পৰিসংখ্যাৰ অনুশীলনী 14.4 ৰ সমস্যাসমূহঃ
1. এটা ফেক্টৰীৰ 50 জন শ্রমিকৰ দৈনিক আয় তলৰ বিভাজনটোৱে দিয়ে।
দৈনিক আয় (টকাত) শ্ৰমিকৰ সংখ্যা
100-120 12
120-140 14
140-160 8
160-180 6
180-200 10
ওপৰৰ বিভাজনটো তাতকৈ কম প্ৰকাৰৰ সঞ্চয়ী বাৰংবাৰতা বিভাজনলৈ পৰিবৰ্তন কৰা আৰু ইয়াৰ অ'জিভ আকাঁ।
2. এটা শ্ৰেণীৰ 35 ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোঁতে ওজন তলত দিয়া ধৰণেৰে পোৱা গৈছিল।
ওজন (কিঃগ্রাঃত) ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
38 তকৈ কম 0
40 তকৈ কম 3
42 তকৈ কম 5
44 তকৈ কম 9
46 তকৈ কম 14
48 তকৈ কম 28
50 তকৈ কম 32
52 তকৈ কম 35
তাতকৈ কম প্ৰকৃতিৰ অ'জিভ অংকন কৰা। ইয়াৰপৰা মধ্যমা ওজন চিত্ৰৰ পৰা নিৰূপণ কৰা আৰু সূত্ৰ ব্যৱহাৰ কৰি সত্যাপন কৰা।
3. এখন গাঁৱৰ 100 খন কৃষিক্ষেত্ৰত প্রতি হেক্টৰত ঘেঁহৰ উৎপাদন তলৰ তালিকাত দিয়া হ'ল—
উৎপাদনৰ পৰিমাণ
(কিঃগ্ৰাঃ প্রতি হেক্টৰ) কৃষিক্ষেত্ৰৰ সংখ্যা
50 - 55 2
55 - 60 8
60 - 65 12
65 - 70 24
70 - 75 38
75 - 80 16
বিভাজনটো, তাতকৈ বেছি আকাৰৰ বিভাজনলে পৰিবৰ্তন কৰা আৰু ইয়াৰ অ'জিভ আকাঁ।