ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

Model Questions -Science -The Human Eye and Colourful World.(মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী )-Class x -SEBA

Admin
0

1. মানুহৰ  চকুৰ  কোনটো  অংশই  ৰেটিনাত  উৎপন্ন  হোৱা  বৈদ্যুতিক  সংকেত  মগজুলৈ  কঢ়িয়াই  নিয়ে ? 

উত্তৰ  :  নেত্ৰ-স্নায়ু ৷

2. প্ৰিজমৰ  দ্ধাৰা বগা  পোহৰৰ  বিচ্ছুৰণৰ  বাবে  আটাইতকৈ  কোনটো  ৰং  বেকা  হয়  ?  

উত্তৰ  : বেঙুনীয়া ৰং  । 

3. চকুৰ  উপযোজন  ক্ষমতা  কাক  বোলে  ?

উত্তৰ  : চকুৰ  ফ'কাছ  দৈৰ্ঘ্য  সালসলনি  কৰি  দূৰত  অথবা  ওচৰত  থকা  বস্তু  ফ'কাছ  কৰিব  পৰা  সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে। 

4. পোহৰৰ  বিক্ষেপণ  কাক  বোলে  ? মহাকাশযাত্রী সকলে  আকাশখন  এন্ধাৰ কিয়  দেখা  পায়  ?

উত্তৰ  : পোহৰৰ  বিক্ষেপণ  হ'ল  এনে  এক  পৰিঘটনা  য'ত পোহৰৰ  অংশ এটা  কোনো  কবিতাত  আপতিত  হৈ  বিভিন্ন  দিশলৈ  পুনৰ বিক্ষেপিত হয় । 
   গভীৰ মহাকাশত সূৰ্যৰ পপোহৰ বিক্ষিপ্ত কৰিবলৈ বায়ুৰ কণা থকা বায়ুমণ্ডল নাথাকে ৷ যেতিয়া এজন মহাকাশচাৰীয়ে সূৰ্যৰ পৰা দূৰলৈ চাই তেওঁ এন্ধাৰহে দেখা পায় যিহেতু তাত সূৰ্যৰ পোহৰ বিক্ষীপ্ত কৰিবলৈ একো নাথাকে ৷ সেইকাৰণে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক’লা দেখে ৷
         
5. সূৰ্যোদয়ৰ  সময়ত  সূৰ্যৰ  ৰঙ  ৰঙা  কিয়  হয়  ?

উত্তৰ  : সূৰ্যোদয়ৰ সময়ত সূৰ্যটোৱে আমাৰ পৰা অত্যন্ত দূৰত অৱস্হান গ্ৰহণ কৰে ৷ ফলস্বৰূপে সূৰ্যৰ পোহৰে বায়ুমণ্ডলৰ তুলনামূলকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰিব লগা হয় আৰু এনে কৰোতে সূৰ্যৰ পোহৰৰ নীলা ৰঙৰ অধিকাংশ আৰু চুটি তৰংগবিলাক বায়ুৰ কণাবিলাকে বিক্ষিপ্ত কৰে ৷ দীৰ্ঘতম তৰংগদৈৰ্ঘৰ ৰঙা ৰং আটাইতকৈ কম পৰিমাণে বিক্ষিপ্ত হয় আৰু অন্যান্য ৰঙতকৈ ৰঙা ৰং আমাৰ চকুত অধিক মাত্ৰাত সোমায় ৷ সেয়ে, ৰাতিপুৱা সূৰ্য়টোক ৰঙচুৱা দেখা যায় ৷

6. তলত  উল্লেখ  কৰা  চকুৰ  অংশসমূহৰ  কাৰ্য্য  লিখা।

(i) কৰ্ণিয়া

(ii) ইৰিচ

(iii) স্ফটিক  মণ্ডিত  লেনছ

(iv) চিলিয়াৰী  পেশী

উত্তৰ  : (i) অক্ষিগোলকৰ  সন্মুখপৃষ্ঠত উফন্দি উঠা স্বচ্ছ অংশ  এটা  সৃষ্টি  কৰে  । 
             (ii) চকুৰ  মণিৰ  আকাৰ  নিয়ন্ত্রণ  কৰে  । 
             (iii) অক্ষিপটত  প্রতিবিম্ব  গঠন  কৰিবলৈ  প্ৰয়োজনীয়  ফ'কাছ  দৈৰ্ঘ্য  অতি সুন্দৰকৈ  নিয়ন্ত্রণ  কৰে। 
             (iv) চকুৰ  লেনছক  এটা  উপযুক্ত  অৱস্থাত  ধৰি  ৰখা  আৰু  তাৰ  ফ'কাছ  দৈৰ্ঘ্যৰ  পৰিৱৰ্তন  ঘটোৱা  পেশী  । 

7. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -7.5 ডায়প্টাৰ ক্ষমতাৰ লেনছৰ আৱশ্যক ৷ তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোদনৰ বাবে আৱশ্যকীয় লেনছৰ ক্ষমতা +3.0  ডায়প্টাৰ হ’লে (i) দূৰ দৃষ্টিগ্ৰস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?

উত্তৰ  :


8. গ্রহই  তিৰবিৰাই  নাথাকে  কিয়  ?

উত্তৰ  : গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্হিত আৰু সেইবাবে এইবোৰক আমি বিস্তৃত উৎস হিচাপে দেখো ৷ এইদৰে গ্ৰহ এটাক পোহৰৰ বৃহৎ সংখ্যক বিন্দু উৎসৰ সমষ্টি বুলি গণ্য কৰিব পাৰো ৷ বায়ুমণ্ডলীয় প্ৰতিসৰণাংকৰ বাবে যেতিয়া কিছুমান বিন্দু উৎস অতি উজ্বল দেখা যায়, আন কিছুমান অতি অনুজ্বল হৈ পৰে আৰু সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিমাণৰ মুঠ পৰিৱৰ্তনৰ গড় মান শূণ্য হয় যিয়ে তিৰবিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে সেয়েহে গ্ৰহবোৰে তিৰবিৰাই নাথাকে ৷

9.  বগা  পোহৰৰ  বিচ্ছুৰণ  কি  ? এনে  ধৰণৰ  বিচ্ছুৰণৰ  কাৰণ  কি  ? কাঁচৰ প্ৰিজমৰ দ্বাৰা হোৱা  বগা  পোহৰৰ বিচ্ছুৰণৰ  ৰশ্মিচিত্ৰ  অংকন কৰা  ।

উত্তৰ  : প্ৰিজমৰ  দৰে  স্বচ্ছ  মাধ্যমৰ  মাজেৰে  বগা  পোহৰ  পাৰ  হৈ  ইয়াৰ  উপাংশ  ৰঙ  লৈ  পৃথক  হোৱা  পৰিঘটনাটোক বিচ্ছুৰণ  বোলে। 
           যেতিয়া  এটা  গ্লাছ  প্ৰিজমৰ  মাজেৰে  বগা পোহৰ  পাৰ  হয়  ভিন ভিন  ৰঙৰ  বাবে  প্ৰতিসৰণৰ কোণ  ভিন ভিন  হোৱাৰ  কাৰণে  বিচ্ছুৰণ  ঘটে। 




10. এজন  ছাত্রই  তেওঁৰ পৰা  2.5 মিটাৰ  দূৰত্বত ৰখা বৰ্ড  এখনত  দিয়া  প্ৰশ্নসমূহ  স্পষ্টভাবে দেখা নাপায় ।
(i) তেওঁ  কোন  প্রকাৰৰ  দৃষ্টিৰ বিকাৰত  ভূগিছে?

উত্তৰ  : মায়'পিয়া বা নিকটদৃষ্টি গ্রস্ততা  । 

(ii) ৰশ্মিচিত্ৰৰ সহায়ত  ইয়াক  উপস্থাপন  কৰা  ।

উত্তৰ  :

(iii) এই  বিকাৰ  কি  লেনছৰ  সহায়ত  প্ৰতিকাৰ  কৰিব  পাৰি  ?

উত্তৰ  : অৱতল লেনছ  । 

(iv) এই  বিকাৰৰ  দুটা  কাৰণ  উল্লেখ  কৰা  ।

উত্তৰ  : (ক) চকুৰ  অত্যাধিক বক্ৰতা  । 
            (খ) অক্ষিগোলকৰ  দীঘল  অৱস্থা। 

(v) এই  বিকাৰ  কেনেদৰে  প্ৰতিকাৰ  কৰিব  পাৰি  ৰশ্মিচিত্ৰৰ সহায়ত দেখুওঁৱা  ।

উত্তৰ  :





Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)