ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ

Admin
0
(৬) আমাৰ  চৌপাশৰ  পৰিৱৰ্তনবোৰ 
অনুশীলনী  :
১/ পানী  আৱদ্ধ  হৈ  থকা  ঠাই  এটুকুৰাৰ  মাজেৰে  খোজ  কাঢ়িবলৈ  তোমালোকে  সাধাৰণতে  তোমালোকৰ  পোচাক  কোচাই  চুটি  কৰি  লোৱা  ৷ এই  পৰিৱৰ্তনক  বিপৰীতমুখী  কৰিব  পাৰিনে  ?
উত্তৰ  : হয়  ৷  এই  পৰিৱৰ্তনক  বিপৰীতমুখী  কৰিব  পাৰি  ৷  কাৰণ  পোচাক  কোচাই  নথলে  এই  কাৰ্য্য  হৈ  যাব ৷
২/ তোমালোকে  হঠাতে  তোমালোকৰ  প্ৰিয়  পুতলাটো  পেলাই  ভাঙিল ৷  এই  পৰিৱৰ্তনটো  তোমালোকে  বিচৰা  নাছিলা  ৷ এই  পৰিৱৰ্তনক  বিপৰীতমুখী  কৰিব  পাৰিবা  নে  ?
উত্তৰ  :  এই  পৰিৱৰ্তনক  বিপৰীতমুখী  কৰিব  নোৱাৰি ৷
৩/ তলৰ  তালিকাত  কিছুমান  পৰিৱৰ্তন  দিয়া  হৈছে  ৷  প্ৰতিটো  পৰিৱৰ্তনৰ  কাৰণে  খালী  স্তম্ভত  পৰিৱৰ্তটো  বিপৰীতমুখী  হ’ব  পাৰে  নে  নোৱাৰে  লিখা ৷
ক্ৰমিক  নং
পৰিৱৰ্তন
বিপৰিতমুখী  হ’ব  পাৰে
(হয়/ নহয়)
কাঠ  এটুকুৰা  ফলা

বৰফ  এটুকুৰা  গলা

পানীত  চেনি  দ্ৰৱীভূত  হোৱা

খাদ্য  ৰন্ধা

আম  এটা  পকি  যোৱা

গাখীৰ  দৈ  হোৱা


উত্তৰ :
ক্ৰমিক  নং
পৰিৱৰ্তন
বিপৰিতমুখী  হ’ব  পাৰে
(হয়/ নহয়)
কাঠ  এটুকুৰা  ফলা
নহয়
বৰফ  এটুকুৰা  গলা
হয়
পানীত  চেনি  দ্ৰৱীভূত  হোৱা
হয়
খাদ্য  ৰন্ধা
নহয়
আম  এটা  পকি  যোৱা
নহয়
গাখীৰ  দৈ  হোৱা
নহয়

৪/ কাগজ  এখনত  ছবি  আঁকিলে  কাগজখনৰ  পৰিৱৰ্তন  হয়  ৷ এই  পৰিৱৰ্তনক  বিপৰীতমুখী  কৰিব  পাৰিবানে  ?
উত্তৰ  : এই  পৰিৱৰ্তনক  বিপৰীতমুখী  কৰিব  পাৰি  যদিহে  আমি  ছবিখন  পেঞ্চিলত  আঁকো  ৷ আমি  যদি  কলম  বা  আন  কোনো  ৰঙীন  পেঞ্চিলত  আঁকো  তেতিয়াহ’লে  এই  পৰিৱৰ্তন  কৰিব  নোৱাৰো  ৷     
৫/ বিপৰীতমুখী  হ’ব  পৰা  আৰু  বিপৰীতমুখী  হ’ব  নোৱাৰা  পৰিৱৰ্তনবোৰৰ  মাজত  পাৰ্থক্য  উদাহৰণসহ  ব্যাখ্যা  কৰা  ৷
উত্তৰ  :   বিপৰীতমুখী  হ’ব  পৰা  আৰু  বিপৰীতমুখী  হ’ব  নোৱাৰা  পৰিৱৰ্তনবোৰৰ  মাজত  পাৰ্থক্য  উদাহৰণসহ   তলত  ব্যাখ্যা  কৰা  হ’ল :
(ক) কাগজক  ভাঁজ  কৰি  বিভিন্ন  আকৃতিৰ  বস্তু  বনাব  পাৰি  আৰু  ইয়াক  বিপৰীতমুখীও  কৰিব  পাৰি  ৷ যেনে -  কাগজৰ  জৰিয়তে  ভাঁজ  কৰি  এখন  পুতলা  উৰাজাহাজ  বানব  পাৰি  আৰু  কাগজখনৰ  ভাঁজ  আঁতৰাই  আগৰ  কাগজখন  পাব  পাৰি  ৷
কিন্তু  কাগজখন  যদি  পুৰি  ছাঁই কৰি  পেলাও  তেতিয়াহ’লে  কাগজখনৰ  বিপৰীত  অৱস্থা নাপাম  ৷   
(খ) বেলুন  ফুলাই  আমি  বেলুনক  বিভিন্ন  আকৃতি  দিব  পাৰো আৰু  ইয়াক  বিপৰীতমুখীও  কৰিব  পাৰো ৷  কিন্ত  যদিহে  বেলুনক  ফুলাই  ফুটাই  দিয়া  হয়  তেতিয়াহ’লে  বেলুনৰ  আগৰ  অৱস্থা  নাপাম ৷
(গ) ৰাবাৰক  টানি  দীঘল  কৰি  লব  পাৰি  আৰু  আগৰ  অৱস্থালৈও  নিব  পাৰি  ,  কিন্তু  সেই  একেই  ৰবৰক  যদি টানি  কাটি  কেইবাটুকুৰা  কৰা  হয়  তেন্তে  ৰবৰটোৰ  আগৰ  অৱস্থা  নাপাম ৷ 
৬/ ভঙা  হাড়ৰ  বেণ্ডেজৰ  ওপৰত  প্লাষ্টাৰ  অব  পেৰিচৰ  এটা  ডাঠ  প্ৰলেপ  দিয়া  হয়  ৷  ই  শুকাই কঠিন  হৈ  পৰে  আৰু  ভঙা  হাড়ডালক  লৰচৰ  কৰিব  নোৱাৰকৈ  ৰাখে  ৷ প্লাষ্টাৰ  অব  পেৰিচত  হোৱা  পৰিৱৰ্তনক  বিপৰীতমুখী  কৰিব  পাৰিনে  ?
উত্তৰ : ভঙা  হাড়ৰ  বেণ্ডেজৰ  ওপৰত  প্লাষ্টাৰ  অব  পেৰিচৰ  এটা  ডাঠ  প্ৰলেপ  দিয়া  হয়  ৷  ই  শুকাই কঠিন  হৈ  পৰে  আৰু  ভঙা  হাড়ডালক  লৰচৰ  কৰিব  নোৱাৰকৈ  ৰাখে  ৷ প্লাষ্টাৰ  অব  পেৰিচত  হোৱা  পৰিৱৰ্তনক  বিপৰীতমুখী  কৰিব   নোৱাৰি  ৷ কাৰণ  ই  শুকাই  এক  নতুন  পদাৰ্থত  ৰাসায়নিকভাৱে  পৰিৱৰ্তন   হয়  ৷
৭/ বাহিৰত  পৰি  থকা  এক  বস্তা  চিমেণ্ট  ৰাতি  বৰষুণ  হোৱা  বাবে  তিতিলে  ৷ পিচদিনাখন  ভালদৰে  ৰ’দ  ওলাল  ৷  তোমালোকে  বাৰু  ভাবানে  চিমেণটৰ  যি  পৰিৱৰ্তন  হৈছে  সেই  পৰিৱৰ্তন  বিপৰীতমুখী  কৰিব  পাৰি  ৷    
উত্তৰ  : বিপৰীতমুখী  কৰিব  নোৱাৰি  ৷ ৰ’দৰ  লগত  ৰাসায়নিকভাৱে  পৰিৱৰ্তন  ঘটি  ই  চিমেণ্ট  হৈ  নাথাকে  ৷

অতিৰিক্ত  প্ৰশ্ন-উত্তৰ  :

১/ তলৰ  প্ৰতিটো  শব্দৰ  ইংৰাজী  প্ৰতিশব্দ  লিখা :
পৰিৱৰ্তনবোৰ,  সংকোচন,  বাষ্পীভৱন,  প্ৰসাৰণ,  গলন
উত্তৰ  : পৰিৱৰ্তনবোৰ :  Changes
 সংকোচন : Contraction
  বাষ্পীভৱন : Evaporation
  প্ৰসাৰণ : Expansion

  গলন  : Melting 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)