ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

RRB Group D , 2018 এ পৰীক্ষাৰ মাচুলসমূহ Refund কৰিছে

Admin
0

RRB GROUP D,2018 ত যি সকল আবেদনকাৰীয়ে আবেদন কৰাৰ লগত পৰীক্ষাও দিছিল তেওঁলোকৰ পৰীক্ষাৰ মাচুল সমূহ ঘূৰাই দিয়া হ’ব বুলি Railway Recruitment Board(RRB) এ কৈছিল ৷ ঠিক এই অনুসৰি RRB এ মাৰ্চ 22 তাৰিখৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ মাচুল ঘূৰাই দিয়াৰো নিৰ্দিষ্ট তাৰিখ স্হিৰ কৰিছে ৷

          RRB CBT ৰ ফলাফল ঘোষনা কৰাৰ পাছতেই RRB এ এই সিদ্ধান্ত লৈছে ৷ RRB Group D ৰ মাচুল ঘূৰাই দিয়াৰ বাবে বেংক পাছবুকৰ বিৱৰণ তথা সংশোধন কৰিবৰ বাবে RRB Website link ও প্ৰদান কৰিব যাৰ দ্বাৰা আবেদনকাৰীয়ে নিজৰ পাছবুকৰ একাউন্ট নম্বৰ সলনিও কৰিব পাৰিব ৷
          বেংক একাউন্টৰ বিৱৰণ প্ৰস্তত কৰিবৰ বাবে 22 মাৰ্চত সন্ধিয়া 6 বজাৰ পৰা RRB এ Website ৰ Link সক্ৰিয় কৰিছে ৷ RRB ৰ মতে সেই সকল আবেদনকাৰীয়ে মাচুল ঘূৰাই পাব যিসকলে আবেদন কৰাৰ লগতে CBT Exam ত বহিছিল ৷ Exam ত নবহা সকলে এই মাচুল ঘূৰাই নাপায় ৷ যোৱা 22 মাৰ্চৰ সন্ধিয়াৰ সময়ৰ পৰা নিজৰ বেংক একাউন্ট নম্বৰ বা বিৱৰণ সমূহ শুদ্ধ কৰাৰ বাবে এক সুযোগ প্ৰদান কৰিছে ৷ আবেদনকাৰীয়ে এই Refund পাবৰ বাবে Account Number, IFSC Code, Branch আদি তথ্যসমূহ শুদ্ধকৈ Enter কৰিব লাগে যাতে তেওঁলোকৰ Refund সমূহ নিজৰ পাছবুকৰ Account Number ত কোনো অসুবিধা নোহোৱাকৈ সোমায় যায় ৷
          আবেদনকাৰীয়ে Login কৰি শুদ্ধভাবে নিজৰ তথ্যসমূহ দাখিল কৰক ৷ RRB Website Update Bank Account Link প্ৰদান কৰা হৈছে যিটো Link 22 মাৰ্চৰ পৰা 28 মাৰ্চ লৈকে Live হৈ থাকিব ৷ 22মাৰ্চতে আবেদনকাৰীক SMS আৰু Email ৰ সহায়েৰে নিজৰ Account ৰ বিৱৰণ দিব লাগে বুলি ইতিমধ্যে জনোৱা হৈছে ৷
          সংৰক্ষিত শ্ৰেণিৰ বাবে পৰীক্ষাৰ সম্পূৰ্ণ মাচুল আৰু সামান্য শ্ৰেণীৰ বাবে 400 টকা ঘূৰাই দিছে ৷ Login কৰিবৰ বাবে তলৰ Link  ত ক্লিক   কৰক =>

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)