ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (দশম শ্ৰেণী) -NCERT

Admin
3
প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
প্ৰশ্নাৱলী (পৃষ্ঠা নং 269)
     1.       পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি পৰিৱৰ্তন কৰিব লাগিব ?
উত্তৰঃ তলত উল্লেখ কৰা অভ্যাসৰ পৰিৱৰ্তনসমূহে মোক অধিক পৰিৱেশ হিতৈষী হোৱাত সহায় কৰিব পাৰেঃ
(i)                  ব্যৱহাৰ কৰি নথকা অৱস্হাত বিজুলীবাতি,পাংখা আদি বন্ধ কৰি ৰখা ৷
(ii)                বিদ্যালয়,অফিচ-কাৰ্যালয় আদিলৈ অহা-যোৱাৰ বাবে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা ৷
(iii)               বিজুলীবাতি বা টিউব লাইটৰ সলনি চি.এফ.এলৰ ব্যৱহাৰ ৷
(iv)              জৈৱ-নিম্নীকৰণ আৰু জৈৱ অ-নিম্নীকৰণ আৱৰ্জনাৰ পৃথকে পৃথকে ব্যৱস্হাপনা ৷
(v)                গা-ধোৱা বা কাপোৰ ধোৱা পানী শৌচাগাৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা ৷
(vi)              প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ পৰিহাৰ কৰা ৷
(vii)             এপিঠিত লিখা কাগজ পেলাই নিদি ওলোটা পিঠি তালিকা আদি লিখিবৰ বাবে ব্যৱহাৰ কৰা,খাম ওলোটাই লৈ পুনঃব্যৱহাৰ কৰা আৰু কাগজ অপচয় নকৰা ৷
(viii)           গ্ৰীষ্মকালত গা-ধোৱাৰ বাে গৰম পানী ব্যৱহাৰ নকৰা ৷
(ix)              খাদ্য অপচয় নকৰা ৷
      2.       ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে ?
উত্তৰঃ ক্ষন্তেকীয়া উদ্দেশ্য আগত ৰাখি সম্পদ আহৰণ কৰাৰ সুবিধাসমূহ হ’লঃ
(i)                  বৃহৎসংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ হ’ব ৷
(ii)                বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন হ’ব ৷
(iii)               ঔদ্যোগিক আৰু অৰ্থনৈতিক উ্ন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ হ’ব ৷
(iv)              বৃহৎ মুনাফা হ’ব ৷
     3.       সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা?
উত্তৰঃ হ্ৰস্যম্যাদী উদ্দ্যেশ্যেৰে আৰু দীৰ্ঘম্যাদী উদ্দ্যেশ্যেৰে সম্পদ ব্যৱস্হাপনা কৰাৰ সুবিধাসমূহৰ মাজৰ পাৰ্থক্য হ’লঃ
হ্ৰস্যম্যাদী উদ্দেশ্যেৰে সম্পদৰ ব্যৱস্হাপনা
দীৰ্ঘম্যাদী উদ্দেশ্যেৰে সম্পদৰ ব্যৱস্হাপনা
বৰ্তমান প্ৰজন্মৰহে প্ৰয়োজন পূৰাব, ভৱিষ্যৎ প্ৰজন্মলৈ নাথাকিব ৷
যথোচিত ব্যৱহাৰৰ ফলত বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰোৱাৰ উপৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবেও সংৰক্ষিত হ’ব ৷
ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সমবিতৰণ নহয় ৷
ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সম আৰু সুষম বিতৰণ ৷
সংৰক্ষণ সম্ভৱ নহয় ৷
ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষিত হয় ৷
আৱৰ্জনা ব্যৱস্হাপনা কৰা নহয় ৷
আৱৰ্জনা এনেভাৱে ব্যৱস্হাপনা কৰা হয় যাতে পৰিৱেশ প্ৰদূসিত নহয় ৷
অধিক হাৰত ব্যৱহাৰ হয় ৷
বহনক্ষম ব্যৱহাৰচ হয় ৷

    4.       সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাৱা ? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?
উত্তৰঃ  ধন বা কৰ্তৃত্ব নিৰ্বিশেষে পৃথিৱীৰ পৰা আহৰণ কৰা মুল্যৱান প্ৰাকৃতিক সম্পদসমূহ যাতে সকলো লোকৰ বাবে উপলব্ধ হয় তাক সুনিশ্চিত কৰাৰ বাবে সম্পদৰ সমবিতৰণ আৰু ভাৰসাম্যযুক্ত বিতৰণ খুবেই প্ৰয়োজনীয় ৷ প্ৰতিজন ব্যক্তিৰে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ আছে ৷ সেয়ে, সুবিধাসমূহ ধনী-দুখীয়া দুয়োটা শ্ৰেণীয়ে যাতে সমভাৱে পায় আৰু দেশৰ প্ৰগতিত অৰিহণা যোগাব পাৰে, তাৰ বাবেই ই জৰুৰী ৷
আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰি থকা শক্তিসমূহ হ’লঃ
(i)                  ধনিক শ্ৰেণীৰ খ্যাতি
(ii)                ক্ষমতাশালী লোকৰ কৰ্তৃত্ব
(iii)               দুৰ্নীতি
(iv)              ধনৰ লোভ ইত্যাদি  
(পৃষ্ঠা নং 273)
      5.       বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষন কৰিব লাগে ?
উত্তৰঃ বন আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰাৰ কাৰণ হ’লঃ
(i)                  জৈৱ-বৈচিত্ৰ্য অটুট ৰাখি পৰিস্হিতিতান্ত্ৰিক ভাৰসাম্য বজাই ৰখা ৷
(ii)                বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৰ প্ৰজাতি সংৰক্ষনক্ষক্ষক্ষক্ষক্ষক্ষক্ষক্ষক্ষণত ৷
(iii)               মানুহ আৰু অন্যান্য প্ৰাণীৰ খাদ্য আৰু আশ্ৰয় যোগানত ৷
(iv)              বৃষ্টিপাত আৰু জলবায়ু স্বাভাৱিক হৈ থকাত ৷
(v)                কাঠখৰি, বিভিন্ন কেঁচামাল যেনে- চিল্ক, লা, মৌ, কাঠ,ঔষধ, চামৰা আদি লাভ কৰাত ৷
(vi)              বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগোৱাৰ ক্ষেত্ৰত ৷
(vii)             ভূ-জল পাবৰ বাবে, বানপানীৰ প্ৰাবল্য, ভূমি অ ৱক্ষয় ৰোধৰ বাবে ৷
(viii)           পৰিস্হিতিতন্ত্ৰ স্ৱাভাৱিক ৰুপত কাৰ্যকৰী হৈ থকাৰ ক্ষেত্ৰত ৷
(ix)              ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৷
      6.       বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা ৷
উত্তৰঃ বনাঞ্চল সংৰক্ষণৰ বাবে তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিব পৰা যায়ঃ
(i)                  বাণিজ্যিক উদ্দেশ্যত গছ কটা বন্ধ কৰা ৷
(ii)                বনানীকৰণ কৰা ৷
(iii)               বনাঞ্চল ধ্বংস আৰু জীৱ-জনত্ত চিকাৰ বন্ধ কৰাৰ বাবে কঠোৰ চৰকাৰী আইণ প্ৰণয়ন কৰা৷
(iv)              বনাঞ্চল ৰক্ষাৰ বাবে স্হানীয় লোকক উৎসাহ যোগোৱা ৷
(v)                সাৱধানতাৰে বনজুই আৰু অত্যধিক পশুচাৰণ বন্ধ কৰা ৷
(vi)              ইন্ধনৰ বাবে প্ৰাকৃতিক উৎস যেনে-খৰি, কয়লা আদি ব্যৱহাৰ কৰিব লাগে আৰু পৰাপক্ষত অক্ষয়িষ্ণু শক্তি উৎস যেনে- সৌৰশক্তি, বায়ুশক্তি আদি প্ৰয়োগ কৰি লাগে ৷
(vii)             কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে সামাজিক বনানীকৰণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে ৷
(viii)           কৃষি বনানীকৰণ পদ্ধতি প্ৰয়োগ কৰি একেডোখৰ মাটিতে কৃষি, বনানীকৰণ আৰু পশুপালনৰ ব্যৱস্হা কৰিব লাগে ৷
(ix)              সংকটাপন্ন আৰু বিপন্ন প্ৰাণী সংৰক্ষণ কৰাৰ লগতে বন্যপ্ৰাণী তথা প্ৰজাতিসমূহক সুৰক্ষা দিব লাগে ৷
(x)                উদ্ভিদকুল আৰু প্ৰাণিকুলৰ সংৰক্ষণৰ বাবে বৈজ্ঞানিক গৱেষণাৰ পৃষ্ঠপোষকতা কৰিব লাগে ৷
প্ৰশ্নাৱলী (পৃষ্ঠা নং 276)
      7.       তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্হাপনাবোৰ বিচাৰি উলিওৱা ৷
উত্তৰঃ পৰম্পৰাগত জল ব্যৱস্হাপনাৰ পদ্ধতিসমূহ হ’লঃ
(i)                  পুখুৰী, হ্ৰদ বা খাল আদি খন্দা ৷
(ii)                বৰষুণৰ পানী সংৰক্ষণৰ বাবে শিলাৰ জলাশয় স্হাপন ৷
(iii)               বান্ধ আৰু নলা খন্দা ৷
(iv)              জলাধৰ নিৰ্মাণ ৷
(v)                নৈ-নিজৰা মানৱসৃষ্ট নলাৰে বোৱাই অনা ৷
(vi)              চালৰ পানী ধৰি সংৰক্ষণ কৰা ৷
      8.       পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা ৷
9.       উত্তৰঃ পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ মাজৰ পাৰ্থক্য হ’লঃ
পাহাৰ অঞ্চলৰ জল ব্যৱস্হাপনা
সমতল বা মালভূমি অঞ্চলৰ জলব্যৱস্হাপনা
পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত পানীৰ আধাৰ স্হাপন কৰা হয় যাতে বৈ অহা পানী তাত জমা হয় ৷
প্ৰধানতঃ অৰ্ধচন্দ্ৰাকৃতিৰ মাটিৰ বান্ধ, নাইবা চাপৰ পোন কৃক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা “চেক ডামচ” সাধাৰণতে বোৱতী পানীয়ে কৰা দ জানত নিৰ্মাণ কৰা হয় ৷
পাহাৰীয়া অঞ্চলত পানী কমকৈ বাষ্পীভৱন হয় বাবে পানী প্ৰায় সকলো ঋতুতে সংগ্ৰহ কৰিব পাৰি ৷
বাৰিষাকালৰ পিছতে পানী শুকাব ধৰে ৷
কঠিন শিলাৰে গঠিত বাবে প্ৰায় ভাগ ঠাইতে পানী ভূ-গৰ্ভস্হ হ’ব নোৱাৰে ৷
বান্ধে কেৱল পানী ধৰি নাৰাখে, ই ভূ-গৰ্ভৰ পানী উদজীৱিত কৰে ৷
নলা, বাহৰ নলা আৰু অন্যান্য পদ্ধতিৰে পানী এঠাইৰ পৰা আন এঠাইলৈ সৰবৰাহ কৰা হয় ৷
যিহেতু পানী ভূগৰ্ভস্হ হয়, সেয়ে বৃহৎ এলেকাত উপলব্ধ হয় ৷
উদাহৰণঃ- মেঘালয়ৰ বাহৰ নলী, হিমাচল প্ৰদেশৰ কোলহ্
উদাহৰণঃ- তামিলনাডুৰ এৰিচ, ৰাজস্হানৰ খাদিন ৷


    10.   তোমালোকৰ স্হানীয় অঞ্চলৰ পানীৰ উ্ৎসবোৰ বিচাৰি উলিওৱা ৷ সকলো মানুহে বাস কৰা সেই অঞ্চলত পানীৰ প্ৰচুৰ পৰিমাণে পাইনে ?
উত্তৰঃ চহৰ অঞ্চলত বিচাৰি পোৱা পানীৰ উৎসসমূহ হ’লঃ
(i)                  ভূ-গৰ্ভস্হ পানী
(ii)                পৌৰনিগমে যোগান ধৰা পানী
(iii)               হেণ্ড-পাম্প
গ্ৰামাঞ্চলত বিচাৰি পোৱা পানীৰ উৎস সমূহ হ’লঃ
(i)                  পুখুৰী
(ii)                হ্ৰদ
(iii)               সামুহিক কুঁৱা
চহৰ অঞ্চলত এনে উৎসমূহেই যথেষ্ট ৷ কিনত্ত তথাপি নাটনি হ’লে পৌৰ নিগমে নলী আৰু টেংকেৰে পানীৰ যোগান ধৰে ৷ আনহাতে, গ্ৰামাঞ্চলত উক্ত উৎসসমূহে সকলোৰে চাহিদা পূৰণ কৰে ৷ কিন্ত্ত খৰালি পানী শুকাই যায় ৷ সেয়ে পানীৰ নাটনি দেখা যায় ৷ তাৰ ফলত মানুহে পানী স্হানীয় বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব লগা হয় ৷
অনুশীলণী (পৃষ্ঠা নং 278-279)
      1.       পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াবা ৷
উত্তৰঃ ঘৰখনত তলত দিয়া ধৰণে পদক্ষেপ লৈ পৰিৱেশ হিতৈষী হ’ব পাৰিঃ
(i)                  পলিথিনৰ সলনি মৰাপাট, কাগজ আৰু কাপোৰৰ ব্যৱহাৰ বেগ ব্যৱহাৰ ৷
(ii)                বাল্,টিউব লাইটৰ সলনি চি.এফ.এল. ব্যৱহাৰ ৷
(iii)               টেপ আৰু পাইপত হোৱা ফাঁট বা সুৰুঙা মেৰামতি কৰা ৷
(iv)              গা-ধোৱা পানী গৰম কৰাৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা ৷
(v)                জৈৱ-নমনীয় আৰু জৈৱ-অনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা ৷
(vi)              বৈদ্যুতিক সামগ্ৰী যেনে বাতানুকুল যন্ত্ৰ, শীতলীকাৰক যন্ত্ৰ, গিজাৰ, হীটাৰ আদি উচ্চ বিদ্যুৎ ৰাহি কৰা প্ৰযুক্তিৰে নিৰ্মিত হ’ব লাগে ৷
(vii)             গা-ধোৱা আৰু কাপোৰ ধোৱাৰ বাবে ব্যৱহাৰ কৰা পানী শৌচাগাৰ চাফা কৰা কামত ব্যৱহাৰ কৰা ৷
(viii)           ৰাসায়নিক সাৰৰ সলনি বাগিচাত জৈৱ হাৰ ব্যৱহাৰ কৰা ৷
      2.       পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা ?
উত্তৰঃ বিদ্যালয়ত পৰিৱেশৰ হিতৈষী পৰিৱেশ গঢ়ি তুলিবৰ বাবে ল’ব পৰা পদেপসমূহ হ’লঃ
(i)                  খেলপথাৰত,কৰিড’ৰ আদিৰ দাঁতিত গছ ৰোৱা ৷ ইয়ে কেৱল অক্সিজেনেই যোগান নধৰে, ছাঁ দিয়াৰ ওপৰি নান্দনিক দৃশ্য গঢ়ি তুলিব ৷
(ii)                লাইট আৰু পাংখা আদি প্ৰয়োজন নহ’লে বন্ধ কৰি থোৱা ৷
(iii)               শৌচাগাৰ, টেপ আদিত পানীৰ অপচয় বন্ধ কৰা, পানীযোগান ব্যৱস্হাৰ সঁজুলিসমূহ মেৰামতি কৰা ই্যাদি ৷
(iv)              জৈৱ অৱনমনীয় আৰু অজৈৱ অৱনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা ৷
(v)                বিদ্যুৎ শক্তিৰ বাবে সৌৰশক্তি সংগ্ৰহৰ ব্যৱস্হা কৰা ৷
(vi)              বিদ্যালয়ত প্লাষ্টিকৰ ব্যৱহাৰ নিষেধ কৰা ৷
      3.       এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (stakeholders)আছে ৷ এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্হাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তত্ব থাকিব লাগে ? তুমি কিয় তেনেকৈ ভাবা ?
উত্তৰঃ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত চাৰিটা অংশীদাৰ হ’লঃ
(i)                  স্হানীয় লোক
(ii)                বন বিভাগ
(iii)               উদ্যোগপতি
(iv)              বন্যপ্ৰাণী আৰু প্ৰকৃতি সচেতন লোক ৷
(i)                  এই সকলোৰে ভিতৰত স্হানীয় লোক যিয়ে বনাঞ্চলৰ আশে-পাশে বাস কৰে তেওঁলোকৰে বনাঞ্চলৰ উতপাদিত সামগ্ৰীৰ ব্যৱস্হাপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কতংত্ব থকা উচিত ৷ দেখা যায় যে বনাঞ্চলত বাস কৰা লোকসকলে বহহু শতিকাজুৰি বহনক্ষম উপায়েৰে বনজসম্পদ ব্যৱহাৰ কৰি আহিছে ৷ তেওঁলোকে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট নকৰে ৷ তাৰ বিপৰীতে তেওঁলোকে প্ৰয়োগ কৰা জীৱন ধাৰণ শৈলীয়ে পৰিস্হিতিতান্ত্ৰিক ভাৰসাম্য অটুট ৰখাতহে সহায় কৰে ৷ তেওলোকে এনেধৰণৰ পদ্ধতি বিকাশ কৰিছে যে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ সামৰ্থ্যৰ সৈতে আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ বাবেহে তেওঁলোকে সম্পদৰ ব্যৱহাৰ কৰে ৷
সি যি কি নহওক, কেৱল স্হানীয় লোককে সম্পূৰ্ন দায়িত্ব বা কৰ্তৃত্ব দিয়াটো যুগুত নহয় ৷ সেয়ে বনজ সম্পদৰ ব্যৱস্হাপনাৰ ক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষৰ হস্তক্ষেপ অতি আৱশ্যকীয় ৷
     4.       তলৰ সম্পদসমূহৰ ওপৰত অজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্হাপনাৰ দায়িত্ব ল’বা :
(a) বন্যপ্ৰাণী আৰু বনাঞ্চল
(b) জল সম্পদ
(c) কয়লা আৰু পেট্ৰ’লিয়াম
উত্তৰঃ তলত উল্লেখ কৰা ব্যৱস্হাসমূহ লব পৰা যায়ঃ
(a)বন্যপ্ৰাণী আৰু বনাঞ্চলঃ
(i)  জৈৱবৈচিত্ৰ সংৰেক্ষণৰ ওপৰত গুৰুত্ব দিয়া ৷
(ii)  নিৰ্বিচাৰভাৱে গছকটা বন্ধ কৰা ৷
(iii)বনানীকৰণৰ যোগেদি বন্যপ্ৰাণীৰ বাৱস্হানক সুৰক্ষা দিয়া ৷
(iv)বন্যপ্ৰাণী চিকাৰ কৰা লোকক বাধা দিয়া ৷
(v)অনুষ্ঠান আদিৰ জৰিয়তে মাননুহৰ মাজত বন্যপ্ৰাণি আৰু বনাঞ্চলৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰা ৷
(b) জল সম্পদঃ
(i) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰখা আৰু পানী যোগান ব্যৱস্হাৰ সকলো সামগ্ৰী সঘনে মেৰামতি কৰি ৷
(ii) খোৱাৰ উপযোগী পানী কেৱল পেয় জল হিচাপে ব্যৱহাৰ কৰা .
(iii)গৰু-ছাগলী আদিক নদী বা পুখুৰী আদিত নমাই গা-ধুৱোতা গৰাকীক বাধা দিয়া ৷
(iv)জলসম্পদ সম্পৰ্কে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা ৷
(v)কাপোৰ ধোৱা আৰু গা-ধোৱা পানী শৌচাগাৰ আদি চাফা কৰাত ব্যৱহাৰ কৰা ৷
(c) কয়লা আৰু পেট্ৰ’লিয়ামঃ
(i)বাল্বৰ সলনি ফ্লুৰ’চেন্ট কাইট আৰু চি.এফ.এলৰ ব্যৱহাৰ কৰা ৷
(ii)অপ্ৰয়োজনীয় বৈদ্যুতিন সামগ্ৰী বন্ধ ৰখা ৷
(iii)মটৰ চাইকেলৰ পৰিৱৰ্তে কম দূৰত্ব যাবৰ বাবে খোজকঢ়া বা চাইকেল চলোৱা ৷
(iv)শক্তিৰ বিকল্প উৎস যেনে-সৌৰ শক্তি আৰু বায়ু শক্তি ব্যৱহাৰ ৷
     5.       তুমি অজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কৰিবলৈ কি কৰিবা?
উত্তৰঃ বিভিন্ন প্ৰাক,তিক সম্পদ ব্যয় নিয়ন্ত্ৰণলৈ আনিবৰ বাবে তলত দিয়া ধৰণে পদক্ষেপ গ্ৰহন কৰিব পৰা যায়ঃ
(i)                  লাইট, পাংখা, ফোনৰ চাৰ্জাৰ আদি ব্যৱহাৰ নকৰা অৱস্হাত বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰি ৰখা ৷ অপ্ৰয়োজনীয়ভাৱে ফোন চাৰ্জত নিদিয়া ৷
(ii)                প্ৰয়োজনতকৈ অধিক পানী খৰচ নকৰা ৷ যেনেঃ গা-ধোবৰ বাবে শ্বাৱাৰ ব্যৱহাৰ নকৰা, ব্ৰাছ কৰি থকা সময়ত পানীৰ টেপ খুলি নোতোৱা ইত্যাদি ৷
(iii)               প্ৰয়োজনতকৈ অধিক খাদ্য কাঁহীত নলৈ অপচয় বন্ধ কৰা ৷
(iv)              বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰ অপচয় কমোৱা ৷
(v)                বাতৰি কাকত, ভগা পুতলা, প্লাষ্টিকৰ মোনা আদি পৃথকে পৃথকে থৈ পুনঃব্যৱহাৰযোগ্য কৰা ৷
(vi)              ব্যৱহৃত খাম ওলোটাই পুনৰ ব্যৱহাৰ কৰা, কলমত ৰিফিল ভৰোৱা, পুৰণা কাপোৰ পেলাই নিদি দান কৰা ইত্যাদি ৷
(vii)             কম দূৰত্ব অতিক্ৰমৰ বাবে এলিভেটৰৰ পৰিৱৰ্তে খটখটী ব্যৱহাৰ কৰা ৷
       6.       যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্হা হাতত লৈছা তাৰ এটা তালিকা প্ৰস্তুত কৰা (পাঁচটাকৈ)
(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষন ৷
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি ৷
উত্তৰঃ (a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কাৰ্য হ’লঃ
(i)                  স্কুলৰ বাবে ৰাজহুৱা গাড়ীৰ ব্যৱহাৰ ৷
(ii)                ব্ৰাছ কৰি থাঁকোতে আৰু শ্বেম্পু আৰু চাবিন ঘহোঁতে পানীৰ টেপ বন্ধ ৰখা ৷
(iii)               গছ এজোপা ৰুইছো ৷
(iv)              গৃহ কাৰ্য কৰাৰ সময়ত অনুশীলনৰ বাবে পুৰণা কাগজ আৰু বাতৰি কাকতৰ বব্যৱহাৰ কৰা ৷
(v)                পলিথিন মোনাৰ ব্যৱহাৰ এৰি মৰাপাটৰ মোনাৰ ব্যৱহাৰ কৰা ৷
(b)          আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচাৰ বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত মই পাঁচটা কাৰ্য কৰিলোঃ
(i)চিৰিৰ সলনি লিফ্টৰ ব্যৱহাৰ ৷
(ii)বাথৰুমৰ লাইট যোৱা ৰাতি অফ্ কৰিব পাহৰা ৷
(iii)প্লাষ্টিকৰ পুতলা কিনা ৷
(iv)হাতৰ কাম কৰোঁতে কাগজৰ অপচয় কৰা ৷
(v)চাঁদৰ ওপৰত কৰা পাৰ্টিত জুই লগোৱা ৷
    7.       এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা ?


Post a Comment

3Comments

Please don't use spam link in the comment box.

  1. আপোনালোকৰ প্ৰচেষ্টা সঁচাকৈ খলাগিবলগীয়া।
    আপোনালোকৰ প্ৰচেষ্টা সফল হওঁক ।
    ধন্যবাদ।

    ReplyDelete
    Replies
    1. ধন্যবাদ আমাৰ পৰা সহায় পোৱাৰ বাবে

      Delete
Post a Comment