গৰাজান গুডলাক টিউটৰ চেণ্টাৰ এক অনলাইন টিউটৰিয়েল চেণ্টাৰ হয় য'ত সমগ্ৰ অসমৰ অসমীয়া মাধ্যমত পঢ়া সকলো ছাত্ৰ-ছাত্ৰীয়ে/শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ অধ্যয়ণৰ ক্ষেত্ৰত পোৱা সহজ-জটিল বিষয়ৰ প্ৰশ্নসমূহৰ সমাধান পাব ৷ ইয়াত প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যায়লৈকে সামৰি লোৱা হৈছে যাতে তেওঁলোকে একে ঠাইতে সকলোবোৰ বিষয় সহজে অধ্যয়ণ কৰিব পাৰিব ৷ ইয়াৰ উপৰিও অধ্যয়নৰ কালছোৱাত নিজৰ কেৰিয়াৰ কেনেকৈ বাছিব লাগে, কোনটো কেৰিয়াৰ তেওঁলোকৰ বাবে ভাল লগতে বিভিন্ন কেৰিয়াৰৰ বিষয়ে তেওলোকক অৱগত কৰাই থকা হ;ব ৷ ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ো তেওঁলোকৰ জটিল বিষয়সমূহৰ সমাধান পাব ৷
পৰিচয়ঃ
মোৰ নাম শ্ৰী
অবিনাশ পাৰধীয়া ৷
মোৰ ঘৰ বৰ্তমান
অসমৰ যোৰহাট জিলাত
৷ আজিৰ পৰা
দুই বছৰ আগতেই
মই ব্লগ এটা
লিখিম বুলি ভাবি
আছিলো কিন্তু বহুতো অসুবিধাৰ বাবে
মই সেয়া আৰম্ভ কৰিব পৰা নাছিলো ৷ আজি তাং ১৮/০২/২০১৬ পৰা মোৰ ব্লগ (GGTC.COM) আৰম্ভ কৰি মই নথৈ আনন্দিত হৈছো যে মোৰ অন্তত: ব্লগ আৰম্ভণীৰ কাম সফল হৈছে ৷ মোৰ
এই ব্লগৰ সম্পূৰ্ণ নাম হৈছে – Gorajan
Goodluck Tutor Centre. আচলতে পেচাত মই এজন টিউটৰ তথা শিক্ষক আৰু সেইবাবে বৰ্তমানে শিক্ষা
প্ৰদান কৰি থকা মোৰ টিউটৰ চেণ্টাৰৰ পৰাই উক্ত ব্লগৰ নামটো ৰখা
হৈছে ৷
ব্লগৰ উদ্দেশ্যঃ
Ø আচলতে ইন্টাৰনেটত অসমীয়া ব্লগৰ সংখ্যা খুবেই
সীমিত আৰু লগতে অসমীয়া ভাষাত যি পৰিমাণৰ
তথ্যপাতি ইন্টাৰনেটত থকা উচিত সেয়াও উপলব্ধ নাই ৷ বিশ্বত প্ৰযুক্তিবিদ্যা
ক্ৰমাগতভাৱে উন্নত হোৱাৰ সত্বেও আমাৰ অসমৰ জনসাধাৰণৰ বাবে নেটত অসমীয়া ভাষাত
তথ্যপাতি আন ভাষা সমূহতকৈ বহু গুণে কম ৷ অসমীয়া ভাষা নেটত প্ৰচুৰ পৰিমাণে উপলব্ধ
কৰোৱাৰ ইচ্ছাৰে এই ব্লগ লিখা হৈছে ৷
Ø অসমৰ বহুতো শিক্ষিত জনসাধাৰণে নিজৰ
স্কুল , কলেজ , মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি বা আন কোনো
বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি নিজকে অৰ্থনৈতিকভাৱে
প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন ধৰণৰ চাকৰিৰ সন্ধান কৰোতে নিজৰ বহুমূল্য সময় খৰচ কৰি দিয়ে ৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকে
ব্যৱসায় জগতত প্ৰৱেশ কৰি নিজকে অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পাৰে ৷ সেই বুলি মই
সকলোৱে যে চাকৰিৰ সন্ধান কৰিব নালাগে বুলি কোৱা নাই ৷ ইয়াত চাকৰি সন্ধান কৰাৰ
সত্বেও চাকৰি নাপালে ব্যৱসায়ীক দিশলৈ কেনেকৈ আগবাঢ়ি নিজে স্বনিৰ্ভৰশীল হ’ব পাৰি
তাৰ বিষয়ে এই ব্লগত লিখা হৈছে ৷ এই ব্লগৰ জৰিয়তে মই উৎসাহ উদ্দীপনা তথা
অনুপ্ৰেৰণাৰ পাঠ দি ইচ্ছুক সকলো ব্যৱসায়ীসকলক Active কৰিব বিচাৰিছো ৷
Ø অসমৰ অসমীয়া মাধ্যমত অধ্যয়ন কৰা
ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন জটিল বিষয়ত সহায়-সহযোগ আৰু উৎসাহ আগবঢ়োৱাৰ উদ্দেশ্য আৰু
লগতে অধ্যয়নৰ কলা-কৌশলসমূহ দিয়াৰ উদ্দেশ্য এই ব্লগ লিখা হৈছে ৷
শিক্ষা :
v শ্ৰেনী দাদ্বশ লৈ নিজৰ চহৰত
চাৰিখন বিদ্যালয়ত পঢ়া-শুনা : গৰাজান বাগান প্ৰাথমিক বিদ্যালয় , গৰাজান মধ্য
ইংৰাজী বিদ্যালয় ,গৰাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু
বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷
v বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী :
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় (Under IGNOU) ৷
v বাণিজ্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী
: IGNOU (M.COM) ৷
v কম্পিউটাৰ শিক্ষা : PGDCA
৷
অভিজ্ঞতা :
·
নিজৰ
GGTC ত
২007 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক সেৱা ৷
·
কম্পিউটাৰ
অপাৰেটৰ ,তামিলনাডু ৷
·
বিমা
প্ৰতিনিধি , যোৰহাট ৷
প্ৰকাশিত : মাহেকীয়া
কেৰিয়াৰ গাইডৰ পত্ৰালাপ শিতানত ‘ কৃষি
ক্ষেত্ৰত যুৱ সমাজৰ অৱহেলা ’ আৰু ‘ মাদক
দ্ৰৱ্যৰ প্ৰতি আসক্তি ’ ৷
মোৰ প্ৰিয় :
·
কিতাপ পঢ়া , লেখা-মেলা ৷
·
Teaching.
মোৰ ঠিকনা :
গৰাজান 16
নম্বৰ ব্লক , বৰহোলা, তিতাবৰ, যোৰহাট (অসম) , পিন-785631
Please don't use spam link in the comment box.