-->

আবেদন লিখন - দশম শ্ৰেণী - অসমীয়া ব্যাকৰণ - HSLC - CLASS X - SEBA

১/ দেউতাৰ  অসুখৰ  বাবে  তুমি  এসপ্তাহ  স্কুললৈ  আহিব পৰা  নাছিলা , তাৰ  বাবে  ছুটি  বিচাৰি  প্ৰধান শিক্ষকলৈ আহিব পৰা নাছিলা , তাৰ  বাবে  ছুটি  বিচাৰি  প্ৰধান শিক্ষকলৈ এখন আবেদন প্ৰস্তুত কৰা ৷

উত্তৰঃ  

প্ৰতি , 
মাননীয়  প্ৰধান শিক্ষক ,
যোৰহাট  উচ্চ মাধ্যমিক  বিদ্যালয় 
বিষয়ঃ  ছুটি  বিচাৰি আবেদন ৷

মহাশয় ,

নমস্কাৰ ৷ বিনীত  নিবেদন যে  মোৰ  দেউতা  টায়ফয়েড জ্বৰত  ভূগি   যোৱা  ১২  জানুৱাৰীৰ  পৰা  চিকিৎসালয়ত  ভৰ্তি  হৈ  আছে ৷ তেখেতক  আলপৈচান ধৰাৰ  বাবে মোৰ  বাহিৰে আন কোনো  নথকাত  মই  ৭  জানুৱাৰীৰ  পৰা  ১৫ জানুৱাৰীলৈ  স্কললৈ  আহিব  পৰা  নাছিলো ৷
       গতিকে  দয়ালু  মহোদয়ৰ  ওচৰত  মই  উক্তদিনকেইটাৰ  বাবে  ছুটি  মঞ্জুৰ কৰিবলৈ বিনীত আবেদন জনালোঁ ৷
        আশা  ৰাখিছো  মহোদয়ে  দয়া  কৰি  মোৰ  ছুটি  মঞ্জুৰ  কৰি  বাধিত  কৰিব ৷

                                                                                                                             ইতি
                                                                                                               আপোনাৰ  একান্ত  বাধ্য ছাত্ৰ 

২/ শাৰীৰিক  অসুস্থতাৰ  বাবে  চতুৰ্থ  পিৰিয়ডৰ  পিছত  ছুটি  বিচাৰি  বিদ্যালয়ৰ  অধ্যক্ষলৈ  আবেদন  লিখা ৷

উত্তৰঃ

প্ৰতি , 
মাননীয়  প্ৰধান শিক্ষক ,
যোৰহাট  উচ্চ মাধ্যমিক  বিদ্যালয় 
বিষয়ঃ  ছুটি  বিচাৰি আবেদন ৷

মহাশয় ,
সন্মানপূৰ্বক  নিবেদন এই  যে মই  কেইবাদিন  ধৰি  চকুৰ  অসুখত  ভূগি  আছো ৷ মোৰ  দেউতাই  আজি  আবেলি মোক চিকিৎসালয়লৈ  লৈ যাব ৷ গতিকে  আজি  চতুৰ্থ  পিৰিয়ডৰ  পাছত  মোৰ  ছুটি মঞ্জুৰ কৰি  মোক  বাধিত  কৰে  যেন ৷


                                                                                                                              ইতি
                                                                                                               আপোনাৰ  একান্ত  বাধ্য ছাত্ৰ


৩/ শিক্ষান্ত  পৰীক্ষাৰ  আগত  তুমি  বাস কৰা  এলেকাত  সঘনাই  বিদ্যুত  কৰ্তনৰ  বাবে  হোৱা  অসুবিধাৰ কথা জনাই  বৰ্তমান সময়ত বিদ্যুত  কৰ্তন নকৰিবলৈ বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন লিখা ৷ 

উত্তৰঃ

প্ৰতি  ,
বিদ্যুৎ  বিভাগৰ  অধীক্ষক মহোদয়
যোৰহাট  সংশমণ্ডল
বিষয়ঃ সঘনাই  বিদ্যুত  কৰ্তন  নকৰিবলৈ  আবেদন

মহাশয় ,
সন্মানপূৰ্বক  বিনীত নিবেদন এই  যে  যোৱা  মাহৰ পৰা  আমাৰ  এলেকাত  বিদ্যুত  যোগান  অনিয়মীয় হৈ  আছে ৷ বিশেষকৈ ৰাতি  সাত  বজাৰ  পৰা  দহ  বজালৈ  বিদ্যুত কৰ্তন এক নিত্য-নৈমিত্তিক ঘটনাত  পৰিণত  হৈছে ৷ ইয়াৰ  ফলত  আমাৰ  সৰ্বসাধাৰণ  ৰাইজৰ  অসুবিধা  হোৱাৰ  লগতে ছাত্ৰ  সমাজৰ বিশেষ  ক্ষতি  হৈ  আছে ৷ ইতিমধ্যে  আমাৰ  পৰীক্ষাও  ওচৰ  চাপি  আহিছে ৷ সেয়ে  আমাৰ  অসুবিধা অনুধাৱন কৰি  দয়ালু  মহোদয়ে  আমাৰ  এলেকাত  বিদ্যুত  যোগান নিয়মীয়া কৰে  যেন ৷

     এয়ে  দয়ালু  মহোদয়ৰ  ওচৰত আমাৰ  সৰল  গোঁহাৰী ৷

                                                                                                                                ইতি
                                                                                                                    আপোনাৰ  বিশ্বাসী 

৪/ অসুখৰ  বাবে  তুমি  দুদিন  স্কুললৈ আহিব পৰা  নাছিলা , সেই  দুদিনৰ  বাবে  ছূটি  বিচাৰি  প্ৰধান শিক্ষকলৈ এখনি আবেদন প্ৰস্তুত কৰা ৷

উত্তৰঃ

প্ৰতি , 
মাননীয়  প্ৰধান শিক্ষক ,
যোৰহাট  উচ্চ মাধ্যমিক  বিদ্যালয় 
বিষয়ঃ  ছুটি  বিচাৰি আবেদন ৷

মহাশয়  ,

বিনীত  সন্মানপূৰ্বক এই যে  যোৱা  মাহত  মোৰ  জ্বৰ  হোৱা  বাবে  ২৭-০৯-২০২০ তাৰিখৰ পৰা ২৮-০৯-২০২০ তাৰিখলৈ মুঠতে দুদিন বিদ্যালয়ত  উপস্থিত থাকিব  পৰা  নাছিলো ৷

  গতিকে  উক্ত  দিনৰ  বাবে  মোৰ  অনুপস্থিত  দয়া  কৰি  মাৰ্জন কৰাৰ প্ৰাৰ্থনা ৷

                                                                                                                                  ইতি
                                                                                                               আপোনাৰ  একান্ত  বাধ্য ছাত্ৰ


                            সোনকালেই  আপলোড হ'ব 

আবেদন লিখনি
আবেদন লিখনি 

৫/ ধৰি লোৱা , তুমি বিদ্যালয়ৰ খেল বিভাগৰ  সম্পাদক  , সেয়েহে  ছাত্ৰ-ছাত্ৰীৰ  চাহিদাৰ  প্ৰতি  লক্ষ্য ৰাখি বিদ্যালয়ৰ  প্ৰধান শিক্ষক/অধ্যক্ষলৈ খেল-ধেমালিৰ  অধিক সা-সুবিধা প্ৰদান কৰিবলৈ এখনি আৱেদন -পত্ৰ  প্ৰস্তুত কৰা ৷ 

উত্তৰঃ 

প্ৰতি ,                                                                                                                        তাং ঃ ________
মাননীয়  প্ৰধান শিক্ষক ,
যোৰহাট  উচ্চ মাধ্যমিক  বিদ্যালয় 
বিষয়ঃ  খেল-ধেমালিৰ  অধিক সা-সুবিধা প্ৰদানৰ বাবে আৱেদন ৷ 

মহাশয়  ,

       বিনীত সন্মানসহকাৰে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ প্ৰায়সংখ্যক ছাত্ৰ-ছাত্ৰী খেল-ধেমালিত বহুত পাৰ্গত আৰু প্ৰায়বিলাক খেল ধেমালিত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী কিন্ত সেই অনুযায়ী আমাৰ বিদ্যালয়ত খেল -ধেমালিৰ অতি প্ৰয়োজনীয়  সামগ্ৰী সমূহ উপলদ্ধ নহয় আৰু লগতে খেল ধেমালীৰ বাবে খেলপথাৰখনো অকণমান সৰু ৷ বাহিৰত আৰু ভিতৰত খেলা দুয়োবিধ খেলৰ সা-সামগ্ৰীসমূহ উপলদ্ধ নোহোৱাৰ বাবে আমি কিছুমান খেলত পিছ পৰি আছো ৷ যিহেতু খেল-ধেমালিয়ে মানুহৰ শৰীৰ তথা মন দুয়োটা সুস্থ সবল ৰখাত বহুত সহায় কৰে ৷ আমাৰ বিদ্যালয়ত বহুত ধৰণৰ সা-সামগ্ৰীৰ অভাৱ যিবোৰ অন্য বিদ্যালয়ত ভৰপূৰ হৈ আছে ৷ এই আৱেদনৰ জৰিয়তে আপোনাক অনুৰোধ জনাওঁ যে যিমান সম্ভৱ আপুনি খেল-ধেমালিৰ সুবিধাৰ্থে এই সা-সামগ্ৰীসমূহ আমাক যোগান ধৰে যেন ৷ এয়ে আমাৰ সৰল প্ৰাৰ্থনা ৷ 

                                                                                                                      ইতি 
                                                                                                     খেল বিভাগৰ  সম্পাদক 
                                                                                                       _________________

৬/ তোমাৰ  মোমায়েৰাৰ  বিয়ালৈ যোৱাৰ  বাবে  এসপ্তাহৰ  ছুটি বিছাৰি বিদ্যালয়ৰ  প্ৰধান/অধ্যক্ষলৈ এখনি  আবেদন পত্ৰ  প্ৰস্তুত কৰা ৷ 

উত্তৰঃ 

৭/ তুমি  বাস কৰা  অঞ্চলটোৰ খোৱা পানীৰ সমস্যাৰ  বিষয়ে বাতৰি কাকতৰ বাবে এটি চমু প্ৰতিবেদন প্ৰস্তুত  কৰা ৷ 

উত্তৰঃ 

৮/ অসমীয়া বিভাগৰ দুই -এটা পাঠ তুমি ভালদৰে বুজি  পোৱা  নাই ৷ ইয়াৰ বাবে  প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি  দিবৰ  বাবে প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ  লিখা ৷ 

উত্তৰঃ 

৯/ তুমি  পঢ়ি অহা প্ৰাথমিক বিদ্যালয়খনৰ সোণালী  জয়ন্তী উৎসৱৰ মুকলি  সভা ৷ এই সভাত উপস্থিত থাকিবলৈ 4ৰ্থ পিৰিয়ডৰ  পিছত ছুটী বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ /প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা ৷ (আবেদনত তোমাৰ নাম , ঠিকনা নিলিখিবা )

উত্তৰঃ 

১০/ তোমাৰ  শিক্ষানুষ্ঠানৰ  কাষতে থকা স্থানীয় সংঘই  এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি  সেই  অঞ্চলৰ  কিছুসংখ্যক অৱসৰপ্ৰাপ্ত  কৃতী  শিক্ষকক  সম্বৰ্ধনা  জনাব ৷ সেই  সভাত উপস্থিত থাকিবলৈ চতুৰ্থ ঘণ্টাৰ পিছত ছুটি বিচাৰি , মহাবিদ্যালয়ৰ অধ্যক্ষ /প্ৰধান শিক্ষকলৈ এখনি আবেদন লিখা ৷ (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা )


উত্তৰঃ 

১১/ তোমাৰ  অঞ্চলৰ বাট -পথ , দলং আদি নষ্ট হোৱাত  সেইবোৰৰ  মেৰামতিৰ  কাৰণে চৰকাৰৰ  দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন লিখা ৷ 

উত্তৰঃ 

১২/ তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পূথিভঁৰালৰ  অভাবৰ  বাবে  কি অসুবিধা হৈছে তাক  জনাই  তোমাৰ বিদ্যালয়ৰ  প্ৰধানলৈ তুমি ছাত্ৰ-ছাত্ৰী একতা  সভাৰ সম্পাদক/সম্পাদিকা হিচাপে এখনি আবেদন লিখা ৷ (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা )

উত্তৰঃ 


১৩/ বানপানীৰ বাবে তোমাৰ  অঞ্চলৰ  বিদ্যালয়সমূহৰ  ঘৰ-দুৱাৰ , আচবাব আদি নষ্ট হোাত সেইবোৰৰ  মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা ৷ 

উত্তৰঃ 

১৪/ ধৰি  লোৱা  তুমি  দাৰিদ্ৰ সীমাৰেখৰ  তলত  বাস  কৰা  এজন ব্যক্তি ৷ চৰকাৰৰ  ইন্দিৰা  আবাস যোজনাৰ  অধীনত তোমাৰ  বাবে  ঘৰ  এটা  বিচাৰি  স্থানীয় গাওঁ পঞ্চায়তত  সভাপতিলৈ  এখন আবেদন লিখা ৷ 

উত্তৰঃ 

১৫/ তোমাৰ  গাঁৱৰ  মাজেৰে  যোৱা  জৰাজীৰ্ণ পথটোৰ  মেৰামতিৰ  বাবে  অনুৰোধ জনাই  স্থানীয় বিধায়কলৈ এখন ৰাজহুৱা  আবেদন লিখা ৷ 

উত্তৰঃ 


১৬/ তোমাৰ  গাৱৰ/ অঞ্চলৰ  এটা ৰাজহুৱা সমস্যাৰ  বিষয়ে  বাতৰি  কাকতত  প্ৰকাশৰ  বাবে এটি  প্ৰতিবেদন যুগুত  কৰা ৷ 

উত্তৰঃ 

১৭/ তুমি শুনা বা দেখা যিকোনো  এটা  দুৰ্ঘটনাৰ  বিষয়ে  বাতৰি  কাকতত  প্ৰকাশৰ  বাবে এটি প্ৰতিবেদন যুগুত  কৰা ৷ 

উত্তৰঃ 

১৮/তোমাৰ  গাঁৱত / অঞ্চলত  অলপতে  অনুষ্টিত  হৈ  যোৱা  এখন ৰাজহুৱা  সভাৰ  বিষয়ে  বাতৰি  কাকতত  প্ৰকাশ কৰিবলৈ  এখন প্ৰতিবেদন যুগুত কৰা ৷ 

উত্তৰঃ 















LookTutupComment