-->

জীৱন প্ৰক্ৰিয়া (জীৱ বিজ্ঞান) ( দশম শ্ৰেণী) - NCERT SOLUTION

                                   জীৱন প্ৰক্ৰিয়া (জীৱ বিজ্ঞান)
প্ৰশ্নাৱলী (পৃষ্ঠা নং 95)
      1.       মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় ?

উত্তৰঃ মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো পৰ্যাপ্ত নহয় কাৰণঃ
(i)                              বহুকোষী জীৱৰ সকলোবোৰ কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱেশৰ সৈতে সান্নিধ্যত নাথাকে সেয়েহে সিহঁতে নিজৰ চাৰিওপাশৰ পৰা সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে পৰ্যাপ্ত অক্সিজেন আহৰণ কৰি ল'ব নোৱাৰে ৷
(ii)                            বিশেষ বিশেষ কাম সমাধা কৰা বিশেষত্বপূৰ্ণ অংগসমূহৰে গঠিত বহুকোষী জীৱসমূহৰ দেহৰ গঠন জটিল হয় সেয়েহে অংগ আৰু কলাসমূহৰ প্ৰতিটো কোষকে সিহঁতৰ কাৰ্যসমূহ সুদক্ষভাৱে সমাধা কৰিবলৈ অক্সিজেন যোগান ধৰিব লাগে ৷

      2.       আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম ?

উত্তৰঃ কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিবলৈ নিৰীক্ষণৰ প্ৰয়োজন থকা ভিত্তিসমূহ হ’লঃ
(i)                  ই শ্বাস-প্ৰশ্বাস লৈ আছেনে ?
(ii)                ই কোনো ধৰণৰ বৃদ্ধি প্ৰদৰ্শন কৰিছেনে ?
(iii)               ই খালী চকুৰে দৃষ্টি গোচৰ নোহোৱা কোনো ধৰণৰ শাৰীৰিক চালচলন প্ৰদৰ্শন কৰিছেনে ?
(iv)              ইয়াৰ অনুসমূহে চলন প্ৰদৰ্শন কৰিছেনে ?
(v)                ই পৰিপুষ্ট,শ্বসন,পৰিবহণ ৰেচন আদি জীৱন প্ৰক্ৰিয়াসমূহ প্ৰদৰ্শন কৰিছেনে ?

     3.       জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিঁহতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?

উত্তৰঃ জীৱই বাহিৰৰ পৰিৱেশৰ পৰাআহৰণ কৰা কেঁচা সামগ্ৰীবিলাকৰ লগতে সেইবিলাক ব্যৱহাৰৰ উদ্দেশ্যসমূহ উল্লেখ কৰা হ’লঃ
(i)                  খাদ্য আহাৰঃ দেহক বিভিন্ন কাম সমাধা কৰিবলৈ শক্তি প্ৰদান কৰে ৷
(ii)                অক্সিজেনঃ খাদ্য উৎসৰ বিভাজন আৰু বিলুপ্তিকৰণৰ বাবে শক্তি উৎপন্ন কৰে ৷
(iii)               পানীঃ দেহৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ(যেনে পাচন প্ৰক্ৰিয়া)মসৃণভাবে সমাধা হোৱাত এটা মাধ্যমৰ দৰে কাম কৰে ৷
(iv)              খনিজ লৱণঃ দেহে বিভিন্ন প্ৰক্ৰিয়াসমূহ চলাই নিবলৈ শক্তি প্ৰদান কৰে ৷ 

    4.       জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা ?

উত্তৰঃ জীৱন বৰ্তি থাকিৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ হ’ল পৰিপুষ্টি,শ্বসন,পৰিবহণ,চলন আৰু ৰেচন ক্ৰিয়া ৷

প্ৰশ্নাৱলী (পৃষ্ঠা নং 101)
     1.       স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?
উত্তৰঃ স্বপোষিত পুষ্টি আৰু পৰিপোষিত পুষ্টিৰ মাজত পাৰ্থক্য হ’ল:
ক্ৰমিক নং
স্বপোষিত পুষ্টি
পৰপোষিত পুষ্টি
1
স্বপোষিত পুষ্টিত জীৱসমূহে সালোক সংশ্লেষণৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তত কৰি লয়৷
পৰপোষিত পুষ্টিত জীৱসমূহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজৰ আহাৰৰ বাবে স্ব-পোষী জীৱসমূহৰ ওপৰতৰ নিৰ্ভৰ কৰে৷
2
স্বপোষিত পুষ্টিত খা্দ্যৰ উৎস হ’ল কাৰ্বন ডাই-অক্সাইড আৰু পানীৰ দৰে সৰল অজৈৱিক পদাৰ্থসমূহ৷
পৰপোষিত পুষ্টিত খাদ্যৰ উৎস হ’ল জটিল জৈৱ খাদ্য পদাৰ্থসমূহ৷
3
স্বপোষিত পুষ্টিত পত্ৰহৰিৎ নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থৰ উপস্হিতি অপৰিহাৰ্য৷
পৰপোষিত পুষ্টিত এনে কোনো ৰঞ্জক পদাৰ্থৰ প্ৰয়োজন নাই৷
4
স্বপোষিত পুষ্টিৰ উদাহৰণ হ’ল সেউজীযা উদ্ভিদসমূহ, নীলা-সেউজিয়া শেলাই আৰু নিৰ্দিষ্ট কিছুমান বেক্টেৰীয়া ৷
পৰপোষিত পুষ্টিৰ উদাহৰণ হ’ল মানুহ আৰু অন্যান্য প্ৰাণী, ভেঁকুৰ আদি ৷

     2.       সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান ক’ত ক’ত পায় ?
উত্তৰঃ সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান আৰু ইহঁতৰ প্ৰাপ্তি স্হল তলত উল্লেখ কৰা হ’ল:
(i)                  কাৰ্বন ডাই-অক্সাইড(CO2): উদ্ভিদে পাতৰ উপৰিভাগত থকা পত্ৰৰন্ধ্ৰ নামৰ নিচেই সৰু সৰু বিন্ধাৰ মাজেৰে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই-অক্সাইড আহৰণ কৰে ৷
(ii)                পানী(H2O): উদ্ভিদে শিপাৰ দ্বাৰা মাটিৰ পৰা পানী আহৰণ কৰে ৷
(iii)               সূৰ্যৰ পোহৰ: সূৰ্যৰ পৰা আহৰণ কৰে ৷  
     3.       আমাৰ পাকস্হলীত এছিডৰ ভূমিকা কি ?
উত্তৰঃ আমাৰ পাকস্হলীত এছিডৰ ভূমিকা হ’ল:
(i)                  ই পেপছিন’জেনক পেপছিন নামৰ প্ৰটিন বিশ্লেষিত উৎসেচকলৈ ৰূপান্তৰিত কৰে ৷
(ii)                পেপছিনৰ সক্ৰিয়কৰণৰ বাবে প্ৰয়োজন হোৱা এক আম্লিক ধৰ্মীয় মাধ্যমৰ সৃষ্টি কৰে ৷
(iii)               খাদ্যৰ সৈতে পাকস্হলীত প্ৰৱেশকৰা হানিকাৰক বীজাণুসমূহ ধ্বংস কৰে ৷
     4.       পাচক উৎসেচকৰ কাৰ্য কি ?
উত্তৰঃ মানৱ দেহত নিঃসৰণ হোৱা পাচকল উৎসেচকৰ কাৰ্য হ’লঃ
পাচক উৎসেচক
অৱস্হান
কাৰ্যসমূহ
লালটি এমাইলেজ
মুখ গহ্বৰ
জটিল শ্বেতসাৰক ভাঙি সৰল চেনিৰ অনুলৈ পৰিৱৰ্তন কৰে৷
পেপচিন
পাকস্হলী
প্ৰ’টিনৰসমূহৰ পাচনত সহায় কৰে ৷
পিত্তৰস
যকৃত
চৰ্বী অনুসমূহক সৰল অনুলৈ ৰুপান্তৰিত কৰে আৰু পাকস্হলীৰ পৰা অহা অৰ্ধপাচিত আম্লিক ধৰ্মীখাদ্যসমূহক ক্ষাৰকীয় কৰে ৷
ট্ৰিপচিন
অগ্নাশয়
প্ৰ’টিন বিশ্লেষণত সহায় কৰে ৷
লাইপেজ
অগ্নাশয়
অদ্ৰৱীয় চৰ্বীসমূহৰ পৰ্ৱৰ্তন ঘটায় ৷
ক্ষুদ্ৰান্ত ৰস
ক্ষুদ্ৰান্ত
প্ৰ’টিনসমূহক এমিন’ এছিডলৈ,জটিল শৰ্কৰাসমূহক গ্লুক’জলৈ আৰু চৰ্বীসমূহক ফেটি এছিড আৰু গ্লিছাৰললৈ ৰুপান্তৰ ঘটায় ৷

     5.       পাচন হোৱা খাদ্য শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্ত্ৰটো কি ধৰণে নিৰ্মিত ?
উত্তৰঃ ক্ষুদ্ৰান্ত হ’ল এটা দীঘলীয়া স্তম্ভাকৃতিৰ অংগ যিটো পাচিত কাদ্যসমূহৰ সৰ্বাধিক পৰিমাণত শোষণৰ বাবে বিশেষভাৱে নিৰ্মিত ৷
(i)                  প্ৰথমতে, ইয়াৰ ভিতৰত থকা ‘ভিলাই’ বুলি কোৱা সৰু সৰু আঙুলি সদৃশ প্ৰবৰ্দ্ধকবোৰে পাচিত খাদ্যসমূহৰ সৰ্বাধিক পৰিমাণৰ শোষণৰ বাবে পৃষ্ঠকালি বৃদ্ধি কৰে ৷
(ii)                এই ভিলাইসমূহৰ ৰক্তহীন নলীকাৰে আৱেষ্টিত থাকে, যিবোৰে দেহৰ বিভিন্ন কোষসমূহলৈ শোষিত আহাৰ পৰিবহণ কৰে ৷  
প্ৰশ্নাৱলী (পৃষ্ঠা নং 105)
    1.       শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্হলচৰ জীৱসমূহৰ সুবিধা কি ?
উত্তৰঃ শ্বাস-প্ৰশ্বাসত অক্সিজেন আহৰণৰ ক্ষেত্ৰত জলচৰ জীৱতকৈ স্হলচৰ জীৱৰ সুবিধাসমূহ হ’ল স্হলচৰ জীৱসমূহে বায়ুমণ্ডলত থকা অক্সিজেন শ্বসনত পোনপটীয়াকে গ্ৰহণ কৰিব পাৰে কিন্ত্ত জলচৰ প্ৰাণীসমূহে পানীত দ্ৰৱীভূত অক্সিজেনহে ব্যৱহাৰ কৰিব পাৰে ৷ তদুপৰি পানীতকৈ বায়ুত থকা অক্সিজেনৰ গাঢ়তা অধিক সেয়েহে স্হলচৰ জীৱমূহে অক্সিজেন আহৰণ কৰিবলৈ কম পৰিমাণৰ শক্তি প্ৰয়োগ কৰিবলগীয়া হয় ৷
    
 2.       কি কি প্ৰথাৰে জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয় ?

উত্তৰঃ গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হ’বলৈ প্ৰথতে ছটা কাৰ্বনযুক্ত অণু ভাঙি তিনিটা কাৰ্বনযুক্ত পাইৰুভেত অণুৰ সৃষ্টি হয়, আৰু এই প্ৰক্ৰিয়াটো কোষপ্ৰৰসত সংঘটিত হয় ৷ তদুপৰি বিয়োজন তিনি ধৰণেৰে সংঘটিত হ’ব পাৰেঃ
(i)                  অবাত শ্বসন (Anaerobic respiration): এই প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্হিতিত সংঘটিত হয়, য’ত তিনিটা কাৰ্বন অণুযুক্ত পাইৰুভেত অণু ভাঙি ইথানল আৰু কাৰ্বন ডাই-অক্সাইড উৎপন্ন হোৱা লগতে শক্তি উৎপন্ন হয় ৷ এই প্ৰক্ৰিয়াটো ইষ্টৰ কিণ্বনৰ সময়ত সংঘটিত হয় ৷
(ii)                সবাত শ্বসন (Aerobic respiration): অক্সিজেনৰ অনুপস্হিতিত সংঘটিত এই প্ৰক্ৰিয়াত তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অণু ভাঙি তিনিটা কাৰ্বন ডাই-অক্সাইডৰ অণুৰ লগতে পানী আৰু শক্তি উৎপন্ন হয় ৷
(iii)               কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত হোৱা শ্বসন (Respiration in lack of oxygen): আমাৰ পেশী কোষসমূহত কম পৰিমাণৰ অক্সিজেনৰ পৰিৱেশত পাইৰুভেত অণু ভাঙি তিনিটা কাৰ্বন অণুযুক্ত লেকটিক এছিড আৰু শক্তি উৎপন্ন হয় ৷   
      3.       মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইড কেনেকৈ পৰিবহণ হয় ?
উত্তৰঃ  তলত উল্লেখ কৰা ধৰণে মানুহৰ দেহত অক্সিজেন(O2)আৰু কাৰ্বান ডাই-অক্সাইড(CO2)ৰ পৰিবহণ হয়
[I]  অক্সিজেন(O2)ৰ পৰিবহণঃ
(i)     তেজৰ লোহিত ৰক্তকণিকাত থকা হিম’গ্লবিন নামৰ শ্বাস ৰঞ্জকবিধৰ সহায়ত মানুহৰ   দেহত অক্সিজেন(O2) পৰিবাহিত হয় ৷
(ii)    হিম’গ্লবিনে অক্সিজেন(O2)ৰ চাৰিটা অণুৰ সৈতে সংযোগ হৈ অক্সিহিম’গ্লবিমন নামৰ এটা অস্হিৰ যৌগ গঠন কৰে, তাৰ দ্বাৰাই তেজক অক্সিজেনযুক্ত কৰে ৷
অক্সিজেন  +  হিম’গ্ল’বিন  ->   অক্সিহিম’গ্ল’বিন
    (O2)             (লোহিত                (অস্হিৰ যৌগ)
        কণিকা থকা)
      [II]       কাৰ্বন ডাই-অক্সাইড(CO2)ৰ পৰিবহণঃ
(i)                              শ্বসন প্ৰক্ৰিয়াৰ সময়ত উৎপন্ন হোৱা কাৰ্বন ডাই-অক্সাইড(CO2)তেজে সংগ্ৰহ কৰে যিবোৰ পিছলৈ অক্সিজেনহীন পৰে ৷
(ii)                            হিম’গ্ল’বিনৰ কাৰ্বন ডাই-অক্সাইড(CO2)ৰ প্ৰতি আসক্তি অতি কম আৰু কাৰ্বন ডাই-অক্সাইড অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয়, সেয়েহে ই তেজত মুখ্যতঃদ্ৰৱণীয় ৰুপত পৰিবাহিত হয় ৷      
     4.       প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাঁওটো কিদৰে গঠিত হৈছে ?
উত্তৰঃ গেছ বিনিময় বা শ্বসন প্ৰক্ৰিয়াৰ বাবে মানুহক এক বিশেষ ধৰণৰ অংগ অৰ্থাৎ এযোৰ হাঁওফাঁও আছে ৷ প্ৰতিটো হাঁওফাঁও ‘ক্লোমনলী’ নলী বুলি কোৱা সৰু নলী বা শাখাত বিভক্ত হয় যিবোৰ নিচেই আতৰত সৰু সৰু ক্লোম নলীকা বা প্ৰশাখাত বিভক্ত হৈ পৰে ৷ ক্লোনলীকাসমূহৰ শেখত সৰু সৰু বেলুন সদৃশ বায়ুকোষ থাকে আৰু এই বায়ুকোষসমূহত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে য’ত গেছৰ বিনিময় সংঘটিত হয় ৷ উশাহ লোৱাৰ সময়ত হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰোঁতে গেছসমূহৰ বিনিময়ৰ বাবে সৰ্বাধিক পৰিমাণৰ ঠাইৰ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে ৷
প্ৰশ্নাৱলী (পৃষ্ঠা নং 110)
    1.       মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি ? ইয়াৰ কাৰ্যসমূহ কি কি ?
উত্তৰঃ  মানুহৰ পৰিবহণ তন্ত্ৰৰ মু্খ্য ভাগকেইটা হ’লঃ
(i)                  ৰক্ত বা তেজ (Blood) : তেজ প্লাজমা বুলি কোৱা এবিধ তৰল মাধ্যমেৰে গঠিত যিয়ে দ্ৰৱীভূত খাদ্যবস্ত, কাৰ্বন ডাই-অক্সাইড আৰু নাইট্ৰ’জেন জাতীয় বৰ্জিত পদাৰ্থবোৰ পৰিবহণ কৰে ৷ তেজত থকা লোহিত ৰক্ত কণিকাই অক্সিজেন পৰিবহণ কৰে ৷ তেজে লৱণৰ দৰে অন্যান্য বহু পদাৰ্থও পৰিবহণ কৰে ৷
(ii)                ৰক্ত নলীকাসমূহ (Blood vessels): ৰক্ত নলীকা বুলি কোৱা আৱদ্ধ নলীকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্ৰবাহিত হয় ৷ ৰক্ত নলীকাসমূহক ধমনী আৰু সিৰা হিচাপে শ্ৰেণী বিভাজন কৰা হৈছে ৷
ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহে বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়ে আৰু সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ সংগ্ৰহ কৰি পুনৰ হৃদযন্ত্ৰলৈ উভতাই আনে ৷
(iii)               হৃদযন্ত্ৰ (Heart) : হৃদযন্ত্ৰই দেহৰ সমগ্ৰ অংশতে অক্সিনজেযুক্ত তেজ পাম্প কৰে, যাৰ দ্বাৰা তেজত থকা বিভিন্ন পদাৰ্থসূহ দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত হয় ৷
(iv)              লসিকা (Lymph) : লসিকাই পাচিত আৰু শোষিত চৰ্বীসমূহ তন্ত্ৰৰ পৰা স্হানান্তৰ কৰে আৰু অতিৰিক্ত তৰল পদাৰ্থভাগ বহিঃকোষীয় স্হানৰ পৰা তেজলৈ উভতাই আনে ৷
      2.       পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
উত্তৰঃ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰ উষ্ণৰক্তী, সেয়ে এইবোৰৰ অধিক শক্তিৰ প্ৰয়োজন হয় ৷ ইহঁতৰ দেহৰ উষ্ণতা পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ৷ সেয়েহে, ইহঁতৰ শক্তিৰ প্ৰয়োজন পুৰাবলৈ ইহঁতক প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক ৷ এই উদ্দেশ্যে এই জীৱসমূহৰ অক্সিজেনযুক্ত(বিশুদ্ধ)আৰু অক্সিজেনবিহীন(অশুদ্ধ)তেজসমূহ পৃথক কৰি ৰখাৰ প্ৰয়োজন ৷ এইবোৰ জীৱৰ হৃদযন্ত্ৰৰ বাওঁফালটোৱে অক্সিজেনযুক্ত তেজ আৰু সোঁফালটোৱে অক্সিজেনবিহীন তেজ কঢ়িয়ায়৷
     3.       উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ?
উত্তৰঃ উচচ কাপৰ উদ্ভিদত এক বিশেষ পৰিবহণতন্ত্ৰ থাকে যিটো মুখ্যতঃ দুবিধ সংবহন কলাৰ দ্বাৰা গঠিতঃ
(i)                  জাইলেম (Xylem): জাইলেমৰ কলাই শিপাৰ জৰিয়তে মাটিৰ পৰা আহৰণ কৰা পানী আৰু খনিজ লসণ উদ্ভিদৰ বিভিন্ন অংশলৈ ওপৰৰ দিশে সংবহন কৰাত সহায় কৰে ৷ ইহ’ল উদ্ভিদৰ শিপা, পাত আৰু কাণ্ডৰ জাইলেম কলাৰ নলিকা আৰু ট্ৰেকাইডবিলাকৰ নিৰৱচ্ছিন্ন আৰু আন্তঃসংলগ্ন সংবহন ব্যৱস্হা ৷
(ii)                ফ্ল’ৱেম (Phloem): ফ্ল’ৱেমে খাদ্যৰ পৰিবহণ বা স্হানান্তৰ  কাৰ্য সমাধা কৰে ৷অৰ্থাৎ সালোক সংশ্লেষণত উৎপাদিত দ্ৰব্য, এমিন’ এছিড আৰু অন্যান্য পদাৰ্থ কিছুমান পাতৰ পৰা উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ বা স্হানান্তৰন কৰে ৷ ই চালনী নলীকা, সংগী কোষ, ফ্ল’ৱেম পেৰেনকাইমা আৰু ফ্ল’ৱেম তন্ত্ৰসমূহৰে গঠিত ৷
    4.       উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় ?

উত্তৰঃ  উদ্ভিদৰ দেহত জাইলেম নামৰ সংবহন কলাৰ দ্বাৰা পানী আৰু খনিজ লৱণসমূহ পৰিবহন হয় ইয়াৰ বাবে দায়ী কাৰকসমূহ হ’ল—
(i)                  মূল বা শিপাৰ চাপঃ আসৃতিৰ বাবে মূলবোৰৰ ক্ষীণ কোষবোৰেৰে মাটিৰ পৰা পানী আৰু খনিজ লৱণৰ প্ৰৱেশ ঘটে ৷ ই মাটিৰ পৰা বুনয়াদী কাণ্ডলৈ পানী আৰু খনিজ লৱণৰ পৰিবহণত সহায় কৰে ৷
(ii)                কৈশিক ক্ৰিয়াঃ কৈশিক আচৰনৰ ফলত পানী আৰু খনিজ লৱণসমূহ কাণ্ডৰ কিছু উচ্চতালৈ উঠে ৷
(iii)               আসঞ্জনঃ অণুসমুহৰ মাজত থকা আসঞ্জন আৰু সংশক্তি বলৰ বাবে জাইলেম কলাৰ ভিতৰত পানীৰ অণুসমূহে এটা পানীৰ স্তম্ব সৃষ্টি কৰে ৷
(iv)              বাষ্পমোচন  বা টান প্ৰভাৱঃ পত্ৰৰন্ধ্ৰৰ দ্বাৰা উদ্ভিদ দেহত থকা পানী বাষ্পকাৰে এৰি দিয়াৰ ফলত এক বায়ুশূণ্য স্হানৰ সৃষ্টি হয় যিয়ে বাষ্পমোচন টান বুলি কোৱা এটা শোষণ বল উৎপন্ন কৰে ৷ ই জাইলেম নলীৰ পৰা পানিৰ স্তম্ভটো শোষণ কৰে আৰু এনেদৰেই পানী আৰু খনিজ পদাৰ্থসমুহ যথেষ্ট ওখ উদ্ভিদসমূহৰ ক্ষেত্ৰতো অত্যধিক উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হয় ৷ 

    5.       উদ্ভিদৰ দেহত খাদ্যৰ সংক্ৰমণ ঘটে ?
  
     উত্তৰঃ সংবহন ক’লা ফ্ল’ৱেমৰ যোগেদি পাতৰ পৰা উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ খাদ্যৰ সংক্ৰমণ ঘটে ৷ ইয়াক খাদ্যৰ সংক্ৰমণ বা স্হানান্তৰ(Translocation) বুলি কোৱা হয় ৷ এই কাৰ্যটো চালনি নলীকা আৰু সংগী কোষৰ দ্বাৰা সমাধা হয় ৷ খাদ্যসমুহৰ এই ধৰণৰ পৰিবহণ উৰ্ধমুখী আৰু নিম্নমুখী দুয়োটা দিশত সংঘটিত হয় ৷ এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা শক্তিৰ যোগান ধৰে এ টি পিয়ে  ৷ এই শক্তিৰ ব্যৱহাৰৰ দ্বাৰা খাদ্য দ্ৰব্যসমূহ ফ্ল’ৱেম কলালৈ স্হানান্তৰিত হয় ৷ ইয়াৰ ফলস্বৰুপে, ফ্ল’ৱেমৰ আসৃতি চাপ বৃদ্ধি হয় আৰু পানীয়ে তাৰ ভিতৰত গতি কৰে ৷ এই চাপৰ সহায়তে পদাৰ্থবিলাক কম চাপযুক্ত ফ্ল’ৱেম কলাত প্ৰৱেশ কৰে ৷ ফলস্বৰুপে উদ্ভিদ দেহৰ আৱশ্যকীয় অঞ্চললৈ ফ্ল’ৱেম কলাই খাদ্যৰ সংক্ৰমণ ঘটায় ৷   

প্ৰশ্নাৱলী (পৃষ্ঠা নং 112)
     1.       নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা ৷

      উত্তৰঃ 
উত্তৰঃ নেফ্ৰন হ’ল বৃক্কৰ এক প্ৰাথমিক কাৰ্যকৰী একক ৷ প্ৰতিটো বৃক্কতে ১-২ নিযুত নেফ্ৰ’ন থাকে৷
   নেফ্ৰনৰ গঠনঃ নেফ্ৰন এটা কাপ সদংস ব’মেনৰ সম্পুটেৰে আৰম্ভ হৈ ,বৃক্কীয় নলীকাত বিস্তাৰিত হৈছে ৷ বৃক্কীয় নলীকা্ডাল এডাল অতিশয় কুণ্ডলীকৃত অংশ (নিকটৱৰ্তী আৰু দূৰৱৰ্তী কুণ্ডলীকৃত নলীকা), ’U’আকৃতিৰ হেলী লুপ আৰু সংগ্ৰাহক নলিকাৰে গটিত দীঘলীয়া নলীকা যিয়ে মূত্ৰনলীত  সোমাইছে গৈ ৷
   নেফ্ৰনৰ কাৰ্যঃ ব’মেনৰ সম্পুটসমূহে গ্ল’মেৰুলাছৰ পৰা পৰিস্ৰাৱন হোৱা মূত্ৰ লাভ কৰে ৷ এইদৰে কুণ্ডলীকৃত নলীকাৰ মাজেৰে মূত্ৰ প্ৰবাহিত হওঁতে পানী, গ্লুক’জ, এমিন’ এছিড আৰু লৱণৰ দৰে অত্যাৱশ্যকীয় পদাৰ্থসমূহ পুনৰ শোষিত হয় ৷ তাৰ পিছত সকলো সংগ্ৰাহত নলিকাবোৰ লগ হৈ গঠন কৰা এডাল শকত সংগ্ৰাহত নলীত মূ্ত্ৰবোৰ প্ৰৱেশ কৰে য়িয়ে এইবোৰ মূত্ৰনলী আৰু মূত্ৰথলীলৈ কঢ়িয়াই নিয়ে ৷

     2.       উদ্ভিদে কি কি উপায়েৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ?

      উত্তৰঃ 
উদ্ভিদে বৰ্জিত পদাৰ্থসমূহ ত্যাগ কৰিবলৈ বিভিন্ন ধৰণৰ কৌশম অৱলম্বন কেৰ যেনেঃ
(i)                 বাষ্পমোচন(transpiration): উদ্ভিদে বাষ্পমোচনৰ মাধ্যমেৰে পত্ৰৰন্ধ্ৰৰে শিপাৰ পৰা শোষণ কৰি লোৱা অতিৰিক্ত পানীভাগ এৰি দিয়ে ৷
(ii)               ব্যাপন(Diffusion): ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰে সালোক সংশ্লেষণৰ পৰা পোৱা অক্সিজেন আৰু শ্বসনৰ পৰা পোৱা কাৰ্বন ডাই-অক্সাইড এৰি দিয়ে ৷
(iii)             কোষ ৰসধানীসমূহে(Cell vacoules): কোষ ৰসধানীসমূহৰ ভিতৰত বহুতো বৰ্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে বা ৰেজিন আৰু আঠা হিচাপেও বিশেষকৈ নিষ্ক্ৰিয় পুৰঠ জাইলেম কলাত সঞ্চিত কৰি ৰাখে ৷ উদ্ভিদৰ কোষসমূহৰ ৰসধানীবোৰ তুলনামূলকভাৱে ডাঙৰ আকাৰৰ হয়৷
(iv)               মাটিত বৰ্জিত পদাৰ্থ ত্যাগ(Excreted in soil): উদ্ভিদে সিঁহতৰ চাৰিওপাশে থকা মাটিত শিপাৰে কিছুমান বৰ্জিত পদাৰ্থ এৰি দিয়ে ৷
(v)                অন্যান্য কৌশল(Other techniques):  কিছুমান বৰ্জিত পদাৰ্থৰ বাকলি, পাত আদিতো সঞ্চিত কৰি ৰাখে যিবোৰ অকামিলা হৈ পৰিলে সৰি পৰে ৷

     3.       কেনেকৈ মূত্ৰ উৎপাদানৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি ?
     
      উত্তৰঃ মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণত বৃক্কই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ মূত্ৰ উৎপাদনৰ পৰিমাণ বেছিকৈ নিৰ্ভৰ কৰেঃ
(i)                 শোষিত পানী(Water absorbed): পৰিশ্ৰুত পদাৰ্থসমূহৰ পৰা পানী পুনৰ শোষণ কৰিবলৈ বৃক্কৰ এক বিশেষ ব্যৱস্হা আছে ৷ যেতিয়া দেহত অত্যধিক পানী থাকে, তৰল মূত্ৰৰ বৃহৎ পৰিমাণ বাহিৰলৈ নিৰ্গত হয় ৷
(ii)               দ্ৰৱীভূত বৰ্জিত পদাৰ্থৰ পৰিমাণ(Amount of dissolved water): যেতিয়া ইুউৰিয়া, ই্উৰিক এছিডৰ দৰে নাইট্ৰ’জেন জাতীয় দ্ৰৱীভূত বৰ্জিত পদাৰ্থৰ পৰিমাণ দেহত অধিক থাকে তেতিয়া পানী এৰি দিয়াৰ প্ৰয়োজন অধিক হয় ৷ সেয়েহে অপসাৰিত মূত্ৰৰ পৰিমাণ বৃদ্ধি হয় ৷
অনুশীলণী
      1.       মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ ________ ৷
(a) পৰিপুষ্টি          (b) শ্বসন
(c) ৰেচন            (d) পৰিবহণ
উত্তৰ: (c) ৰেচন
     2.       উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল _______ ৷
(a) পানীৰ পৰিবহণ
(b) খাদ্যৰ পৰিবহণ
(c) এমিন’এছিডৰ পৰিবহণ
(d) অক্সিজেনৰ পৰিহবণ
উত্তৰ: (a) পানীৰ পৰিবহণ
     3.       আমাৰ দেহত কেনকৈ চৰ্বীসমূহ পাচন হয় ? এই প্ৰক্ৰিয়াটো ক’ত সংঘটিত হয় ?
উত্তৰ: চৰ্বীসমূহ ক্ষুদ্ৰান্ত্ৰত বৃহৎ আকাৰত থাকে৷ এইবোৰৰ ওপৰত ক্ৰিয়া কৰাটো উৎসেচকসমূহৰ বাবে কঠিন হয়৷ পিত্ত লৱণৰ উপস্হিতিত এইবোৰ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হোৱাৰ পাছত এইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্ৰিয়া কৰে৷
অৱশেষত ক্ষুদ্ৰান্ত্ৰ ৰসত থকা উৎসেচকে চৰ্বীসমূহ ফেটি এছিড আৰু গ্লিচাৰিলৈ ৰূপান্তৰ কৰে৷ যি ৰূপতক্ষুদ্ৰান্ত্ৰৰ বেৰে এইবোৰক শোষণ কৰি লয়৷
চৰ্বীসমূহৰ পাচন প্ৰক্ৰিয়াটো পক্ষুদ্ৰান্ত্ৰত সংঘটিত হয়৷
     4.       পাচনত লালটিৰ ভূমিকা কি ?
উত্তৰ: মুখৰ লালটি গ্ৰন্হিয়ে নি:সৰণ কৰা লালটিয়ে আৰম্ভনিতে খাদ্যৰ ওপৰত ক্ৰিয়া কৰি ইয়াক সিক্ত কৰে আৰু ইয়াৰ গতিপথ মসৃণ কৰি তোলে ৷ লালটিত লালট গ্ৰন্হিয়ে এমাইলেজ নামৰ এক উৎসেচক থকে যিয়ে মুখগহ্বৰত জটিল শ্বেতসাৰ অংশক ভাঙি সৰল চেনীৰ অণুলৈ পৰিৱৰ্তন কৰে ৷
     5.       স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?
উত্তৰ: স্বপোষিত পৰিপুষ্টিৰ বাবে আৱশ্যকীয় কাৰকসমূহ হ’ল—
পৰ্যাপ্ত সূৰ্যৰ পোহৰ, উদ্ভিদত থকচ পত্ৰহৰিৎ নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ, পানী আৰু কাৰ্বন ডাই-অক্সাইড৷
স্বপোষিত পুষ্টিৰ উপজাত পদাৰ্থবোৰ হৈছে অক্সিজেন অক্সিজেন আৰু পানী৷

     6.       সবাত স্বসন আৰু অবাত স্বসনৰ মাজত পাৰ্থক্যসমূহ কি কি ? সবাত আৰু অবাত স্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা ৷
উত্তৰ: সবাত আৰু অবাত শ্বসনৰ পাৰ্থক্যসূহ হ’ল :
সবাত শ্বসন অবাত শ্বসন
(ক) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় (ক) অক্সিজেনৰ অনুপস্থিতত সংঘটিত হয় ৷
(খ) মুক্ত অক্সিজেন আহৰণ কৰা জীৱসমূহে সবাত শ্বসন সম্পন্ন কৰে ৷ (খ) মুক্ত অক্সিজেন গ্ৰহণ নকৰা জীৱসমূহে অবাত শ্বসন সম্পন্ন কৰে ৷
(গ) এই প্ৰক্ৰিয়াত গ্ল'কুজৰ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বন-ডাই -অক্সাইড , পানী আৰু শক্তিৰ সৃষ্টি কৰে ৷ (গ) গ্ল'কজৰ অণু আংশিকভাৱে জাৰিত হৈ শক্তি উৎপন্ন কৰাৰ লগতে ইথাইল এলক'হল ,কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰে ৷
(ঘ) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক হয় ৷ (ঘ) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম হয় ৷
(ঙ) ই মাইট'কন্ড্ৰিয়াত সংঘটিত হয় ৷ (ঙ) ই কোষপ্ৰৰসত সংঘটিত হয় ৷


সবাত শ্বসন সম্পাদন কৰা প্ৰাণী হ'লঃ মানুহ ৷
অবাত শ্বসন সম্পাদন কৰা প্ৰাণী হ'লঃ ইষ্ট ৷

     7.       প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষ বিলাক কেনেকৈ গঠিত হয় ?
উত্তৰ: বায়ুকোষবোৰ হ’ল হাওঁফাওঁত থকা বেলুনসদৃশ কিছুমান সৰু সৰু অংগ ৷বায়ুকোষীয় বায়ু আৰু তেজৰ মাজতৱ গেছসমূহৰ প্ৰচুৰ বিনিময়ৰ সুবিধা কৰিবলৈ বায়ুকোষৰ বেৰসমূহ ৰক্তকেশিকাৰ এক বিস্তৃত জালিকা আছে ৷ প্ৰতিটো হাওঁফাওঁতে নিযুত নিযুত বায়ুকোষ থাকে ৷ তদুপৰি যেতিয়া শ্বাস লোৱাৰ সময়ত হাওঁফাওঁত বায়ু প্ৰৱেশ কৰে, গেছসমূহৰ বিনিময়ৰ বাবে অধিক পৃষ্ঠভাগ যোগান ধৰিবলৈ বায়ুমোনাখন বিস্তাৰিত হৈ পৰে৷
     8.       আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গলে কি হ’ব ?
উত্তৰ: আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে হ’ব পৰা পৰিণতিসমূহ হ’ল :
(i)                  আমাৰ দেহত অক্সিজেনৰ অভাৱ হ’লে আমাৰ দেহত শক্তিৰ অভাৱে দেখা দিব৷
(ii)                আমাৰ দেহত প্ৰতিৰোধ ক্ষমতাৰ স্তৰ হ্ৰাস হ’ব, অৰ্থাৎ দুৰ্বলতা,বিবৰ্ণতা, বাগৰ আদিৰ দৰে লক্ষণসমূহে দেখা দিব৷
      9.       মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা ৷ ইয়াৰ প্ৰয়োজন কি ?
    
     উত্তৰঃ  মানুহৰ দেহত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ পৰিবাহিত হয় ৷ ইয়াকে তেজৰ দ্বৈত পৰিবহণ বুলি কোৱা হয় ৷ মানুহৰ দেহত দেহৰ বিভিন্ন অংশসমূহৰ পৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰৱেশ কৰে, য’ৰ পৰা ই সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু তাৰচ পিছত সোঁ নিলয়টো সংকুচিত হৈ তেজ হাওঁফাওঁলৈ যায় য’ত তেজসমূহ অক্সিজেনযুক্ত হয় ৷ এই অক্সিজেনযুক্ত তেজসমূহ তাৰ পিছত বাওঁ অলিন্দলৈ আহে আৰু বাওঁ নিলয় হৈ দেহৰ সকলো অংশলৈ যায় ৷ এই সম্পূৰ্ণ চক্ৰটোত তেজসমূহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হয় ৷
(i)                 অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে, যিটো দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ উদ্দেশ্য নিদিৰ্ষ্ট পৰিমাণৰ শক্তি উৎপন্ন কৰাৰ বাবে প্ৰয়োজনীয় ৷
(ii)               দেহৰ কোষসমূহলৈ সঠিক পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰা, যিয়ে মানুহৰ দেহত অক্সিজেনৰ নৈপুন্য বৃদ্ধি কৰে ৷

     10.   জাইলেম আৰু ফ্ল’ৱেমৰ দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি ?
     
      উত্তৰঃ
জাইলেম ফ্ল'ৱেম
  (ক) পানী আৰু খনিজ লৱনৰ পৰিবহন সম্পন্ন কৰে ৷      (ক) অক্সিজেনৰ অনুপস্থিতত দ্ৰৱীভূত খাদ্য দ্ৰব্য , এমিন' এছিড আদি পৰিবহন কৰে ৷
  (খ) ইয়াৰ পৰিবহণৰ দিশ ঊৰ্ধ্বমূখী হয় ৷      (খ) ঊৰ্ধ্বমূখী আৰু নিম্নমুখী দুয়োটা দিশতে হয় ৷
  (গ) ইয়াত শক্তিৰ প্ৰয়োজন নহয় ৷      (গ) এটিপি দ্বাৰা যোগান ধৰা শক্তিৰ প্ৰয়োজন হয় ৷
  (ঘ) নিষ্ক্ৰিয় পৰিবহণ যিহেতু শক্তিৰ প্ৰয়োজন নহয় ৷       (ঘ) সক্ৰিয় পৰিবহণ হয় ৷
  (ঙ) জাইলেম কলাই কাৰ্য সমাধা কৰে নলিকা আৰু ট্ৰেকাইড নামৰ মৃত কলাসমূহৰ যোগেদি ৷      (ঙ) ফ্ল'ৱেম কলাসমূহে কাম কৰে চালনি নলিকা আৰু সংগীকোষসমূহৰ সহায়ত ,যিবোৰ হ'ল জীৱিত কোষ
  


     11.   হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰ’নৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ৷

    উত্তৰঃ (ক) গঠনৰ ভিত্তিতঃ

           বায়ুকোষ নেফ্ৰন
     ইয়াৰ আকৃতি বায়ুমোনাৰ দৰে ৷                                      ই চুঙা আকৃতিৰ হয় ৷
    এইবোৰ হাঁওফাঁওত থাকে                                         ই বৃক্কত থাকে
     বায়ুকোষৰ বেৰসমূহ ডাঠ হয়                                        ইয়াৰ বেৰ পাতল হয় ৷
     ইয়াৰ বেৰত ৰক্তজালিকা বিস্তৃত হৈ থাকে ৷                  নেফ্ৰ'নসমূহৰ কাপ সদৃশ শেষাংশৰ লগত ৰক্তজালিকাৰ এক                              সংযোগ স্থাপন হয় ৷

     (খ) কাৰ্যৰ  ভিত্তিতঃ
           বায়ুকোষ নেফ্ৰন
     এইবোৰে তেজ আৰু উশাহত গ্ৰহণ কৰা বায়ুৰ মাজত কাৰ্বন-ডাই -অক্সাইড আৰু অক্সিজেন বিনিময় সহজসাধ্য কৰি গেছসমূহৰ ব্যাপনৰ বাবে পৃষ্টভাগ বৃদ্ধি কৰে ৷          এইবোৰে পৰিশোধিত মূত্ৰ সংগ্ৰহ কৰে , লাগতিয়াল পদাৰ্থসমূহৰ পুনৰ শোষণৰ বাবে পৃষ্ঠভাগ বৃদ্ধি কৰে আৰু মূত্ৰথলীলৈ মূত্ৰ কঢ়িয়াই নিয়ে ৷
    ব্যাপনৰ মাধ্যমেৰে গেছসমূহৰ বিনিময় সংঘটিত হয় ৷        চাপৰ পাৰ্থক্যৰ বাবে পদাৰ্থসমূহৰ বিনিময়  সংঘটিত হয় ৷

                   



LookTutupComment