ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

নিয়ন্ত্ৰণ আৰু সমন্বয় (জীৱ বিজ্ঞান) (দশম শ্ৰেণী ) - NCERT

Admin
0
নিয়ন্ত্ৰণ আৰু সমন্বয়(জীৱ বিজ্ঞান)
প্ৰশ্নাৱলী(পৃষ্ঠা নং 119)
     1.       প্ৰতীপ ক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য কি ?
উত্তৰ: প্ৰতীপ ক্ৰিয়া আৰু খোজকঢ়াৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:
(i)                  প্ৰতীপ ক্ৰিয়া হ’ল একোটা উদ্দীপনাৰ প্ৰতি এক দ্ৰুত আচম্বিত আৰু অনৈচ্ছিক সঁহাৰি৷ উদাহৰণস্বৰূপে হাঁচি মৰা, চকু টিপিওৱা ইত্যাদি ৷
আনহাতে, খোজকঢ়া এক সুবিবেচনাপূৰ্ণ ঐচ্ছিক প্ৰক্ৰিয়া য’ত উদ্দীপনাৰ প্ৰতি সঁহাৰি জড়িত নহয়৷
(ii)                প্ৰতীপ ক্ৰিয়া এক অনিয়ন্ত্ৰিত আৰু অনৈতিক সঞ্চালন৷ আনহাতে, খোজকঢ়া এক নিয়ন্ত্ৰিত আৰু ঐচ্ছিক সঞ্চালন৷
(iii)               প্ৰতীপ ক্ৰিয়াত চিন্তন প্ৰক্ৰিয়া জড়িত নহয়৷ আনহাতে, খোজকঢ়াত চিন্তন প্ৰক্ৰিয়া জড়িত৷
(iv)              প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে৷ আনহাতে, খোজকঢ়া মস্তিষ্কই নিুয়ন্ত্ৰণ কৰে৷
(v)                প্ৰতীপ ক্ৰিয়া ছেকেণ্ডত সম্পন্ন হয়৷ আনহাতে, খোজকঢ়া সম্পন্ন হ’বলৈ তুলনামূলকভাৱে অধিক সময়ৰ প্ৰয়োজন হয়৷
      2.       দুটা নিউৰনৰ মাজৰ সংযোগী পথ চাইনেপছত কি ঘটে ?
উত্তৰ: এটা স্নায়ুকোষ বা নিউৰনৰ ডেনড্ৰাইটে তথ্য আহৰণ কৰিলে এটা ৰাসায়নিক বিক্ৰিয়া আৰম্ভ হয় যিয়ে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে৷ এই বৈদ্যুতিক প্ৰেৰণা কোষলৈ গতি কৰে আৰু তাৰ পাছত এক্সনৰ প্ৰান্তলৈ গতি কৰে ৷ ইয়াত যুক্ত হোৱা কিছুমান ৰাসায়নিক পদাৰ্থই সংযোগী পথ বা চাইনেপছ অতিক্ৰম কৰে আৰু ইয়াৰ পিছৰ পৰ্যায়ত পৰৱৰ্তী নিউৰনৰ ডেনড্ৰাইটত বা অনা পেশীকোষ গ্ৰন্হিকোষত বৈদ্যুতিক প্ৰেৰনাৰ সৃষ্টি কৰে ৷এনেদৰে দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত ৰাসায়নিক পদাৰ্তৰ সঞ্চালন ঘটে ৷
     3.       মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
উত্তৰ: পশ্চাৎ মস্তিষ্কত অৱস্হিত চেৰিবেলাম নামৰ অংশই দেহ লৰচৰ কৰাত আৰু সমতা ৰক্ষা কৰাত অংশ লয় ৷
     4.       আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?
উত্তৰ: নাকৰ স্নায়ুকোষৰ ডেনড্ৰাইটত অৱস্হিত ঘ্ৰাণ সংগ্ৰাহকৰ সহায়ত আমি ধূপকাঠিৰ গোন্ধ লওঁ ৷ এই সংগ্ৰাহকে স্নায়ু প্ৰেৰণাৰ ৰূপত তথ্য আহৰণ কৰি ঘ্ৰাণ খল্পালৈ প্ৰেৰণ কৰে ৷ ঘ্ৰাণখল্পা হৈছে গোন্ধ ধৰা পেলোৱাৰ বাবে থকা প্ৰমস্তিষ্কৰ বিশেষ একক ৷
     5.       প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি ?
উত্তৰ: প্ৰতীপ ক্ৰিয়াত মগজুৱে ভূমিকা পালন নকৰে কিয়নো কাৰ্যকৰী পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা পোনপটীয়াকৈ লাভ কৰে ৷ অৱশ্যে এই তথ্য মগজুতো উপনীত হয় য’ত এয়া ভৱিষ্যতলৈ স্মৃতি হিচাপে সঞ্চিত হৈ থাকে ৷
 প্ৰশ্নাৱলী(পৃষ্ঠা নং 122)
      6.       উদ্ভিদৰ সঞ্জীৱনী (Plant Hormone)বিলাক কি কি ?
উত্তৰ: উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক হৈছে ৰাসায়নিক যৌগ বৃদ্ধি আৰু বিকাশৰ সম্বন্বয় সাধনত আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ ক্ষেত্ৰত উদ্ভিদক সহায় কৰে ৷ এই সঞ্জীৱনী পদাৰ্থবিলাক কাৰ্য সমাধা কৰা স্হানৰ পৰা দূৰত সংশ্লেষিত হয় আৰু উক্ত স্হানত ব্যাপন প্ৰক্ৰিয়াৰে উপনীত হয় ৷ কিছুমান উদ্ভিদ হৰম্ন হৈছে:
(i)                  অক্সিন        (ii)       জিবাৰেলিন
(iii)               চাইট’কাইনিন     (iv)     এবচাইছিক এছিড
       7.       নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো আৰু কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে ?
উত্তৰ: নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো আৰু কাণ্ডৰ কোমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটো ৰ মাজৰ পাৰ্থক্য :
ক্ৰমিক নং
নিলাজী বনৰ পাতৰ চলন
কাণ্ডৰ কোমলীয়া আগৰ পোহৰৰ দিশত কৰা গতি
(i)
এক প্ৰতীপ ক্ৰিয়া বা উদ্দীপনাৰ প্ৰতি সঁহাৰি৷
এক পোহৰানুবেগী চলন বা পোহৰৰ প্ৰতি সঁহাৰি৷
(ii)
উদ্ভিদৰ পাতৰ কোষৰ আকৃতিত অস্হায়ী পৰিৱৰ্তন সাধন কৰে৷
উদ্ভিদৰ বৃদ্ধিৰ দিশ পৰিৱৰ্তন কৰে৷
(iii)
স্পৰ্শবিন্দুৰ পৰা বিভিন্ন স্হানত পাতৰ চলন ঘটে৷
পোহৰৰ দিশত কাণ্ডৰ চলন ঘটে৷
(iv)
চলন খৰতকীয়া৷
চলন অতি মন্হৰ৷
(v)
চলন বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল নহয়৷
চলন বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল৷
(vi)
দিশ-সম্বন্ধীয় চলন নহয়৷
দিশ-সম্বন্ধীয় চলন হয়৷

      8.       উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া ৷
উত্তৰ: উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ হৈছে অক্সিন ৷
      9.       কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিজেন কেনেকৈ সহায় কৰে ?
উত্তৰ: অক্সিন হৈছে এবিধ উদ্ভিদ হৰম’ন যিয়ে উদ্ভিদৰ কোষ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে ৷ যেতিয়া আকৰ্ষ আধাৰৰ সংস্পৰ্শলৈ আহে তেতিয়া আধাৰৰ প্ৰত্যক্ষ সংস্পৰ্শত নথকা অংশত অক্সিনৰ গাঢ়তা বাঢ়ে ৷ ইয়াৰ ফলত সেই অংশৰ প্ৰত্যক্ষ সংস্পৰ্শত থকা অংশৰ তুলনাত দৈৰ্ঘ্য বৃদ্ধি পায় ৷ এনেদৰে,আধাৰৰ চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে সহায় কৰে ৷
       10.   জলানুবেগী(Hydrotropism)ৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তত কৰা ৷
প্ৰশ্নাৱলী(পৃষ্ঠা নং 125)
       11.   প্ৰাণীদেহত ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয় ?
উত্তৰ: অন্ত:স্ৰাৱী গ্ৰন্হিয়ে নি:সৰণ কৰা হৰম’ন বুলি কোৱা ৰাসায়নিক পদাৰ্থৰ জৰিয়তে প্ৰাণীদেহত ৰাসায়নিক সম্বন্বয় সংঘটিত হয় ৷ এই হৰম’ন বিলাক তেজে সংশ্লিষ্ট কলা বা অংগলৈ প্ৰেৰণ কৰি দেহকোষৰ বিভিন্ন ক্ৰিয়াকলাপৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনৰ লগতে ইয়াৰ বৃদ্ধিও ঘটায় ৷
উদাহৰণস্বৰূপে : থাইৰয়েড গ্ৰন্হিয়ে থাইৰক্সিন হৰম’ন নি:সৰণ কৰে যিয়ে দেহৰ কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বীৰ বিপাকীয়া ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ৷
       12.   আয়ডিনযুক্ত লৱণ খোৱাটো কিয় আৱশ্যক ?
উত্তৰ: নিম্নোক্ত কাৰণত আয়ডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক :
(i)                  আয়ডিনযুক্ত লৱণত আয়ডিন থাকে ৷
(ii)                থাইডয়েড গ্ৰন্হিয়ে নি:সৰণ কৰা থাইৰক্সিন নামৰ হৰম’নৰ সংশ্লেষণৰ বাবে আয়ডিন অত্যাৱশ্যকীয় ৷ থাইৰক্সিনে দেহৰ কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বীৰ বিপাকীয় ক্ৰিয়াসমূহ
নিয়ন্ত্ৰণ কৰে ৷
(iii)               আয়ডিনৰ অভাৱত আমাৰ দেহত গৰল ৰোগ হয় ৷
       13.   আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নি:সৰণ ঘটিলে কেনে প্ৰতিক্ৰিয়া হয় ?
উত্তৰ: এড্ৰিনেল গ্ৰন্হিয়ে তেজত পোনপটীয়াকৈ এড্ৰিনেলিন নি:সৰণ কৰে ৷ তেজে ইয়াক দেহৰ বিভিন্ন অংশলৈ বহন কৰে আৰু ই হৃদযন্ত্ৰকে ধৰি নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ বা নিৰ্দিষ্ট কোষকোলাত ক্ৰিয়া কৰে ৷
এড্ৰিনেলিন তেজত নি:সৰিত হ’লে :
(i)                  হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি পায় ৷ ইয়াৰ ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধ পায় ৷
(ii)                ধমনীৰ চৌপাশৰ পেশীৰ সংকোচনৰ বাবে পাচনন্ত্ৰ আৰু ছালত তেজৰ যোগান হ্ৰাস বৃদ্ধি পায় ৷ ইয়াৰ ফলত জকং কংকাল পেশিলৈ তেজ প্ৰবাহিত হয় ৷
(iii)               মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশীৰ সংকোচনৰ ফলস্বৰূপে শ্বাস-প্ৰশ্বাসৰ হাৰ বাঢ়ে ৷
(iv)              দেহৰ ৰক্তচাপ বৃদ্ধি পায় ৷ এই আটাইবিলাক সঁহাৰি ঐক্যবদ্ধ হৈ কোনো এটা কাৰ্য সম্পন্ন হয়৷ 
         14.   কিছুমান ডায়েবেটিছ ৰোগীক ইনছুলিনৰ বেজী দিয়া হয় কিয় ?
উত্তৰ: অগ্নাশয়ে ইছুলিন নামৰ হৰম’ন নি:সৰণ নকৰিলে বা কম পৰিমাণে নি:সৰণ কৰিলে ডায়েবেটিছ ৰোগ হয় ৷ ইনছুলিনে অতিৰিক্ত গ্লুক’জ গ্লাইক’জেনলৈ ৰূপান্তৰিত কৰে আৰু তেজত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে৷ ইনছুলিন সঠিক পৰিমাণে নি:সৰিত নহলে তেজত গ্লুক’জৰ পৰিমাণ বৃদ্ধি পায় ৷ এনেদৰে ডায়েবেটিছ ৰোগীৰ তেজত গ্লুক’জৰ পৰিমাণ যথেষ্ট বৃদ্ধি পায় ৷ গতিকে, ডায়েবেটিছ ৰোগীৰ দেহত গ্লুক’জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ েনে ৰোগীক ইনছুলিনৰ বেজী দিয়া হয় ৷
অনুশীলণী(পৃষ্ঠা নং 125-126)
       15.   তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ:
(a) ইনছুলিন               (b) থাইৰ’ক্সিন
(c) এষ্ট্ৰ’জেন                (d) চাইট’কাইনিন
উত্তৰ: (d) চাইট’কাইনিন
       16.   দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয় ?
(a) ডেনড্ৰাইট                 (b) চাইনেপছ
(c) এক্সন                  (d) প্ৰেৰণা
উত্তৰ: (b) চাইনেপছ
       17.   মগজুৱে কি কাম কৰে ?
 (a) ভাৱ আৰু চিন্তা কৰা
(b) হৃদপিন্দ স্পন্দন নিয়ন্ত্ৰণ
(c) দেহৰ সমতা ৰা ক্ষহহহহক্ষা
(d) ওপৰৰ আটাইকেইটা
উত্তৰ: (d) ওপৰৰ আটাইকেইটা
       18.   আমাৰ দেহৰ সংগ্ৰাহক অংগৰ কাম কি ? সংগ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্হিতি হ’ব ভাবাচোন ৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?
উত্তৰ: সংগ্ৰাহক অংগ হৈছে বিশেষ কোষ বা কোষসমষ্টিয়ে যিয়ে বাহ্যিক পৰিৱেশত পৰিৱৰ্তন ধৰা পেলায় আৰু এই বাৰ্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে ৷ মস্তিষ্কই সংশ্লিষ্ট অংগক সেইমৰ্মে নিৰ্দেশনা দিয়ে ৷ যদি সংগ্ৰাহক অংগই সঠিকভাৱে কাৰ্য সম্পন্ন নকৰে তেন্তে আমাৰ জীৱন ধাৰণ বিপদসংকূল হ’ব পাৰে ৷ উদাহৰণস্বৰূপে – সংগ্ৰাহক অংগ ছাপ তাপ ধৰা পেলাবলৈ অক্ষম হ’লে আমি লোহিত তপ্ত বস্ত স্পৰ্শ কৰিব লাগিব কিয়নো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা প্ৰেৰিত নহ’ব যাৰ ফলত ছাল জ্বলি যাব৷
        19.   নিউৰন গঠনৰ এটা চিত্ৰ আঁকা ৷ ইয়াৰ কাৰ্য বৰ্ণনা কৰা ৷
উত্তৰ:
      20.   উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় ?
উত্তৰ: এজোপা উদ্ভিদৰ এটা অংশ পোহৰৰ সংস্পৰ্শত থাকিলে দীপ্তিকাল প্ৰতিক্ৰিয়া বা পোহৰানুবেগী প্ৰদৰ্শনত অক্সিন নামৰ হৰম’নে ভূমিকা পালন কৰে৷ কাণ্ডৰ শীৰ্ষত উৎপন্ন হোৱা অক্সিন ছাঁ পৰা অংশলৈ ব্যাপিত হয়৷ ইয়াৰ ফলত সেই অংশৰ বৃদ্ধি ঘটি দীঘলীয়া হয় আৰু এনেদৰে কাণ্ডটো পোহৰৰ পিনে ভাঁজ লয় আৰু কাণ্ডৰ অগ্ৰ অংশ পোহৰৰদিশত ধাৱিত হয়(অভিজ্ঞ পোহৰানুবেগী)অনহাতে শিপা পোহৰৰ বিপৰীত দিশত ধাৱিত হয়(প্ৰতীপ পোহৰানুবেগী)৷
      21.   স্নায়ুৰঞ্জত আঘাত পালে কেনে বাৰ্তাত ব্যাগাত ঘটে ?
উত্তৰ: মেৰুৰজ্জু আৰু মেৰস্নায়ু উভয়ে কেন্দ্ৰীয় আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ৷ গতিকে মেৰুৰজ্জুত পোৱা আঘাতে মেৰুৰজ্জুলৈ আহা বাৰ্তা, মেৰুৰজ্জুৰ পৰা মস্তিষ্কলৈ যোৱা বাৰ্তা আৰু মেৰুৰজ্জুৰ পৰা কাৰ্যকৰী পেশী বা গ্ৰন্হিলৈ পোনপটীয়াকৈ প্ৰেৰিত প্ৰতীপ বাৰ্তা বিঘ্নিত কৰে ৷
      22.   উদ্ভিদৰ ৰাসায়নিক সমন্বয় কনেদৰে সংঘটিত হয় ?
উত্তৰ: হৰম’ন নামৰ ৰাসায়নিক যৌগৰ জৰিয়তে উদ্ভিদৰ ৰাসায়নিক সমন্বয় সংঘটিত হয় ৷ এই হৰম’নে ব্যাপন প্ৰক্ৰিয়াৰে উ্ভিদদেহৰ সকলোবোৰ কোষত উপনীত হয়৷ উদ্ভিদত ৰাসায়নিক সমন্বয়ে উদ্ভিদৰ চলনক দুই প্ৰকাৰে প্ৰভাৱিত কৰে :
(i)                  উদ্ভিদৰ বৃদ্ধি প্ৰভাৱিত কৰা চলন ৷
(ii)                উদ্ভিদৰ বৃদ্ধি প্ৰভাৱিত নকৰা চলন, কিন্ত্ত কোষত পানীৰ পৰিমাণ সলনিৰে উদ্ভিদৰ আকৃতি প্ৰভাৱিত কৰা ৷ উদাহৰণস্বৰূপে :
কেইবিধমান উদ্ভিদ হৰম’ন হৈছে অক্সিন, জিবাৰেলিন, এবচাইচিক এছিড৷
      23.   জীৱদেহৰ নিয়ন্ত্ৰন আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন ?
উত্তৰ: একোটা জীৱই বাস কৰা পৰিৱেশত সকলো সময়তে ই ক্ৰিয়া-প্ৰক্ৰিয়াত লিপ্ত থকাৰ আৱশ্যকতা থাকে৷ ইয়াৰ বাবে জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা আছে৷ ইয়াৰ বাবে এনে এটা প্ৰণালী ব্যৱহাৰ কৰিব লাগিব যিয়ে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ব্যৱস্হা কৰে৷ জীৱৰ অস্হিত্বৰ বাবে এই প্ৰণালী অতি গুৰুত্বপূৰ্ণ৷ উদাহৰণস্বৰূপে মজিয়াত পানী দেখিলে আমি নিয়ন্ত্ৰিত ধৰণে খোজ কাঢ়োঁ নহ’লে আমি পিছল খাই আঘাতপ্ৰাপ্ত হ’ম৷ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ তন্ত্ৰ স্নায়ুতন্ত্ৰই এই নিয়ন্ত্ৰিত চলনৰ ব্যৱস্হা কৰে৷
      24.   ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা ?
উত্তৰ: ঐচ্ছিক আৰু প্ৰতীপ ক্ৰিয়াৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:
(i)                  ঐচ্ছিক ক্ৰিয়া চিন্তন প্ৰক্ৰিয়াৰ অবিহনে প্ৰাকৃতিকভাৱে সংঘটিত ক্ৰিয়া৷ আনহাতে, প্ৰতীপ ক্ৰিয়া এনে কিছুমান ক্ৰিয়া যিবোৰ পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি আচম্বিত আৰু অনৈচ্ছিক সঁহাৰি হিচাপে সম্পন্ন হয়৷
(ii)                ঐচ্ছিক ক্ৰিয়াক পাশ্চাৎ মস্তিষ্কত মেডুলাই নিয়ন্ত্ৰণ কৰে ৷ আনহাতে, প্ৰতীপ ক্ৰিয়াক মেৰুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে ৷
(iii)               ঐচ্ছিক ক্ৰিয়া বাহ্যিক উদ্দীপনাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ আনহাতে, বাহ্যিক উদ্দীপনাই প্ৰতীপ ক্ৰিয়াক প্ৰভাৱিত কৰে৷
(iv)              ঐচ্ছিক ক্ৰিয়া দ্ৰুত বা আচম্বিত হোৱাটো আৱশ্যকীয় নহয়৷ আনহাতে, প্ৰতীপ ক্ৰিয়া দ্ৰুত আৰু আচম্বিত৷
(v)                ঐচ্ছিক ক্ৰিয়াৰ উদাহৰণ-বমি কৰা, লালটি ওলোৱা, ৰক্তচাপ ইত্যাদি৷ আনহাতে, প্ৰতীপ ক্ৰিয়াৰ উদাহৰণ- এখন গৰম চামোচ তললৈ পেলাই দিয়া৷
      25.   প্ৰাণীৰ নিয়ন্ত্ৰন আৰু সমন্বয় স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা ৷
উত্তৰ: প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:
ক্ৰমিক নং
পাৰ্থক্যৰ ভিত্তি
প্ৰাণীৰ স্নায়ুতন্ত্ৰৰ ক্ৰিয়া
প্ৰাণীৰ হৰম’নৰ ক্ৰিয়া
(i)
সঁহাৰি
দ্ৰুত আৰু তাৎক্ষনিক ক্ৰিয়া
লেহেমীয়া ক্ৰিয়া
(ii)
প্ৰভাৱ
ইয়াৰ প্ৰভাৱ অস্হায়ী
ইয়াৰ প্ৰভাৱ দীৰ্ঘস্হায়ী
(iii)
বাৰ্তাৰ প্ৰেৰণ
স্নায়ুৰ জৰিয়তে বাৰ্তা প্ৰেৰিত হয়, গতিকে দেহৰ আটাইবোৰ কোষত উপনীত হ’ব নোৱাৰে৷
তেজৰ জৰিয়তে বাৰ্তা প্ৰেৰিত হয়, গতিকে আটাইবোৰ কোষত উপনীত হ’ব পাৰে ৷
(iv)
প্ৰেৰণা
এক বৈদ্যুতিক প্ৰেৰণা
এক ৰাসায়নিক প্ৰেৰণা
(v)
দ্ৰুতি
বাৰ্তা খৰতকীয়াকৈ প্ৰেৰিত হয়৷
বাৰ্তা লেহেমীয়াকৈ প্ৰেৰিত হয়৷

      26.   নিলাজী বনৰ পাতৰ চলন লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?
উত্তৰ: নিলাজী বনৰপাতৰ চলনৰলগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:
(i)                  নিলাজী বনৰ পাতৰ চলন ঐচ্ছিক কাৰ্য৷ আনহাতে আমাৰ ভৰিৰ চলন হ’ল প্ৰতীপ কাৰ্য৷
(ii)                নিলাজী বনৰ পাতৰ চলনত বাৰ্তাৰ প্ৰেৰণ বৈদ্যুতিক-ৰাসায়নিক প্ৰেৰণা প্ৰেৰিত হয়৷ আনহাতে ভৰিৰ চলনত স্নায়ুৰ জৰিয়তে বাৰ্তা প্ৰেৰিত হয়৷
(iii)               কোষত পানীৰ পৰিমাণৰ পৰিৱৰ্তনৰ বাবে উদ্ভিদৰ কোষৰ আকৃতিৰ পৰিৱৰ্তন ঘটে৷ আনহাতে, বিশেষ প্ৰ’টিনৰ অভাৱৰ বাবে আমাৰ ভৰিৰ পেশীৰ আকৃতিৰ পৰিৱৰ্তন ঘটে৷
(iv)              নিলাজী বনৰ পাতৰ চলন সম্পন্ন কৰিবলৈ বিশেষ কলা নাথাকে৷ আনহাতে, আমাৰ ভৰিৰ চলন সম্পন্ন কৰিবলৈ বিশেষ কলাৰ আৱশ্যক৷
(v)                নলাজী বনৰ পাতৰ চলন হৰম’ন নামৰ ৰাসায়নিক যৌগৰ দ্বাৰা সংঘটিত হয়৷ আনহাতে আমাৰ ভৰিৰ চলন স্নায়ু আৰু পশ্চাৎ মস্তিষ্কৰ চেৰিেলামৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)