অংকনৰ অনুশীলনী 11.2 ৰ সমস্যাসমূহঃ
অনুশীলনী 11.2
নিম্নোক্ত প্ৰতিটোত, অংকনৰ উপযুক্ত কাৰণ দিয়া :
1. 6 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা। ইয়াৰ কেন্দ্ৰৰপৰা 10 চে.মি. আঁতৰৰ এটা বিন্দুৰপৰা বৃত্তটোৰ স্পৰ্শক এযোৰা আঁকা আৰু সিহঁতৰ দৈৰ্ঘ্য জোখা।
2. 6 চে.মি. ব্যাসাৰ্দ্ধৰ ঐককেন্দ্ৰিক বৃত্তটোৰ এটা বিন্দুৰপৰা 4 চে.মি. ব্যাসাৰ্দ্ধৰ বৃত্তলৈ এডাল স্পর্শক আঁকা। প্রকৃত গণনাৰদ্বাৰা জোখ পৰীক্ষা কৰা।
3. 3 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা। ইয়াৰ কেন্দ্ৰৰপৰা 7 চে.মি. দূৰত্বত বৰ্দ্ধিত এডাল ব্যাসত P আৰু Q দুটা বিন্দু লোৱা। এই P আৰু Q বিন্দু দুটাৰপৰা বৃত্তৰ স্পৰ্শকবোৰ আঁকা।
4. 5 চে.মি. ব্যাসাৰ্দ্ধৰ বৃত্তৰ এযোৰ স্পৰ্শক আঁকা যিবোৰ পৰস্পৰ 60° কোণ এটাত হালি থাকে।
5. 8 চে.মি. দৈৰ্ঘ্যৰ AB এডাল ৰেখাখণ্ড আঁকা। Aক কেন্দ্র হিচাবে লৈ, 4 চে.মি. ব্যাসাৰ্দ্ধৰ এটা বৃত্ত আঁকা আৰু B ক কেন্দ্ৰ হিচাবে হৈ, 3 চে.মি. ব্যাসাৰ্দ্ধৰ আন এটা বৃত্ত আঁকা। প্ৰতিটো বৃত্তলৈ আনটো বৃত্তৰ কেন্দ্ৰৰপৰা স্পর্শকবোৰ আঁকা।
6. ধৰা ABC এটা সমকোণী ত্রিভুজ য’ত AB = 6 চে.মি., BC = 8 চে.মি. আৰু <B = 90°. B পৰা AC ৰ ওপৰত BD লম্ব। B, C, D ৰ মাজেৰে যোৱা বৃত্তটো আঁকা। A ৰ পৰা এই বৃত্তলৈ স্পর্শকবোৰ আঁকা।
7. খাৰু এপাতৰ সহায়ত এটা বৃত্ত আঁকা। বৃত্তটোৰ বাহিৰত এটা বিন্দু লোৱা। এই বিন্দুটোৰ পৰা বৃত্তৰ এযোৰ স্পৰ্শক আঁকা।