ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন( দশম শ্ৰেণী)- NCERT SOLUTION

Admin
1
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন(Periodic Classification Elements)
প্ৰশ্নাৱ্লী (পৃষ্ঠা নৃং 81)
       1.       নিউলেণ্ডছ অষ্টকৰ স্তৰবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা৷
উত্তৰঃ নিউলেণ্ড অষ্টকৰ স্তম্ভত ড’বাৰেইনাৰৰ এটা ট্ৰায়াড দেখা যায় ৷ সেয়া হ’লঃ
ড’বাৰেইনাৰৰ ট্ৰায়াড
মৌল
চিহ্ন
পাৰমাণৱিক ভৰ
লিথিয়াম
ছ’ডিয়াম
পটেছিয়াম
Li
Na
K
6.9
23.0
39.0
নিউলেণ্ডৰ অষ্টকৰ
সংগীতৰ স্বৰ
ৰে
মৌল
চিহ্ন
লিথিয়াম
ছ’ডিয়াম
পটেছিয়াম
কপাৰ
ৰুবিডিয়াম
Li
Na
K
Cu
Rb

ওপৰৰ তালিকৰ পৰা এইটো স্পষ্ট যে ড’বাৰেইনাৰৰ এটা ট্ৰায়াড হ’ল লিথিয়াম (Li), ছ’ডিয়াম(Na), আৰু পটেছিয়াম (K) ৷ এই ট্ৰায়াডটো নিউলেণ্ডৰ অষ্টকৰ দ্বিতীয়(সংগীতৰ স্বৰ-ৰে)স্তম্ভতো বিদ্যমান ৷
     2.       ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
উত্তৰঃ ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাসমূহ হ’লঃ
(i)                  পাৰমাণৱিক ভৰৰ আধাৰত শ্ৰেণিবিভাজনঃ পাৰমাণৱিক ভৰৰ উৰ্ধক্ৰমত মৌলসমূহক তালিকাবদ্ধ কৰাতো মৌলৰ সঠিক পদ্ধতি নহয় ৷
(ii)                মাত্ৰ তিনিটা ট্ৰায়াড চিনাক্তকৰণঃ ড’বাৰেইনাৰৰ সময়লৈকে জনা মাত্ৰ তিনিটা ট্ৰায়াডহে তেওঁ চিনাক্ত কৰিব পাৰিছিল ৷ সেয়ে অৱশিষ্ট মৌলসমূহক সঠিক স্তম্ভত স্হান দিব পৰা হোৱা নাছিল ৷
     3.       নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
উত্তৰঃ নিউলেণ্ড অষ্টকৰ সূত্ৰৰ সীমাবদ্ধতাসমূহ হ’লঃ
(i)                  লঘু ভৰৰ মৌলঃ নিউলেণ্ডৰ অষ্টক নীতি মাত্ৰ লঘু ভৰৰ মৌল(কেৱল কেছিয়ামলৈকে)ৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল ৷ কেলছিয়াম (Ca)ৰ পিছত প্ৰত্যেক অষ্টম মৌলৰ ধৰ্ম প্ৰথম মৌলবিধৰ ধৰ্মতকৈ পৃথক আছিল ৷
(ii)                মৌলৰ মুঠ সংখ্যা আছিল 56 টাঃ এই সূত্ৰমতে প্ৰকৃতিত মাত্ৰ 56 টা মৌলহে আছিল আৰু ভৱিষ্যতে নতুন মৌলৰ আৱিষ্কাৰৰ  সম্ভাৱনা খুব ক্ষীণ বুলি ধৰি লোৱা হৈছিল ৷ কিন্ত্ত সময়ৰ লগে লগে বহু মৌলৰ আৱিষ্কাৰ হ’ল যিবোৰক সুকীয়া ধৰ্মৰ বাবে অষ্টক নীতিৰ অন্তৰ্ভুক্ত কৰিব পৰা নগল ৷
(iii)               একে স্হানতে মৌলৰ একত্ৰীকৰণঃ তালিকাৰ লগত খাপ খাব পৰাকৈ একেটা স্হানতে নিউলেণ্ডে দুটাকৈ মৌল ৰাখিছিল ৷ তেওঁ আনকি সাদৃশ্য নথকা মৌলকো একেটা স্তম্ভতে ৰাখিছিল ৷ উদাহৰণস্ব ৰুপেঃ ক’বাল্ট (Co) আৰু নিকেল(Ni)কএকেটা স্হানতে ৰখা হৈছিল ৷ তেনেদৰেসেই একেটা স্তম্ভতে ফ্ল’ৰিন (F), ক্ল’ৰিণ(Cl)আৰু ব্ৰ’মিন(Br)ক ৰখা হৈছিল যাৰ ধৰ্ম উক্ত মৌলসমূহতকৈ ভিন্ন আছিল ৷
(iv)              অনুপযুক্ত বৰ্গীকৰণঃ আইৰণ(Fe),ৰ ধৰ্ম ক’বাল্ট(Co)আৰু নিকেল(Ni)ৰ সৈতে একে যদিও আইৰণক এই দুটা মৌলৰপৰা দূৰত স্হান দিয়া হৈছিল ৷
প্ৰশ্নাৱ্লী (পৃষ্ঠা নৃং 85)
      1.       মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা৷ – K, C, AI, Si, Ba.
উত্তৰ: প্ৰদত্ত মৌলকেইটাৰ অক্সাইডৰ সংকেত তলত তালিকাভূক্ত কৰা হ’ল :
চিহ্ন
K
C
AI
Si
Ba
মৌলৰ নাম
পটেছিয়াম
কেলছিয়াম
এলুমিনিয়াম
ছিলিকন
বেৰিয়াম
বৰ্গ
I
IV
III
IV
II
অক্সাইডৰ সাধাৰণ সংকেত
R2O
RO2
R2O3
RO2
RO
মৌলৰ অক্সাইডৰ সংকেত
K2O
CO2
AI2O3
SiO3
BaO
ইয়াত ‘R’ য়ে বৰ্গটোৰ মৌলক নিৰ্দেশ কৰিছে ৷
      2.       গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? (যিকোনো দুটা)
উত্তৰঃ গেলিয়ামৰ উপৰি যি মৌলসমূহ আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি তৈ যোৱা দুটা মৌল হৈছেঃ
(i)                  স্কেণ্ডিয়াম(Sc)                    [পাৰমাণৱিক সংখ্যা-21]
(ii)                জাৰ্মেনিয়াম(Ge)               [পাৰমাণৱিক সংখ্যা-32]
      3.       মেণ্ডেলিভে তেওঁৰ পৰ্যবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ (criteria) কি কি আছিল ?
উত্তৰঃ মৌলৰ পাৰমাণৱিক ভৰৰ সৈতে সিঁহতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্কই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ প্ৰধান বিচাৰ মান আছিল ৷ তদুপৰি মৌলৰ দ্বাৰা গঠিত াক্সাইড আৰু হাইড্ৰ’জেনৰ সাংকেতিক মীলসমূহৰ শ্ৰেণীবিভাজনৰ অন্যতম গুৰুত্বপূৰ্ণ ভিত্তি হিচাপে বিবেচনা কৰা হৈছিল ৷ মৌলবোৰৰ অধিকাংশই পৰ্যাবৃত্ত তালিকাত স্হান পাইছিল আৰু পাৰমাণৱিক ভৰৰ উৰ্ধক্ৰমত মৌলসমূহক শ্ৰেণীবদ্ধ কৰা হৈছিল ৷ 
      4.       সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্হান দিয়া হৈছে ?
উত্তৰঃ সম্ভ্ৰান্ত(নিষ্ক্ৰিয়)গেছ যেনে-হিলিয়াম(He), নিয়ন(Ne),আৰ্গন(Ar),ক্ৰিপ্টন(Kr),জেনন(Xe),আৰু ৰেডন(Rn)আদিক এটা পৃথক বৰ্গত ৰখাৰ কাৰণ এয়ে যে ইহঁত অন্য্ান্য মৌলতকৈ পৃথক কিয়নো ইহঁতে ৰাসায়নিক বিক্ৰিয়া সংঘটিত নকৰে অৰ্থাৎ ইহঁত নিষ্ক্ৰিয় প্ৰকঋতিৰ আৰু ইহঁতৰ ধৰ্মসমূহ অদ্বিতীয় ৷
প্ৰশ্নাৱ্লী (পৃষ্ঠা নৃং 90)
1.       আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?
উত্তৰঃ মৌলবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম হৈছে সিহঁতৰ পাৰমাণৱিক সংখ্যা ৷ এই পাৰমাণৱিক সংখ্যাৰ ওপৰতেই আধুনিক পৰ্যাবৃত্ত তালিকা আধাৰিত ৷ এনেদৰে মৌলবোৰৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি তালিকাবদ্ধ কৰাৰ ফলত মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত ভালেখিনি আসোঁৱাহ দূৰ হয় ৷
(i)                  হাইড্ৰ’জেনৰ স্হানঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ প্ৰথমটো আছিল এয়ে যে তেওঁ হাইড্ৰ’জেনক তালিকাত সঠিক স্হান দিব পৰা নাছিল ৷
আধুনিক পৰ্যাবৃত্ত তালিকাত হাইড্ৰ’জেনক প্ৰথম বৰ্গৰ একেবাৰে ওপৰফালে ক্ষাৰ ধাতুসমূহৰ ওপতৰ ৰখা হৈছে কিয়নো হাইড্ৰ’জেনৰ ইলেক্ট্ৰ’নীয় বিন্যাস ক্ষাৰ ধাতুবোৰৰ সৈতে একেই ৷
(ii)                মৌলৰ অসংত যোৰঃ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত মৌলসমূহ পাৰমাণৱিক ভৰৰ উৰ্ধক্ৰমত তালিকাবদ্ধ কৰা হৈছিল কিন্ত্ত কিছুমান ক্ষেত্ৰত দেখা গৈছিল যে অধিক পাৰমাণৱিক ভৰ থকা মৌল এটা আপেক্ষিকভাৱে কম পাৰমাণৱিক ভৰসম্পন্ন মৌল এটাৰ আগত স্হান পাইছিল ৷
উদাহৰণস্বৰুপেঃ কম পাৰমাণৱিক ভৰসম্পন্ন মৌল ক’বাল্ট (Co)(পাৰমাণৱিক ভৰ 58.93)ক নিকেল(Ni)(পাৰমাণৱিক ভৰ 58.71)ৰ আগত স্হান দিয়া হৈছে ৷
অৱশ্যে, আধুনিক পৰ্যাবৃত্ত তালিকাত পাৰমাণৱিক সংখ্যাৰ উৰ্ধক্ৰমত মৌলসমূহ শ্ৰেণীবদ্ধ কৰোতে নিকেলৰ আগতে ক’বাল্ট আহে কিয়নো ইয়াৰ পাৰমাণৱিক সংখ্যা নিকেলতকৈ কম ৷
(iii)               সমস্হানিকৰ স্হানঃ এটা মৌলৰ সকলো সমস্হানিকৰ পাৰমাণৱিক সংখ্যা একে, কিন্ত্ত পাৰমাণৱিক ভৰ ভিন্ন ৷ গতিকে, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা অনুযায়ী সমস্হানিকসমূহৰ স্হান ভিন্ন হ’ব ৷ কিন্ত্ত মেণ্ডেলিভৰ তালিকাত সমস্হানিকসমূহক বেলেগ বেলেগ স্হান দিয়া হোৱা নাছিল ৷ অৱশ্যে আধুলিক পৰ্যাবৃত্ত তালিকাখন মৌলৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হোৱা বাবে এটা মৌলৰ সকলো সমশ্হানিককে একেটা স্হানতে আৰু একেটা বৰ্গতে ৰখা হৈছে ৷
(iv)              মেণ্ডেলিভৰ পৰ্য়াবৃত্ত তালিকাত দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কৃত হ’ব পাৰে তাৰ কোনো অনুমান কৰিব পৰা হোৱা নাছিল কিয়নো পাৰমাণৱিক ভৰ নিয়মীয়াকৈ নাবাঢ়ে ৷ কিন্ত্ত আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলসমূহ তাৰ পাৰমাণৱিক সংখ্যাৰ উৰ্ধক্ৰমত তালিকাবদ্ধ কৰা হোৱা বাবে সেয়া অনুমান কৰাটো অ তি সহজ ৷
2.       মেগনেছিয়ামৰ দৰে ৰাসায়লিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা ৷ তোমাৰ এই বাছনিৰ ভিত্তি কি ?
উত্তৰঃ মেগনেছিয়াম(Mg)ৰ পাৰমাণৱিক সংখ্যা 12 ৷ ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,2; অৰ্থাৎ ইয়াৰ যোজক কক্ষত 2টা ইলেক্ট্ৰ’ন আছে ৷ এতিয়া আধুনিক পৰ্যাবৃত্ত তালিকা মতে একেধৰণৰ ইোলেক্ট্ৰ’নীয় বিন্যাস থকা মৌলই একেধৰনৰ ৰাসায়নিক বিক্ৰিয়াত ভাগ লয় ৷
বেৰিললিয়াম(Be)ৰ পাৰমাণৱিক সংখ্যা 4 ৷ ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,2 ৷ কেলছিয়াম(Ca)ৰ পাৰমাণৱিক সংখ্যা 20 ৷ ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,8,2 ৷ বেৰিলিয়াম আৰু কেলছিয়াম উভয়ৰে যোজক কক্ষত দুটাকৈ ইলেক্ট্ৰ’ন আছে গতিকে এই মৌল দুটাই মেগনেছিয়ামৰ দৰে ৰাসায়নিক ক্ৰিয়া প্ৰদৰ্শন কৰিব ৷
3.       নাম লিখা
(a)    বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ ৷
উত্তৰ: বহিৰতম কক্ষত এটাকৈ ইলেক্ট্ৰ’ন থকা তিনিটা মৌল হৈছে-লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়াম৷
(b)   বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌলৰ ৷
উত্তৰ: বহিৰতম কক্ষত দুটাকৈ ইলেক্ট্ৰ’ন থকা দুটা মৌল হৈছে-মেগনেছিয়াম আৰু কেলছিয়াম৷
(c)    পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ ৷
উত্তৰ: পৰিপূৰ্ণ বহিৰতম কক্ষত থকা তিনিটা মফল হৈছে-হিলিয়াম, নিয়ন আৰু আৰ্গন৷
4.       (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম- এই আটাইকেইটা ধাতু ৷ ইহঁতে পানীৰে সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে ৷ এই মৌলকেইটাৰ পৰমাণুৰকিবা সাদৃশ্য আছেনে ?
উত্তৰঃ লিথিয়াম, ছ’ডিয়াম আৰু পটেছিয়াম ধাতুৰ পৰমাণুৰ সাদৃশ্য এয়ে যে আটাইকেইটা মৌলৰ পৰমাণুৰ বহিৰতম কক্ষত মাত্ৰ এটাকৈ ইলেক্ট্ৰ’ন আছে ৷গতিকে, তিনিওটা মৌলৰে যোজ্যতা 1 ৷
(b) হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু কিয়নো এটা প্ৰায় নিষ্ক্ৰিয় গেছ ৷ ইহঁতৰ পৰমাণুবোৰৰ মাজত কি কি মিল থকা দেখা যায় ?
উত্তৰঃ হিলিয়াম(He) আৰু লিথিয়াম(Li)ৰ মাজত সাদৃশ্য এয়ে যে দুয়োটা মৌলৰে পৰমাণুৰ বহিৰতম কক্ষ পৰিপূৰ্ণ হৈ থাকে ৷
5.       আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথ দহটা মৌলৰ ভিতৰত ধাতুৰ শাৰীত পৰা মৌল দুটা হৈছে লিথিয়াম(Li)আৰু বেৰিলিয়াম(Be)৷
পৰ্যায়
বৰ্গ
মৌল
চিহ্ন
পৰমাণৱiক সংখ্যা
ইলেক্ট্ৰ’নীয়
বিন্যাস
যোজক ইলেক্ট্ৰ’ন
যোজ্যতা
ইলেক্ট্ৰ’ন গ্ৰহণ্/ত্যাগ কৰা
মৌলৰ প্ৰকৃতি
1
1
হাইড্ৰ’জেন
H
1
1
1
1
ভাগ- বতৰা কৰে
অধাতু
1
18
হিলিয়াম
He
2
2
2
2-2=0
ত্যাগ/গ্ৰহণ নকৰে
সম্ভ্ৰান্ত গেছ
2
1
লিথিয়াম
Li
3
2,1
1
1
ত্যাগ কৰে
ধাতু
2
2
বেৰিলিয়াম
Be
4
2,2
2
2
ত্যাগ কৰে
ধাতু
2
13
ব’ৰন
B
5
2,3
3
3
ত্যাগ কৰে
ধাতুকল্প
2
14
কাৰ্বন
C
6
2,4
4
8-4=4
ভাগ-বতৰা কৰে
অধাতু
2
15
নাইট্ৰ’জেন
N
7
2,5
5
8-5=3
গ্ৰহন কৰে
অধাতু
2
16
অক্সিজেন
O
8
2,6
6
8-6=2
গ্ৰন কৰে
অধাতু
2
17
ফ্ল’ৰিন
F
9
2,7
7
8-7=1
গ্ৰহণ কৰে
অধাতু
2
18
নিয়ন
Ne
10
2,8
8
8-8=0
ত্যাগ/গ্ৰহণ নকৰে
সম্ভ্ৰান্ত গেছ

6.       পৰ্য্যাবৃত্ত তালিকাত স্হান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা ?
Ga, Ge, As, Se, Be
উত্তৰঃ ওপৰৰ মৌলকেইবিধৰ বেৰিলিয়াম(Be)বৰ্গ 2ৰ অন্তৰ্ভূক্ত, আনহাতে গেললিয়াম(Ga), জাৰ্মেনিয়াম(Ge), আৰ্ছেনিক(As)আৰু ছেলিনিয়াম(Se)ক্ৰমে বৰ্গ 13,14,15 আৰু 16 ৰ ান্তৰ্ভূক্ত ৷ যিহেতু েটা পৰ্যায়ত মৌলৰ ধাতৱীয় গুণ বাওঁপালৰ পৰা সোঁফাললৈ কমি আহে ৷ গতিকে, বেৰিলিয়াম(Be)অন্য মৌলকেইটাৰ একেবাৰে সোঁফালে থকা হেতুকে ইয়াৰ ধাতৱীয় গুণ সৰ্ব্বোচ্চ  হ’ব ৷
অনুশীলণী (পৃষ্ঠা নং 91)
      1.       পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ ধাতৱধৰ্মী হৈ পৰে ৷
(b) যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে ৷
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুবায় ৷
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে ৷
উত্তৰ : (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুবায় ৷
     2.        মৌল X য়ে XCL2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে ৷ ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ ৷ মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি ?
(a) Na                  (b) Mg                    (c) AI                    (d) Si
উত্তৰ : (b) Mg
     3.       কোনটো মৌলৰ আছে
(a) ইলেক্ট্ৰনপূৰ্ণ দুটা কক্ষ?
(b) 2,8,2 ইলেক্ট্ৰনীয় বিন্যাস
(c) যোজক কক্ষত চাৰিটা ইলেক্ট্ৰনৰে সৈতে মুঠ তিনিটা কক্ষ?
(d) যোজক কক্ষত তিনিটা ইলেক্ট্ৰনৰে সৈতে মুঠ দুটা কক্ষ?
(e) দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন?
উত্তৰ :
ক্ৰমিক নং
বিৱৰণ
মৌল
ইলেক্ট্ৰ’নীয় বিন্যাস
(a)
দুটা কক্ষ থকা মৌল য়াৰ দুয়োটাই কক্ষই ইলেক্ট্ৰ’নেৰে পৰিপূৰ্ণ
নিয়ন(Ne)
2,8
(b)
2,8,2 ইলেক্ট্ৰ’নীয় বিন্যাস থকা মৌল
মেগনেছিয়াম(Mg)
2,8,2
(c)
তিনিটা কক্ষ থকা এটা মৌল যাৰ যোজক কক্ষত 4টা ইলেক্ট্ৰ’ন আছে
ছিলিকন(Si)
2,8,4
(d)
দুটা কক্ষ থকা মৌল যাৰ যোজক কক্ষত 3টা ইলেক্ট্ৰ’ন আছে
ব’ৰন(B)
2,3
(e)
মৌল যাৰ দ্বিতীয় কক্ষত থকা মৌলৰ সংখ্যা প্ৰথম কক্ষৰ দুগুণ
কাৰ্বন(C)
2,4

     4.       a. পৰ্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
উত্তৰ: পৰ্যাবৃত্ত তালিকাত ব’ৰন(B, পাৰমাণৱিক সংখ্যা 5)ৰ সৈতে একেটা বৰ্গত থকা মৌলসমূহৰ যোজক কক্ষৰ ইলেক্ট্ৰ’নৰ সংখ্যা 3টা অৰ্থাৎ আটাইকেইটা  মৌলৰ যোজ্যতা 7৷
b. পৰ্যাবৃত্ত তালিকাত ফ্লৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?
উত্তৰ: পৰ্যাবৃত্ত তালিকাত ব’ৰন(F, পাৰমাণৱিক সংখ্যা 7)ৰ সৈতে একেটা বৰ্গত থকা মৌলসমূহৰ যোজক কক্ষত থকা ইলেক্ট্ৰ’নৰ সংখ্যা 7 অৰ্থাৎ আটাইকেইটা  মৌলৰ যোজ্যতা 7৷ এই বৰ্গৰ ফ্ল’ৰিনৰ সৈতে অন্য মৌলকেইটাক হেল’জেন বোলা হয়৷

       5.       এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ’ল 2,8,7
(a)এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ?
উত্তৰ: 2,8,7 ইলেক্ট্ৰ’নীয় বিন্যাস থকা মৌলবিধৰ পাৰমাণৱিক সংখ্যা হ’ব- 2+8+7=17 ৷
(b) তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱীক সংখ্যাবোৰ দিয়া হৈছে)
N(7)   F(9)    P(15)     Ar(18)
উত্তৰ: ই ৰাসায়নিক ধৰ্মৰ ক্ষেত্ৰত ফ্ল’ৰিনৰ সৈতে সাদৃশ্য দেখুওৱাব যিহেতু 2,7 ইলেক্ট্ৰ’নীয় বিন্যাস থকা F(9)ৰো যোজক ইলেক্ট্ৰ’নৰ সংখ্যা 7 ৷ [N(7)ৰ ইলেক্ট্ৰ’নীয় বিন্যাস=2,5;P(15)ৰ ইলেক্ট্ৰ’নীয় বিন্যাস=2,8,5 আৰু Ar(18)ৰ ইলিক্ট্ৰ;নীয় বিন্যাস=2,8,8]
      6.       পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A,B আৰু C ৰ স্হানসমূহ তলত দেখুওৱা হৈছে ৷
16 বৰ্গ                17 বৰ্গ
-                    -
-                            A
-                    -
B                                                     C
(a)    মৌল A ধাতুনে অধাতু
উত্তৰ: মৌল A অধাতু হ’ব(যিহেতু বৰ্গ 17 পৰ্যাবৃত্ত তালিকাৰ সোঁফালে আছে,য’ত অধাতু বোৰক স্হান দিয়া হৈছে)
(b)    C মৌলটো A তকৈ বেছি সক্ৰিয় নে কম সক্ৰিয় ?
উত্তৰ: C মৌলটো Aত কৈ কম সক্ৰিয়(যিহেতু এটা বৰ্গত তলৰফালে ৰাসায়নিক সক্ৰিয়তা হ্ৰাস পায়৷)
(c)     C  মৌলটো আকাৰত B তকৈ ডাঙৰ নে সৰু ?
উত্তৰ : C মৌলটো আকাৰত B ত কৈ সৰু (যিহেতু এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক আকাৰ কমি আহে৷)
(d)    মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?
উত্তৰ : মৌল A এ এনায়ন গঠন কৰিব(যিহেতু মৌলটো বৰ্গ 17 ৰ অন্তৰ্ভুক্ত, ইয়াৰ যোজক ইলেক্ট্ৰ’নৰ সংখ্যা 7 ৷ সেয়ে এটা ইলেক্ট্ৰ’ন গ্ৰহণ কৰি সুস্হিৰ ইলেক্ট্ৰ’নীয় সজ্জা পাবৰ বাবে মৌলটোৰ প্ৰৱণতা থাকিব ৷)
      7.       নাইট্ৰ’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণৱিক সংখসা 15) পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে ৷ এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা ৷ ইহঁতৰ কোনটো বেছি বিদ্যুতঋণাত্মক হ’ব আৰু কিয় ?
উত্তৰ:
মৌল
চিহ্ন
পাৰমাণৱিক সংখ্যা
ইলেক্ট্ৰ’নীয় বিন্যাস
নাইট্ৰ’জেন
N
7
2,5
ফছফৰাছ
P
8
   2,8,5
নাইট্ৰ’জেনৰ পৰমাণুৰ আকাৰ ফছফৰাছৰ পৰমাণুৰ আকাৰতকৈ সৰু ৷ ফলস্বৰূপে ইলেক্ট্ৰ’ন গ্ৰহণ কৰাৰ প্ৰৱণতা ফছফৰাছতকৈ নাইট্ৰ’জেনৰ অধিক ৷ বিদ্যুৎ ঋণাত্মক গুণ বৰগ এটাত তললৈ হ্ৰাস পায় ৷
     8.       পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাৰ স্হান সৈতে কিদৰে জড়িত হৈ আছে ?
উত্তৰঃ আধুনিক পৰ্যাবৃত্ত তালিকা মৌলৰ পাৰমাণৱিক সংখ্যাৰ ভিত্তিত প্ৰস্তত কৰা হৈছে ৷ যিহেতু মৌলৰ ইলেক্ট্ৰ’নীয় বিন্যাস সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে ই সূচায় যে আধুনিক পৰ্যাবৃত্ত তালিকা মৌলৰ ইলেক্ট্ৰ’নীয় বিন্যাসৰ ওপৰত নিৰ্ভৰশীল ৷ মৌল এটাৰ ইলেক্ট্ৰ’নীয় বিন্যাসৰ পৰা মৌলটোৰ পৰমাণু কক্ষ আৰু যোজক ইলেক্ট্ৰ’নৰ সংখ্যাৰ কথা জানিব পাৰি ৷ ইয়ে পৰ্যাবৃত্ত তালিকাত পৰ্যায় আৰু বৰ্গ নিৰ্ধাৰণ কৰে ৷
(i)                  পৰ্যায় সংখ্যাঃ এটা মৌলৰ পৰ্যায় সংখ্যা মৌলটোৰ পৰমাণুত থকা কক্ষৰ সংখ্যাই নিৰ্ধাৰণ কৰে ৷ একে সংখ্যাক অধিকৃত্ত কক্ষ থকা আটাইবোৰ মৌলৰ পৰমাণু একেটা পৰ্যায়ৰ অন্তৰ্ভূক্ত৷
(ii)                বৰ্গ সংখ্যাঃ বিভিন্ন মৌলৰ পৰমাণু যাৰ যোজক ইলেক্ট্ৰ’নৰ সংখ্যা একে হয়, তেনেবোৰ মৌল একেটা বৰ্গৰে অন্তৰ্ভূক্ত হয় ৷ 
    9.       আধুনিক পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা20)12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে ৷ এইকেইটা কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ কেলছিয়ামৰ সৈতে মিলে ?
উত্তৰঃ কেলছিয়াম(Ca)ৰ পাৰমাণৱিক সংখ্যা 20 ৷ ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,8,2 ৷ গতিকে, কেলছিয়ামৰ যোজক ইলেক্ট্ৰ’ন 2টা ৷ সেয়ে, প্ৰদত্ত মৌলকেইটাৰ ভিতৰত য়াৰ যোজক ইলেক্ট্ৰে’নৰ সংখ্যা 2টা, সেই মৌলৰ সৈতে কেছিয়ামৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মিল থাকিব :
পাৰমাণৱিক সংখ্যা
ইলেক্ট্ৰ’নীয় বিন্যাস
যোজক ইলেক্ট্ৰ’ন
12
2,8,2
2
19
2,8,8,1
1
21
2,8,8,3
3
38
2,8,18,8,2
2
যিহেতু 12 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌল দুটাৰ 2টাকৈ যোজক ইলেক্ট্ৰ’ন আছে, গতিকে এই মৌল দুটাৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম কেলছিয়ামৰ সৈতে একে ৷
    10.   মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement)ৰ তুলনা কৰা ৷
উত্তৰঃ
ক্ৰমিক নং
তুলনাৰ ভিত্তি
মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা
আধুনিক পৰ্যাবৃত্ত তালিকা
(i)
মৌলৰ সজ্জা
পাৰমাণৱিক ভৰৰ উৰ্ধ্ধক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে৷
পাৰমাণৱিক ভৰৰ উৰ্ধ্ধক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে৷
(ii)
সমস্হানিক
মৌলৰ সমস্হানিক সঠিক স্হান দিয়া হোৱা নাই৷
পাৰমাণৱিক সংখ্যা একে হোৱা হেতুকে এটা মৌলৰ সমস্হানিকমূলক একেটা স্হানত ৰখা হৈছে৷
(iii)
পাৰমাণৱিক ভৰ আৰু সংখ্যা
কিছুক্ষেত্ৰত অধিক পাৰমাণৱিক ভৰসম্পন্ন মৌল এটাক কম ভৰসম্পন্ন মৌল এটাতকৈ আগত স্হান দিয়া হয়৷
পাৰমাণৱিক ভৰৰ উৰ্ধ্ধক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰাৰ ফলত এনে আসোঁৱাহ দূৰ হয়৷
(iv)
বৰ্গৰ সংখ্যা
8টা স্তম্ভ আছে যাক বৰ্গ বোলা হৈছে৷
18টা স্তম্ভ আছে যাক বৰ্গ বোলা হৈছে৷
(v)
মৌলৰ প্ৰকৃতি
বহুতো ধাতু আৰু অধাতু একেটা বৰ্গতে ৰখা হৈছে৷
ধাতু আৰু অধাতুক পৃথক কৰা হৈছে৷ পৰ্যাবংত্ত তালিকাৰ বাওঁফালে ধাতু সমূহক স্হান দিয়াৰ বিপৰীতে অধাতু সমূক সোঁফালে স্হান দিয়া হৈছে৷ সংক্ৰমণশীল ধাতুক পৰ্যাবৃত্ত তালিকাৰ মাজত স্হান দিয়া হৈছে৷
(vi)
বিসদৃশ ধাতু
বিসদৃশ ধাতুসমূহক একেটা স্হানতে ৰখা হৈছ৷
বিসদৃশ ধাতু সমূহক পৃথক স্হানত ৰখা হৈছে৷
(vii)
ইলেক্ট্ৰ’নীয় বিন্যাস
তালিকাত এটা মৌলৰ অৱস্হানৰ পৰা ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস ঠাৱৰ কৰিব নোৱাৰি৷
তালিকাত এটা মৌলৰ অৱস্হানৰ পৰা ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস সহজে ঠাৱৰ কৰিব পাৰি৷
(viii)
সম্ভ্ৰান্ত গেছ
মেণ্ডেলিভৰ সময়ত সম্ভ্ৰান্ত গেছৰ আৱিষ্কাৰ হোৱা নাছিল৷
সম্ভ্ৰান্ত গেছক পৃথক বৰ্গত ৰখা হৈছে(বৰ্গ 18)
(ix)
হাইড্ৰ’জেন
হাইড্ৰ’জেনৰ স্হান স্পষ্ট নাছিল৷
ক্ষাৰ দাতুৰ ওপতৰ হাইড্ৰ’জেনক ৰখা হৈছে৷


Post a Comment

1Comments

Please don't use spam link in the comment box.

Post a Comment