উত্তৰঃ ১৪৮৯ চনত নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ৷
২/ মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি ?
উত্তৰঃ পিতৃ গোবিন্দ গিৰি ভূঞা আৰু মাতৃ মনোৰমা ৷
৩/ মাধৱদেৱৰ শৈশৱকাল ক'ত অতিবাহিত হয় ?
উত্তৰঃ হৰিশিঙা বৰাৰ ঘৰত ৷
৪/ মাধৱদেৱক কাৰ টোলত নাম লগাই দিয়া হৈছিল ?
উত্তৰঃ বণ্ডুকাৰ ৰাজেন্দ্ৰ নামৰ অধ্যাপক এগৰাকীৰ টোলত নাম লগাই দিয়া হৈছিল ৷
৫/ মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে ৷
৬/ মাধৱদেৱৰ আখ্যানমূলক গ্ৰন্থ উল্লেখ কৰা ৷
উত্তৰঃ (ক) ৰাজসূয় কাব্য (খ) ৰামায়ণৰ আদিকাণ্ড
৭/ মাধৱদেৱৰ তত্বমূলক গ্ৰন্থ উল্লেখ কৰা ৷
উত্তৰঃ (ক) নামঘোষা (খ) ভক্তি ৰত্নাৱলী (গ) জন্মৰহস্য (ঘ) নামমালিকা
৮/ মাধৱদেৱৰ সন্দেহমুক্ত নাটকৰ নাম লিখা ৷
উত্তৰঃ (ক) অৰ্জুন ভঞ্জন (খ) চোৰধৰা (গ) পিম্পৰা গুচোৱা (ঘ) ভোজন বিহাৰ (চ) ভূমি লেটোৱা
৯/ মাধৱদেৱৰ সন্দেহযুক্ত নাটকৰ নাম লিখা ৷
উত্তৰঃ (ক) ৰাস ঝুমুৰা (খ) কোটোৰা খেলা (গ) ব্ৰহ্মমোহন আৰু ভূষন হৰণ
১০/ মাধৱদেৱৰ গীতৰ পুথি উল্লেখ কৰা ৷
উত্তৰঃ (ক) বৰগীত (খ) ভটিমা
১১/ মাধৱদেৱে কাৰ অনুপ্ৰেৰণাত ৰাজসূয় কাব্য ৰচনা কৰিছিল ?
উত্তৰঃ শুক্লধ্বজৰ ৷
১২/ ৰাজসূয় কাব্যখন কিহৰ আধাৰত ৰচিত ?
উত্তৰঃ কাব্যখন ভাগৱতৰ দশম স্কন্ধৰ ৭০-৭৫ অধ্যায়ৰ আধাৰত ৰচিত ৷
১৩/ 'নামঘোষা'ৰ আন এটা নাম কি ?
উত্তৰঃ হেজাৰী ঘোষা ৷ ( এহেজাৰ ঘোষা থকা কাৰণে হেজাৰী ঘোষা কোৱা হয় )
১৪/ কোনে 'নামঘোষা'ক মাধৱদেৱৰ 'মহাপ্ৰস্থানিক গীত' আখ্যা দিছে ?
উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে ৷
১৫/ মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান ?
উত্তৰঃ ১৫৭ টা ৷
১৬/ মাধৱদেৱৰ মুঠ 'দেৱ-ভটিমা' কেইটা ?
উত্তৰঃ আঠটা ৷
১৭/ শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল ?
উত্তৰঃ মাধৱদেৱ ৷
১৮/ 'বুঢ়াৰ পো ' কাক কোৱা হয় ?
উত্তৰঃ মাধৱদেৱ ৷
১৯/ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ কি ধৰ্মী লোক আছিল ?
উত্তৰঃ শাক্ত ধৰ্মী ৷
২০/ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি জনা যায় ?
উত্তৰঃ মণি-কাঞ্চণ সংযোগ ৷
২১/ মাধৱদেৱৰ ককায়েকৰ নাম কি আছিল ?
উত্তৰঃ দামোদৰ ৷
২২/ মাধৱদেৱৰ ভনীয়েকৰ নাম কি ?
উত্তৰঃ ঊৰ্বশী ৷
Thank you
ReplyDelete