ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

উপভোক্তাৰ আচৰণৰ তত্ত্ব ( Theory of Consumer Behaviour ) - অৰ্থবিজ্ঞান - Economics -দ্বাদশ শ্ৰেণী-Class XII

Admin
0
অনুশীলনী (EXERCISE)


1. উপভোক্তা এজনৰ বাজেট সংহতি বুলিলে কি বুজা ? 

উত্তৰঃ বাজেট সংহতি বা বাজেট সমষ্টি হ'ল সকলোবোৰ টোপোলাৰ সংগ্ৰহ যিবিলাক টোপোলা উপভোক্তাজ'নে তেওঁৰ উপাৰ্জনৰ সামৰ্থ্য অনুসৰি প্ৰচলিত বজাৰ দৰত ক্ৰয় কৰিব পাৰে ৷

2.  বাজেট ৰেখা কি?

উত্তৰঃ বাজেট ৰেখা এনে এডাল ৰেখা যি ৰেখাই ভোক্তাই দুটা দ্ৰব্যত ব্যয় কৰিবৰ বাবে  নিৰ্দিষ্ট আয়ক বুজায় ৷ 

3. বাজেট ৰেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয় তাক বৰ্ণনা কৰা ৷

উত্তৰঃ বাজেট ৰেখাডাল নিম্মগামী হোৱাৰ কাৰণটো হৈছে - উপভোক্তাই এটা দ্ৰব্য কিনিব বিচাৰিলে আন এটা দ্ৰব্য এৰিব লগা হয় ৷ 

4. এজন উপভোক্তাই দুটা দ্ৰব্য উপভোগ কৰিব বিচাৰে ৷ দ্ৰব্য দুবিধৰ দৰ ক্ৰমে 4 টকা আৰু 5 টকা আৰু উপভোক্তাজনৰ আয় 20 টকা ৷ 

(i) বাজেট ৰেখাৰ সমীকৰণটো লিখা ৷

(ii) যদি উপভোক্তাহনে তেওঁৰ সমূহ আয় 1 নং দ্ৰব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পৰিমাণৰ 1 নং দ্ৰব্য উপভোগ কৰিব পাৰিব ? 

(iii) যদি উপভোক্তাজনে তেওঁৰ সমূহ আয় 2 নং দ্ৰব্যত ব্যয় কৰে তেন্তে তেওঁ কিমান পৰিমানৰ 2 নং দ্ৰব্য উপভোগ কৰিব পাৰিব ?

(iv) বাজেট ৰেখাডালৰ ঢাল কি হ'ব ? 

সমাধানঃ 

ধৰাহ'ল দ্ৰব্য দুটা ক্ৰমে  X আৰু Y , 

দিয়া আছে , ভোক্তাজনৰ আয় = 20 টকা ৷

X দ্ৰব্যৰ দৰ  = 4 টকা 

গতিকে X দ্ৰব্য ক্ৰয় কৰিব পাৰে = 20 ➗ 4 = 5 একক ৷

আৰু Y দ্ৰব্যৰ দৰ = 5 টকা 

গতিকে Y দ্ৰব্য ক্ৰয় কৰিব পাৰে = 20 ➗ 5 = 4 একক ৷

(i)  4X + 5Y = 20 

(ii)  5 একক ৷

(iii) 4 একক ৷

(iv) বাজেট ৰেখাৰ ঢাল = ( - P1 ➗ P2) = - (5 ➗ 4)

5. যদি দৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ আয় 40 টকালৈ বৃদ্ধি হয় তেন্তে বাজেট ৰেখাডাল কেনেদৰে পৰিৱৰ্তন হ'ব ?

উত্তৰঃ যদি দৰ অপৰিবৰ্তিত অৱস্থাত উপভোক্তাজনৰ আয় 40 টকালৈ বৃদ্ধি পায় তেন্তে বাজেট ৰেখাডাল সমান্তৰালভাৱে সোঁফালে স্থানান্তৰিত হয় , কিন্ত ৰেখাৰ ঢাল অ-পৰিৱৰ্তিত থাকিব ৷ 

6. যদি 1 নং দ্ৰব্যৰ দৰ আৰু উপভোক্তাজনৰ আয় অপৰিবৰ্তিত অৱস্থাত 2 নং দ্ৰব্যৰ দৰ এক টকা হ্ৰাস পায় তেন্তে বাজেট ৰেখাডাল কেনেদৰে পৰিৱৰ্তন হ'ব ? 

উত্তৰঃ যদি 1 নং দ্ৰব্যৰ দৰ আৰু উপভোক্তাজনৰ আয় অপৰিবৰ্তিত অৱস্থাত 2 নং দ্ৰব্যৰ দৰ এক টকা হ্ৰাস পায় তেন্তে 2 নং দ্ৰব্যৰ উপভোগ বৃদ্ধি পাব আৰু বাজেট ৰেখাৰ ঢাল বৃদ্ধি পাব ৷ 

7. যদি দুয়োবিধ দ্ৰব্যৰ দৰ আৰু আয় দুগুণ কৰি দিয়া হয়, বাজেট সংহতিৰ কি হ'ব ? 

উত্তৰঃ বাজেট সংহতিৰ একো পৰিৱৰ্তন নহয় ৷ 

8. ধৰাহ'ল এজন উপভোক্তাই তেওঁৰ সমূহ আয় ব্যয় কৰে তেন্তে 1 নং দ্ৰব্যৰ 6 একক আৰু 2 নং দ্ৰব্যৰ 8 একক ক্ৰয় কৰিব পাৰে ৷ দ্ৰব্য দুবিধৰ দৰ হ'ল ক্ৰমে 6 টকা আৰু 8 টকা ৷ উপভোক্তাজনৰ আয় কিমান ? 

সমাধানঃ  দিয়া আছে , 1 নং দ্ৰব্যৰ পৰিমাণ = 6 একক ৷ 

আৰু 1 নং দ্ৰব্যৰ দৰ = 6 টকা 

এতেকে 1 নং দ্ৰব্যত মুঠ খৰচ = 6 x 6 = 36 টকা ৷ 

আকৌ , 2 নং দ্ৰব্যৰ পৰিমাণ = 8 একক ৷ 

আৰু 2 নং দ্ৰব্যৰ দৰ = 8 টকা 

এতেকে 2 নং দ্ৰব্যত মুঠ খৰচ = 8 x 8 = 64 টকা ৷

গতিকে ,উপভোক্তাজনৰ আয় = 36 + 64 = 100 টকা ৷ 

9. ধৰাহ'ল এজন উপভোক্তাই দুটা দ্ৰব্য উপভোগ কৰিব বিচাৰে যি দুটা কেৱল পূৰ্ণ সংখ্যাৰ এককত উপলদ্ধ ৷ দুয়োবিধ দ্ৰব্যৰ দৰ হ'ল 10 টকা আৰু উপভোক্তাজনৰ আয় 40 টকা ৷ 

(i) উপভোক্তাজনৰ উপলদ্ধ সকলোবিলাক টোপোলা লিখা ৷

(ii) উপভোক্তাজনৰ উপলদ্ধ টোপোলাবিলাকৰ ভিতৰত ঠিক 40 টকা ব্যয় হোৱা টোপোলাবিলাক চিনাক্ত কৰা ৷ 

উত্তৰঃ 

(i) উপভোক্তাজনৰ উপলদ্ধ সকলোবিলাক টোপোলাবিলাক হ'ব - ( 0, 0 ), ( 0, 1 ), ( 0, 2 ), ( 0, 3 ) , ( 0, 4 ) , (1, 0 ) , ( 2, 0), ( 3, 0) , ( 4, 0 ),(1, 2 ), (2, 1), ( 1, 3), (3, 1 ), ( 2, 2 ) 

(ii) উপভোক্তাজনৰ উপলদ্ধ টোপোলাবিলাকৰ ভিতৰত ঠিক 40 টকা ব্যয় হোৱা টোপোলাবিলাক হ'ল -

 ( 0, 4 ) , ( 4, 0 ), ( 1, 3), (3, 1 ), ( 2, 2 ) 

10. অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰ মানে কি ? 

উত্তৰঃ এজন উপভোক্তাৰ অগ্ৰাধিকাৰক অপৰিৱৰ্তনীয় বুলি কোৱা হয় যদিহে যিকোনো দুটা টোপোলাৰ ভিতৰত উপভোক্তাজনে সেইটো টোপোলাক অগ্ৰাধিকাৰ দিয়ে টোপোলাত আনটো টোপোলাতকৈ কমেও এটা দ্ৰব্য বেছিকৈ থাকে আৰু আনটো দ্ৰব্য কম নাথাকে ৷ 

11. যদি উপভোক্তাজনৰ  অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে তেওঁ ( 10, 8 ) আৰু (8, 6 ) টোপোলা দুটাৰ মাজত নিৰপেক্ষ হ'ব পাৰেনে ? 

উত্তৰঃ যদি উপভোক্তাজনৰ  অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় হয় তেন্তে তেওঁ ( 10, 8 ) আৰু (8, 6 ) টোপোলা দুটাৰ মাজত নিৰপেক্ষ  নহয় কাৰণ 2 নং টোপোলাত দুয়োটা দ্ৰব্যৰ পছন্দ হ্ৰাস পাইছে ৷ 

12. ধৰাহ'ল এজন উপভোক্তাৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় ৷ তেন্তে (10, 10), (10, 9) আৰু (9,9) টোপোলাবিলাকৰ তেওঁৰ অগ্ৰাধিকাৰ স্থান সম্পৰ্কে তুমি কি ক'ব পাৰা ? 

উত্তৰঃ 

13. ধৰাহ'ল তোমাৰ বন্ধু এজন ( 5,6) আৰু (6, 6) টোপোলাৰ মাজত নিৰপেক্ষ ৷ তোমাৰ বন্ধুৰ অগ্ৰাধিকাৰ অপৰিৱৰ্তনীয় হয়নে ?

উত্তৰঃ  

14. ধৰাহ'ল বজাৰত এটা দ্ৰব্যৰ দুজন উপভোক্তা আছে আৰু তেওঁলোকৰ চাহিদা ফলন হ'ল - 

d1(p) = 20 -p(20 ৰ সমান বা তাতকৈ কমৰ যিকোনো দৰৰ কাৰণে )

d1(p = 0 ( 20 তকৈ বেছি যিকোনো দৰৰ কাৰণে)

d2(p) = 30 -2p (15 ৰ সমান বা তাতকৈ কমৰ যিকোনো দৰৰ কাৰণে)

আৰু d2(p) = 0 (15 তকৈ বেছি যিকোনো দৰৰ কাৰণে) বজাৰ চাহিদা ফলন উলিওৱা ৷ 

সমাধানঃ 

বজাৰ চাহিদা 
dm(p) = d1(p) + d2(p) ( যেতিয়া p≤ 20 )

          = ( 20 - p ) + ( 30 - 2p)

          = 20 - p + 30 - 2p

          = 50 - 3p ( যেতিয়া p≤ 20 )

বজাৰ চাহিদা 
dm(p) = d1(p ( যেতিয়া 15 < p ≤ 20 )

           = 20 - p ( যেতিয়া 15 < p ≤20 )

dm(p) = 0 ( যেতিয়া p> 20 ) 


15. ধৰাহ'ল এটা দ্ৰব্যৰ 20 জন উপভোক্তা আছে আৰু তেওঁলোকৰ চাহিদা ফলন একেইঃ

D(p) = 10 - 3p ( 10/3 তকৈ কম বা সমান যিকোনো দৰৰ কাৰণে)

আৰু d1(p) = 0 ( 10/3 তকৈ বেছি যিকোনো দৰৰ কাৰণে)
বজাৰ চাহিদা ফলন কি হ'ব ? 

সমাধানঃ 20 জন ভোক্তাৰ ব্যক্তিগত চাহিদা ক্ৰিয়া - 

d(p) = 10 - 3p 

এতেকে, 20 জন ভোক্তাৰ চাহিদা ফলন হ'ব - 

dm(p) = 20(10 - 3p) যদি p≤10/3

          = 200 - 60p যদি p≤10/3

আকৌ , dm(p) = 0 যদি p>10/3 

16. দুজন উপভোক্তা থকা এখন বজাৰ ধৰাহ'ল আৰু তেওঁলোকৰ দ্ৰব্য এবিধৰ চাহিদা হ'ল - 

P

d1

d2

1

 

2

 

3

 

4

 

5

 

6

 

9

 

8

 

7

 

6

 

5

 

4

24

 

20

 

18

 

16

 

14

 

12

 দ্ৰব্যবিধৰ বজাৰ চাহিদা উলিওৱা ৷

সমাধানঃ

P

d1

d2

বজাৰ চাহিদা( d1 + d2)

1

 

2

 

3

 

4

 

5

 

6

 

9

 

8

 

7

 

6

 

5

 

4

24

 

20

 

18

 

16

 

14

 

12

33

 

28

 

25

 

22

 

19

 

16

 


17. স্বাভাৱিক দ্ৰব্য বুলিলে কি বুজা ? 

উত্তৰঃ যিবোৰ দ্ৰব্যৰ দাম বাঢ়িলে চাহিদা কমে তেনে দ্ৰব্যক স্বাভাৱিক দ্ৰব্য বোলা হয় ৷ 

18. নিকৃষ্ট দ্ৰব্য বুলিলে কি বুজা ? কেইটামান উদাহৰণ দিয়া ৷ 

উত্তৰঃ যিবোৰ দ্ৰব্যৰ ভোক্তাৰ আয় কমিলে চাহিদা কমে আৰু আয় বাঢ়িলে চাহিদা বাঢ়ে তেনে দ্ৰব্যক নিকৃষ্ট সামগ্ৰী বোলে ৷ উদাহৰণ - খাদী কাপোৰ , কহটা চাউল ৷ 

19. বিকল্প বুলিলে কি বুজা ? দুটা দ্ৰব্যৰ উদাহৰণ দিয়া যি দুটা ইটো সিটোৰ বিকল্প ৷

উত্তৰঃ যিবোৰ সামগ্ৰী গড় বৃদ্ধিৰ বা হ্ৰাসৰৰ লগে লগে তাৰ প্ৰভাৱ আন এটা সামগ্ৰীৰ ওপৰত পৰে তেনে দ্ৰব্যক বিকল্প দ্ৰব্য বুলি কোৱা হয় ৷ 

       যেনে- চাহ আৰু কফি ইটো-সিটোৰ বিকল্প ৷ যদি কফিৰ দাম বাঢ়ে তেন্তে চাহৰ উপভোগ বৈদ্ধি পাব আৰু কফিৰ দাম কমিলে চাহৰ উপভোগ কমিব ৷ 

20. পৰিপূৰক বুলিলে কি বুজা ? দুটা দ্ৰব্যৰ উদাহৰণ দিয়া যি দুটা ইটো সিটোৰ পৰিপূৰক ৷

উত্তৰঃ এটা অভাৱ পূৰণ কৰিবৰ বাবে একে সময়তে আৱশ্যক হোৱা সামগ্ৰীসমূহক পৰিপূৰক দ্ৰব্য বুলি কোৱা হয় ৷ উদাহৰণ - চেনি আৰু গাখীৰ, কগজ-কলম ইত্যাদি ৷

21. চাহিদাৰ দৰ স্থিতিস্থাপকতা ধাৰণাটো বৰ্ণনা কৰা ৷ 

উত্তৰঃ কোনো এটা সামগ্ৰীৰ দামৰ পৰিৱৰ্তনৰ লগে লগে চাহিদাৰ পৰিমাণ যি হাৰত পৰিৱৰ্তন ঘটে তাকে দৰ স্থিতিস্থাপক চাহিদা বুলি কোৱা হয় ৷ 

দৰ স্থিতিস্থাপক চাহিদা = সামগ্ৰী  এটাৰ চাহিদাৰ পৰিমাণৰ আনুপাতিক পৰিৱৰ্তন ➗ সামগ্ৰীটোৰ দামৰ আনুপাতিক পৰিৱৰ্তন 

দৰ স্থিতিস্থাপক চাহিদা 5 প্ৰকাৰৰ আৰু সেইবোৰ হ'ল -

(ক) পূৰ্ণ স্থিতিস্থাপক চাহিদাঃ

      সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তনৰ লগে লগে যদি সামগ্ৰীটোৰ চাহিদাৰ পৰিমাণৰ অসীম হাৰত পৰিৱৰ্তন ঘটে তেন্তে ইয়াক পূৰ্ণ স্থিতিস্থাপক চাহিদা বোলে ৷

(খ) পূৰ্ণ অস্থিতিস্থাপক চাহিদাঃ

     সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তনৰ লগে লগে যদি সামগ্ৰীটোৰ চাহিদাৰ পৰিমাণৰ কোনো পৰিৱৰ্তন নঘটে তেন্তে তাক পূৰ্ণ অস্থিতিস্থাপক চাহিদা বোলে ৷

(গ) একক স্থিতিস্থাপক চাহিদাঃ 

     সামগ্ৰী এটাৰ দাম যি হাৰত পৰিৱৰ্তন ঘটে সেই েকে হাৰত চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন হলে তাক একক স্থিতিস্থাপক চাহিদা বোলা হয় ৷ 

(ঘ) এককতকৈ অধিক স্থিতিস্থাপক চাহিদাঃ

    সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তনৰ হাৰতকৈ যদি সামগ্ৰীটোৰ চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তনৰ হাৰ অধিক হয় তাক এককতকৈ অধিক স্থিতিস্থাপক চাহিদা বুলি কোৱা হয় ৷ 

(ঙ) এককতকৈ কম স্থিতিস্থাপক চাহিদাঃ

   সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তনৰ হাৰতকৈ যদি চাহিদাৰ পৰিৱৰ্তনৰ হাৰ কম হয় তাক এককতকৈ কম স্থিতিস্থাপক চাহিদা বুলি কোৱা হয় ৷ 

22. এটা দ্ৰব্যৰ চাহিদা ধৰা হ'ল 4 টকা দৰত দ্ৰব্যবিধৰ চাহিদা 25 একক ৷ ধৰাহ'ল দ্ৰব্যবিধৰ দৰ 5 টকালৈ বৃদ্ধি পালে আৰু তাৰ ফলত দ্ৰব্যবিধৰ চাহিদা 20 এককলৈ হ্ৰাস পালে ৷ চাহিদাৰ দৰ স্থিতিস্থাপকতা উলিওৱা ৷ 

সমাধানঃ 

ইয়াত, Ep = চাহিদাৰ দৰ স্থিতিস্থাপকতা 

           Q = চাহিদাৰ মূল পৰিমাণ 

               = 20 একক ৷

          ΔQ = চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন 
    
                = 25 - 20 

                =  5 একক ৷

           P =  মূল দাম

              = 4 টকা ৷

           ΔP = দামৰ পৰিৱৰ্তনৰ পৰিমাণ

                = 5 - 4 

                = 1 টকা ৷

এতিয়া , 

      Ep = ( ΔQ ➗ ΔP ) x P / Q

           = 5/1 x 4/20

           = 20/20

           = 1  

23. ধৰাহ'ল এডাল চাহিদা ৰেখা D(p) = 10 - 3p ৷ 5/3 দৰত দৰ স্থিতিস্থাপকতা  কিমান ? 

সমাধানঃ 

24. ধৰাহ'ল এটা দ্ৰব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা -0.2, যদি দ্ৰব্যবিধৰ দৰ 5% বৃদ্ধি হয় তেন্তে দ্ৰব্যবিধৰ চাহিদা কিমান শতাংশ হ্ৰাস পাব ? 

সমাধানঃ 

দিয়া আছে, 

চাহিদাৰ দৰ স্থিতিস্থাপকতা (Ed) = -0.2

                               দ্ৰব্যৰ দাম = 5% বৃদ্ধি হয় ৷

ধৰাহ'ল দ্ৰব্যৰ চাহিদাৰ পৰিৱৰ্তন = a 

আমি জানো যে , 

E= চাহিদাৰ শতকৰা পৰিৱৰ্তন ➗ দামৰ শতকৰা পৰিৱৰ্তন 

=> -0.2 = a% ➗ 10%

=>  -0.2 = a ➗ 10

=> -2/10 x 10 = a

=> -2 = a 

=> a = -2 

এতেকে , দ্ৰব্যৰ চাহিদাৰ পৰিৱৰ্তন = 2  

25. ধৰাহ'ল এটা দ্ৰব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা -0.2, যদি দ্ৰব্যবিধৰ দৰ 10% বৃদ্ধি হয় তেন্তে দ্ৰব্যটোত কৰা ব্যয়ত কি প্ৰভাৱ পৰিব ?

উত্তৰঃ 

26. ধৰাহ'ল দ্ৰব্য এটাৰ দৰ 4% হ্ৰাস পালে ৷ তাৰ ফলত দ্ৰব্যটোত কৰা ব্যয় 2% বৃদ্ধি হ'ল ৷ চাহিদাৰ স্থিতিস্থাপকতা সম্পৰ্কত তুমি কি ক'বা ?

উত্তৰঃ 


অতিৰিক্ত প্ৰশ্নঃ 

১/ উপযোগিতা কাক বোলে ?

উত্তৰঃ সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয় ৷

২/ মুঠ উপযোগিতা কাক বোলে ?

উত্তৰঃ এজন উপভোক্তাই তেওঁৰ উপলদ্ধ এটা দ্ৰব্যৰ আটাইবোৰ গোট উপভোগ কৰি যিমান পৰিমাণৰ উপযোগিতা পায় তাক মুঠ উপযোগিতা বোলা হয় ৷

৩/ প্ৰান্তিক উপযোগিতা কাক বোলে ?

উত্তৰঃ এজন উপভোক্তাই এটা দ্ৰব্যৰ অতিৰিক্ত এটা গোট উপভোগ কৰি যিমান পৰিমাণৰ অতিৰিক্ত উপযোগিতা পায় তাক প্ৰান্তিক উপযোগিতা বোলা হয় ৷ 

৪/ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি ?

উত্তৰঃ যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকে তেন্তে দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পায় ৷ ইয়াকে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বোলা হয় ৷ 

৫/ সমপ্ৰান্তিক উপযোগিতা বিধিটো কি ?

উত্তৰঃ এজন উপভোক্তাই তেওঁৰ উপাৰ্জন বিভিন্ন দ্ৰব্যৰ উপভোগৰ ক্ষেত্ৰত এনেকৈ বিতৰণ কৰে যাতে প্ৰত্যেকটো দ্ৰব্যৰ ওপৰত কৰা খৰচৰ প্ৰান্তিক উপযোগিতা সমান হয় ৷ এই বিধিটোক সমপ্ৰান্তিক উপযোগিতা বিধি বোলা হয় ৷ 

৬/ 


Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)