ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আপুনি ৰে’লৱে পৰীক্ষাত উৰ্ত্তীৰ্ণ হ'ব বিচাৰিছে নেকি ?

Admin
0

ৰেলৱে পৰীক্ষাৰ বাবে আবেদন কৰিছে নেকি ?

 আপুনি ৰে’লৱে পৰীক্ষাত উৰ্ত্তীৰ্ণ হ'ব বিচাৰিছে নেকি ?
 যদি পাছ কৰিব বিচাৰিছে তেন্তে আমি দিয়া কৌশলসমূহ অনুসৰণ কৰক ৷ এই কৌশলবোৰ বহুত সহজ , কেৱল অনুসৰণ কৰিলেই হল এই ৰেলৱে পৰীক্ষাত 90 হাজাৰতকৈ অধিক কৰ্মচাৰী বাছনি কৰা  ব আৰু আটাইতকৈ বেছি কৰ্মচৰী  গ্ৰুপ ডি পদৰ বাবে বাছনি কৰিব ৷ প্ৰায় 63  হাজাৰ কৰ্মচাৰী এই ডি পদৰ বাবে বাচনি কৰিব ৷ আবেদক সকলক দুটা টেষ্টৰ ভিত্তিত বাছনি কৰা  ব ৷ ইয়াৰে এটা হৈছে চিবিটী ( Computer based Test ) আৰু  এটা হব পিইটি(Physical  Efficiency  Test )
কিমান নম্বৰৰ প্ৰশ্ন আহিব ?
গ্ৰুপ ডিৰ বাবে Computer Based  Test বহুত গুৰত্বপূৰ্ণ হব ৷ইয়াত সাধাৰণ জ্ঞান আৰু বৰ্তমান ঘটি থকা ঘটনাৰ  পৰা , সাধাৰণ বিজ্ঞান আৰু গণিত আৰু তৰ্ক ক্ষমতাৰ পৰা প্ৰশ্ন আহিব ৷ সকলোখিনি প্ৰশ্ন বস্তনিষ্ট হব অৰ্থাৎ 4-4 টা বিকল্প দিয়া হব আৰু তাৰপৰা  শুদ্ধ উত্তৰটো  বাছি উলিয়াব লাগিব ৷ তলৰ ছিলেবাছৰ  সৈতে মুঠ  নম্বৰৰ তালিকা  দিয়া হল :
                                                                সময় ৯০ মিনিট
(১) সাধাৰণ জ্ঞান আৰু সাধাৰণ ঘটনা
20
(২) সাধাৰণ বিজ্ঞান
30
(৩) গণিত
25
(৪) তৰ্ক পৰীক্ষা (ৰিজনিং)
25
   মুঠ
100

এই লেখনিত আমি কেইটামান কৌশল আগবঢ়াম যাৰ জৰিয়তে আপোনালোকে সহজে এই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব :
(১) এই পৰীক্ষাত সময় আৰু শুদ্ধতাৰ বেছি প্ৰয়োজন আছে সেই কাৰণে সাধাৰণ জ্ঞান আৰু বৰ্তমান ঘটনা সমুহৰ পৰা আহা 50টা প্ৰশ্নক কেৱল 25ৰ পৰা 30মিনিটৰ ভিতৰত উত্তৰ দিবলৈ চেষ্টা কৰিব লাগিব ৷ যদি 25ৰ পৰা 30মিনিটৰ ভিতৰত এই দুটা অংশক শেষ কৰি দিয়া যায় তেন্তে আমাৰ হাতত থাকে প্ৰায় 60ৰ পৰা 65মিনিট লৈকে ৷ এই সময়ছোৱাত আমি গণিত আৰু ৰিজনিংৰ প্ৰশ্ন সমুহৰ সমাধান দিব পাৰিম ৷
(২) গণিত আৰু ৰিজনিংৰ 50টা প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে আমি সদায় মনত ৰাখিব লাগিব যে যিবোৰ প্ৰশ্নৰ উত্তৰ দিম সেইয়া শুদ্ধ হব লাগিব ৷ মনত ৰাখিবা এনেকুৱা বহুত কম পৰীক্ষাৰ্থী থাকিব যি সকল প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব পাৰিব ৷ সাধাৰণ জ্ঞানৰ অংশত আহিব বুৰঞ্জীৰ পৰা , ৰাজনীতিৰ পৰা , খেল-ধেমালীৰ পৰা , অৰ্থনীতিৰ পৰা  আৰু শাসন ব্যৱস্থাৰ পৰা ৷ সাধাৰণ বিজ্ঞানত ভূগোল আৰু সামান্য সাধাৰণ বিজ্ঞানৰ লগত জড়িত প্ৰশ্নসমূহ আহিব ৷ সেইকাৰণে সাধাৰণ বিজ্ঞানৰ লগত জড়িত থকা কিতাসমূহ অধিক পঢ়ক  ৷ বৰ্তমান ঘটনাৰ বিষয়ে জানিবলৈ 2-3 খন কৈ বাতৰি-কাকত পঢ়ক আৰু ইয়াৰ লগতে দেশী-বিদেশী আৰু খেলৰ বাতৰিসমুহ পঢ়িব লাগিব ৷ বৰ্তমান বা দৈনন্দিন জীৱনত ঘটি থকা বৰ্মান ঘটনাৰ পৰা প্ৰশ্ন সুধি থাকে 
(3)অতি কম সময়ত ৰিজনিং আৰু গণিতক শিকি শেষ কৰিব নোৱাৰি কাৰণ ইয়াৰ ছিলেবাছ যথেষ্ট দীঘল কিন্ত আমি কিছুমান কৌশলৰ জৰিয়তে অতি কম সময়েত গণিত আৰু ৰিজনিং উত্তৰসমূহ দিব পাৰিম ৷ ইয়াৰ বাবে  আপুনি ইণ্টাৰনেটত আগবঢ়োৱা  অভিজ্ঞ্য ব্যক্তিৰ পৰা কৌশলসমূহ শিকিব পাৰে ৷ গণিত আৰু ৰিজনিংৰ উত্তৰসমূহ সোনকালেই দিবৰ বাবে সদায় অনুশীলন কৰক ৷ সেইবাবেই আজিৰ পৰাই অনুশীলন আৰম্ভ কৰি দিয়ক ৷    
(4) আগৰ বছৰৰ প্ৰশ্নকাকত সমূহ গোটাই আৰু অধিক মক টেষ্টত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰক ৷ এই অনুশীলনৰ জৰিয়তে আপোনালোকৰ কেৱল যে অনুশীলন হ’ব তেনে নহয় , ইয়াৰ জৰিয়তে আপুনি প্ৰশ্নৰ বিষয়ে অৱগত হ’ব পাৰিব আৰু প্ৰশ্নৰ ধৰণৰ বিষয়ে ভালকৈ জানিব পাৰিব   
GOODLUCK  !                                               


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)