ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

ভাৰতীয় অৰ্থনীতিত কৰ'না মহামাৰীৰ আৰ্থ-সামাজিক প্ৰভাৱ

Admin
0
[ বিঃদ্ৰঃ   ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়টো এক আৰ্হি হিচাপে দিয়া হৈছে ,তেওঁলোকে অকণমান সজাই-পৰাই লিখিলে বেছি ভাল হয় যাৰ ফলস্বৰূপে প্ৰত্যক ছাত্ৰ-ছাত্ৰীৰে এই লেখনি পৃথক হ'ব ৷  ]   

এই লেখাখন লিখোতে বিভিন্ন ই-পেপাৰৰ সহায় লোৱা হৈছে 

ভাৰতীয় অৰ্থনীতিত কৰ'না মহামাৰীৰ আৰ্থ-সামাজিক প্ৰভাৱ

           কৰ'না ভাইৰাছৰ সন্ত্ৰাসে সমগ্ৰ বিশ্বকে চানি ধৰিছে। চীনৰ পিছতে বিশ্বৰ ১০০ খনৰো অধিক দেশলৈ বিয়পিছে এই মাৰাত্মক ভাইৰাছ। প্ৰতিজন লোকৰে জীৱনৰ নিৰাপত্তাক লৈ চিন্তাৰ অৱকাশ ঘটিছে। এই মহামাৰীৰ পৰা আমাৰ ভাৰতবৰ্ষও ৰক্ষা পোৱা নাই ৷ সৰু-লৰা ছোৱালীৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে এই মহামাৰীৰ নাম শুনিয়ে ভয় খায় আছে ৷ বৰ্তমানেও  এই বেমাৰৰ ভেকচিন তথা মেডিচিন উলিয়াবৰ বাবে বিশ্বৰ   প্ৰতিখনৰ  দেশৰ বৈজ্ঞানিক তথা চিকিৎসকলে দিনে ৰাতি গৱেষণা কৰি আছে ৷ ইয়াৰে কিছুমান কিছুমান দেশে ভেকচিন উলিয়াইছে বুলি দাবীও উত্থাপন কৰিছে আৰু বিশ্বৰ বজাৰত সোনকালেই এই মহামাৰীক নিৰাময় কৰাৰ যি ভেকচিন তথা দৰৱ সোনকালেই বজাৰত উপলদ্ধ হ'ব বুলি অৱগত কৰিছে ৷ 

                    যি কি নহওক এই মহামাৰী যেতিয়াৰ পৰা দেখা দিছে তেতিয়াৰ পৰাই বিশ্বৰ সকলো দেশৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া দিশলৈ গতি কৰিছে  আৰু সেয়া উদ্যোগ ক্ষেত্ৰতেই হওক , সেৱা খণ্ডত হওক , কৃষি ক্ষেত্ৰত হওক বা আন ক্ষেত্ৰত হওক যি অৰ্থনীতিৰ লগত জড়িত সকলো পয়মাল হৈছে ৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষৰো অৰ্থনৈতিক অৱস্থা একেবাৰে দুৰ্বল হোৱা দেখা গৈছে ৷ ভাৰতবৰ্ষৰ বিভিন্ন খণ্ডত এই মহামাৰীৰ  বিৰূপ  প্ৰভাৱ পৰিছে যিয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক তথা সামাজিক অৱস্থাক একেবাৰে দুৰ্বল কৰি পেলাইছে ৷ 

কৰ'না মহামাৰীয়ে ভাৰতীয় আৰ্থ-সামাজিকত তলত উল্লেখ কৰা ধৰণে প্ৰভাৱ পেলাইছেঃ 

                 (১) কৰ'না ভাইৰাছত আক্ৰান্ত হোৱা দেশসমূহৰ তালিকাত ভাৰত থকাৰ বাবে দেশখনৰ ব্যৱসায়ী তথা বিভিন্ন ক্ষেত্ৰৰে জড়িত প্ৰতিজন লোক চিন্তাত পৰিছে। ভাৰতে প্ৰায়ে ক্ৰয় কৰে চীনত নিৰ্মিত বিভিন্ন সামগ্ৰী। কোৰোনা ভাইৰাছৰ বাবে প্ৰায় ৩৪৮ মিলিয়ন ডলাৰ ভাৰতৰ লোকচান হোৱা বুলি এক সূত্ৰত প্ৰকাশ পাইছে। চীনৰ পৰা ৫০ বিলিয়ন ডলাৰ সামগ্ৰী বিভিন্ন দেশলৈ ৰপ্তানী হ্ৰাস পাইছে।
বিভিন্ন বৈদ্যুতিক সামগ্ৰীৰ পৰা যন্ত্ৰ, চিকিৎসা ক্ষেত্ৰ ইত্যাদিত ভাৰতৰ লোকচান হৈছে। ইউৰোপীয় দেশসমূহৰ ১৫.৬ মাৰ্কিন ডলাৰ, আমেৰিকাৰ ৫.৮ মাৰ্কিন ডলাৰ, জাপানৰ ৫.২ মাৰ্কিন ডলাৰ, দক্ষিণ কোৰিয়াৰ ৩.৮ মাৰ্কিন ডলাৰ, টাইৱানৰ ২.৬ মাৰ্কিন ডলাৰ আৰু ভিয়েটনামৰ ২.৩ মাৰ্কিন ডলাৰ লোকচান হৈছে। ইণ্ডোনেছিয়াৰ ব্যৱাসায়ৰ ক্ষেত্ৰত ৩১২ মিলিয়ন ডলাৰ লোকচান হৈছে।
ভাৰতৰ ৰসায়নিক ক্ষেত্ৰত ১২৯ মিলিয়ন ডলাৰ, কাপোৰৰ ক্ষেত্ৰত ৬৪ মিলিয়ন, যানবাহনত ৩৪ মিলিয়ন, বৈদ্যুতিক ক্ষেত্ৰত ১২ মিলিয়ন, চামৰাৰ ক্ষেত্ৰত ১৩ মিলিয়ন, ধাতুৰ ক্ষেত্ৰত ২৭ মিলিয়ন, কাঠ আৰু কাঠৰ সামগ্ৰীত ১৫ মিলিয়ন লোকচান হৈছে।
ASSIGNMENT ,ভাৰতীয় অৰ্থনীতিত কৰ'না মহামাৰীৰ আৰ্থ-সামাজিক প্ৰভাৱ
ভাৰতীয় অৰ্থনীতিত কৰ'না মহামাৰীৰ আৰ্থ-সামাজিক প্ৰভাৱ

                   (২)  কেন্দ্ৰীয় চৰকাৰৰ লগতে সাধাৰণ ৰাইজেও আহ্বান জনাইছে কোনো লোককে সমৱেত নহ’বলৈ। কাৰণ ইয়াৰ দ্বাৰা কোৰোনা ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনাই প্ৰৱল। আন আন ক্ষেত্ৰৰ লগতে ভাৰতত ছবিজগততো প্ৰভাৱ পৰিছে। বিশেষকৈ হিন্দী ছবি চাবৰ বাবে যোৱা দৰ্শকৰ সংখ্যা হ্ৰাস পাইছে। কেবাখনো ছবিৰ মুক্তি দিয়াৰ তাৰিখ আৰু শ্বুটিঙৰ দিন পিছুওৱা হৈছে। যাৰ বাবে পূৰ্বনিৰ্ধাৰিত ধৰণেৰে কৰিব পৰা নাই কাম। ইয়াৰ দ্বাৰা অহা ২-৩ মাহত ২০০-২৫০ কোটি টকাৰ লোকচান হোৱাৰ সম্ভাৱনা।
মাৰ্চৰ পৰা এপ্ৰিল মাহৰ শেষ লৈকে প্ৰায় ১০-১৫ খন বিগ বাজেটৰ ছবি মুক্তি দিয়া হ’ব। বহুকেইখন ছবিৰ নিৰ্মাণত খৰচ হৈছে ২০০ কোটিৰোধিক ধন। দিল্লীত কোৰোনা ভাইৰাছৰ প্ৰভাৱ পৰাৰ বাবে কেবাখনো ছবিয়ে দেখিব পাৰে লোকচানৰ মুখ। দিল্লী আৰু ৰাজস্থানেই ছবিজগতত ২৫-৩০ শতাংশ ছবি বছৰি উপহাৰ দিয়ে। কোৰোনা ভাইৰাছৰ বাবে দুয়োখন স্থানত ৰাইজৰ মাজত নাই উছাহ। ৭-৮ মাহ পৰ্যন্ত পিছুৱাই দিয়া হৈছে কেবাখনো ছবিৰ মুক্তিৰ দিন ৷ 
                 (৩) ২০২৪ চনৰ ভিতৰত পাঁচ লাখ কোটি টকাৰ অৰ্থনীতিৰ সপোন দেখা ভাৰতে এতিয়া স্বৰাজোত্তৰ কালত প্ৰথমবাৰৰ বাবে সৰ্ববৃহত বিপৰ্যয়ৰ সন্মুখীন হ’ব লগা হৈছে। চীনত সৃষ্ট মহামাৰী ক’ভিড-১৯ ভাইৰাছৰ বাবে দেশ সম্পূৰ্ণৰূপে অচল হৈ পৰিছে। যোৱা দুটা মাহ ধৰি বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বিনিয়োগকাৰীয়ে বহু লাখ কোটি টকা হেৰুৱাৰ লগতে জনগণৰ জীৱনযাত্ৰাত ব্যাপক প্ৰভাৱ পৰিছে। কিন্তু দেশত কৰণা ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১দিনৰ বাবে সম্পূৰ্ণ ভাৰত লক ডাউন ঘোষণা কৰাত দেশৰ অৰ্থনীতি এতিয়া সম্পূৰ্ণ শয্যাগত। এক সমীক্ষাত প্ৰকাশ পোৱা মতে ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ আৰু লক ডাউন বাবে দেশে অৰ্থনীতিৰ ৮.৭৬ লাখ কোটি টকাৰ লোকচান মূৰ পাতি ল’ব লাগিব। দেশে ৩ সপ্তাহজোৰা লক ডাউনৰ সময়তে দেখা গৈছে যে বিদ্যুত, গেছ, জল সৰবৰাহৰ লগতে বিত্তীয় সেৱা আৰু সাধাৰণ প্ৰশাসন, প্ৰতিৰক্ষা আদি খণ্ড সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। প্ৰভাৱ পৰিছে কৃষি খণ্ডত। লক ডাউনৰ সময়ৰ প্ৰভাৱ মূল্যায়ন কৰোতে কেৱল ২১ দিনৰ বন্ধৰ ঘোষণা কৰিলেই উচিত নহ’ব। ইয়াৰ উপৰিও সামগ্ৰী বা পৰিসেৱা ক্ৰিয়া-কলাপ চক্ৰৰ সৈতে জড়িত অতিৰিক্ত দিনসমূহ সংযুক্ত কৰিব লাগিব। কিয়নো প্ৰতিটো খণ্ডতে নিজা নিজা গতিশীলতা আৰু পৃথক চক্ৰ লক্ষ্য যায়। সেই হিচাপে ২১ দিনৰ লগত আৰু ৭দিন যোগ দি এই সময়ৰ প্ৰভাৱ ২৮ দিনলৈকে হোৱাটো নিশ্চিত হৈছে। কিয়নো বিভিন্ন খণ্ডত মানৱ সম্পদ, সামগ্ৰী, পুঁজি আৰু ইয়াৰ উৎপাদন ক্ষমতা বিবেচনা কৰাৰ প্ৰয়োজন। সমীক্ষা মতে লক ডাউনৰ সময়তে দেশৰ খনিজ আৰু কোৱেৰী খণ্ডত ০.৩১ লাখ কোটি টকা, নিৰ্মাণ খণ্ডত (চিকিৎসাখণ্ড বাদ দি) ২.১৬ লাখ কোটি টকা, বাণিজ্য, হোটেল, পৰিবহন, যোগাযোগ আৰু সেৱা খণ্ডত ২.৪২ লাখ কোটি টকাৰ লোকচানৰ আশংকা কৰা হৈছে। আনহাতে বিত্তীয় ৰিয়েল ইষ্টেট আৰু পেছাদাৰী সেৱাসমূহৰ ক্ষেত্ৰত ২.৮১ লাখ কোটি টকাৰ লোকচান হ’ব বুলি অনুমান কৰা হৈছে। লক ডাউনৰ সময়ত এই সকলো খণ্ড মিলাই ৮.৭৮ কোটি টকাৰ লোকচান ভৰিব লাগিব ভাৰতে। উল্লেখযোগ্য যে ভাৰতজোৰা লক ডাউনৰ সময়ত ক্ষতিৰ জোৰা মাৰিবলৈ তথা জনগণক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিলেও উপৰিউক্ত ক্ষেত্ৰসমূহত হ’ব পৰা এই বৃহৎ পৰিমাণৰ লোকচানৰ মোকাবিলা দেশখনে কেনেদৰে কৰে সেয়া লক্ষণীয় হ’ব। প্ৰণিধানযোগ্য যে বিশেষজ্ঞৰ অধ্যয়ণ অনুসৰি কভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে লক ডাউনৰ সময় আৰু বৃদ্ধি কৰিব লগা হ’ব পাৰে। সেয়ে হ’ল বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰো অৰ্থনীতি থৰক-বৰক হৈ পৰাৰ সম্ভাৱনা আছে।
         (৪) নিয়ন্ত্ৰণহীন এই  ভাইৰাছৰ ভয়াৱহ প্ৰভাৱ পৰিছে ভাৰতীয় অৰ্থনীতিত। ভাৰতীয় অৰ্থনীতি এক প্ৰকাৰ কোঙা হৈ পৰাই নহয়, বিশ্বজুৰি পৰা ইয়াৰ প্ৰভাৱৰ ফলত বহু বিলিয়ন ডলাৰৰ লোকচান হোৱই নহয়, কৰ্পৰেট- অৰ্থনীতিতো পৰিছে অকল্পনীয় প্ৰভাৱ। আমদানি-ৰপ্তানি, বাণিজ্য প্ৰায় স্তদ্ধ। শ্বেয়াৰ বজাৰৰ সূচকাংক ক্ষীপ্ৰ গতিৰে তললৈ নামিছে। কোটি কোটি লোকে সংস্থান হেৰুৱাইছে ৷ 
       (৫) বিশ্বৰ আটাইতকৈ বৃহৎ উদ্যোগটো হৈছে পৰিবহন উদ্যোগ। কোৰোনা ভাইৰাছৰ বাবে এই উদ্যোগতেই সৰ্বাধিক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। মুঠ আয়ৰ ৫.৭ ট্ৰিলিয়ন পৰিবহন উদ্যোগৰ পৰাই আহে। পৰিবহন উদ্যোগতে মুঠ ৩১৯ মিলিয়ন লোকে সংস্থাপন লাভ কৰিছে। বিশ্বৰ প্ৰতি ১০ গৰাকী চাকৰিয়ালৰ ভিতৰত এগৰাকী পৰিৱহন উদ্যোগৰ। পৰিবহন উদ্যোগতো কোনো নিৰ্দিষ্ট স্থানত সীমাবদ্ধ নহয়। যাৰ পৰিপ্ৰেক্ষিটত পৰিবহন উদ্যোগতেই সৰ্বাধিক কোৰোনা ভাইৰাছৰ প্ৰভাৱ পৰিছে।
কোৰোনা ভাইৰাছৰ এনে সন্ত্ৰাসৰ পৰিপ্ৰেক্ষিটত নিজ দেশৰ ভিতৰতে ভ্ৰমণ কৰিবলৈ শংকিত হৈ পৰিছে সাধাৰণ নাগৰিক। আনকি বহুকেইখন ৰাষ্ট্ৰৰ চৰকাৰেও নিজ নিজ ৰাষ্ট্ৰৰ নাগৰিকসকলক অত্যাৱশ্যকীয় ভ্ৰমণৰ বাহিৰে অন্য ভ্ৰমণ কাৰ্যসূচী বাতিল কৰিবলৈ আহ্বান জনাইছে। এনে পৰিস্থিতিত বহুলোকে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিছে। ২০০১ চনত আমেৰিকাৰ ওপৰত অলকায়ডাৰ আক্ৰমণৰ পিছত সৃষ্টি হোৱা সংকটসদৃশ পৰিৱেশ বুলি ইয়াক অভিহীত কৰিছে বিভিন্ন লোকে।

 ভাৰতৰ পৰিবহন উদ্যোগ মানে কেৱল এয়াৰ লাইন আৰু কেবাতাৰকা যুক্ত হোটেলৰ লোকচানেই নহয়, তথ্য প্ৰযুক্তিৰ পৰা বিভিন্ন ৰেষ্টুৰেন্ট ইত্যাদিসমূহেও কোৰনা ভাইৰাছৰ বাবে লোকচানৰ সন্মুখীন হৈছে। কেৱল ভাৰতৰ পৰা আন ঠাইলৈ বা আন ঠাইৰ পৰা ভাৰতলৈ নহয়, এছিয়া মহাদেশৰ বিভিন্ন প্ৰান্তত এতিয়া কোৰোনা ভাইছাৰ বাবে চিন্তাত পৰিছে ব্যৱসায়ীসকলো। এই সপ্তাহত ইউনাইটেড এয়াৰলাইনছৰ যাত্ৰাৰ পূৰ্বৰ হাৰ প্ৰায় নিম্নগামী হৈ গৈছে।

     (৬) AMAZON দৰে প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ কৰ্মচাৰীসকলৰ বিভিন্ন ভ্ৰমণ বাতিল কৰিছে। এক সমীক্ষা অনুসৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰায় ৫০০ৰোধিক ব্যৱসায়ীয়ে নিজৰ বিভিন্ন গুৰুত্বপূৰ্ণ বৈঠক তথা ভ্ৰমণ বাতিল কৰিছে। কোৰোনা ভাইৰাছে এতিয়া এনেকৈয়ে প্ৰভাৱ পেলাইছে। এমাজনৰ পৰিবহনক্ষেত্ৰত প্ৰায় ৩৭ শতাংশ লোকচান হোৱা বুলি ধাৰণা কৰা হৈছে।

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)