ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Statistics For Economics -Introduction-chapter 1( পাতনি -অৰ্থনীতিৰ বাবে পৰিসংখ্যা) - class XI -একাদশ শ্ৰেণী -AHSEC

Admin
0

Statistics For Economics -Introduction( পাতনি -প্ৰথম অধ্যায় -অৰ্থনীতিৰ বাবে পৰিসংখ্যা) - class XI -একাদশ শ্ৰেণী -AHSEC

(১) তলৰ কোনটো শুদ্ধ বা ভুল চিহ্নিত কৰাঃ


(ক) পৰিসংখ্যা বিজ্ঞানে কেৱল পৰিমাণবাচক তথ্যহে বিচাৰ কৰে ৷ 

উত্তৰঃ ভুল ৷

(খ) পৰিসংখ্যা বিজ্ঞানে অৰ্থনৈতিক সমস্যা সমাধান কৰে ৷

উত্তৰঃ শুদ্ধ ৷

(গ) তথ্য অবিহনে অৰ্থ বিজ্ঞানত পৰিসংজ্ঞা বিজ্ঞানৰ কোনো প্ৰয়োজন নাই ৷

উত্তৰঃ শুদ্ধ ৷

(ঘ)আটাইবোৰ পৰিসংখ্যা হ'ল তথ্যৰ সাংখ্যিক উক্তি ৷

উত্তৰঃ শুদ্ধ ৷

(২) শুদ্ধ উত্তৰটো  বাছি উলিওৱাঃ

(ক) তলৰ কোনটো গুণাত্মক তথ্য প্ৰদান কৰে ?

(i) বুদ্ধিমত্তা 

(ii) আৰ্জিত আয় 

(iii) পৰীক্ষাত পোৱা নম্বৰ 

(iv) গান গোৱা সামৰ্থ্য 

(v) নিপুণতা 

উত্তৰঃ (i) বুদ্ধিমত্তা   (iv) গান গোৱা সামৰ্থ্য  (v) নিপুণতা  ৷

(খ) আধুনিক অৰ্থবিজ্ঞানৰ জনক কোন ? 

(i) ড° মাৰ্চালে 

(ii) কৌটিল্য 

(iii) আদাম স্মিথ 

(iv) চেমুৱেলচনে 

উত্তৰঃ (iii) আদাম স্মিথ ৷

(গ) '' An Enquiry into the Nature and cause of Wealth of Nation '' - গ্ৰন্থখন কোনে লিখিছিল ? 


(i) আদাম স্মিথ 

(ii) ড° মাৰ্চালে 

(iii) ৰবিন্স 

(iv) চেমু্ৱেলচনে ৷

উত্তৰঃ (i) আদাম স্মিথ  ৷

(গ) '' Principles of Economics'' নামৰ 1980 চনত প্ৰকাশিত গ্ৰন্থখন কোনে লিখিছিল ?

(i) আদাম স্মিথ 

(ii) ড° মাৰ্চালে 

(iii) ৰবিন্স 

(iv) চেমু্ৱেলচনে ৷

উত্তৰঃ (i) আদাম স্মিথ  ৷

(ঘ) পৰিসংখ্যা উপযোগী - 

(i) সাধাৰণ মানুহৰ কাৰণে 

(ii) ব্যৱসায়ীৰ কাৰণে 

(iii) অৰ্থনীতিবিদৰ কাৰণে 

(iv) ওপৰৰ এটাও নহয় ৷ 


উত্তৰঃ (iv) ওপৰৰ এটাও নহয় ৷ 

(ঙ) অৰ্থবিজ্ঞান আৰু পৰিসংখ্যা -

(i) এটা আনটোৰ পৰা পৃথক

(ii) সম্পৰ্কিত 

(iii) প্ৰতিযোগী

(iv) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ii) সম্পৰ্কিত  ৷

(চ) পৰিসংখ্যাৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰে -

(i) সকলোৱে 

(ii) ঠগে  

(iii) বিশেষজ্ঞই 

(iv) বুদ্ধিয়ক মানুহে 

(ছ) পৰিসংখ্যা ______ তথ্যৰ অধ্যয়ন 

(i) সংখ্যাত্মক 

(ii) গুণাত্মক 

(iii) ওপৰৰ দুয়োটাই 

(iv) এটাও নহয় ৷ 

উত্তৰঃ (i) সংখ্যাত্মক  ৷ 

(জ) পৰিসংখ্যাই বিবেচনা কৰে - 

(i) সাংগঠিত তথ্যৰ গড়ক 

(ii) অ-সংগঠিত তথ্যৰ গড়ক 

(iii) উদ্দেশ্যহীন তথ্যৰ গড়ক 

(iv) অ-সম্পৰ্কিত তথ্যৰ গড়ক 


উত্তৰঃ (i) সাংগঠিত তথ্যৰ গড়ক  ৷ 

(৩) অতি চমু উত্তৰৰ প্ৰশ্নঃ

(1) বহুবচনত পৰিসংখ্যাৰ সংজ্ঞা দিয়া ৷ 

উত্তৰঃ প্ৰণালীবদ্ধতাৰে সংগ্ৰহ কৰা সাংখ্যিক তথ্যপাতিক বহুবচনত পৰিসংখ্যা বোলে ৷

(2) কাক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ? 

উত্তৰঃ Gottfried  Achenwall. 

(৩) দুষ্প্ৰাপ্যতাৰ অৰ্থ কি? 

উত্তৰঃ যি বস্তু পাবলৈ টান তাকে দুষ্প্ৰাপ্যতা বোলা হয় ৷ অৰ্থনীতিত যেতিয়া চাহিদা অনুসৰি যোগানৰ পৰিমাণ কম হয় তেতিয়া দুষ্প্ৰাপ্যতাৰ  সৃষ্টি হয় ৷ 


(৪) ' Economics ' শব্দটো কি ভাষাৰ পৰা অনা হৈছে ? 

উত্তৰঃ গ্ৰীক ভাষাৰ পৰা ৷ 

(৫) পছন্দৰ সমস্যা কি দৰে সৃষ্টি হয় ? 

উত্তৰঃ যেতিয়া উপকৰণসমূহৰ সীমিত যোগান আৰু বিকল্প ব্যৱহাৰৰ ্সুবিধা থাকে তেতিয়া পছন্দৰ সমস্যা সৃষ্টি হয় ৷ 

(৬) বিকাশ সংজ্ঞাটো কোনে আগবঢ়াইছিল ? 

উত্তৰঃ চেমুৱেলচনে ৷ 

(৭) আৰ্থিক কাম-কাজ কাক বোলে ?

উত্তৰ ঃ যিবিলাক কামৰ মাধ্যমত অৰ্থ উপাৰ্জন হয় তাকে আৰ্থিক কাম-কাজ বোলা হয় ৷ 

(৮) উৎপাদন বুলিলে কি বুজা ? 

উত্তৰঃ উপযোগিতা  সৃষ্টি কৰাকে উৎপাদন বোলা হয় ৷ 

(৯) উপভোগ বুলিলে কি বুজা? 

উত্তৰঃ উপভোগ বুলিলে প্ৰত্যক্ষভাৱে পূৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰীৰ ব্যৱহাৰ প্ৰক্ৰিয়াক বুজায় ৷ 

(১০) বিনিয়োগ কাক বোলে? 

উত্তৰঃ এক অৰ্থনৈতিক কাৰ্যৰ দ্ধাৰা দ্ৰব্য আৰু সেৱাক অধিক উৎপাদনৰ প্ৰক্ৰিয়াক বিনিয়োগ বোলা হয় ৷ 

(১১) বিতৰণ বুলিলে কি বুজা? 

উত্তৰঃ বিতৰণ বুলিলে মুঠ জাতীয় আয় , মজুৰি , দৰমহা , সুত আৰ লাভ হিচাপে যি ভাগ কৰা য় তাকে বিতৰণ বোলা হয় ৷ 

(১২) "Statistics" শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ Gottfried  Achenwall. 

(১৩) একবচন অৰ্থত Statistics ৰ সংজ্ঞা দিয়া ৷ 


উত্তৰঃ একবচন অৰ্থত Statistics শব্দটোৱে তথ্যৰ সংগ্ৰহ , উপস্থাপন , বিশ্লেষণ আৰু ব্যাখ্যা কৰিবৰ বাবে প্ৰয়োজনীয় পদ্ধতি আৰু কৌশলক বুজায় ৷ 

(১৪) তথ্য কাক বোলে? 

উত্তৰঃ গণনাৰ জৰিয়তে সংগ্ৰহ কৰা সাংখ্যিক মানসমূহকে তথ্য বোলা হয় ৷ 

(১৫) সমষ্টি কাক বোলে?

উত্তৰঃ কোনো এটা অনুসন্ধানৰ লগত জড়িত আটাইবোৰ ব্যক্তি বা ৰাশিৰ সংগ্ৰহকে সমষ্টি বোলে ৷ 

(১৬) নমুনা বা প্ৰতিদৰ্শ কাক বোলে? 

উত্তৰঃ সমষ্টিৰ পৰা  নিৰ্বাচন কৰি লোৱা অংশকে নমুনা বা প্ৰতিদৰ্শ বোলে ৷ 

(১৭) প্ৰতিচয়ন কাক বোলে? 

উত্তৰঃ সমষ্টিৰ পৰা বমুনা নিৰ্বাচন কৰা পদ্ধতিকে প্ৰতিচয়ন বোলে ৷ 

(১৮) ৰাশি কাক বোলে? 

উত্তৰঃ যিবোৰক গণনা কৰিব পাৰি বা জোখ-মাপ ল'ব পাৰি তাকে ৰাশি বোলা হয় ৷ 


ECONOMICS CLASS XI
পাতনি



চমু উত্তৰৰ প্ৰশ্নঃ 


(১) পৰিসংখ্যা বুলিলে কি বুজা? 

উত্তৰঃ পৰিসংখ্যা বুলিলে প্ৰণালীবদ্ধ সংগ্ৰহ কৰা সাংখ্যিক তথ্যপাতিকে বুজায় ৷ পৰিসংখ্যাক একবচন আৰু বহুবচন দুয়োটা অৰ্থত ব্যৱহাৰ কৰা হয় ৷ 

(২) পৰিমাণসূচক তথ্য আৰু গুনাত্মক তথ্যৰ পাৰ্থক্য লিখা ৷

উত্তৰঃ পৰিমাণসূচক তথ্য আৰু গুণাত্মক তথ্য পার্থক্যসমূহ তলত উল্লেখ কৰা হ'লঃ 
(i) যিবােৰ তথ্যক সংখ্যাত প্ৰকাশ কৰিব পাৰি তাক পৰিমাণসূচক তথ্য বােলে। আনহাতে,
গুণাত্মক তথ্যৰ ক্ষেত্ৰত যি তথ্য গুণ বা লক্ষণৰ ওপৰত ভিত্তি কৰি উপস্থাপন কৰা হয় তাকেই
গুণাত্মক তথ্য বােলে।
(ii) পৰিমাণবাচক তথ্যৰ ক্ষেত্ৰত তথ্যসমূহ সংখ্যাৰে দেখুওৱা হয়। আনহাতে গুণাত্মক তথ্যৰ
ক্ষেত্ৰত তথ্যখিনি ক্রমসূচক সংখ্যাৰ দ্বাৰা দেখুওৱা হয়।
(৩) পৰিসাংখ্যিকীয় প্রণালীৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।
উত্তৰঃ পৰিসাংখ্যিকীয় প্রণালীৰ দুটা সীমাবদ্ধতা হৈছেঃ 
(i) পৰিসংখ্য বিজ্ঞানৰ তথ্য হ’বলৈ হ'লে সমূহীয়া হ'ব লাগিব।
(ii) পৰিসংখ্যা বিজ্ঞান হ’বলৈ হলে একে জাতীয় তথ্য হ’ব লাগে।

(৪) পৰিসংখ্যা বিজ্ঞানৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

 উত্তৰঃ   পৰিসংখ্যা বিজ্ঞানৰ দুটা বৈশিষ্ট্য হৈছে –
(i) পৰিসংখ্যা হৈছে তথ্যৰ সমষ্টি,

(ii) পৰিসংখ্যা তথ্য সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰিব লাগে।

(৫) একবচন অর্থত পৰিসংখ্যা বিজ্ঞানৰ বৈশিষ্ট্য লিখা

উত্তৰঃ একবচন অর্থত পৰিসংখ্যা বিজ্ঞানৰ দুটা বৈশিষ্ট্য হৈছে –
(i) ই হৈছে তথ্য সংগ্রহ।
(ii) ই তথ্যৰ শ্রেণীবিভাজন।

(৬) পৰিসংখ্যা বিজ্ঞানৰ সংজ্ঞা দিয়া।

উত্তৰঃ চেলিগমেন (Selligman) ৰ মতে, পৰিসংখ্যা বিজ্ঞান হ’ল সেই বিজ্ঞান যি কোনাে
অনুসন্ধানৰ পৰিসৰৰ ওপৰত আলােকপাত কৰাৰ বাবে সংখ্যামূলক তথ্য সংগ্রহ, শ্রেণীকৰণ,
উপস্থাপন, তুলনা আৰু ব্যাখ্যা কৰাৰ প্রণালী অধ্যয়ন কৰে।

(৭) পূৰণ কৰিবলগীয়া প্রয়ােজনসমূহ তুমি কেনেকৈ নির্বাচন কৰি ল'বা?

উত্তৰঃ মানুহৰ অভাৱ অন্তহীন। এটা অভাৱ পূৰণ কৰাৰ পিছত আকৌ নতুন এটা অভাৱে মূৰ
দাঙি উঠে। তদুপৰি অভাৱ পূৰণৰ আহিলা সমূহাে সীমিত। তেনেস্থলত মানুহে পূৰণ কৰিবলগীয়া
অভাৱসমূহ আৱশ্যকতা অনুসৰি বিভিন্ন ক্রমত সজাই অগ্রাধিকাৰৰ ভিত্তিত তাক পূৰণ কৰে।

(৮) “ চৰকাৰ আৰু নীতি নির্ধাৰকসকলে অর্থনৈতিক উন্নয়নৰ উপযুক্ত নীতি প্রস্তুত কৰিবলৈ পৰিসাংখ্যিক তথ্য ব্যৱহাৰ কৰে।” দুটা উদাহৰণৰ সহায়ত বুজাই লিখা।

উত্তৰঃ চৰকাৰ আৰু নীতি নির্ধাৰকসকলে অর্থনৈতিক উন্নয়নৰ কাৰণে নীতি নির্ধাৰণ কৰােতে
পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে বিভিন্ন অর্থনৈতিক সমস্যা যেনে দৰিদ্রতা,
নিবনুৱা সমস্যা আদি সমাধান কৰাৰ ক্ষেত্ৰত সমস্যাসমূহৰ প্রকৃতি পৰিমাপ কৰাটো নিতান্তই
প্রয়ােজন। তেনে অৱস্থাত পাৰিসংখ্যাই উপযুক্ত তথ্য আহৰণ কৰি তেনে সমস্যা সমাধানত
সহায় কৰে।

(৯) পৰিসংখ্যা বিজ্ঞানৰ আহিলা বুলিলে কি বুজা?

উত্তৰঃ পৰিসংখ্যা বিজ্ঞানৰ আহিলা বুলিলে সেইবােৰ পদ্ধতিক বুজায় যাৰ যােগেদি তথ্য সংগ্রহ
কৰি সেইবিলাকৰ পৰা তুলনা, বিশ্লেষণ, ব্যখ্যা আদিৰ দৰে তথ্য নির্ণয় কৰা হয়।

দীঘল প্ৰশ্ন-উত্তৰঃ 


(১) অর্থনীতিবিদ ৰবিন্সৰ সংজ্ঞাটো লিখা। এই সংজ্ঞাৰ তিনিটা বৈশিষ্ট্য লিখা।


উত্তৰঃ অর্থনীতিবিদ ৰবিন্সৰ মতে, “ অর্থবিজ্ঞান হৈছে এনে এক বিজ্ঞান যি বিকল্প ব্যৱহাৰ থকা
সীমিতি উপকৰণৰ লগত সীমাহীন অভাৱৰ প্রয়ােজনৰ সম্পর্ক হিচাপে মানৱ প্ৰকৃতিৰ বিষয়ে
অধ্যয়ন কৰে।”
এই সংজ্ঞাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা হল –
(i) অসীম অভাৱ
(ii) সসীম উপায়
(iii) সসীম উপায়ৰ বিকল্প ব্যৱহাৰ।

(২) পৰিসংখ্যা বিজ্ঞানৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ পৰিসংখ্যা বিজ্ঞানৰ বৈশিষ্ট্য কেইটা উল্লেখ কৰা হ'ল—
(i) পৰিসংখ্যা হৈছে তথ্যৰ সমষ্টি অর্থাৎ পৰিসংখ্যা হলে এটা মাত্র তথ্য হ'লে নহ'ব। ই তথ্যৰ
সমষ্টি হ’ব লাগিব। উদাহৰণস্বৰূপে, এজন ছাত্রই অংকৰ পৰীক্ষাত পােৱা নম্বৰ পৰিসংখ্যাত
নপৰে কিন্তু 100 জন ছাত্রই অংকত পােৱা নম্বৰ পৰিসংখ্যা বিজ্ঞানৰ অন্তর্ভুক্ত।
হয় (ব্যয় ii) বিভিন্ন পৰিসংখ্যা আদি। কাৰক বিজ্ঞান, যেনে কাৰণৰ উৎপাদন দ্বাৰা, যােগান প্ৰভাৱিত, চাহিদা হয়। বজাৰৰ উদাহৰণ অৱস্থা স্বৰূপে, উপভােক্তাৰ, দ্রব্য সামগ্ৰীৰ উপার্জন দৰ প্ৰভাৱিত পৰিবহন
(iii) পৰিসংখ্যা সদায় সাংখ্যিকীয়ভাৱে প্ৰকাশ কৰিব লাগিব। ওখ-চাপৰ, কলা-বােবা, মূর্খ-চতুৰ
ইত্যাদিৰ দৰে গুণগত বৈশিষ্ট্য পৰিসংখ্যা নহয়।
(iv) পৰিসংখ্যাত সদায় প্রতিটো অনুসন্ধানৰ লগত জড়িত তথ্যসমূহ সংগ্রহ ব্যৱস্থাৰ ক্ষেত্ৰত
উপযুক্ত শুদ্ধ পদ্ধতি ব্যৱহাৰ কৰাটো উচিত। উদাহৰণ স্বৰূপে, শস্য উৎপাদনৰ বিষয়ে পৰিসংখ্যা
কুইণ্টলত সংগ্রহ কৰিব লাগিব।

(৩) পৰিসংখ্যা বিজ্ঞানৰ গণ্ডী বা পৰিসৰৰ সম্পর্কে ব্যাখ্যা কৰা।

উত্তৰঃ পৰিসংখ্যা বিজ্ঞানৰ পৰিসৰ সর্বত্র খণ্ডত পৰিলক্ষিত হয়। মানৱ জীৱনৰ আটাইবােৰ
কাম-কাজত পৰিসংখ্যাৰ বহল ব্যৱহাৰ হয়। তলত পৰিসংখ্যাৰ পৰিসৰ সম্পর্কে চমু আভাস
আগবঢ়োৱা হ'ল।

(i) অর্থবিজ্ঞানত গুৰুত্বঃ

       সাংখ্যিকীয় তথ্যৰ অবিহনে অর্থবিজ্ঞানৰ কোনাে তত্ত্ব উলিয়াব পৰা নাযায়। উৎপাদন, উপভােগ, আয় আৰু সম্পদৰ বণ্টন, মজুৰি, মূল্য, লাভ, সঞ্চয়, ব্যয় বিনিয়ােগ, দাৰিদ্র, আদিৰ দৰে অর্থনৈতিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত পৰিসাংখ্যিকীয় তথ্যৰ গুৰুত্ব আছে। দেশৰ বিভিন্ন সমস্যা যেনে নিবনুৱা সমস্যা দূৰীকৰণ দৰিদ্রতা দূৰীকৰণৰ সমস্যা, জাতীয় ব্যয় আৰু কৰকাটলৰ পৰিমাণ নির্ধাৰণ আদি অর্থনৈতিক সমস্যাসমূহ বিশ্লেষণ আৰু সমস্যা সমাধানত ভূমিকা গ্রহণ কৰি আহিছে।

(ii) ব্যৱসায় বাণিজ্যত গুৰুত্বঃ

        ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্রয়ােগ অপৰিহার্য। ব্যৱসায়-বাণিজ্যৰ জগতত সফলতা লাভৰ অৰ্থে সাংখ্যিকীয় তথ্য সংগ্রহ আৰু বিশ্লেষণৰ প্রয়ােজনীয়তা আছে। বর্তমান কালত প্ৰতিটো বৃহৎ প্রতিষ্ঠানে ব্যৱসায়। বাণিজ্য সম্পর্কীয় তথ্য আহৰণৰ বাবে নিজাকৈ পৰিসংখ্যা বিভাগৰ ব্যৱস্থা কৰাটো পৰিলক্ষিত হৈছে।

(ii) ৰাষ্টৰ ক্ষেত্ৰত গুৰুত্বঃ

        অনুন্নত আৰু উন্নয়নশীল দেশবােৰৰ উপৰিও সমাজবাদী দেশবােৰে নিজ দেশ অর্থনৈতিক উন্নয়নৰ অৰ্থে অর্থনৈতিক পৰিকল্পনা প্রস্তুত আৰু ৰূপায়ন কৰে। এনে অর্থনৈতিক পৰিকল্পনা বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ বৰঙণি নুই কৰিব নােৱাৰি।

(৪) পৰিসংখ্যা বিজ্ঞানৰ প্রধান কার্যাৱলীৰ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ  (i) পৰিসংখ্যা বিজ্ঞানৰ দ্বাৰা তথ্য সংগ্রহকৰণ আৰু ব্যৱহাৰ কৰা হয়। সাধাৰণতে প্রয়ােগ
অভিকল্পনা, প্রতিচয়ন আৰু পিয়ল প্রণালীৰে পৰিসংখ্যা বিজ্ঞানৰ তথ্য সংগ্রহ কৰা হয়।

(ii) পৰিসংখ্যা বিজ্ঞানে সংগ্রহ কৰা তথ্যক পৰিশােধন কৰাৰ উপৰিও তথ্যসমূহক সমাহিত ৰূপত
একত্রিত কৰে।

(iii) পৰিসংখ্যা বিজ্ঞানৰ জৰিয়তে অসংখ্য জটিল তথ্যক ই সৰলীকৰণ কৰিব পাৰে। তথ্যক
সহজে বুজাবলৈ পৰিসংখ্যা বিজ্ঞানে গড়, মধ্যমা, বহুলক আদি পদ্ধতি প্রয়ােগ কৰি সহজ কৰি
তােলে।

(iv) পৰিসংখ্যা বিজ্ঞানৰ দ্বাৰা স্পষ্ট ৰূপত তথ্যখিনি প্রকাশ কৰাটো এটা গুৰুত্বপূর্ণ কার্য।

(v) পৰিসংখ্যা বিজ্ঞানৰ দ্বাৰা বিভিন্ন চলকৰ সম্বন্ধ তুলনা কৰাত সহজ কৰি তােলে।

(vi) পৰিকল্পনা আৰু দেশৰ চৰকাৰে অর্থনৈতিক নীতি নির্দেশনাৰ ক্ষেত্ৰত তথ্য যােগান ধৰাটোও
এটা প্রধান কার্য।
















Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)