ADMISSION IS GOING ON : For Class 1 to Postgraduate CLICK HERE

( The Human Eye and The Colourful World ) -Class X - NCERT SOLUTIONS[ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী ]

Admin
0
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
প্ৰশ্নাৱলী (পৃষ্ঠা নং 190)

     1.       চকুৰ উপযোজন ক্ষমতা কি ?
উত্তৰঃ বেলেগ বেলেগ দূৰত্বত থকা লক্ষ্যবস্ত অনুযায়ী চকুৰ লেনছে তাৰ ফ’কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি ল’ব পৰা সামৰ্থ্যকে চকুৰ উপযোজন ক্ষমতা বোলা হয় ৷
     2.       মায়’পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2m তকৈ বেছি দূৰৰ বস্ত স্পষ্টকৈ দেখা নাপায় ৷ যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব ?
উত্তৰঃ মায়’পিয়াগ্ৰস্ত চকু থকা এজন মানুহ, যিয়ে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্ত স্পষ্টকৈ দেখা নাপায়, তেওঁ যথোচিত দৃষ্টি পুনৰ ঘূৰাই আনিবলৈ উপযুক্ত ক্ষমতাৰ সংশোধক অৱতল লেনছ ব্যৱহাৰ কৰিব লাগিব ৷
    3.       স্বভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকট বিন্দু কি ?
উত্তৰঃ স্বাভাৱিক দৃষ্টিৰ মানৱ চকুৰ দূৰ বিন্দু হ’ল চকুৱে বস্ত এটা স্পষ্টকৈ দেখিব পৰা চকুৰ পৰা আটাইতকৈ দূৰৰ বিন্দুটো ৷ সুস্হ চকুৰ ক্ষেত্ৰত দূৰ বিন্দু অসীমত অৱস্হিত হয় ৷
আনহাতে, স্বাভাৱিক দৃষ্টিৰ মানৱ চকুৰ নিকট বিন্দু(স্পষ্ট দৃষ্টিৰ ন্যূন্তম দূৰত্ব)হ’ল চকুৱে বস্ত এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ আৰামেৰে দেখা পাব পৰা নিম্নতম দূৰত্ব ৷ সুস্হ চকুৰ ক্ষেত্ৰত নিকট বিন্দু চকুৰ পৰা 2.5ছেঃমিঃ দূৰত্বত অৱস্হিত ৷
    4.       ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায় ৷ ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে ? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি ?
উত্তৰঃ যিহেতু ল’ৰাজনে দূৰৰ পৰা ব’ৰ্ডখন পঢ়িবলৈ সক্ষম নহয়, গতিকে তেওঁ ভোগা বিকাৰটো হ’ল মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা(ওচৰৰ বস্ত স্পষ্টভাৱে দেখে কিন্ত্ত দূৰত থকা বস্ত স্পষ্টকৈ দেখা নাপায়)৷
উপযুক্ত ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ ব্যৱহাৰ কৰি এই বিকাৰটো সংশোধন কৰিব পাৰি ৷
অনুশীলণী
    1.       মানুহৰ চকুৱে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্হিত বস্ত ফ’কাছ কৰিব পাৰে ৷ ইয়াৰ কাৰণ হ’ল –
(a) প্ৰেছবায়’পিয়া                  (b) উপযোজন ক্ষমতা
(c) নিকট দৃষ্টিগ্ৰস্ততা                 (d) দূৰ দৃষ্টিগ্ৰস্ততা
উত্তৰ : (b) উপযোজন ক্ষমতা  
    2.       মানুহৰ চকুৱে বস্ত এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্হান
(a) কৰ্ণিয়া (Cornea)             (b)চকুৰ পতা(Iris)
(C) চকুৰ মণি (Pupil)               (d) অক্ষিপট(Retina)
উত্তৰ : (d) অক্ষিপট(Retina)
    3.       নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব –
(a) 25m                             (b) 2.5cm
(c) 25cm                           (d) 2.5m
উত্তৰ : (c) 25cm                          
    4.       চকুৰ কি অংঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় ?
(a) চকুৰ মণি         (b) অক্ষিপট
(c) চিলিয়াৰী         (d) চকুৰ পতা
উত্তৰ : (c) চিলিয়াৰী        
    5.       এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেনছৰ আৱশ্যক ৷ তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোদনৰ বাবে আৱশ্যকীয় লেনছৰ ক্ষমতা -1.5  ডায়প্টাৰ হ’লে (i) দূৰ দৃষ্টিগ্ৰস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনছৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?
উত্তৰঃ 
  





































  6.       নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80cm দূৰত্বত ৷ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেনছৰ প্ৰকৃতি কি আৰু কিমান ?

উত্তৰঃ মায়’পিয়া হৈছে দৃষ্টিসক্তিৰ এনে বিকাৰ য’ত ব্যক্তি এজনৰ চকুৰ দূৰ বিন্দুটো অসীমতকৈ ওচৰত থাকে ৷ ইয়াত, মায়’পিয়াগ্ৰস্ত ব্যক্তিগৰাকীৰ দূৰ বিৱুৰ চকুৰ সন্মুখত 80ছেঃমিঃ ৷ এই বিকাৰটো সংশোধন কৰিবলৈ হ’লে স্পষ্টভাৱে অসীমত(80ছেঃমিঃ ৰ ওপৰত)লক্ষ্যবস্তৰ উৎপন্ন কৰিবলৈ উপযুক্ত ক্ষমতাৰ লেনছ ব্যৱহাৰ কৰিব লাগিব ৷

    



































 7.       দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা ৷ দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1m ৷ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেনছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm
উত্তৰঃ


হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্স্ততা হ’ল দৃষ্টি শক্তিৰ এনে বিকাৰ য’ত ওচৰৰ স্তবোৰ স্পষ্টভাৱে দেখা নাপায় ৷ এনে হোৱাৰ কাৰন হ’ল বিকাৰগ্ৰস্ত চকুৰ লেনছে ওচৰৰ বস্ত েটাৰচ পৰা অহা পোহৰৰ ৰশ্মিবোৰক অক্ষিপটৰ পৰিৱৰ্তে অক্ষিপটৰ পাছফালে এটা বিন্দুলৈ অভিসাৰী কৰে যাৰ ফলত নিকটৱৰ্তী লক্ষ্যবস্তৰ প্ৰতিবিম্ব াক্ষিপটৰ পিছফালে গঠিত হয় ৷ উপযুক্ত ক্ষমতাৰ উত্তল লেনছ ব্যৱহাৰ কৰি এই বিকাৰ সংশোধন কৰিব পাৰি যিয়ে চিত্ৰত দেখুৱাৰ দৰে পোহৰৰ ৰশ্মিক অক্ষিপটলৈ অভিসাৰী কৰি নিকটৱৰ্তী লক্ষ্যবস্তৰ প্ৰতিবিম্ব অক্ষিপটত গঠন কৰিব ৷
          ইয়াত, দূৰ দৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিৱু হ’ল 1মিঃ ৷ এই িকাৰটো সংশোধন কৰিবলৈ সঠিক ক্ষমতাৰ লেনছ 25ছেঃমিঃ দূৰত্বত থকা(স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু)লক্ষ্যবস্তৰ প্ৰতিবিম্ব 1 মিটাৰ দূৰত্বত(দূৰ দৃষ্টিগ্ৰস্ত চকুৰ নিকট বিন্দু)গঠন কৰিব লাগিব ৷
ইয়াত,
    

    8.       সাধাৰণ চকুৱে এটা 25cm তকৈ ওচৰত ৰখা বস্ত দেখা নাপায় কিয় ?
উত্তৰঃ চিলিয়াৰী পেশীয়ে চকুৰ লেনছৰ দৈৰ্ঘ্য আৰু বক্ৰতা পৰিৱৰ্তনত সহায় কৰে ৷ যেতিয়া বস্ত এটা ওচৰৰ দূৰত্বত থাকে চিলিয়াৰী পেশীবোৰৰ সংকোচন ঘটে আৰু চককুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য হ্ৰাস হয়, সেয়েহে ওচৰত থকা বস্তটো স্পষ্টভাৱে দেকা যায় ৷ তথাপি উপযোজন ক্ষমতাৰ সীমাবদ্ধতাৰ বাবে চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ মান এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি ৷ যেতিয়চ এটা বস্ত প্ৰায় 25 ছেঃমিঃ দূৰত্বত থাকে সুস্হ চকুৰ চিলিয়াৰী পেশীৰ ক্ৰিয়া বন্ধ হৈ পৰে ৷  এই নিম্নতম দূৰত্ব অধিক হৈ পৰিলে ইয়াৰ আগলৈ চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য হ্ৰাস কৰিব নোৱাৰি, সেয়েহে সাধাৰন বা সুস্হ চকুৱে 25 ছেঃমিঃ তকৈ ওচৰত ৰখা বস্ত স্পষ্টভাৱে দেখা নাপায় ৷ 
   9.       চকুৰ পৰা লক্ষ্যবস্তৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দুৰত্বৰ কি হয় ?
উত্তৰঃ চকুৰ ভিতৰত, প্ৰতিবিম্বৰ দূৰত্ব হ’ল চকুৰ লেনছ আৰু অক্ষিপটৰ মাজত থকা দূৰত্ব ৷ চকুৰ পৰা লক্ষ্যবস্তৰ দূৰত্ব বৃদ্ধ হ’লে প্ৰতিবিম্বৰ অপৰিৱৰ্তনীয় হৈ থাকে কিন্ত্ত চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য চিলিয়াৰী পেশিৰ দ্বাৰা এনেধৰনে  মিলাই লোৱা হয় যাতে লক্ষ্যবস্তটোৰ প্ৰতিবিম্ব সদায় অক্ষিপট গঠন হয় ৷ সেয়েহে যেতিয়া চকুৰ পৰা লহ্যবস্তৰ দূৰত্ব বৃদ্ধি হয় চিলিয়াৰী পেশিবোৰ শিথিল হয় আৰু লেনছখন ক্ষীন হৈ পৰে ৷ এনে অৱস্হাত চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য বাঢ়ে আৰু ইয়াৰ দ্বাৰা দূৰৰ বস্ত এটা অধিক স্পষ্টকৈ দেখা পোৱা কৰি তোলে ৷
    10.   তৰাই তিৰবিৰাই কিয় ?
উত্তৰঃ যিহেতু তৰাবোৰ অতি দূৰত থাকে এইবোৰক প্ৰায় বিন্দু আকাৰৰ পোহৰৰ উৎসৰ দৰে লাগে৷ বায়ুণ্ডলত বায়ুৰ ভিন ভিন স্তৰৰ প্ৰতিসৰণাংক ভিন ভিন হোৱাৰ বাবে তৰাৰ পৰা অহা পোহৰৰ ৰশ্মিৰ গতিপথৰ কিছু পৰিৱৰ্তন ঘটে ৷ সেয়ে তৰাৰ আপাত অৱস্হান আৰু আমাৰ চকুত প্ৰৱেশ কৰা তৰাৰ পোহৰৰ প্ৰাবল্য উভয়ে সলনি হৈ থাকে, ফলস্বৰুপে কোনো মুহূৰ্তত তৰাটো অতি উজ্বল যেন লাগে ৷ ইয়ে তিৰবিৰনি পৰিঘটনাটোক প্ৰভাৱিত কৰে ৷

   11.   গ্ৰহবোৰ তিৰবিৰাই নাথাকে কিয় ?
উত্তৰঃ গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্হিত আৰু সেইবাবে এইবোৰক আমি বিস্তৃত উৎস হিচাপে দেখো ৷ এইদৰে গ্ৰহ এটাক পোহৰৰ বৃহৎ সংখ্যক বিন্দু উৎসৰ সমষ্টি বুলি গণ্য কৰিব পাৰো ৷ বায়ুমণ্ডলীয় প্ৰতিসৰণাংকৰ বাবে যেতিয়া কিছুমান বিন্দু উৎস অতি উজ্বল দেখা যায়, আন কিছুমান অতি অনুজ্বল হৈ পৰে আৰু সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিমাণৰ মুঠ পৰিৱৰ্তনৰ গড় মান শূণ্য হয় যিয়ে তিৰবিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে সেয়েহে গ্ৰহবোৰে তিৰবিৰাই নাথাকে ৷
    12.   ৰাতিপুৱা সূৰ্য্যক ৰঙচুৱা দেখি কিয় ?
উত্তৰঃ সূৰ্যোদয়ৰ সময়ত সূৰ্যটোৱে আমাৰ পৰা অত্যন্ত দূৰত অৱস্হান গ্ৰহণ কৰে ৷ ফলস্বৰুপে সূৰ্যৰ পোহৰে বায়ুমণ্ডলৰ তুলনামূলকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে দীৰ্ঘতম দূৰত্ব অতিক্ৰমম কৰিব লগা হয় আৰু এনে কৰোতে সূৰ্যৰ পোহৰৰ নীলা ৰঙৰ অধিকাংশ আৰু চুটি তৰংগবিলাক বায়ুৰ কণাবিলাকে বিক্ষিপ্ত কৰে ৷ দীৰ্ঘৰতম তৰংগদৈৰ্ঘৰ ৰঙা ৰং আটাইতকৈ কম পৰিমাণে বিক্ষিপ্ত হয় আৰু অন্যান্য ৰঙতকৈ ৰঙা ৰং আমাৰ চকুত অধিক মাত্ৰাত সোমায় ৷ সেয়ে, ৰাতিপুৱা সূৰ্য়টোক ৰঙচুৱা দেখা যায় ৷
    13.   মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?
উত্তৰঃ গভীৰ মহাকাশত সূৰ্যৰ পপোহৰ বিক্ষিপ্ত কৰিবলৈ বায়ুৰ কণা থকা বায়ুমণ্ডল নাথাকে ৷ যেতিয়া এজন মহাকাশচাৰীয়ে সূৰ্যৰ পৰা দূৰলৈ চাই তেওঁ এন্ধাৰহে দেখা পায় যিহেতু তাত সূৰ্যৰ পোহৰ বিক্ষীপ্ত কৰিবলৈ একো নাথাকে ৷ সেইকাৰণে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক’লা দেখে ৷

Post a Comment

0Comments

Please don't use spam link in the comment box.

Post a Comment (0)