অংকনৰ অনুশীলনী 11.1 ৰ সমস্যাসমূহঃ
অনুশীলনী 11.1
নিম্নোক্ত প্ৰতিটোত, অংকনৰ উপযুক্ত কাৰণো দশোৱাঃ
1. 7.6 চে.মি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5 : 8 অনুপাতত ভাগ কৰা। ভাগ দুটা জোখা।
2. 4 চে.মি., 5 চে.মি. আৰু 6 চে.মি. বাহুৰ এটা ত্রিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ ⅔ গুণ হয়।
3. 5.চ.মি., 6 চে.মি. আৰু 7 চে.মি. বাহুযুক্ত এটা ত্রিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়।
4. ভূমি 8 চে.মি. আৰু উন্নতি 4 চে.মি. যুক্ত এটা সমদ্বিবাহু ত্রিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ সমদ্বিবাহু ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 1x½ গুণ।
5. BC = 6 চে.মি., AB = 5 চে.মি. আৰু <ABC = 60° যুক্ত ABC এটা ত্রিভুজ আঁকা। তাৰ পিছত এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ ¾ গুণ হয়।
6. BC = 7 চে.মি., B = 45°, ㄥA = 105° যুক্ত ABC এটা ত্রিভুজ আঁকা। তাৰ পিছত, এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ AABC ৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ।
7. এটা সমকোণী ত্রিভুজ আঁকা য'ত বাহুবোৰৰ (অতিভূজক বাদ দি) দৈর্ঘ্য 4 চে.মি. আৰু 3 চে.মি.। তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3গুণ।