ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয় স্ব-শিকন সমল- ( সমল নং ২) পাঠ নং ১- প্ৰাকৃতিক সম্পদ- বিষয় - সমাজ বিজ্ঞান, অষ্টম শ্ৰেণী

Admin
0
ছাত্ৰ-ছাত্ৰীৰ বাবে ১৫ দিনীয় স্ব-শিকন সমল- ( সমল নং ২) পাঠ নং ১- প্ৰাকৃতিক সম্পদ- বিষয় - সমাজ বিজ্ঞান, অষ্টম শ্ৰেণী

কার্য নং ১

চমু উত্তৰ লিখাঃ (পাঠৰ আলমত)-

ক) কি কি প্রাকৃতিক উপাদান মানুহৰ কামত ব্যৱহৃত হয়?

উত্তৰঃ মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, বন্যপ্ৰাণী, পাহাৰ, নদী আদি প্ৰাকৃতিক উপাদনসমূহ মানুহৰ কামত ব্যৱহৃত হয় ৷

খ) ভূমি সম্পদৰ ক্ষেত্ৰত কোনবােৰ কাৰকে সংকট সৃষ্টি কৰিছে ?

উত্তৰঃ (ক) জনসংখ্যা বৃদ্ধি (খ) অৰণ্য ধবংস (গ) উদ্যোগ স্থাপন (ঘ) কৃষি কাৰ্য (ঙ) ভূমিস্খলন, (চ) খহনীয়া (ছ) মৰুকৰণ (জ) ভূমিৰ অৱক্ষয় ইত্যাদিৰ কাৰকে ভূমি সম্পদৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে ৷ 




গ) ভূমি সংৰক্ষণৰ তিনিটা উপায় উল্লেখ কৰা।

উত্তৰঃ (ক) মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ-বন আৰু বৃক্ষৰোপণ কৰা ৷

(খ) পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা ৷

(গ) জধে-মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা ৷ 

(ঘ) কি কি প্রক্রিয়াৰ দ্বাৰা পানী পুনৰ উৎসসমূহত জমা হয় ?

উত্তৰঃ পানী বাষ্পীভৱন , অধোক্ষেপণ আৰু প্ৰবহন পক্ৰিয়াৰ দ্বাৰা ৷

ঙ) তিনিবিধ জীৱাশ্ম ইন্ধনৰ নাম লিখা ।

উত্তৰঃ কয়লা, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ ৷ 

কার্য নং ২
“বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণে হয়- বাণিজ্যিক (Commercial) আৰু পাৰিস্থিতিক (Ecological)" 
     
পাঠত উদ্ধৃত এই বাক্যশাৰীৰ আলমত দুয়ােটা দিশত আমি লাভ কৰা সুবিধাসমূহৰ এখন তালিকা 

প্রস্তুত কৰা। 

 

 বাণিজ্যিক 

 পাৰিস্থিতিক

 

 

 

 

 

 

 

 

 

 

 

 

 

উত্তৰঃ 

 বাণিজ্যিক 

 পাৰিস্থিতিক

 বাঁহ

 অক্সিজেন 

 কাঠ

 আশ্ৰয়স্থল

 খৰি

 মাটি সংৰক্ষণত সহায়

 কেঁচামাল

 ভূ-তল জল বৃদ্ধিত সহায় 

 ঔষধ

 গোলকীয় উত্তাপ হ্ৰাস

 কাগজ

 প্ৰাণীৰ বংশবৃদ্ধিত সহায় 

 


কার্য নং ৩

শুদ্ধ উত্তৰটো বাছি উলিওৱা-

১) পেট্রালিয়ামক পনীয়া সােণ' বুলি কোৱা হয়। ইয়াৰ কাৰণ হ'ল-

ক) ই অতি মূল্যৱান সম্পদ।

খ) ই প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

(গ)ই জীৱাশ্ম ইন্ধন।

(ঘ) ই প্ৰকৃতিত উপলব্ধ সম্পদ।

উত্তৰঃ ক) ই অতি মূল্যৱান সম্পদ। 

২) নির্মল পানী পাবলৈ হ'লে আমি কি কৰা উচিত ?

ক) পানীত ৰাসায়নিক সাৰ মিহলি কৰিব লাগে।

খ) পানীৰ উৎসসমূহ প্ৰদূষিত নােহােৱাকৈ ৰাখিব লাগে।

গ) পানী উতলাই  গৰম কৰি ব্যৱহাৰ কৰিব লাগে।

ঘ) পানী জধে মধে ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ   খ) পানীৰ উৎসসমূহ প্ৰদূষিত নােহােৱাকৈ ৰাখিব লাগে।

৩) তলৰ কোনটো মৰুকৰণৰ কাৰণ-

ক) অপৰিকল্পিত কৃষি কার্য।

খ) উদ্যোগীকৰণ

গ) অৰণ্য আৰু ঘাঁহনিৰ অত্যধিক ব্যৱহাৰ।

ঘ) একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰৱৰ প্ৰয়ােগ।

উত্তৰঃ ঘ) একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰৱৰ প্ৰয়ােগ। 

8) সৌৰ শক্তি ব্যৱহাৰৰ এটা সুবিধা হ'ল-

ক) উৎপাদন খৰচ কম

খ) বহুত পৰিমাণৰ শক্তি পােৱা যায়

গ) প্রদূষণমুক্ত

ঘ) পৰিৱহনত খৰছ বেছি।

উত্তৰঃ গ) প্রদূষণমুক্ত ৷

(৫) নিম্নলিখিত কোন বিধে বৰ্ষাৰণ্যক বুজাইছে ?

ক) পর্ণপাতী অৰণ্য

খ) চিৰসেউজীয়া ক্রান্তীয় অৰণ্য

গ) খেতিপথাৰ

ঘ) ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ খ) চিৰসেউজীয়া ক্রান্তীয় অৰণ্য ৷

কার্য নং ৪

খালী ঠাই পূৰ কৰা-

ক)_________________ প্রাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুর্যোগ।

খ) নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে ________  বুলি কোৱা হয় ।

গ)________ কৃষিৰ জৰিয়তে পানীৰ প্রবাহ হ্রাস কৰিব পাৰি।

ঘ) অৰণ্য হ'ল স্বাভাৱিকভাৱে _______ সম্পদ।

ঙ)ৰন্ধন কার্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা এল.পি.জি, এবিধ________ গেছ

উত্তৰঃ

ক)ভূমিস্খলন প্রাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুর্যোগ।

খ) নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া  বুলি কোৱা হয় ।

গ) বেদিকা কৃষিৰ জৰিয়তে পানীৰ প্রবাহ হ্রাস কৰিব পাৰি।

ঘ) অৰণ্য হ'ল স্বাভাৱিকভাৱে নবীকৰণযোগ্য সম্পদ।

ঙ)ৰন্ধন কার্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা এল.পি.জি, এবিধ পেট্ৰ'লিয়াম গেছ ৷


কার্য নং ৫

পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি সম্পদসমূহৰ নাম উল্লেখ কৰা আৰু দুয়ােবিধ শক্তি সম্পদৰ অন্তৰ্গত দুটা শক্তি সম্পদৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ 

পৰম্পৰাগত শক্তি সম্পদসমূহৰ নাম -

কয়লা , পেট্ৰ'লিয়াম , প্ৰাকৃতিক গেছ ৷

 অপৰম্পৰাগত শক্তি সম্পদসমূহৰ নাম -

সৌৰশক্তি , জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি ৷

কয়লাঃ

কয়লা এবিধ জীৱাশ্ম ইন্ধন ৷ ইয়াক ঘৰুৱা ইন্ধন হিচাপে বৱহাৰ কৰাৰ উপৰি লো-তীখাৰ উদ্যোগ, ভাপ ইঞ্জিন, তাপ বিদ্যুৎ কেন্দ্ৰ আদিত ইন্ধন হিচাপে ব্যৱহাৰ হয় ৷ ভাৰতৰ ৰাণীগঞ্জ, ঝাৰিয়া, ধানবাদ, বোকাৰো আদি উল্লেখযোগ্য কয়লা উৎপাদনকাৰী ঠাই ৷ অসমৰ লিডু, মাকুম, জুয়পুৰ আৰু মেঘালয়ৰ চেৰাপুঞ্জীত কিছু পৰিমাণে কয়লা পোৱা যায় ৷ 

জোৱাৰ শক্তিঃ

সমুদ্ৰৰ জোৱাৰ-ভাটাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি ৷ জোৱাৰৰ সময়ত উঠি অহা পানী আবদ্ধ কৰি ভাটাৰ সময়ত নামি যাবলৈ দি 'টাৰবাইন'ৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰা হয় ৷ ৰাছিয়া, ফ্ৰান্স আদিত এনে ব্যৱস্থা আছে ৷ ভাৰতৰ কচ্চ উপসাগৰত এনেদৰে বিদ্যুৎ শক্তি উৎপন্ন কৰা হয় ৷ 

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)