৰ ঋণাত্মক মানে দেখুৱাইছে যে প্ৰতিবিম্বটো ওলোটা ৷ প্ৰতিবিম্বটোৰ
     আকাৰ 3.3ছে:মি: অৰ্থাৎ প্ৰতিব্ম্বটো লক্ষ্যবস্ততকৈ সৰু ৷
      11.   15cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব গঠন কৰে ৷ লক্ষ্যবস্তটো লেনছৰ পৰা কিমান দূৰত্বত আছে ? ৰশ্মিচিত্ৰ আঁকা ৷
উত্তৰ: ইয়াত,
        ফ’কাছ দৈৰ্ঘ্য, f = 15 ছে:মি: [অৱতল লেনছৰ ক্ষেত্ৰত ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক]
        প্ৰতিব্ম্বৰ দূৰত্ব, v =  [যিহেতু অৱতল লেনছে গঠন কৰা প্ৰতিবিম্বটো অসৎ]
        লক্ষ্যবস্তৰ দূৰত্ব,u = ?
         আমি জানো যে,
 লেনছৰ সূ্ত্ৰ মতে,
    
ð 
ð 
ð 
ð 
ð 
ð  U
∴𝑢
 =

গতিকে, লক্ষ্যবস্তৰ ঋণাত্মক মানে সূচায় যে লক্ষ্যবস্তটো অৱতল লেনছখনৰ সন্মুখত 30 ছে:মি:
দূৰত্বত ৰখা হৈছে ৷
      12.   15cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10cm দূৰত্বত বস্ত এটা ৰখা হ’ল ৷ প্ৰতিবিম্বৰ অৱস্হান আৰু প্ৰকৃতি নিৰ্ণয় কৰা ৷
উত্তৰ: ইয়াত,
        লক্ষ্যবস্তৰ দূৰত্ব, u = 10 ছে:মি:
        ফ’কাছ দৈৰ্ঘ্য, f = +15 ছে:মি: [উত্তল দাপোণৰ ক্ষেত্ৰত ফ’কাছ দৈৰ্ঘ্য ধনাত্মক]
        প্ৰতিবিম্বৰ দূৰত্ব, v = ?
   আমি জানো,
   দাপোণৰ সূত্ৰ মতে,
            
ð 
ð 
ð 
ð 
ð 
ð 
V = 6

গতিকে প্ৰতিবিম্বৰ দূৰত্বৰ ধনাত্মক মানে সূচায় যে উত্তল দাপোণখনৰ পিছপফালে প্ৰতিবিম্ব গঠিত হৈছে ৷ দাপোণখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব 6 ছে:মি: ৷
আকৌ, আমি জানো,
     বিবৰ্ধন, m =
                                 m =  
                                        =
                                        =+0.6
গতিকে, বিবৰ্ধনৰ ধনাত্মক মানে সূচায় যে গঠন হোৱা প্ৰতিবিম্বটো অসৎ আৰু থিয় ৷
     13.   সমতল দাপোণ + 1 বিবৰ্ধন দিয়ে ৷ ইয়াৰ অৰ্থ কি ?
উত্তৰ: সমতল দাপোণে কৰা বিবৰ্ধন এনেদৰে প্ৰকাশ কৰা হয় –
        বিবৰ্ধন,
                        m =
ð  =
ð  +1 =
[দিয়া আছে সমতল দাপোণৰ ক্ষেত্ৰত, m = +1]
                              h/ = h
ইয়াৰ অৰ্থ এয়ে যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তৰ আকাৰৰ সমান ৷ তদুপৰি, বিবৰ্ধনৰ ধনাত্মক মানে
সূচায যে প্ৰতিবিম্বটো অসৎ আৰু থিয় ৷
     14.   30cm ভাঁজ ব্যাসাৰ্দ্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্ত এটা ৰখা হ’ল ৷ প্ৰতিবিম্বৰ অৱস্হান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা ৷
উত্তৰ: ইয়াত,
        লক্ষ্যবস্তৰ আকাৰ, h = 5.0ছে:মি:
        লক্ষ্যবস্তৰ দূৰত্ব, u = 20ছে:মি:
        ভাঁজ ব্যাসাৰ্ধ্য, R = +30 ছে:মি: [উত্তল দাপোণৰ ক্ষেত্ৰত R ধনাত্মক]
        প্ৰতিবিম্বৰ দূৰত্ব, v = ?
                        প্ৰতিবিম্বৰ আকাৰ, h/ = ?
        আমি জানো,
        ফ’কাছ দৈৰ্ঘ্য, f =
ð  f =
 f = 15 ছে:মি:
দাপোণৰ সূত্ৰ অনুসৰি,
            
ð 
ð 
ð 
ð 
ð 
ð  v =
 
                গতিকে,প্ৰতিবিম্বৰ দূৰত্বৰ ধনাত্মক মানে সূচায় যে উত্তল দাপোণৰ পিছফালে প্ৰতিবিম্বটো গঠিত হৈছে৷
     দাপোণৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব 8.57 ছে:মি: ৷ যিহেতু প্ৰতিবিম্বটো উত্তল দাপোণৰ পিছফালে গঠিত
     হৈছে, ই অসৎ আৰু থিয় ৷
     বিবৰ্ধন, m =  
ð  h/ =
ð  h/ =
ð  h/ =
ð  h/ = +2.14 ছে:মি:
গতিকে,অসৎ আৰু থিয় প্ৰতিবিম্বটোৰ আকাৰ 2.14 ছে:মি: অৰ্থাৎ প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ সৰু৷
      15.   18cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 27cm দূৰত্বত 7cm আকাৰৰ বস্ত এটা ৰখা হৈছে ৷ দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ৷
উত্তৰ:ইয়াত,
        লক্ষ্যবস্তৰ আকাৰ, h = 7.0ছে:মি:
        লক্ষ্যবস্তৰ দূৰত্ব, u = 27ছে:মি:
        ফ’কাছ দৈৰ্ঘ্য, f =  ছে:মি: [অৱতল দাপোণৰ ফ’কাছ দৈৰ্ঘ্য  ঋনাত্মক]
        প্ৰতিবিম্বৰ দূৰত্ব, v = ?
                        প্ৰতিবিম্বৰ আকাৰ, h/ = ?
দাপোণৰ সূত্ৰ অনুসৰি,
            
ð 
ð 
ð 
ð 
ð 
 
        গতিকে, প্ৰতিবিম্বৰ দূৰত্বৰ ঋণাত্মক মানে সূচায় যে স্পষ্ট প্ৰতিবিম্বৰ গঠনৰ বাবে পৰ্দাখন অৱতল
   দাপোণৰ বাওঁফালে(লক্ষ্যবস্তুৰ থকা ফালে) ৰাখিব লাগিব ৷ দাপোণখনৰ পৰা পৰ্দাখনৰ দূৰত্ব হ’ব
   লাগিব 54 ছে:মি: ৷
        আকৌ আমি জানো,
 বিবৰ্ধন, m =  
ð  h/ =
ð  h/ =
ð  h/ = -14 ছে:মি:
গতিকে, প্ৰতিবিম্বৰ আকাৰ 14ছে:মি: ৷ প্ৰতিবিম্বৰ আকাৰৰ ঋণাত্মক মানে সূচায় যে প্ৰতিবিম্বটো সৎ আৰু ওলোটা ৷
     16.   -2.0D ক্ষমতাৰ লেনছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান ? লেনছখনৰ প্ৰকৃতি কেনেকুৱা ?
উত্তৰ: ইযাত,
        লেনছখনৰ ক্ষমতা, P = -2.0D
                        লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য, f  = ?
        আমি জানো,
   ক্ষমতা,           P =
ð  -2.0 =
ð  f =
ð  f = 0.50
          
                                 গতিকে, ফ’কাছ দৈৰ্ঘ্যৰ ঋনাত্মক মানে সূচায় যে প্ৰদত্ত লেনছখন অৱতল লেনছ ৷           
      17.   ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেনছৰ ক্ষমতা +1.5D ৷ লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা ৷ এই লেনছখন অভিসাৰী নে অপসাৰী ?
উত্তৰ: ইযাত,
        লেনছখনৰ ক্ষমতা, P = -2.0D
                        লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য, f  = ?
        আমি জানো,
   ক্ষমতা,           P =
ð  +1.5 =
ð  f =
ð  f = 0.67
 
গতিকে,ফ’কাছ দৈৰ্ঘ্যৰ ধনাত্মক মানে সূচায় যে বিধান দিয়া সংশোধনী লেনছখন অভিসাৰী লেনছ৷(উত্তল লেনছ)
LookTutupComment