ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আহক ইংৰাজী শিকো

Admin
4
ইংৰাজী এনে এটা অফিচিয়েল ভাষা যাৰ জৰিয়তে অফিচৰ বিভিন্ন কাম-কাজসমূহ সমাধা হোৱাৰ লগতে মানুহৰ বৃত্তিমূলক জীৱনৰ মানদণ্ডও উচ্চ কৰি তোলে এই ভাষাৰ অবিহনে দেশ-বিদেশত টহল দিয়াও টান আৰু বিভিন্ন দেশ-বিদেশৰ সমাজ সংস্কৃতিৰ লগত মিলা-মিচা কৰিবলৈও এই ভাষাৰ যথেষ্ট প্ৰয়োজন কিন্তু তথাপিও বহুত মানুহে এই ভাষাক কঠিন বুলি ভাবি ইয়াৰ পৰা আতৰি থাকিব বিচাৰে আচলতে ইংৰাজী ভাষা শিকাটো এটা কঠিন কাম নহয় অলপ কষ্ট আৰু সময় দিলেই এই ভাষা অতি সহজে আয়ত্ত্ব কৰিব পাৰি মই এই লেখাত ইংৰাজী কবলৈ শিকাৰ কেইটামান কৌশল আগবঢ়াইছো যাৰ জৰিয়তে ইচ্ছুক ইংৰাজী শিকাৰুসকলে এই কৌশলসমূহক অনুসৰন কৰি কম সময়ৰ ভিতৰতে ইংৰাজী ভাষা সলসলীয়াকৈ কব পাৰিব ৷ গতিকে পলম নকৰি আহক এই কৌশলসমূহ জানি লওঁক ৷

ওচৰে-পাজৰে ইংৰাজী কোৱাৰ পৰিৱেশ গঢ়ি তোলক :
শিশু এটাই সৰু কালত যি পৰিৱেশত ডাঙৰ - দীঘল হয়, তেওঁ সেই পৰিৱেশৰ পৰাই দেখি শুনি তেওঁৰ মাতৃভাষাক আয়ত্ত্ব কৰে ৷ ভাষা এটা শিকাত তেওঁৰ কাৰণে এদিনেই যথেষ্ট নহয় ৷ তেওঁৰ মাতৃভাষাক শিকিবৰ কাৰণে প্ৰায় ২/3 বছৰৰ প্ৰয়োজন হয় ৷  এই ক্ষেত্ৰত তেওঁৰ পৰিৱেশত উপলব্ধ ভাষাকেই তেওঁ শিকে ৷ ঠিক একেদৰে ইংৰাজী ভাষাক দ্ৰুত গতিত শিকিবৰ বাবে ইংৰাজীৰ ভাষাৰ এক  পৰিৱেশ গঢ়ি তুলিব লাগে ৷ ইয়াৰ কাৰণে ইংৰাজী চিনেমা , গান ,বাতৰি তথা আলোচনীসমূহক লৈ এক ইংৰাজ পৰিৱেশ গঢ়ি তোলক ৷ এনেকৈ পঢ়িলে, চালে আৰু শুনিলে এই ভাষাক অতি সোনকালে আয়ত্ত্ব কৰিব পাৰি ৷

শুদ্ধ নে অশুদ্ধ হৈছে তাক আৰম্ভণিতে মন দিব নালাগে :
আৰম্ভণিতে ইংৰাজী কওঁতে বহুতো ধৰণৰ ভুল হ’ব পাৰে ৷ সেই ভুলক চাই আমি আমাৰ আত্মবিশ্বাক হেৰুৱাব পাৰো ৷ আমি জানো যে যিকোনো খেলুৱৈ বা পাঠকে তেওঁৰ আৰম্ভণিত বহুতো ভুল কৰি যায় ৷ যদিহে তেওঁলোকে প্ৰথমে শিকোতে কৰা ভুলসমুহক লৈ চিন্তা কৰি থাকে ৷ তেন্তে তেওঁ কোনো দিন  শিকিব নোৱাৰিব ৷ ইয়াৰ পৰিৱৰ্তে শুদ্ধ অশুদ্ধ বিচাৰ নকৰি তেওঁ প্ৰাৰম্ভিক শিক্ষা শিকা উচিত ৷ ঠিক তেনেদৰে আমি আমাৰ ইংৰাজী ভাষা শিকোতে শুদ্ধ অশুদ্ধৰ ওপৰত গুৰুত্ব নিদি ইয়াক শিকিব লাগে ৷ তেতিয়াহে আমাৰ কোৱাৰ আত্মবিশ্বাস অটুট থাকিব আৰু লগতে ভয়ো আতৰিব ৷

ইংৰাজী শব্দবোৰ চিঞৰি চিঞৰি পঢ়ক :
ইংৰাজী শব্দ আৰু বাক্যবোৰ পঢ়োতে সদায় চিঞৰি চিঞৰি পঢ়িব লাগে ৷ চিঞৰি চিঞৰি পঢ়িলে শব্দৰ উচ্চাৰণ আৰু ধ্বনি দুয়োটাই শুদ্ধ হোৱাৰ লগতে শব্দ বা বাক্যবোৰ মনত থাকিব ৷ ইয়াৰ বিপৰীতে মনে মনে পঢ়িলে উক্ত ফলসমূহ লাভ কৰাত বাধাহে জন্মে ৷ চিঞৰি পঢ়া প্ৰক্ৰিয়াই ভাষাটো কোৱাৰ গতিশীলতা বৃদ্ধি কৰে ৷

ইংৰাজীত গ্ৰুপ ডিচকাছন কৰা :
এনেকুৱা মানুহৰ লগত ইংৰাজীত বাৰ্তালাপ কৰক যিসকল ইংৰাজী বহুত জানে বা কব পাৰে বা যিসকলে শিকি আছে ৷ ২ ৰ পৰা ১০ জন লৈকে সদস্য গঠন কৰি ইংৰাজী স্পিকীংৰ ক্লাব গঠন কৰক ৷ নিয়মিতভাৱে এই ক্লাবত উপস্হিত হৈ ইংৰাজীত কথা - বতৰা পাতিলে সোনকালেই এই ভাষা আয়ত্ত্ব কৰিব পাৰি ৷ লগতে এই প্ৰক্ৰিয়াই ইংৰাজী কোৱাৰ আত্মবিশ্বাস বৃদ্ধি কৰাই ৷ গ্ৰুপ ডিচকাছন ঘৰত, স্কুলত বা কলেজতো কৰিব পাৰি ৷

একেধৰণৰ খবৰ পঢ়ক :
অসমীয়া আৰু ইংৰাজী খবৰৰ কাকতত প্ৰায়ভাগ খবৰ একেধৰণৰ হয় ৷ মিল থকা খবৰখিনিক বাচি লৈ প্ৰথমে ইংৰাজীৰ খবৰখনক অসমীয়ালৈ অনুবাদ কৰি অসমীয়াৰ খবৰৰ লগত মিলাওক ৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে ইংৰাজীৰ শব্দ ভাণ্ডাৰ বৃদ্ধি হোৱাৰ লগতে ইংৰাজী বুজি পোৱাৰ ক্ষমতাও বৃদ্ধি হয় ৷

সদায় শিকক ৫ টা নতুন শব্দ :
ইংৰাজী কবলৈ হলে  ইয়াৰ শব্দ সম্ভাৰৰ প্ৰয়োজন হয় ৷ সেই হেতুকে সদায়  ইংৰাজীৰ ৫ টা নতুন শব্দৰ লগতে ইয়াৰ অসমীয়া প্ৰতিশব্দ জানি লওক ৷ মাজে-মাজে এই শব্দখিনিক স্মৰণ কৰক আৰু শব্দখিনিক ব্যৱহাৰ কৰক ৷ এনে কৰিলে শব্দসমূহ মনত থাকিব আৰু ইংৰাজী কওঁতে শব্দসমূহ নিজে-নিজে ফুটি উঠিব ৷

নিজৰ লগত কথা পাতক :
আইনাৰ ওচৰত বহি নিজৰ লগত ইংৰাজীত কথা পাতক ৷ এই প্ৰক্ৰিয়া সদায় কৰক ৷ ইয়াৰ জৰিয়তে ইংৰাজী কোৱাৰ নিজৰ আত্মবিশ্বাস বাঢ়িব ৷

ইংৰাজীক নিজৰ মাতৃভাষা  হিচাপে বুজক :
ইংৰাজী টান নহবৰ বাবে ইয়াক নিজৰ মাতৃভাষা হিচাপে শিকিবলৈ যত্ন কৰক ৷ ইয়াক মাতৃভষা হিচাপে শুনক আৰু বুজক ৷ আমি যিমানেই ইংৰাজী ভাবি ভাবি কবলৈ যত্ন কৰিম ইমানেই ভাষাটো টান হৈ যাব ৷ সেইহেতুকে নিসংকোচে এই ভাষাক মাতৃভষা হিচাপে ব্যৱহাৰ কৰক ৷

ইংৰাজী গ্ৰামাৰত ধ্যান নিদিব :
বহুত মানুহে ভাবে যে ইংৰাজী ভাষা কবলৈ হলে ইংৰাজী গ্ৰামাৰ জানিব লাগিব ৷ কিন্তু এয়া নহয় ৷ যেনেকৈ আমাৰ মাতৃভাষাক লোকৰ পৰা শুনি আৰু প্ৰয়োগ কৰিহে শিকিছো ৷ য’ত আমি আমাৰ মাতৃভাষাৰ ব্যাকৰণ অলপো ব্যৱহাৰ কৰা নাই ৷ ঠিক তেনেদৰে ইংৰাজী ভাষাটো শিকোতে ইয়াৰ ব্যাকৰণক উপেক্ষা নকৰি বা তুলনা নকৰি এই ভাষাটো শিকিবলৈ যত্ন কৰা উচিত ৷ আচলতে শুদ্ধ  
ইংৰাজী লিখিবলৈহে ইংৰাজী গ্ৰামাৰৰ প্ৰয়োজন হয় ৷

পকেট ইংৰাজী-অসমীয়া অভিধান ব্যৱহাৰ কৰক :

পকেট ইংৰাজী-অসমীয়া অভিধান সদায় ব্যৱহাৰ কৰক ৷ আপুনি যতেই ফুৰিবলৈ যাব তাতেই সৰু পকেট অভিধান লৈ যাওক আৰু পঢ়ক ৷ সেই শব্দক ব্যৱহাৰ কৰক আৰু মাজে সময়ে স্মৰণ কৰি থাকক ৷ 

Post a Comment

4Comments

Please don't use spam link in the comment box.

Post a Comment