পৰিসংখ্যাৰ অনুশীলনী 14.3 ৰ সমস্যাসমূহঃ
1. এটা অঞ্চলৰ 68 জন গ্রাহকে মাহেকত খৰচ কৰা বিদ্যুতৰ বাৰংবাৰতা বিভাজন তলত দিয়া হ'ল। তথ্যৰ মধ্যমা, মাধ্য আৰু বহুলক উলিওৱা আৰু তুলনা কৰা।
2. তলৰ বিভাজনৰ মধ্যমা যদি 28.5, তেন্তে x আৰু yৰ মান উলিওৱা।
3. সকলো জীৱনবীমা সদস্যই 100 জন পলিছি গ্ৰাহকৰ বয়সৰ তথ্য বিভাজন তলত দিয়া ধৰণে পায়। মধ্যমা বয়স উলিওৱা, যদি 18 ৰ পৰা 60 বছৰ কম বয়সব ব্যক্তিকহে পলিছি দিয়ে ৷
4. এজোপা উদ্ভিদৰ 40 টা পাতৰ দৈৰ্ঘ্য আসন্ন মিলিমিটাৰত জোখা হৈছে আৰু প্ৰাপ্ত তথ্য তলৰ তালিকাত প্ৰকাশ কৰা হৈছে।
(ইংগিত : তথ্যসমূহ অবিচ্ছিন্ন শ্ৰেণীলৈ পৰিবৰ্তন কৰিব লাগিব যিহেতু মধ্যমা নিৰ্ণয়ৰ সূত্ৰটো অবিচ্ছিন্ন শ্ৰেণীত ধৰা হৈছে। শ্রেণীসমূহ সেয়ে পৰিবৰ্তিত হ'ব– 117.5-126.5, 126.5 -135.5, ....171.5 - 180.5.)
5. 400 টা নিয়ন লেম্পৰ আয়ুস কাল তলৰ তালিকাত বিভাজন কৰি দিয়া হৈছে।
এটা লেম্পৰ মধ্যমা আয়ুস কাল উলিওৱা।
6. এখন স্থানীয় টেলিফোন ডায়েৰীৰপৰা 100 জন ব্যক্তিৰ উপাধি যাদৃচ্ছিকভাৱে লোৱা হ'ল আৰু উপাধিবোৰত থকা ইংৰাজী বর্ণমালাৰ আখৰৰ সংখ্যা বাৰংবাৰ্তা বিভাজন কৰি তলত দিয়া হ'ল।
উপাধিবোৰৰ মধ্যমা আখৰৰ সংখ্যা নির্ণয় কৰা। উপাধিবোৰৰ মাধ্য আখৰৰ সংখ্যা উলিওৱা। উপাধিৰ বহুলক আকাৰ উলিওৱা।
7. তলৰ বিভাজনে এটা শ্ৰেণীকোঠাৰ 30 জন ছাত্ৰ-ছাত্ৰীৰ ওজন নিৰূপণ কৰে। ছাত্ৰৰ মধ্যমা ওজন নিৰ্ণয় কৰা।